বিনিতাৰ কথাৰে

“ তোমাৰ কৰুণ চকুহালে মোক অহৰহ সোঁৱৰণীৰ দলিচালৈ লৈ যায় । পথাৰৰ বিহুৱা বড়গছৰ তলত আজিও যেন অপেক্ষাৰত তোমাৰ অৱয়ব ।তোমাৰ দুবাহুৰ মিঠা সোঁৱৰণী বুকুত বান্ধি কিমান আৰু তপস্যা কৰিম ? মই মীৰা হ’ব খুজিছিলো ,নোৱাৰিলো। ৰাধা হ’বও নোৱাৰিলো । এক স্বাপদৰ দৰে নিজকে গিলি গ’লো। সেয়ে হয়তো মই আজিও জীৱন বীণাৰ এক বেসুৰা চাৰণ গীত তোমাৰ বাবে, সকলোৰে বাবে”- মধুমিতাই লিখিবলৈ লোৱা গল্পটোৰ আৰম্ভণি ভাল হ’বনে ন’হব ভাবি থমকি ৰ’ল।

কালি বিনিতাক লগ পোৱাৰ পিছৰ পৰাই তাইৰ বুকুত অনামী দুখবোধে শিপাই উঠিছে। কি অদ্ভুত সহনশীল মহিলা। পঢ়াত চোকা, সুন্দৰী, ধনীৰ ঘৰৰ ছোৱালী হৈও বিনয়ী, ধীৰ-স্থিৰ স্বভাৱৰ বাবে কলেজীয়া জীৱনত তাই সকলোৰে প্রিয় আছিল। স্নাতক তৃতীয় বৰ্ষত থাকোতেই নতুনকৈ কলেজত যোগদান কৰা ইংৰাজীৰ প্ৰবক্তা সমীৰৰ লগত ঘৰৰ অনুমতিত বিবাহ পাশত আৱদ্ধ হৈ সুখী হৈছিল ।মধুমিতাই পুনে বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ পিছত বিনিতাক লগ পোৱা নাই। মাজেসময়ে ফোনত কথাবতৰা হৈছিল যদিও ক্রমশঃ ব্যস্ততাৰ অজুহাত অথবা সময়ৰ গতিতে সিহঁতৰ মাজত যোগাযোগ নোহোৱা হ’ল । স্নাতকোত্তৰৰ পাছত পি.এইচ.ডি.ৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে তাই লগ পাইছিল সংগীতশিল্পী অনুভৱক আৰু দুবছৰীয়া প্রেমৰ পিছত বিয়াত বহিছিল। এই সমগ্র সময়ছোৱা তাই বিনিতাৰ লগত সংযোগ বিচ্ছিন্ন । পাঁচবছৰৰ বিৰতিত অসমলৈ ঘুৰি আহোতে নাটকীয়ভাৱে তাইক লগ পালে । কলেজীয়া দিনৰ লাহী ককাঁলৰ , দীঘল চুলিৰ বিনিতা আৰু বৰ্তমানৰ বিনিতাৰ মাজত পাৰ্থক্য দেখি তাই হতভম্ব হৈছিল । ৰেলষ্টেচনৰ পৰা ঘৰলৈ অহাৰ বাটত টেক্সি এখন বন্দোবস্ত কৰোতে চিনাকী মাতটো শুনি শিহঁৰিত হৈছিল- “ মধু”। পিচলৈ ঘুৰি চাই অচিনাকী আদহীয়া মহিলাগৰাকীক দেখি আচৰিত হৈছিল । তেওঁৱেই চিনাকী দিলে – “মই বিনিতা, একেলগে যে জে.বি. কলেজত পঢ়িছিলো”। আবেগিক হ’লেও সাবটি ধৰিব পৰা নাছিল তাই ,মাথো আশ্চৰ্যত মুক হৈ ৰৈছিল । লগত থকা অনুভৱেহে “হাই” বুলি সম্ভাষণ জনাইছিল । কাষৰ ৰেষ্টুৰেণ্ট এখনত কফি খোৱাৰ প্রস্তাৱ দি সিয়েই দুয়োজনীক সহজ পৰিবেশ এটাত মুখামুখি কৰিছিল।

বিনিতা আছিল গাঁৱৰ আঢ্যৱন্ত পৰিয়ালৰ ছোৱালী । সমগ্র অসম যেতিয়া বৃটিছৰ পৰাধীন আছিল সেইসময়ত যোৰহাট জিলাৰ অন্তৱৰ্তী চাৰিগাওঁ অঞ্চল স্বাধীন ৰাজ্য হিচাপে স্বীকৃত আছিল । দেশে স্বাধীনতা লাভ কৰাৰ পিছত চাৰিগাওঁ মৌজা হিচাপে পৰিচিত হয় । বিনিতাৰ প্ৰপিতামহ আছিল এই মৌজাৰ মৌজাদাৰ । সেয়েহে হয়তো তাই পুৰুষানুক্ৰমে পোৱা স্বাধীনচিতিয়া মন এটাৰ গৰাকী হৈছিল , জাতীয়তাবোধ আছিল প্ৰখৰ। কলেজত পঢ়ি থকা সময়ত স্বাধীন অসমৰ সপো্ন দেখা সংগঠন এটাৰ সদস্য এজনৰ প্রেমত পৰাৰ কথা মধুমিতাই জানিছিল। শৈশৱৰে পৰা একেলগে খেলা-ধুলা কৰি ডাঙৰ হোৱা অমৰৰ প্রতি থকা আকৰ্ষণে প্রেমৰ ৰূপ লৈছিল। কিন্তু হাইস্কুলৰ শেষ শ্রেণীত দেশৰ প্ৰতি থকা প্রেমে তাক তাইৰ পৰা দুৰলৈ টানি নিলে । কলেজৰ প্রথম দুবছৰত গোপনে দুয়ো লগ হৈছিল যি কথা একমাত্র মধুমিতাৰ বাদে কোনেওঁ নাজানিছিল ।

কিন্তু এদিন হঠাতে বাতৰি কাকতত প্রকাশ পোৱা খবৰ এটাই বিনিতাৰ জীৱনৰ দিশ সলনি কৰি পেলালে। সেনাৰ সৈতে হোৱা সন্মুখ সমৰত অমৰৰ মৃত্যু হোৱা খবৰত আকাশখন মুৰৰ ওপৰত ভাগি পৰিল । হ’লেও সময়ে সলনি কৰে জীৱনৰ ৰং। অদৃষ্টক মানি লৈ তাই পঢ়া-শুনাত মনো্নিবেশ কৰি জীয়াই থকাৰ সাহস কৰিলে। মাক-দেউতাকৰ সদুপদেশ মানি তেওঁলোকৰ পচন্দৰ দৰাৰ লগতে বিয়াত বহিল। লাহে লাহে অমৰ তাইৰ বাবে সোঁৱৰণিৰ এখিলা পাত হ’ল। নতুন পৰিৱেশ, সম্বন্ধৰ মায়াই তাইৰ মনৰ সেউজীয়াক জীপাল কৰি তুলিলে।

কিন্তু এদিনৰ কথা। বিনিতাৰ শহুৰেক আছিল ডায়েবেটিছ ৰোগী। আনুসংগিক আন কিছু ৰোগেও তেওঁক পীড়া দি দুৰ্বল কৰি তুলিছিল।স্বামী সমীৰ অফিছিয়েল কামত ব্যস্ত থকা হেতু তাইয়ে শাহুৱেকৰ লগত তেখেতক লৈ চিকিত্সালয় পালেগৈ ।চিকিত্সকৰ বাবে অপেক্ষাৰত সময়ত এজন চেতনাহীন ডেকাল’ৰাক বেঢ়ি কেইজনমা্ন মানুহে উচ্চ স্বৰত বার্তা লাপ কৰি থকা দেখি অলপ আগুৱাই গৈ তাই দেখিলে ভু্লুণ্ঠিত অৱস্থাত তাইৰ প্রথম প্রেম , যাৰ মৃত্যুৰ বাতৰিয়ে জীৱনৰ সোণালী সময়ৰ অধিকাংশ বিষাদৰ কুঁৱলীৰে অন্ধকাৰ কৰি ৰাখিছিল । কিংকৰ্তব্যবিমুঢ় বিনিতাই মনৰ অন্তঃকন্দল ঢাকিবলৈ পাৰ্যমানে চেষ্টা কৰিলেও শাহুৱেকৰ সন্মুখত ধৰা পৰি গৈছিল। “ তুমি ল’ৰাজনক চিনি পোৱা নেকি ?” শাহুৱেকৰ প্রশ্নত তাই নঞাৰ্থত মুখ জোকাৰিছিল যদিও কৈছিল- “ এইহেন গজগজীয়া ডেকা ল’ৰাজন দুদিন হেনোঁ বাৰাণ্ডাত পৰি আছে । তেওঁ কোন জনাতকৈ এতিয়া তেওঁক চিকিত্সা কৰাহে বেছি প্রয়োজনীয় । মানুহবোৰে সেই কথা কিয় ভবা নাই? তেওঁ সমীৰৰ সমবয়সীয়াই হ’ব সেয়ে দেখি বেয়া লাগিছে “ ।অৱশেষত শহুৰেকে প্রপত্রত অভিভাৱকৰ স্থানত নিজৰ নাম দি অমৰক চিকিত্সালয়ত ভর্তি কৰি দিছিল । ২য় দিনা মেলেৰিয়া ৰোগাক্রান্ত অমৰৰ সংজ্ঞা ঘুৰি আহিছিল যদিও বিনিতাক অচিনাকীৰ দৰে ব্যৱহাৰ কৰিছি্ল। ৰক্তহীনতাত ভোগা অমৰক তাই প্রয়োজনীয় A-ve তেজদান দিছিল আৰু ক্রমশঃ সুস্থ হৈ এদিন সি গুছি গৈছি্ল। পুৰণি প্রেমানুভুতিক সংযত কৰি বিনিতাইও দৈনন্দিন জীৱন প্রৱাহত নিজকে বিলীন কৰিছি্ল।

ঘটনাই মোৰ সলালে তেতিয়াই যেতিয়া সন্তানসম্ভৱা বিনিতাক অসুস্থতাৰ বাবে চিকিত্সালয়ত ৰক্তপৰীক্ষা কৰোতে HIV +ve বুলি চিনাক্ত কৰিলে । আত্মীয়সকলৰ বাবে তাই হৈ পৰি্ল অস্পৃশ্য । এইডচৰ বীজাণু সংক্ৰমনৰ কাৰণ বিছাৰি কৰা অলেখ প্রশ্নৰ উত্তৰ বিছাৰি তাইৰ মন হাহাঁকাৰ কৰি উঠিল। অৱশেষত উৰহীৰ ওৰ ওলাল।ৰক্তদানৰ সময়ত কৰ্ত্তৃপক্ষৰ অসাৱধানতাবশত মাৰাত্মক বীজাণুৱে খোপনি পুতিলে। প্রথমে স্বামী আৰু পৰিয়া্লৰ লোকে সহানুভুতি জনাইছিল যদিও ক্ৰমে তেওঁলোক আতঁৰি যাবলৈ চেষ্টা কৰিলে । চিকিত্সকৰ পৰামৰ্শমতে সন্তানটি নষ্ট কৰাৰ পাছত পৰিয়া্লৰ বাবে তাই অদৰকাৰী বো্জাস্বৰূপ হৈ পৰিল। ধুসৰ সন্ধ্যা এটাত সমীৰে মীৰাটত নতুন চাকৰি এটা পাই মাক-দেউতাকক লৈ শাৰিৰীক-মানসিক সন্তুলন হেৰোৱা বিনিতাক ঘৰটো চমজাই অকলশৰীয়াকৈ এৰি থৈ গ’ল। পিতৃগৃহ –স্বামীগৃহ সকলোৰে পৰা বিচ্ছিন্ন হৈ তাই অধিক ৰুগীয়া হৈ পৰিল ।

হয়তো সময়ৰ তাই প্রতি পুনৰ দয়া উপজিল। এইডচ ৰোগীসকলৰ বাবে কাম কৰা সংস্থা এটাই তাই বাতৰি কাকতলৈ লিখা চিঠি এখনৰ আঁত ধৰি সহায়ৰ হাত আগবঢ়ালে । বর্তমান বহু চিকিত্সাৰ পিছত বিনিতা অলপ সুস্থ হৈছে। জীৱনৰ প্রতি থকা মায়াই পুনৰ তাইক মেৰিয়াই ধৰিছে । মানুহৰ প্রতি গঢ় লৈ উঠা চৰম বিদ্বেষ সংস্থাটোৰ কৰ্মীসকলৰ মানৱতাবোধে নিষ্প্ৰভ কৰি আৰ্তজনৰ সেৱাত মনোনিবেশ কৰাত প্রেৰণা যোগাইছে । ভগৱানৰ প্রতি থকা অগাধ ভক্তি পুনৰ জীপাল হৈ পৰিছে।

মধুমিতাই গল্পটো শেষ কৰিবলৈ লৈ স্বস্তিৰ নিশ্বাস পেলালে। “অৱশেষত আশাব্যঞ্জক সামৰণি” ভাবি বুকু ভৰি গ’ল ।

স্মৃতিৰেখা ভূঞা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

97 − = 87