মা দিয়া বিদায়

ঘৰ এৰি অহাৰ দুখটোৱে হেঁচি ধৰিছে কুমকুমক।বিয়াৰ দিনাৰ ব্যস্ততা ভাগৰতকৈও তাই মাক আৰু ভনীয়েকক এৰি অহা দুখটোহে বেছিকৈ লাগিছে।আগতে জনা হ’লে তাই বিয়াই নহ’ল হয়।দূৰ হোৱাৰ বাবে তাইক আকৌ ঘৰ গছকাই লৈ যোৱা নহ’ল।থাকি ৰ’ল কুমকুম তাইৰ নিজৰ নতুন ঘৰখনত।নিয়ম মতে তাই আজি নতুন ঘৰখনত একো খাব নাপায় কিন্তু শাহু মাকৰ কথা অনুযায়ী টকা এটা দি তাই দুপৰীয়াৰ ভাত সাজ খালে।ভাত সাজ খাবলৈ লওঁতেই আকৌ মনত পৰিল এৰি অহা ঘৰখনলৈ।যেনেতেনে দুগহা খাই তাই আকৌ ৰুমলৈ আহিল।আহিয়েই মাকলৈ ফোনটো লগালে।মাকে হেল্ল’ বুলিও ক’ব পৰা নাই।দুয়োজনীয়ে মাথোঁ কান্দিছে।ভাষাৰ অবিহনেই বুজি উঠিছে দুয়ো দুয়োৰে মনৰ কথা।ফোনটো কাটিও বহু সময় তাই কান্দি থাকিল।মনত পৰিল তাইৰ সৰুতেই দেউতাকক হেৰুওৱা মাকে ছোৱালীদুজনী ডাঙৰ কৰিবলৈ কম কষ্ট কৰা নাছিল ।

ইলেকট্ৰিচিটি অফিচত কাম কৰা দেউতাকে এদিন অফিচৰ পৰা আহি থকাৰ বাটতে এক্সিডেন্ট হৈ থিতাতে মৃত্যুক আকোঁৱালি লয়।কুমকুম তেতিয়া ক্লাছ এইটত ,মাকৰ কি কৰোঁ,কি নকৰোঁ অৱস্থা।দেউতাকৰ অফিচতে চাকৰি পালেও সন্তানকেইটি চাব কোনে বুলি তেওঁ চাকৰি কৰিবলৈ মন নেমেলিলে,কাৰণ ভনীয়েক গুণগুণো তেতিয়া ফাইভ পাইছিলে গৈহে।পেনচনৰ পইচাৰে চলিব পাৰিম বুলি ভাবি তেওঁ চাকৰি কৰাৰ পৰা বিৰত থাকিলে।

লাহে লাহে কুমকুমহঁত ডাঙৰ হৈ আহিলে।নিজৰ কাম নিজে কৰিব পৰা হ’ল,মাকক ইটো সিটো কামত সহায় কৰি দিব পৰা হ’ল।ডাঙৰ হৈ অহাৰ লগে লগে কুমকুমে মন কৰিলে দেউতাক নথকাৰ বাবেই হয়তো ওচৰৰ বৰমাৱকহঁতে মাকক সদায় ইটো সিটো কথাত কথা শুনাবলৈ ধৰিলে।মাকে কথাবোৰ ধৰি নাথাকি তেওঁলোকৰ লগত আকৌ সহজ হয়।বৰমাৱকহঁতে আকৌ সুবিধা লয়।কুমকুম আৰু ভনীয়েকক মাকে কোনোদিন শাসনৰ মাজত ৰখা নাই।দুয়োজনীয়েই দৰকাৰ হ’লে ওলাই যায় বজাৰলৈ,কেতিয়াবা লগত মাকো ।মন গ’লে সিহঁতে লগৰ ছোৱালীৰ ঘৰলৈও যায়।বৰমাৱকহঁতৰ চকু’ ক’ত অকলে অকলে ছোৱালী মানুহ ঘূৰি ফুৰে’ বুলি।কেতিয়াবা যদি লিপষ্টিক ,চিপষ্টিক লগাই সাজি কাচি যোৱা দেখে তাতো তেওঁলোকৰ চকু।কুমকুমৰ কিবা ক’বলৈ মন যায় যদিও মাকে বাধা দিয়ে—— ডাঙৰৰ লগত মুখ নচলাবি বুলি।

এইবাৰ কুমকুমে হায়াৰছেকেণ্ডেৰী পাছ কৰি কলেজত নামভৰ্তি কৰিলে।স্বাভাৱিকতে বন্ধু বান্ধৱীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।দিন যোৱাৰ লগে লগে লগৰ দুই এটা ল’ৰাবন্ধুও সিহঁতৰ ঘৰলৈ অহা হ’ল।চোতালত চাইকেল, বাইক দেখিলেই ওচৰৰে দুজনীমানে ভুমুকি মাৰেহি কোননো আহিছে বুলি।এইবোৰৰ মাজেৰেই সিহঁত চলি যায়, আজিকালি সিহঁতৰ বাবে সেইয়া সাধাৰণ কথা হৈ পৰে।লগৰ কোনোবা আহিলে সিহঁতে চাহ দুকাপ সৰহকৈয়ে বনাই কাষৰ মানুহৰ বাবেও।

কুমকুমক এইবাৰ বিশ্ববিদ্যালয়ৰ জীৱনে ৰিঙিয়াই মাতিলে।ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰাৰ মিঠাই খাবলৈ বৰমাৱকহঁত থিকেই আহিলে কেৱল ইউনিভাৰ্চিটিত চিট পোৱা কথাটোহে তেওঁলোকৰ হজম নহ’ল।নাহৰৰ দেশত তাই তাইৰ মনৰ মানুহজনকো পালে।নীলাভৰ মৰমে তাইক পূৰ্ণ কৰিলে।বন্ধত যাওঁতে মাকক তাই কথাবোৰ ক’লে।মাকে একো কোৱা নাই, মাথোঁ ক’লে এইবোৰৰ মাজত যাতে পঢ়া শুনা বন্ধ নহয়।তাৰ লগত কথাপতায়ো দিলে মাকক।লাহে লাহে নীলাভ সিহঁতৰ ঘৰৰ সুখ দুখৰ সমভাগী হৈ পৰিল।সকলো জানে সি,ভনীয়েকৰ মৰমৰ নীলাভ দা হৈ পৰিল আৰু ল’ৰা নথকা ঘৰখনৰ বৰপুত্ৰ হৈ পৰিল সি।

কুমকুম ঘৰত থাকোতে তাইৰ লগত যি হৈছিল এতিয়া ভনীয়েকৰ লগতো একেই।একো নকয় মাকে।তেওঁৰ মতে ঘৰলৈ মানুহ আহিলে খেদি দিলেহে হ’ব আৰু।এদিন গৰমৰ বন্ধত কুমকুম ঘৰত থাকোঁতে ভনীয়েকৰ লগৰ দুজনমান বন্ধু আহিছিল।বাইককেইখন বাহিৰত থকা দেখি আহিলেই নহয় এগৰাকী

* কোনোবা আহিছে নেকি কুমকুম?

*বাইকখন দেখিয়েই জানো আপুনি সোমাই অহা নাই, আকৌ সুধিছে কিয়।

* কি যে কোৱা তুমি মই তোমালোকৰ ঘৰলৈ আহিবলৈয়েই লৈছিলোঁ, গেট খুলি আহোঁতেহে বাইকখন দেখিলো।যাওঁ দিয়া, বেলেগ এদিন আহিম।

* আহিলেই যেতিয়া চাহ একাপ খাই যাওক, মই বনাইছিলোৱেই,আপুনি আহিব বুলি জানোৱেই যে।

খালে মানুহ গৰাকীয়ে চাহ কাপ,কিন্তু সেইদিনাৰ পৰা কোনোবা আহিলে আৰু তেওঁ নহা হ’ল।

ইউনিভাৰ্চিটি পঢ়িবলৈ যোৱাৰ পৰা কুমকুমে থ্ৰী কোৱাৰটাৰ,শ্লিভলেছ পিন্ধিবলৈ লৈছিল, আগতে ঘৰত সদায় চেলৱাৰ, লং স্কাৰ্ট পিন্ধি থাকিছিল।এতিয়া কাপোৰৰ পৰিৱৰ্তন দেখিও মানুহৰ কথা।এদিন তাই ঘৰলৈ আহোঁতে শ্লীভলেছ ফ্ৰক এটা পিন্ধি আছিল, ফুৰিবলৈ আহি বৰমাৱকে দেখি ক’লে

* কুমকুমৰ গৰম লাগিছে মানে ভালকৈয়ে।

* অ বৰমা লাগিছে বুলি তাই উত্তৰটো দিলে।

ভিতৰলৈ আহোঁতে ভনীয়েকে ক’লে— অ বুলি যে কলি তোকটো সেইটো কাটহে মাৰিছিল।তেতিয়াহে কুমকুমে কথাটো ভাবিলে।এনেদৰেই সিহঁতৰ সময় পাৰ হয়।এইবোৰ কথা আজিকালি সিহঁতৰ ভাতৰ লগত পানী খোৱাৰ দৰে হ’ল।আজিকালি দৰকাৰ নহ’লে সিহঁত দুজনী ওচৰ চুবুৰীয়াৰ ঘৰলৈ নাযায়।মাক যায় ,বিপদে আপদে মানুহ লাগিব বুলি।

মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত কুমকুমে অতি সোনকালে চাকৰি এটাও পালে।তিনিচুকীয়াৰ ফালৰ কলেজ এখনত তাই এছিছটেন্ট প্ৰফেছাৰ হিচাপে জইন কৰিলে,ভনীয়েকে এগ্ৰিকালচাৰ পঢ়ি আছে। হোষ্টেলত নাথাকে তাই মাক অকলশৰীয়া বাবে কষ্ট হ’লেও অহা যোৱা কৰে।এইবাৰ আহিল কুমকুমৰ বিয়াৰ পৰ্ব।ওচৰৰ বৰটাৱক বৰমাৱকহঁতেও লাহে লাহে নীলাভৰ কথা গম পাইছে।সকামে নিকামে এইবাৰ টপিক হয় কুমকুমৰ প্ৰেম।

নীলাভৰ ঘৰতো বিয়াৰ আলোচনা চলিছে।সি কুমকুমৰ কথা কৈছে ঘৰত।মাক দেউতাক অহাৰ কথা চলি আছে।দুদিনৰ আগত নীলাভে খবৰ দিলে দেওবাৰে মা,দেউতা,মাহীহঁত তোমাক চাবলৈ যাব,ৰেডী থাকিবা।শুনি মাক বেহুচ হোৱাৰ দৰেই।মাজত মাথোঁ এটা দিন,কেনেকৈ আয়োজন কৰিম বুলি মানুহজনীৰ চিন্তা হ’ল।কাৰণ চাবলৈ আহিলেও যিহেতু প্ৰেম মান ধৰিব লাগিব,ওচৰৰ মানুহক জনাৰ লাগিব।ভনীয়েক জাঙুৰ খাই আহিল

* ওচৰৰ মানুহক কিয় জনাব লাগে,সিহঁত কাইলৈ প্ৰথম আহিবহে,আমি কথা পাতি লওঁ, পিছৰ বাৰত আহিলে মাতিলেই হ’ল।

কুমকুমেও ভাবিলে হয়তো কাষৰ তাইৰ সৈতে একেলগে পঢ়া বৰটাৱকৰ ল’ৰাটোৰচোন দুমাহ মান আগতেই ছোৱালী থিক হৈ গৈছে, কিন্তু সিহঁতেটো কোৱা নাই, সম্পৰ্কীয় মানুহৰ পৰাহে গম পাইছে কুমকুমহঁতে।গতিকে এইবাৰলৈ ওচৰৰ মানুহক নজনোৱাটোৱেই থিৰাং কৰা হ’ল।পিছদিনা তাই আৰু ভনীয়েকে গৈ মানৰ কাপোৰ মানুহ অনুযায়ী কিনি আনিলে।মাকে ঘৰতে থাকি লাৰু, পিঠা বনালে।

যথাদিনত নীলাভৰ ঘৰৰ মানুহ আহি পালেহি,লগত নীলাভো।দুখনকৈ গাড়ী পদূলি মুখত দেখি ওচৰৰ বৰমাৱকহঁতৰ জুমাজুমি আৰম্ভ হ’ল।ছোৱালী পচণ্ড হ’ল তেওঁলোকৰ।নীলাভৰ মাকে আহি কুমকুমৰ মাকক ক’লেহি

* ল’ৰা ছোৱালীয়েটো পচণ্ড কৰি থৈছেই আমিনো কোন অপচণ্ড কৰিবলৈ।আমি কথা এটা ভাবিহে আহিছিলো যদি আপোনাৰ একো আপত্তি নাথাকে ল’ৰাই ছোৱালীক একেবাৰে আঙুঠিটো পিন্ধাই দিয়ক।ঘনাই আমি আহিবও নোৱাৰোঁ ,দূৰণিবতীয়া ৰাস্তা।যিহে ককালৰ বিষ,নে কি কয়?

মাকে আপত্তি নকৰিলে।নীলাভে তাইৰ অনামিকা আঙুলিত তাৰ মৰমৰ স্বাক্ষৰ দি থৈ গ’ল।সিহঁত যিহেতু সাজু নাছিল সেয়ে কিনি অনা কাপোৰেৰেই মানুহখিনিক বিদায় দিলে।

পিছদিনা ওচৰৰ মানুহৰ মুখত ৰৌজাল বৌজাল কুমকুমক আঙুঠি পিন্ধালে,আমাকহে নামাতিলে।মাকে যিমানেই কথাবোৰ ক’বলৈ চেষ্টা কৰে বৰমাৱকহঁতে নুশুনে।মুঠতে মনেমনে কুমকুমৰ আঙুঠি পিন্ধোৱা পাতিলে।সেইদিনাৰ পৰা বৰমাৱকহঁতৰ অহা যোৱা কমি গ’ল।এই যে কয় আনৰ উন্নতি দেখিলে মানুহে সহিব নোৱাৰে সেয়ে হ’ল।

নীলাভৰ আইতাকৰ নাতি বোৱাৰী চাবলৈ তেওঁৰ বৰ হেপাঁহ,মাথোঁ তেওঁ আহিব নোৱাৰে ইমান দূৰ বাটকুৰি বাই।সেয়ে সোণকালে বিয়াখন পতাৰ ব্যৱস্থা কৰা হ’ল।সমস্যাটো হ’ল এতিয়াই।ইমান দিনে দেউতা কি হয় পাহৰি থকা কুমকুমহঁতক মানুহখিনিয়ে মনত পেলাই দিয়ে বাৰে বাৰে কন্যাদান কোনে কৰিব।বৰটাৱকহঁতক মাকে কৈছে আপোনালোকৰ মাজত কোনে কৰে আলোচনাটো কৰক।আপোনালোকেইটো কৰিব লাগিব।তেওঁলোকে নোৱাৰে কৰিব, এজনৰ যদি ভৰিৰ বিষ,এজনৰ এলাৰ্জি প্ৰব্লেম ধূপ,ধূনাৰ গোন্ধ ল’ব নোৱাৰে।মোমায়েকৰ ঘৰৰ মানুহে কন্যাদান কৰিব নোৱাৰে।সেইকেইদিন মাকৰ টোপনি নাই।স্বামীৰ অনুপস্থিতি তেওঁ বাৰুকৈয়ে অনুভৱ কৰিলে।ছোৱালী দুজনীক ডাঙৰ দীঘল কৰোঁতেও তেওঁ কিজানি ইমান অসহায় অনুভৱ কৰা নাছিল।এদিন পুৱাই উঠি তেওঁ গুণগুণক ক’লে।

* মাজনী সোণকালে উঠচোন,এফালে যাব লাগে।

জীয়েকৰ পিছত স্কুটিত উঠি তেওঁ গ’ল সেইদিনা অঞ্চলটোৰ কেইবাজনো পুৰোহিতৰ ওচৰলৈ।নানা জনৰ নানা মত।কোনোৱে নকয় সঠিককৈ।এইবাৰ তেওঁ তেওঁৰ সমস্যাৰ কথা জনাই ব্ৰক্ষ্ম সমাজৰ সভাপতিলৈ এখন চিঠি লিখিলে।দুদিনমান পিছত তেওঁক মাতি পঠোৱা হ’ল।গ’ল আকৌ মাক সৰু জীয়েকক লগত লৈ,কুমকুম তেতিয়া কৰ্মস্থলীত।নীলাভে সমস্যাটোৰ বিষয়ে জনাৰ পিছত কৈছিল

* প্ৰব্লেম হ’লে কৰ্ট মেৰেজকে কৰিম।এনেওটো আজিকালি কৰিবই লাগে।

ঘূৰি আহিছিল মাক এক প্ৰশান্তিৰ হাঁহিৰে।সমাধান পালে তেওঁ।ল’ৰাৰ অবিহনে যিদৰে ছোৱালীয়ে শ্ৰাদ্ধ কৰিব পাৰে ,দেউতাকৰ অবিহনেও মাকে কন্যাদান কৰিব পাৰে।নোৱাৰে বুলি ক’তো লিখা নাই।ন পুৰুষৰ শ্ৰাদ্ধও ভনীয়েকে কৰিব।নালাগে সিহঁতক কাকো।সিহঁত তিনিজনীয়েই পাতিব সিহঁতৰ বিয়া।ফোনটো উলিয়াই তেওঁ নীলাভলৈ ফোন লগালে

* তোমালোকৰ তাতে এটা বিবাহ বাহৰ থিক কৰাচোন।আইতাৰ বিয়াখন চোৱাৰ বৰ হেঁপাহ আছিল নহয় তেওঁৰ হেঁপাহকেই পূৰণ হওঁক।

সিদ্ধান্ত লৈছিল তেওঁ বিয়াখন ঘৰত নাপাতে।সিহঁতৰ সুখত সুখী হ’ব পৰাকৈচোন ইয়াত সিহঁতৰ কোনো আপোনেই নাই।কাৰ লগত কৰিব ৰং ধেমালি।তাতকৈ সেইদিনটোত দৰকাৰ হ’লে সিহঁত তিনিজনীয়েই থাকিব।মাকৰ সিদ্ধান্তৰ কথা শুনি বৰমাৱকহঁত আচৰিত হৈছিল।হয়তো তেওঁলোকে ভাবিছিল বিয়াখন নহ’লেও নহওক, কিন্তু এতিয়া মাকে কন্যাদান কৰাৰ কথা শুনি তেওঁলোকৰ মুখৰ মাত হৰিল।বিয়াৰ দুদিনৰ আগত মোমায়েকৰ কথামতে ঘৰখনত সত্যনাৰায়ণ পূজা পাতি সকলোকে এসাজ খোৱাৰ দিহা কৰা হ’ল।কোনো আহিলে কোনো নাহিলে।বিয়ালৈ সকলোকে নিমন্ত্ৰণ দিয়া হ’ল।

বিয়াৰ আগদিনা কান্দি কান্দি কুমকুমে ঘৰ এৰিলে।বৰমাৱকহঁত বিদায় দিবলৈ আহিল ,মাকৰ কথামতে মনে নকলেও সকলোকে সেৱা এটি কৰি দেউতাকৰ ফটোখনত সেৱা কৰি বিদায় ল’লে তাই।

বিয়াৰ দিনা কুমকুম আৰু ভনীয়েক গুণগুণৰ লগৰ গোটেইবোৰ আহিল।দূৰ যদিও সকলোৱে মিলি গাড়ী ভাড়া কৰি গ’ল।গাঁৱৰ দুই এজন আহিল।বৰটাৱক বৰমাৱকহঁতৰ আহিবলৈ সময় নহ’ল।জীৱনৰ প্ৰতিটো সময়তে লগ দিয়া মোমায়েক মাহীয়েকহঁতৰ উপস্থিতি তথা পৰিচালনাত কুমকুমৰ বিয়াখন হৈ গ’ল।গুণগুণে পুৱাই নপুৰুষৰ শ্ৰাদ্ধ কৰিলে।আগদিনাৰ পৰা বৰতীয়া খোৱা গুণগুণে শ্ৰাদ্ধ শেষ কৰিয়েই মাছে মঙহে এপেট খাই ল’লে।মোমায়েকে নোওৱা ঠাইৰপৰা ৰভাতললৈ কোলাত দাঙি আনিলে।দৰা আহোঁতে গুণগুণে ভৰি ধুৱাই তাইৰ প্ৰাপ্য আদায় কৰিলে।হোমৰ গুৰিত মোমায়েকৰ ল’ৰা ইমনে আখৈ দিলে আৰু তাইৰ অতি মৰমৰ মাকজনীয়ে কন্যাদান কৰিলে।

হোমৰ গুৰিত বহি থাকোঁতে কুমকুমৰ ভাব হ’ল গোটেই জীৱনটো বৰমাৱকহঁতৰ কথা সহ্য কৰি অহা তাইৰ আজলী মাকজনীয়ে যেন আজি তেওঁৰ কৰ্মৰ জৰিয়তে তাৰ উচিত উত্তৰ দিলে।

মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

97 − 88 =