কচুৰে মাছৰ আঞ্জা

উপকৰণ সমূহ:-

১. সৰিয়হ তেল: তিনি/ চাৰি চামুচ

১.ভকুৱা মাছ: ৬ পিচ

২.আবৰ কচু (আমাৰ নামনি অসমৰ নাম।ঠাই বিশেষে নাম বেলেগ বেলেগ হব পাৰে সেয়ে ফটোত দেখাই দিয়া হৈছে): ২টা (১ পাবকৈ কাটি)

৩.আদা: এটুকুৰ +পিয়াজ: সৰু দুটা+কেঁচা জলকীয়া: ২টা= পেষ্ট

৪.তেজপাত: এখিলা

৫.গোটা জিৰা: আধা চামুচ

৬.জিৰা পেষ্ট: ২ চামুচ

৭.নিমখ: জোখ মতে

৮.হালধি: জোখ মতে

৯.মিহিকৈ কটা মান ধনীয়া

ৰন্ধন প্ৰণালী:

১) মাছখিনি সৰিয়হ তেলত ভাজি উঠাই থলোঁ।

২)কেৰাহীত ৰৈ যোৱা তেলত কাটি লোৱা কঁচুখিনি ভাজি লৈ উঠাই থলোঁ।

৩)এতিয়া তেলত প্ৰথমে গোটা জিৰা আৰু তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, জিৰা আৰু জলকীয়া খিনি ঢালি ভালদৰে ভাজি তাত আগতে ভাজি উঠাই থোৱা কচু খিনি দি জোখ মতে নিমখ আৰু হালধি দিলোঁ।

৪) ভালদৰে ভজা হলত পানী দি ঢাকোন লগাই 5 মিনিট মান সিজিব দিলোঁ।

৫) ভজা মাছখিনি দি অলপ সময় উতলিবলৈ দিলোঁ।

৬)আঞ্জা ৰেডি।মিহিকৈ কটা মান ধনীয়াৰে গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক।

অসমীয়া খাদ্যৰ বৈশিষ্ট্যতা এয়ে যে ইয়াত খুব কম পৰিমাণৰ তেল- মচলা ব্যৱহাৰ হয় হেতুকেই স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় আৰু প্ৰায় বোৰ খাদ্য ঔষধি গুণ সম্পন্ন।

চয়নিকা নাথ

By