সন্মান

নীনাৰ পেহীয়েকৰ ছোৱালী মাধুৰ বিয়া সেয়ে নীনায়ে মাকক খাটনিধৰি আছে এজোৰ ধুনীয়া কাপোৰ দিবলৈ মাকৰো মন যায় জীয়েকক সজাই পৰাই ৰাখিবলৈ পিছে ভাবিলেইটো সকলো হৈ নাযায় দেউতাকটো অসুখীয়া সেয়ে দেউতাকে যি সৰু চাকৰি এটা কৰিছিল ,.তাকো এৰি দিব লগা হ’ল ।মাকে এতিয়া সৰু সুৰা ইটো -সিটো কৰি ঘৰখন যেনতেনকৈ চলাই আছে । আচাৰৰ ব্যৱসায়, মাহগুড়া, বেহুৱা ,টেকেলী পিঠা ৰ ব্যৱসায় মুঠতে যি পায় কৰি যায় ! বৰ কৰ্মী মাকজনী। জীয়েক নীনায়ে আজি কেইদিন মান ধৰি কৈ থকাৰ বাবে ওচৰৰে শৰ্মানী বাইদেউক কথাটো ক’লেগৈ তেখেতে কাপোৰৰ ব্যৱসায় কৰে মাহে মাহে পইচাটো দি শেষ কৰিব ২/৩ হাজাৰ মানৰ ভিতৰৰ এজোৰ কাপোৰ জীয়েকলৈ লৈ আহিল ।নীনাৰ মনে ফূৰ্তিত নধৰা হ’ল মাকে তাইৰ সপোন পূৰ কৰিলেই তাতে কাপোৰ জোৰৰ ৰং টো যে ইমান ধুনীয়া নীনাৰ প্ৰিয় ৰং ‘গাঢ় নীলা’ ।কিমানবাৰ যে কাপোৰযোৰ গাত মেৰিয়াই চাইছে !কাইলৈকে চাৰিআলিৰ হামিদ খুড়াক কাপোৰ যোৰৰ ব্লাউজটো চিলাব দিব লাগিব ।এনেতে পেহীয়েকে দেউতাকলৈ ফোন কৰিলে ফোনটো নীনায়ে ধৰি সঁহাৰি দিলে ‘পেহী কোৱা ‘

পেহীয়েকে ক’লে – অ’ নীনা কথা এটাৰ বাবে ফোন কৰিলো আমাৰ মাধুৰ বিয়ালৈ আহিলে ভাল কাপোৰ পিন্ধি আহিবি দেই দ’ৰাঘৰ খন বহুত ধনী তথা ষ্টেণ্ড্ৰাদ বুজিছ তঁহত আকৌ নিজৰ যিহেতু ভালদৰে চিনাকিও কৰাই দিব লাগিব নহয় আৰু মাৰকো ক’বি ভালদৰে আহিবলৈ মোৰে সন্মানৰ কথা আছে দেচোন আৰু কিবাকিবি পেহীয়েকে কৈ থাকিল অৰ্ণগল কৈ থকা কথাবোৰ অনৰ্থক যেন লাগিল নীনাৰ । তাই ক’লে — হ’ব পেহী তোমাৰ সন্মান আমি লাঘৱ হ’ব নিদিও কেতিয়াও ” মবাইলৰ চুইচটো চুই দিলে তাই লগে লগে কথোপকথন বন্ধ হ’ল । মাকে সুধিলে কি ক’লে পেহীয়েৰে ?? নীনায়ে ক’লে একো নাই সোনকালে যাব দিছে কিন্তু মা আমি নাযাও বিয়ালৈ ।মোৰ বিশেষ কাম এটা ওলাল আৰু কাপোৰ যোৰো নালাগে এনেই মিছামিছি কাপোৰ যোৰ লৈ নো মই কি কৰিম ? তাই হুমুনিয়াহ এটা আপুনাআপুনি ওলাই গ’ল ! তাই মাকক ক’ব নোৱাৰিলে পেহীয়েকৰ সন্মানৰ কথা যিজনী মাকক তাই দেখিছে টেকেলী পিঠা বেছি পোৱা পইচাৰে সাঁচি সাঁচি মাধুৰ বিয়ালৈ উপহাৰ ৰূপে পাটৰ কাপোৰ এযোৰ কিনি থৈছে নিজে একো নলৈ, সেই মাক তাইৰ বাবে বহুত সন্মানীয় নকয় একো তাই মাকক ।মুঠতে বিয়ালৈ নাযায় সিহঁত ।ইমান হেঁপাহ নিমিষতে শেষ হ’ল ।মাকে নীনাৰ কথা একো ধৰিব নোৱাৰি তধা লাগি জীয়েকৰ মুখলৈ চাই থাকিল ।নীনাৰ ক’ব মন আছিল “সন্মান আমাৰো আছে পেহী ” কিন্তু তাইৰ মনৰ কথা পাকঘূৰণি খাই মনতে থাকিল ।

মমী বৰঠাকুৰ

By