এ জিন্দেগী গলে লগা লে

মৃত্যু আজি তাইৰ বাবে কিয় সহজ নহয়।’উদয়ন তোমাক নাপালে মই মৰি যাম’ বুলি কোৱা শ্ৰেষ্ঠাই কিয় আজি মৃত্যুক আকোঁৱালি ল’ব পৰা নাই।বাৰে বাৰে মাক দেউতাকৰ মুখখন তাইৰ চকুৰ আগত ভাহি আহিছে।তেন্তে কি সেই প্ৰতিশ্ৰুতি মিছা আছিল।কামাখ্যা মাক দৰ্শন কৰি আজীৱন দুয়ো দুয়োৰে হৈ ৰোৱাৰ যি আশীষ বিচাৰিছিল তেন্তে সেয়া কি মিছা আছিল।তাইটো কেতিয়াও ভবা নাই তেনেদৰে।চিৰজীৱনৰ বাবে উদয়নক স্বামীৰূপে তাই অন্তৰত স্থান দিছিল।দূৰ্গা পূজাৰ নৱৰাত্ৰি ব্ৰত কৰিছিল তাৰ বাবেই।প্ৰতিটো সোমবাৰে তাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল তাৰ বাবেই।ইমানখিনিৰ পিছতো নিয়তিয়ে তাক লৈ গ’ল তাইৰ ওচৰৰ পৰা।কিন্তু তাই জীয়াই আছে কিহৰ তাড়নাত।তাইক নাপালে মৃত্যুক আকোঁৱালি ল’ম বুলি কোৱা উদয়নেটো থিকেই তাৰ প্ৰতিশ্ৰুতি ৰাখিলে।নিজে মৃত্যুক সাবটি নল’লে যদিও নিয়তিয়ে তাৰ মনোবাঞ্চা পূৰণ কৰিলে।কিন্তু তাই,তাই কি কৰিছে।কটনৰ চুৰণিখন ফেনখনত বান্ধিছোন তাই আগবাঢ়িব পৰা নাই।

নাই, নাই নোৱাৰে তাই।উদয়নক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ গ’লেচোন তাইৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বক অৱমাননা কৰা হ’ব।যিজনী মাকে তাইৰ কষ্ট হয় বুলি কূটা এগচিও কৰিবলৈ নিদিয়ে, যিজন দেউতাকে তাইৰ বাবে উদয়নৰ ঘৰৰ মানুহৰ ইমান তিৰস্কাৰ পাব লগা হৈছে কেনেকৈ পাহৰি যাব তাই সেই কথাবোৰ।তাইৰ বাবে দেউতাকে উৰে জীৱন যি ত্যাগ কৰি আহিছে সেইয়া কি তাই নিমিষতে পাহৰি যাব।

জীৱনৰ জটিল সন্ধিক্ষণত তাই আজি উপনীত।ঘৰখনৰ একমাত্ৰ সন্তান তাই, তাইক লৈয়েই মাক দেউতাকৰ সকলো আশা,সকলো ভৰসা।ল’ৰা নথকা ঘৰখনত উদয়ন হৈ পৰিছিল তেওঁলোকৰ মৰমৰ আন এটি সন্তান।উদয়নেও তেওঁলোকক হিয়া উজাৰি দিছিল মৰম আৰু ভালপোৱা।তাৰ বাবে নিজৰ মাক দেউতাতকৈ কোনো গুণে কম নাছিল তেওঁলোক।আভিজাত্যৰ উচ্চ আসনত বহা নিজৰ মাম্মী,পাপাকৰ মৰমৰ পৰা বঞ্চিত উদয়নে সেই মৰম বিচাৰি হাবাথুৰি খাইছিল।শ্ৰেষ্ঠাৰ সংস্পৰ্শত ,সি বিচাৰি পাইছিল মৰমৰ আকুলতা,সম্পৰ্কৰ মধুৰতা।শ্ৰেষ্ঠাৰ মাক দেউতাকক সিও সম্বোধন কৰিছিল মা দেউতা বুলি।

সংগীতৰ লগত জড়িত শ্ৰেষ্ঠাৰ জীৱনলৈ উদয়নে লৈ আহিছিল এজাক প্ৰেমৰ বৰষুণ।দুয়োটা তিতিছিল সেই প্ৰেমৰ বৰষুণজাকত।এটি সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিবেশন কৰি থকা মূহুৰ্ততে শ্ৰেষ্ঠাৰ ভৰি পিচলি বৰ বেয়াকৈ দুখ পাইছিল, বিষত তাই গগণ ফালি চিঞৰিছিল।দেউতাক আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত শ্ৰেষ্ঠাক লৈ যোৱা হৈছিল ঠাইখনৰ ওচৰতে থকা নাৰ্চিংহোমখনলৈ।সেই সময়ত তাত উপস্থিত থকা সকলোৱে তাইৰ চিঞৰ শুনি ঘূৰি ঘূৰি চাইছিল।কিন্তু তাইৰ কালৈকো ভ্ৰূক্ষেপ নাই।ডাঃ উদয়ন দুৱৰাই তাইক শুৱাই লৈ ভৰিটো এবাৰ ইফালে ঘূৰাব কয় ,এবাৰ আনফালে।কিন্তু নোৱাৰে তাই অসহ্যকৰ বিষ এটাই তাইক কোঙা কৰি ধৰিছে।এইবাৰ ডাঃ উদয়ন দুৱৰাই নিজেই ভৰিটো ইফাল সিফাল কৰি দিলে।এইবাৰ বিষৰ লগতে খঙটোও তাইৰ বেছি হৈ আহিল।ভাল হৈ থকা ভৰিখনেৰে তাইৰ অজানিতেই দুৱৰাৰ বুকুত এক গোৰ দিলে।আচৰিত হৈ গ’ল সকলো,দেউতাকে ডাক্তৰক ক্ষমা খুজি খুজি তত নাপালে।বিষ কমিবৰ বাবে দৰব দুটামান লিখি পিছদিনা এক্সৰে কৰাবলৈ ডাঃ দুৱৰাই লিখি দিলে।সেয়ে আৰম্ভণি উদয়নক লগ পোৱাৰ।ভৰিৰ বিষ ভাল হোৱাৰ পিছত দেউতাকৰ কথামতে দেউতাকৰ লগত গৈ তাই উদয়নক হৈ যোৱা ঘটনাটোৰ বাবে ক্ষমা খুজি আহিলে।জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল হেনো তাৰ সেইয়া।দেউতাকে ক্ষমা খুজি উদয়নক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল।নিমন্ত্ৰণ কৰিছিল যদিও দেউতাকে বা শ্ৰেষ্ঠাই সঁচাকৈয়ে যে ডাঃ উদয়ন সিহঁতৰ ঘৰলৈ আহিব কল্পনাও কৰা নাছিল।কিন্তু সকলোকে আচৰিত কৰি উদয়ন নিমন্ত্ৰণৰ দুদিন পিছতেই ওলাইছিলহি শ্ৰেষ্ঠাহঁতৰ ঘৰ।শ্ৰেষ্ঠাৰ দেউতাকৰ সৰলচিতীয়া স্বভাৱটোৱে তাক আকৰ্ষণ কৰিছিল।সেয়ে সি দৌৰি আহিছিল সিহঁতৰ ঘৰলৈ।

সেইয়াই আৰম্ভণি ।লাহে লাহে উদয়ন সিহঁতৰ ঘৰৰ এক অংগ হৈ পৰিল।শ্ৰেষ্ঠাৰ সংগীতত সি নিজক বিলীন কৰি দিব পৰা হ’ল,অন্তৰৰ কথাবোৰ প্ৰাণখূলি ক’ব পৰা হ’ল।শ্ৰেষ্ঠাৰ হৃদয়তো উদয়নেই উদয়ন হৈ পৰিল।ওচৰতে তাইৰ প্ৰগেম থাকিলে উদয়নো তাত উপস্থিত থকা হ’ল।গীতৰ মাজত শ্ৰুতাক কিদৰে বান্ধি ৰাখিব লাগে তাৰ সৰু সৰু টিক্স দিয়া হ’ল।গীতৰ মাজত কি ভঙ্গীমা দি তাই এপাক ঘূৰিব সেইয়া শিকাই দিয়া হ’ল সি।কি গীতে দৰ্শকৰ হৃদয় চুমি যাব পাৰে তাক হৃদয়ঙ্গম কৰে সি।শ্ৰেষ্ঠাৰ সংগীতৰ তালত উদয়নৰ হৃদয়ো আলোড়িত হ’ল।ব্যস্ততাৰ মাজতো তাইলৈ সি সময় উলিয়াব জনা হ’ল।যিখিনি সময় সি নিজৰ মাক দেউতাকৰ পৰা বিচাৰি বিচাৰি পোৱা নাছিল সেই সময় সি শ্ৰেষ্ঠাৰ গীত,সিহঁতৰ সংগীতময় ঘৰখনত পোৱা হ’ল।প্ৰিয় গীতৰ কলি সি গুণগুণাই ।জীৱনে এতিয়া তাক মনে বিচৰা ধৰণে দিছে।সি উপভোগ কৰে এই সময়।

লাহে লাহে কথাবোৰ উদয়নৰ মাক দেউতাকৰ কাণতো পৰিল।জীৱনৰ বিচৰা সময়খিনি উদয়নক দিব নোৱাৰা মাক দেউতাকে কিন্তু পুতেকলৈ বোৱাৰীৰ বাবে এখন দীঘল লিষ্ট দিলে।কোনোদিনে পুতেকৰ সুখ দুখৰ খবৰ নোলোৱা মাক দেউতাকে এতিয়া তাৰ সুখৰ চিন্তা কৰা হ’ল ধনী ধনী ঘৰৰ ছোৱালীৰ ফটো দেখুৱাই।উদয়ন মান্তি নহ’ল।হুলস্থুল লাগিল উদয়নৰ ঘৰত।ডাক্তৰ পুতেকলৈ ডাক্তৰ বোৱাৰী অনাৰ তেওঁলোকৰ সপোন উদয়নে ধূলিসাৎ কৰি দিয়াৰ বাবে তীৰ্যক বাণী নিক্ষেপণ হ’ল।এদিন সেই বাণী শ্ৰেষ্ঠাৰ ঘৰৰ ড্ৰয়িং ৰুমলৈও নিগৰিল।উদয়নৰ ধৈৰ্য্যৰ বান্ধ ছিঙি থাকিল।শ্ৰেষ্ঠাক নিজৰ কৰি ল’বৰ বাবে মন্দিৰতে বিয়া কৰাবৰ বাবে সি সাজু হ’ল।কিন্তু শ্ৰেষ্ঠাৰ দেউতাকৰ বুজনিত সি মান্তি হ’ল হঠাৎ কোনো এটা সিদ্ধান্ত নল’বৰ বাবে।শ্ৰেষ্ঠাৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে।শ্ৰেষ্ঠা তাৰ জীৱনৰ অভিন্ন অংগ।শ্ৰেষ্ঠাবিহীন জীৱন তাৰ বাবে মৃত্যুসদৃশ।মা কামাখ্যাৰ চৰণত দুয়ো প্ৰতিজ্ঞাবদ্ধ হ’ল দুয়ো দুয়োৰে হৈ ৰোৱাৰ নহ’লে মৃত্যুক সাবটি লোৱাৰ।আবেগৰ বশৱৰ্তী হৈ শ্ৰেষ্ঠাইও সংকল্প লৈছিল সেই প্ৰতিজ্ঞাৰ।

উদয়ন আৰু শ্ৰেষ্ঠাৰ ভিতৰি চলি থকা ধুমুহাজাকৰ উমান পায়েই এদিন লাজ মান কাটি কৰি শ্ৰেষ্ঠাৰ দেউতাক উলাইছিলগৈ উদয়নৰ ঘৰ।কিন্তু গেটৰ বাহিৰতেই তেওঁক অপদস্থ কৰি পঠিয়াই দিয়া হয়।দুটামান উপাধি লৈ আহে তেওঁ লগত সুবিধাবাদী, স্বাৰ্থপৰৰ।এজনী গান গোৱা ছোৱালীয়ে ,কেৰাণীৰ জীয়েকে কেতিয়াও তেওঁলোকৰ ঘৰ শুৱনি কৰিব নোৱাৰে ।জীৱনত কোনো দিন নোপোৱা অভিজ্ঞতা লৈ দেউতাক উভতি আহিছিল।আহিয়েই হুকহুকাই কান্দি পেলাইছিল তেওঁ।উদয়ন এই দৃশ্যৰ সাক্ষী আছিল।কোনোদিনে দেউতাকক পৰাভূত হোৱা ,অৱশ হোৱা শ্ৰেষ্ঠাই দেখা নাই।জীৱনৰ সকলো যন্ত্ৰণা তেওঁ হেলাৰঙে পাৰ কৰিছিল।কিন্তু আজি তাইৰ বাবেই দেউতাকৰ এই অৱস্থা।পাগল হৈ গৈছিল তাই।মুখলৈ যিয়েই আহিছিল তাকেই কৈছিল।পাহৰি পেলাইছিল ইয়াত যে উদয়নৰ অকণো দোষ নাছিল।গুছি যাবলৈ কৈছিল তাই উদয়নক সিহঁতৰ ঘৰৰ পৰা তেতিয়াই।নৰচে তাই সপোন আৰু তাৰ লগত।যি সম্বন্ধই তাইৰ দেৱতাতুল্য দেউতাকক ইমান দুখ দিব পাৰে নালাগে তাইক এই সম্বন্ধ।গুচি গৈছিল উদয়ন,একেবাৰে।কোনোদিন লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে ।

শ্ৰেষ্ঠাৰ কথাই হয়তো উদয়নক সকলো ফালৰ পৰা ভাঙি পেলাইছিল।তাইৰ ঘৰৰ পৰা যি সি ওলাই আহিছিল আৰু ওভতি নগ’ল।হাইৱেত চুপাৰৰ খুন্দাত ভাঙি গ’ল তাৰ মৰমৰ গাড়ীখন আৰু তাৰ ভিতৰত নিথৰ হৈ পৰি ৰ’ল শ্ৰেষ্ঠাৰ মৰমৰ উদয়ন।তাইক নাপালে মৃত্যুক সাৱটি লম বুলি কোৱা উদয়ন পঞ্চভূতত বিলীন হ’ল আৰু শ্ৰেষ্ঠা ,আজি উদয়ন নোহোৱা দহ দিনৰ পিছতো তাই জীয়াই আছে সুশৰীৰে।ৰুমটোৰ ভিতৰত নিজকে আৱদ্ধ কৰি তাই প্ৰতিদিনে মৃত্যুক আকোঁৱালি ল’ব বিচাৰে।কিন্তু নোৱাৰে দেউতাকৰ মুখখন ভাহি আহে তাইৰ সন্মুখত।আজিও নোৱাৰিলে তাই।মৃত্যুক সাবটি জীৱনটো শেষ কৰি দিব।নোৱাৰে তাই, দায়িত্ব আছে ঘৰখনৰ প্ৰতি ,উদয়নৰ পূৰণ নোহোৱা সপোনবোৰৰ প্ৰতি,উদয়নৰ ছবি হৃদয়ত আঁকি লোৱা তাইজনীৰ প্ৰতি।জীৱনৰ কঠিন যাত্ৰাত তাই গাই যাব উদয়নৰ প্ৰিয় সঙ্গীতৰ কলাৱ।জীৱন হয়তো আজি তাইৰ প্ৰিয় থকা, নথকা আপোনজনৰ বাবে।উদয়নৰ প্ৰিয় গীতটি গুণগুণালে তাই

এ জিন্দেগী গলে লগা লে,

হমনে ভি তেৰে হৰ এক গম কো

গলে সে লগায়া হে,হেনা?

মনস্বী শৰ্মা

By