অনুগল্প

আমন্ত্ৰণী চিঠি

আমন্ত্ৰণী চিঠি

“খুৰাদেউ, এইবেলিও বিহু সন্মিলনীৰ কুঁৱৰী প্ৰতিযোগিতাত আপুনি বিচাৰক হ’ব লাগিব ৷"- চান্দা বিচাৰি অহা দলটোৰ কেবাজনেও ওপৰা-ওপৰি কৈ ক’লে ৷ “এইবাৰ নালাগে দিয়া” - আপত্তি কৰিলে বিহুনৃত্য প্ৰশিক্ষক এসময়ৰ দুৰ্দান্ত বিহুৱা অনন্ত তামুলিয়ে ৷ “নহ’ব খুৰাদেউ, পৰহিলৈ ছপা কাৰ্যসূচীৰ লগতে আপোনাৰ আমন্ত্ৰণী পত্ৰখনো আমি দি যাম ৷” - দ্বায়িত্বশীল যেন লগা দুজনমানে মাত লগালে ৷ “আমি বিহুৰ বৰঙণি বিচাৰিও আহিছিলো ৷ যোৱাবেলি দুহেজাৰ নিছিলো ৷ এইবাৰ খৰচো বেছি ৷” এইটো পুহতে তামুলিৰ পিতাকৰ বছৰেকীয়া হৈ গৈছে ৷ ফাগুনত জীয়াৰীৰ বিয়াৰ পিছৰ পৰা ঘৰুৱা খৰচো কিছু বাঢ়িল ৷ সকলো চালি জাৰি চাই টকা এহেজাৰ দি নিজৰ অসুবিধাৰ কথা বিৱৰি ক’লে ৷…
Read More
কাহিনীৰ আঁৰৰ কাহিনী

কাহিনীৰ আঁৰৰ কাহিনী

"আৰিছ্ অগ্নিহোত্ৰী এতিয়া মানালিত থাকে।যদিও নেক্স উইক'ত অগ্নিহোত্ৰী কিবা প্ৰজেক্ট এটাৰ সংক্ৰান্তত গুৱাহাটীলৈ আহিব।লগতে অগ্নিহোত্ৰীৰ ফেমেলিয়ো আহিব।গুৱাহাটীৰ পৰা এটা দিনৰ বাবে আমাৰ মিলন নগৰলৈও আহিব।" নিৰোধ কাকতিয়ে অনগলতাৰে কথাবোৰ কৈ গ'ল।কাকতিৰ চকু আৰু মুখত এটা সন্তোষিত ছায়া ফুটি উঠিল।লগতে এটা ঈষৎ হাঁহিৰ আভা জিলিকি পৰিল।ৰাধিকা দেৱীয়ে গিৰিয়েকৰ কথাত একো হয়ভয় নিদি একান্ত মনেৰে পাচলিখিনি কটাতহে ব্যস্ত হৈ পৰিল।ৰাধিকা দেৱীয়ে এনে এটা ভংগীমাত ৰৈ কামখিনি কৰি আছে যেন গিৰিয়েকে কি কৈছে একো শুনা নাই।আচলতে ৰাধিকা দেৱী একপ্ৰকাৰে বিৰক্ত হৈছে।গিৰিয়েকৰ মুখত আৰিছ্ অগ্নিহোত্ৰীৰ কথা শুনিলে বিৰক্ত হোৱাই নহয় তীব্ৰভাৱে ৰাধিকা দেৱীয়ে অৱজ্ঞা কৰে। আজি বত্ৰিছটা বছৰে ৰাধিকা দেৱীয়ে আৰিছ্ অগ্নিহোত্ৰীৰ কথা গিৰিয়েকৰ…
Read More
সিদ্ধান্ত

সিদ্ধান্ত

ৰাতিপুৱা শুই উঠিয়ে ৰুমিয়ে কেলেন্ডাৰ খন চালে। নিৰ্দিষ্ট তাৰিখটো পাৰ হবলৈ আজি দহদিন হল। প্ৰত্যেক মাহৰ নিৰ্দিষ্ট তাৰিখ এটাত তাই কেলেন্ডাৰত ডাগ মাৰি ৰাখে। মনত পাৰ নোপোৱা চিন্তা এটা লৈ হাতত জাৰু ডাল তুলি ললে। তাৰ পিছত এখন এখনকৈ ঘৰৰ কামবোৰ কৰি গল মনত কোনো উৎসাহ নোহোৱাকৈ। চাৰিদিন মানৰ পৰা একেটা চিন্তাই তাইক খুলি খুলি খাইছে। গিৰীয়েক প্ৰতুলক কলেও তাৰ উত্তৰ কি হব তাই জানেই... কাৰণ যোৱা তিনিছৰে সি একেটা উত্তৰেই দি আহিছে। "এতিয়াই সন্তান নালাগে। আগতে আৰ্থিক ভাবে অকনমান সবল হৈ লও তাৰ পিছত সন্তানৰ কথা ভাবিম"। তাই গা পা ধুই উঠি পাগঘৰত সোমাল। প্ৰতুল ৯. ৩০ বজাত কামলৈ…
Read More