admin

228 Posts
অনাদৰ

অনাদৰ

প্ৰথমদিনা..... প্ৰিয়ংকাই চকু দুটা বহল কৰি চিঞৰে-" বৌ ইমান দৈ ভাগে ভাগে পাতি থৈছা যে!! মই দৈৰ টেকেলি এটা নিম দেই | নিবা আকৌ বৌয়েকে হাঁহি মুখেৰে কয় | তাৰ দুদিন পাছত ফোনতে প্ৰিয়ংকাই -"কিনো দৈ দিলা বৌ ? অকণো সোৱাদ নাই দৈকণৰ |" বৌয়েকৰ মনটো সেমেকি উঠে... দ্বিতীয় দিনা...... "তোমালৈ গাখীৰ আৰু পনীৰ, ককায়েৰাৰ হাতত দি পঠিয়াইছিলো | কেনে পালা খায় ??" - বৌয়েকে উতসাহেৰে সুধে | "পুৰণি পনিৰকণ নিদিয়া হলেও হ'লহেতেন ,খাবই নোৱাৰিলো !! গাখীৰখিনি পনীয়া যদিও খালো দিয়া | তাতকৈ আমাৰ কাষৰ ডায়েৰী খনতে ভাল গাখীৰ ,দৈ, পনীৰ পোৱা যায় " ননদৰ উত্তৰত বৌয়েকৰ বেজাৰ লাগি যায়...…
Read More
মা দিয়া বিদায়

মা দিয়া বিদায়

ঘৰ এৰি অহাৰ দুখটোৱে হেঁচি ধৰিছে কুমকুমক।বিয়াৰ দিনাৰ ব্যস্ততা ভাগৰতকৈও তাই মাক আৰু ভনীয়েকক এৰি অহা দুখটোহে বেছিকৈ লাগিছে।আগতে জনা হ'লে তাই বিয়াই নহ'ল হয়।দূৰ হোৱাৰ বাবে তাইক আকৌ ঘৰ গছকাই লৈ যোৱা নহ'ল।থাকি ৰ'ল কুমকুম তাইৰ নিজৰ নতুন ঘৰখনত।নিয়ম মতে তাই আজি নতুন ঘৰখনত একো খাব নাপায় কিন্তু শাহু মাকৰ কথা অনুযায়ী টকা এটা দি তাই দুপৰীয়াৰ ভাত সাজ খালে।ভাত সাজ খাবলৈ লওঁতেই আকৌ মনত পৰিল এৰি অহা ঘৰখনলৈ।যেনেতেনে দুগহা খাই তাই আকৌ ৰুমলৈ আহিল।আহিয়েই মাকলৈ ফোনটো লগালে।মাকে হেল্ল' বুলিও ক'ব পৰা নাই।দুয়োজনীয়ে মাথোঁ কান্দিছে।ভাষাৰ অবিহনেই বুজি উঠিছে দুয়ো দুয়োৰে মনৰ কথা।ফোনটো কাটিও বহু সময় তাই কান্দি থাকিল।মনত পৰিল…
Read More
COVID-19 impact on State Economy and a way forward (Assamese Documentary)

COVID-19 impact on State Economy and a way forward (Assamese Documentary)

An Assamese documentary video which highlights the impact of pandemic COVID- 19 on agriculture and allied sectors and possible solutions to the crisis. Involved Personals. Dr. Kamal Malla Bujarbaruah, Hon’ble Ex. Vice Chancellor, Assam Agricultural University Dr. Prasanna Kumar Pathak, Director of Extension Education, AAU, Jorhat Dr. A.K. Tripathi, Director, ATARI – VI, ICAR, Guwahati Sri. K.K. Nagle, Director, Farm Machinery Testing and Technology Institute, Biswanath Dr. Niranjan Kalita, Director of Research (Veterinary), Khanapara, AAU Dr. Manoranjan Neog, Assoc. Director of Extension Education (Training), AAU, Jorhat Dr. Hiranya Nath, Professor of Economics, Sam Houston State University, USA Dr. Choudhury Nath…
Read More
আমন্ত্ৰণী চিঠি

আমন্ত্ৰণী চিঠি

“খুৰাদেউ, এইবেলিও বিহু সন্মিলনীৰ কুঁৱৰী প্ৰতিযোগিতাত আপুনি বিচাৰক হ’ব লাগিব ৷"- চান্দা বিচাৰি অহা দলটোৰ কেবাজনেও ওপৰা-ওপৰি কৈ ক’লে ৷ “এইবাৰ নালাগে দিয়া” - আপত্তি কৰিলে বিহুনৃত্য প্ৰশিক্ষক এসময়ৰ দুৰ্দান্ত বিহুৱা অনন্ত তামুলিয়ে ৷ “নহ’ব খুৰাদেউ, পৰহিলৈ ছপা কাৰ্যসূচীৰ লগতে আপোনাৰ আমন্ত্ৰণী পত্ৰখনো আমি দি যাম ৷” - দ্বায়িত্বশীল যেন লগা দুজনমানে মাত লগালে ৷ “আমি বিহুৰ বৰঙণি বিচাৰিও আহিছিলো ৷ যোৱাবেলি দুহেজাৰ নিছিলো ৷ এইবাৰ খৰচো বেছি ৷” এইটো পুহতে তামুলিৰ পিতাকৰ বছৰেকীয়া হৈ গৈছে ৷ ফাগুনত জীয়াৰীৰ বিয়াৰ পিছৰ পৰা ঘৰুৱা খৰচো কিছু বাঢ়িল ৷ সকলো চালি জাৰি চাই টকা এহেজাৰ দি নিজৰ অসুবিধাৰ কথা বিৱৰি ক’লে ৷…
Read More
অথ: অম্বুবাচী কথা

অথ: অম্বুবাচী কথা

ধূপ ধূনাৰ আমোলমোল গোন্ধে চৌপাশ সুৰভিত কৰি তোলা পৰিবেশ টোত অহা আহিছে যোৱা গৈছে।কেৱে যদি ওপৰলৈ উঠি যোৱা পথটিৰ স্থায়ী অস্থায়ী দোকান বোৰলৈ ভুমুকিয়াইছে আন কোনোৱে আকৌ ভষ্মৰে সৰ্বশৰীৰ ঢাকি ডিঙিত ৰুদ্ৰাক্ষৰ মালা আঁৰি বম বম বোলে কৈ গীত জোৰা জনক লক্ষ্য কৰি বিভোৰহৈ পৰিছে।কোনোৱে আকৌ দেৱী কালী গোঁসানী নহ'লে জটাধাৰী শিৱৰ ৰূপত বিচৰণ কৰি ফুৰাজনক চাই গদ্ গদ্ হৈ প্ৰণাম কৰিছে।লোকে লোকাৰণ্য হৈ থকা নীলাচল পাহাৰত আহাৰ মাহৰ এই পৱিত্ৰ সময়ছোৱাৰ এইয়া চিৰপৰিচিত সুলভ দৃশ্য।বহি:ৰাজ্যৰ পৰা আগমন ঘটা লাখ লাখ ভক্তৰ সমাগমে নীলাচল পাহাৰৰ ' মা' ৰ আলয়ক এইকেইটা দিন সজীৱতাৰে ভৰাই তোলে ।ৰজ:স্বলা মাতৃৰ পৃজা অৰ্চনা,ধ্যানাদিৰে মূখৰিত চৌহদটিত…
Read More
কাহিনীৰ আঁৰৰ কাহিনী

কাহিনীৰ আঁৰৰ কাহিনী

"আৰিছ্ অগ্নিহোত্ৰী এতিয়া মানালিত থাকে।যদিও নেক্স উইক'ত অগ্নিহোত্ৰী কিবা প্ৰজেক্ট এটাৰ সংক্ৰান্তত গুৱাহাটীলৈ আহিব।লগতে অগ্নিহোত্ৰীৰ ফেমেলিয়ো আহিব।গুৱাহাটীৰ পৰা এটা দিনৰ বাবে আমাৰ মিলন নগৰলৈও আহিব।" নিৰোধ কাকতিয়ে অনগলতাৰে কথাবোৰ কৈ গ'ল।কাকতিৰ চকু আৰু মুখত এটা সন্তোষিত ছায়া ফুটি উঠিল।লগতে এটা ঈষৎ হাঁহিৰ আভা জিলিকি পৰিল।ৰাধিকা দেৱীয়ে গিৰিয়েকৰ কথাত একো হয়ভয় নিদি একান্ত মনেৰে পাচলিখিনি কটাতহে ব্যস্ত হৈ পৰিল।ৰাধিকা দেৱীয়ে এনে এটা ভংগীমাত ৰৈ কামখিনি কৰি আছে যেন গিৰিয়েকে কি কৈছে একো শুনা নাই।আচলতে ৰাধিকা দেৱী একপ্ৰকাৰে বিৰক্ত হৈছে।গিৰিয়েকৰ মুখত আৰিছ্ অগ্নিহোত্ৰীৰ কথা শুনিলে বিৰক্ত হোৱাই নহয় তীব্ৰভাৱে ৰাধিকা দেৱীয়ে অৱজ্ঞা কৰে। আজি বত্ৰিছটা বছৰে ৰাধিকা দেৱীয়ে আৰিছ্ অগ্নিহোত্ৰীৰ কথা গিৰিয়েকৰ…
Read More
সিদ্ধান্ত

সিদ্ধান্ত

ৰাতিপুৱা শুই উঠিয়ে ৰুমিয়ে কেলেন্ডাৰ খন চালে। নিৰ্দিষ্ট তাৰিখটো পাৰ হবলৈ আজি দহদিন হল। প্ৰত্যেক মাহৰ নিৰ্দিষ্ট তাৰিখ এটাত তাই কেলেন্ডাৰত ডাগ মাৰি ৰাখে। মনত পাৰ নোপোৱা চিন্তা এটা লৈ হাতত জাৰু ডাল তুলি ললে। তাৰ পিছত এখন এখনকৈ ঘৰৰ কামবোৰ কৰি গল মনত কোনো উৎসাহ নোহোৱাকৈ। চাৰিদিন মানৰ পৰা একেটা চিন্তাই তাইক খুলি খুলি খাইছে। গিৰীয়েক প্ৰতুলক কলেও তাৰ উত্তৰ কি হব তাই জানেই... কাৰণ যোৱা তিনিছৰে সি একেটা উত্তৰেই দি আহিছে। "এতিয়াই সন্তান নালাগে। আগতে আৰ্থিক ভাবে অকনমান সবল হৈ লও তাৰ পিছত সন্তানৰ কথা ভাবিম"। তাই গা পা ধুই উঠি পাগঘৰত সোমাল। প্ৰতুল ৯. ৩০ বজাত কামলৈ…
Read More
প্ৰেমৰ ৰাগি

প্ৰেমৰ ৰাগি

কুৰুকি কুৰুকি মই তাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিলোঁ।প্ৰেম নামৰ দুটি বৰ্ণৰ লগত যেন মোৰ পুনৰ বাৰ সম্বন্ধ ঘটিছিল।শেষ হৈ যাব খোজা মনৰ হেঁপাহবোৰ,আশাবোৰ সি মোৰ হৃদয়ত আকৌ জগাই তুলিছিল।সপোন দেখিবলৈ ভয় কৰা মইজনীক সি আকৌ সপোন দেখিবলৈ শিকাইছিল।মই জনীক মই কৰি জীয়াই তুলিছিল।বন্ধ কৰি থোৱা হৃদয়ৰ খিৰিকীখন সি নিজে খুলি সোমাই আহিছিল ।প্ৰৱেশ নিষিদ্ধ বুলি জানিও সি তাৰ প্ৰৱেশৰ পথ মুকলি কৰি লৈছিল। তিনিবছৰ প্ৰেম সাগৰত উটি ভাহি মই তেতিয়া উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ মৰমৰ পৰা আঁতৰি কষ্ট হৈছিল যদিও বেছি কষ্ট দিছিল বৰ্ণভৰ ব্যৱহাৰে।মই পঢ়ি অহা কলেজখনত সি তেতিয়া নতুনকৈ জইন কৰিছিল।ভাবিছিলোঁ ময়ো মাষ্টাৰ ডিগ্ৰী কৰি…
Read More