অসমীয়া চুটিগল্প

চিনেমা হল

চিনেমা হল

ভেটেনাৰী পঢ়ি থকাৰ সময়ৰ কথা। মই আৰু মোৰ এগৰাকী সহপাঠী বান্ধবী আমি দুইজনীয়ে খুব চিনেমা চাইচিলো। ডাউন টাউনত থকা উদেষ্ণা হল টো আমাৰ দুইজনীৰ বৰ মৰমৰ আৰু আপোনৰ আচিল আৰু চিলং ৰেষ্টুৰেণ্ট খন যেন আমাৰ ভাতঘৰ। সদায় সপ্তাহৰ শুকুৰ বাৰে চিনেমা সলনি কৰে । আটাইতকৈ মজাৰ কথাটো হল আমাৰ শনিবাৰে ১২:৩০ বজাত ক্লাচ শেষ হৈ যায়। আমাক আৰু কোনে পায়, হোষ্টেল পাই চেলোৱাৰ জোৰ খুলিয়েই জিনৰ পেন্ত টো পিন্ধি লও। চিনেমা চাবলে গলে জিনচ আৰু লিপিষ্টক লগাই ষ্টাইল কৰি যোৱাটো আমাৰ নিয়ম। লগেলগে চিটিবাচত উঠি ডাউন টাউন পাওগে। প্ৰথমে চিলং ৰেষ্টুত সোমাই খাই লও তাৰপিছত হললৈ যাও। এনেকৈয়ৈ সদায় আমাৰ…
Read More
দেউতা

দেউতা

সৰুৰে পৰা দেউতাকে অন্তৰাক সাহসী হবলৈ শিকাইছিল।জীৱনৰ কোনো কামতে তাই পিছ পৰি থকা বিধৰ নাছিল।বাহিৰত চাকৰি কৰা নতুনকৈ বিয়া কৰোৱা তাইৰ মৰমৰ ককায়েকে ঘৰখনলৈ আহিলে যেতিয়া গাড়ী এখন নথকাত বৌয়েকক লৈ ইফাল সিফাল যাবলৈ অসুবিধাত পৰে তাইৰ ভাল নালাগে।সেয়ে নিজৰ চাকৰিৰ টকাৰে পছন্দৰ গাড়ী এখন ললে অন্তৰাই। অকলে সমস্ত খিনিয়েই কৰিব পাৰে তাই।তিনিদিনত গাড়ী খন চলাবও শিকিলে।এতিয়া দেউতাকক কেতিয়াবা ৰেল ষ্টেচনৰ পৰা অনা নিয়া কৰা, মাকক বজাৰলৈ লৈ যোৱা , নিজৰ অফিচ অহা যোৱা সকলোতে বহুখিনি কষ্ট কমি গৈছিল।দেউতাকে যেতিয়া অভিমান কৰি কয় "আমাৰ মাজনী ঠিক আছে।কোনোক্ষেত্ৰতেই ভয় খাই ৰৈ যোৱাবিধৰ নহয় তাই।" কথাষাৰত বুজাব নোৱাৰা সুখত গডগড হৈ পৰে…
Read More
পাৰ্থিৱ

পাৰ্থিৱ

ৰীণাৰ শাহুয়েকৰ ওপৰত বৰ খং উঠিল। আজি তিনিদিন হল শাহুয়েকে শহুৰেকক মাতবোল কৰা নাই। শহুৰেকে নিজৰ ভ্নীয়েকলৈ পঠিওৱা টকা কেইটাৰ ওপৰতে চকু তেওঁ‌ৰ। শহুৰেকে পেঞ্চনৰ কিছু অংশ প্ৰ্তিমাহে ভ্নীয়েকলৈ পঠিয়ায়। চাকৰি কৰি থকা দিন ধৰি এই কাম শহুৰেকে কৰি আহিছে। ভ্নীয়েকৰ অৱস্থা বেয়া বাবে অলপ সহায় কৰে ককয়েকে। ৰীণাই গিৰিয়েকৰ পৰা শুনা মতে সেই একেটা কথালৈয়ে বিয়া হোৱা দিন ধৰি যি মাজে সময়ে হাই কাজিয়া চলি থাকে, সি আজি পৰ্য্যন্ত মাৰ যোৱা নাই। গিৰিয়েক যিটো কথাত সলনি নহয় বুলি গম পাইছেই, সেই কথাতনো শাহুয়েকে কেলেই লাগি থাকে ৰীণাই আজি পৰ্য্যন্ত বুজি নাপালে। শাহুয়েক আছিল পিতৃ মাতৃৰ একমাত্ৰ সন্তান। সেইকাৰণেই বোধহয়…
Read More
অনাদৰ

অনাদৰ

প্ৰথমদিনা..... প্ৰিয়ংকাই চকু দুটা বহল কৰি চিঞৰে-" বৌ ইমান দৈ ভাগে ভাগে পাতি থৈছা যে!! মই দৈৰ টেকেলি এটা নিম দেই | নিবা আকৌ বৌয়েকে হাঁহি মুখেৰে কয় | তাৰ দুদিন পাছত ফোনতে প্ৰিয়ংকাই -"কিনো দৈ দিলা বৌ ? অকণো সোৱাদ নাই দৈকণৰ |" বৌয়েকৰ মনটো সেমেকি উঠে... দ্বিতীয় দিনা...... "তোমালৈ গাখীৰ আৰু পনীৰ, ককায়েৰাৰ হাতত দি পঠিয়াইছিলো | কেনে পালা খায় ??" - বৌয়েকে উতসাহেৰে সুধে | "পুৰণি পনিৰকণ নিদিয়া হলেও হ'লহেতেন ,খাবই নোৱাৰিলো !! গাখীৰখিনি পনীয়া যদিও খালো দিয়া | তাতকৈ আমাৰ কাষৰ ডায়েৰী খনতে ভাল গাখীৰ ,দৈ, পনীৰ পোৱা যায় " ননদৰ উত্তৰত বৌয়েকৰ বেজাৰ লাগি যায়...…
Read More
মা দিয়া বিদায়

মা দিয়া বিদায়

ঘৰ এৰি অহাৰ দুখটোৱে হেঁচি ধৰিছে কুমকুমক।বিয়াৰ দিনাৰ ব্যস্ততা ভাগৰতকৈও তাই মাক আৰু ভনীয়েকক এৰি অহা দুখটোহে বেছিকৈ লাগিছে।আগতে জনা হ'লে তাই বিয়াই নহ'ল হয়।দূৰ হোৱাৰ বাবে তাইক আকৌ ঘৰ গছকাই লৈ যোৱা নহ'ল।থাকি ৰ'ল কুমকুম তাইৰ নিজৰ নতুন ঘৰখনত।নিয়ম মতে তাই আজি নতুন ঘৰখনত একো খাব নাপায় কিন্তু শাহু মাকৰ কথা অনুযায়ী টকা এটা দি তাই দুপৰীয়াৰ ভাত সাজ খালে।ভাত সাজ খাবলৈ লওঁতেই আকৌ মনত পৰিল এৰি অহা ঘৰখনলৈ।যেনেতেনে দুগহা খাই তাই আকৌ ৰুমলৈ আহিল।আহিয়েই মাকলৈ ফোনটো লগালে।মাকে হেল্ল' বুলিও ক'ব পৰা নাই।দুয়োজনীয়ে মাথোঁ কান্দিছে।ভাষাৰ অবিহনেই বুজি উঠিছে দুয়ো দুয়োৰে মনৰ কথা।ফোনটো কাটিও বহু সময় তাই কান্দি থাকিল।মনত পৰিল…
Read More
আমন্ত্ৰণী চিঠি

আমন্ত্ৰণী চিঠি

“খুৰাদেউ, এইবেলিও বিহু সন্মিলনীৰ কুঁৱৰী প্ৰতিযোগিতাত আপুনি বিচাৰক হ’ব লাগিব ৷"- চান্দা বিচাৰি অহা দলটোৰ কেবাজনেও ওপৰা-ওপৰি কৈ ক’লে ৷ “এইবাৰ নালাগে দিয়া” - আপত্তি কৰিলে বিহুনৃত্য প্ৰশিক্ষক এসময়ৰ দুৰ্দান্ত বিহুৱা অনন্ত তামুলিয়ে ৷ “নহ’ব খুৰাদেউ, পৰহিলৈ ছপা কাৰ্যসূচীৰ লগতে আপোনাৰ আমন্ত্ৰণী পত্ৰখনো আমি দি যাম ৷” - দ্বায়িত্বশীল যেন লগা দুজনমানে মাত লগালে ৷ “আমি বিহুৰ বৰঙণি বিচাৰিও আহিছিলো ৷ যোৱাবেলি দুহেজাৰ নিছিলো ৷ এইবাৰ খৰচো বেছি ৷” এইটো পুহতে তামুলিৰ পিতাকৰ বছৰেকীয়া হৈ গৈছে ৷ ফাগুনত জীয়াৰীৰ বিয়াৰ পিছৰ পৰা ঘৰুৱা খৰচো কিছু বাঢ়িল ৷ সকলো চালি জাৰি চাই টকা এহেজাৰ দি নিজৰ অসুবিধাৰ কথা বিৱৰি ক’লে ৷…
Read More
কাহিনীৰ আঁৰৰ কাহিনী

কাহিনীৰ আঁৰৰ কাহিনী

"আৰিছ্ অগ্নিহোত্ৰী এতিয়া মানালিত থাকে।যদিও নেক্স উইক'ত অগ্নিহোত্ৰী কিবা প্ৰজেক্ট এটাৰ সংক্ৰান্তত গুৱাহাটীলৈ আহিব।লগতে অগ্নিহোত্ৰীৰ ফেমেলিয়ো আহিব।গুৱাহাটীৰ পৰা এটা দিনৰ বাবে আমাৰ মিলন নগৰলৈও আহিব।" নিৰোধ কাকতিয়ে অনগলতাৰে কথাবোৰ কৈ গ'ল।কাকতিৰ চকু আৰু মুখত এটা সন্তোষিত ছায়া ফুটি উঠিল।লগতে এটা ঈষৎ হাঁহিৰ আভা জিলিকি পৰিল।ৰাধিকা দেৱীয়ে গিৰিয়েকৰ কথাত একো হয়ভয় নিদি একান্ত মনেৰে পাচলিখিনি কটাতহে ব্যস্ত হৈ পৰিল।ৰাধিকা দেৱীয়ে এনে এটা ভংগীমাত ৰৈ কামখিনি কৰি আছে যেন গিৰিয়েকে কি কৈছে একো শুনা নাই।আচলতে ৰাধিকা দেৱী একপ্ৰকাৰে বিৰক্ত হৈছে।গিৰিয়েকৰ মুখত আৰিছ্ অগ্নিহোত্ৰীৰ কথা শুনিলে বিৰক্ত হোৱাই নহয় তীব্ৰভাৱে ৰাধিকা দেৱীয়ে অৱজ্ঞা কৰে। আজি বত্ৰিছটা বছৰে ৰাধিকা দেৱীয়ে আৰিছ্ অগ্নিহোত্ৰীৰ কথা গিৰিয়েকৰ…
Read More
সিদ্ধান্ত

সিদ্ধান্ত

ৰাতিপুৱা শুই উঠিয়ে ৰুমিয়ে কেলেন্ডাৰ খন চালে। নিৰ্দিষ্ট তাৰিখটো পাৰ হবলৈ আজি দহদিন হল। প্ৰত্যেক মাহৰ নিৰ্দিষ্ট তাৰিখ এটাত তাই কেলেন্ডাৰত ডাগ মাৰি ৰাখে। মনত পাৰ নোপোৱা চিন্তা এটা লৈ হাতত জাৰু ডাল তুলি ললে। তাৰ পিছত এখন এখনকৈ ঘৰৰ কামবোৰ কৰি গল মনত কোনো উৎসাহ নোহোৱাকৈ। চাৰিদিন মানৰ পৰা একেটা চিন্তাই তাইক খুলি খুলি খাইছে। গিৰীয়েক প্ৰতুলক কলেও তাৰ উত্তৰ কি হব তাই জানেই... কাৰণ যোৱা তিনিছৰে সি একেটা উত্তৰেই দি আহিছে। "এতিয়াই সন্তান নালাগে। আগতে আৰ্থিক ভাবে অকনমান সবল হৈ লও তাৰ পিছত সন্তানৰ কথা ভাবিম"। তাই গা পা ধুই উঠি পাগঘৰত সোমাল। প্ৰতুল ৯. ৩০ বজাত কামলৈ…
Read More
প্ৰেমৰ ৰাগি

প্ৰেমৰ ৰাগি

কুৰুকি কুৰুকি মই তাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিলোঁ।প্ৰেম নামৰ দুটি বৰ্ণৰ লগত যেন মোৰ পুনৰ বাৰ সম্বন্ধ ঘটিছিল।শেষ হৈ যাব খোজা মনৰ হেঁপাহবোৰ,আশাবোৰ সি মোৰ হৃদয়ত আকৌ জগাই তুলিছিল।সপোন দেখিবলৈ ভয় কৰা মইজনীক সি আকৌ সপোন দেখিবলৈ শিকাইছিল।মই জনীক মই কৰি জীয়াই তুলিছিল।বন্ধ কৰি থোৱা হৃদয়ৰ খিৰিকীখন সি নিজে খুলি সোমাই আহিছিল ।প্ৰৱেশ নিষিদ্ধ বুলি জানিও সি তাৰ প্ৰৱেশৰ পথ মুকলি কৰি লৈছিল। তিনিবছৰ প্ৰেম সাগৰত উটি ভাহি মই তেতিয়া উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ মৰমৰ পৰা আঁতৰি কষ্ট হৈছিল যদিও বেছি কষ্ট দিছিল বৰ্ণভৰ ব্যৱহাৰে।মই পঢ়ি অহা কলেজখনত সি তেতিয়া নতুনকৈ জইন কৰিছিল।ভাবিছিলোঁ ময়ো মাষ্টাৰ ডিগ্ৰী কৰি…
Read More