সাহিত্যিক জিন

মোৰ বায়ে কয় আমি হেনো বংশগতভাৱে সাহিত্যিক বিদ্যা লৈ আহিছোঁ । এইখিনিতে কঁও যে আমাৰ ঘৰত মা এগৰাকী ভাল লেখিকা, মোৰ বাৰ লেখা মাজে সময়ে প্রান্তিক, সফুৰা ইত্যাদিত প্রকাশ পায়ে থাকে । দাদাই ফেচবুক, ব্লগ ইত্যাদিত লিখি বিশেষ খ্যাতি অৰ্জন কৰিছে আৰু মোৰ ভাইটিয়ে উচ্চতৰ মাধ্যমিকত অসমীয়া বিষয়ত অসমভিত্তিক প্রথম স্হান পাই সুনাম অৰ্জন কৰি থৈছে । কিন্তু মোৰ সেই বংশগত জিনটো এতিয়াও শুয়ে আছেনে ? কথাটো মই মাজে মাজে ভাবো আৰু বৰ হতাশাত ভুগো । সিহঁতৰ মাজত অলপ হেও জ্ঞানো নকৰা নহয় ।

সৰুৰে পৰা ক’লা আখৰবোৰ চপা দেখিলেই গাটো কিবা জ্বৰ জ্বৰ লাগি যোৱাৰ ভাবটো দেখোন এতিয়াও আছেই । এতিয়া কব গলে মই এগৰাকী আত্মনিৰ্ভৰশীল মহিলা । জীৱনটো নাট বুলি ভাবিলে, নাটকত পুত্রীৰ চৰিত্রৰ পৰা গৈ পত্নী আৰু মাকৰ চৰিত্রত স্হিত । চৰিত্রবোৰ হে যেন বিকাশ পাইছে কিন্তু সাহিত্যিক জিনটোৰ বিকাশ হওঁতে আৰু বা কিমান কষ্ট কৰিব লাগিব নাজানো ।

কষ্ট বুলি কওঁতে হাহিয়ে উঠে কাৰণ ভগৱানে আজিলৈ মোক যিমান দিছে সকলো বিনা কষ্টে মোৰ প্রাপ্তি বুলি ঘৰৰ সকলোৱে মোক কয় । মই হেনো বৰ ভাগ্যৱতী। কিছুমান ক্ষেত্রত নিজকে ভাগ্যৱতী বুলি ময়ো ভাবো যেনে মোৰ চাকৰি আৰু মোৰ মৰম লগা সন্তানটিৰ মাতৃত্বলাভ । কিন্তু ভগৱানে ইমান সহজে দিয়া বস্তুবোৰৰ যদি কেতিয়াবা মূল্য বিচাৰে! ভয় লাগে মাজে মাজে ।

সৰুৰে পৰা বিয়া হোৱা বয়সলৈ নিজকে সদায় সৰু বুলিয়ে ভাবি আহিছোঁ কিন্তু বিয়াৰ পিছত ডাঙৰ বোৱাৰীৰ স্হান পালো । দায়িত্ব, কৰ্তব্য আৰু অভিজ্ঞতাই ডাঙৰ হবলৈয়ো শিকালে । এতিয়া মই মা-দেউতা নথকাকৈয়ো চলিব পৰা হ’লো । অলপতে আমি মঙ্গলদৈত বদলি হৈ মই, মোৰ স্বামী, আমাৰ সন্তান আৰু এগৰাকী সহায়িকা ছোৱলীৰে সৈতে থাকো । মোৰ স্বামী একে বিভাগতে চাকৰি কৰে আৰু চাকৰিৰ কিছু জৰুৰী কামত কিছুদিনৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত আছে । এইকেইদিন অকলেই ঘৰ চলাই আছো । মোৰ লৰাৰ এতিয়া দহ মাহ চলিছে, খুবেই চঞ্চল হৈছে । মোক দেখিলে কিৰিলি পাৰি গাত জপিয়াই দিয়ে । ৰাতি সি যেতিয়া মোৰ বুকুত নিৰ্ভয়ে শুই পৰে মই নিজকে অতি সুখী আৰু সম্পূৰ্ণা অনুভৱ কৰোঁ। সম্পূৰ্ণা কিন্তু সাহিত্যিক জিনটোৰ হ’ল কি ?

আজি অফিচৰ পৰা আহি তাৰ লগত খেলি, তাক খোৱাই অলপ আজৰি হ’লো । ভাবিলো টিভি বা ইন্টাৰনেট চাই অলপ দিনটোৰ ভাগৰ আতৰাঁও । টিভি চোৱাৰ মোৰ অভ্যাস নাই যদিও আজি চাবলৈ মন গ’ল মোৰ । টিভি টো ৰিনা (সহায়িকা ছোৱালী) ৰ সম্পত্তি নিচিনাহে হৈছে । সকলো সময়তে সেইটো চলিয়েই থাকে । টিভি তাইক চাবলৈ দিলে তায়ো ফূৰ্তিত থাকে, নহলে তাইৰ মনটো ক’লা পৰি যায়। মইয়ো একো নকওঁ । নিজৰ স্বাৰ্থতে মনে মনে থাকোঁ । তাই গলে যে মোৰ চাকৰিৰো ইতি পৰিব সেইটো খাটাং । সেইবুলিয়ে বোলো চাই থাকক, মাত্র যোৱাৰ নাম নললেই হ’ল।

এদিন তাই টিভি ৰূমৰ পৰা কান্দি কান্দি ওলাই আহিল। মই আৰু মোৰ স্বামী তেতিয়া ডাইনিং টেবুলত গম্ভীৰ আলোচনা এটাত ব্যস্ত। কন্দা শুনি বুকুখন ঢিপিংকৈ গ’ল। আকৌ বা কি লেঠা লাগিল।তাইক কাৰণ সোধাত বৰ দূখেৰে কৈ গ’ল “ডাঃ দয়াল ঢূকালে এতিয়া দুৰ্গাৰ কি হ’ব?” মই আৰু মোৰ স্বামী দুয়ো দুয়োৰে মুখলৈ চালো । ডাঃ দয়াল আৰু দুৰ্গা কোন হয় আৰু তাইৰ লগত বা সম্পৰ্ক কি? পিছত জানিব পাৰিলো যে ডাঃ দয়াল আৰু দুৰ্গা “এক হসীনা থি” নামৰ স্টাৰ প্লাচত দিয়া এখনি ধাৰাবাহিকৰ দুটা চৰিত্রহে । মোৰ স্বামীয়ে তাইক এক ধমক দি টিভিটোতে সোমাই থাকিব ক’লে । তায়ো আকৌ গৈ টিভিত বহিল ।

সি যি কি নহওঁক আজি চোন বিপৰীত দৃশ্য এটাহে দেখিবলৈ পালো । ঘৰত ৰিনা আছে কিন্তু টিভি বন্ধ । নিজেই টিভি টো চলাই ল’লো। অঃ টিভি বন্ধ থকাৰ কাৰন বুজি পালো। টিভি ৰ পইচা শেষ । ৰিচাৰ্জ কৰাব লাগিব । বোলো ইন্টাৰনেট খুলি ৰিচাৰ্জ টোকে কৰি লওঁ । ওফ! নেট টোৰ আজি হৈছে কি? কানেক্ট নহয়েই চোন । মূৰটো গৰম হৈ গ’ল । বাদ দিলো । থাকক এওঁ আহিলে এইবোৰ কৰিব । তেনেহ’লে মনটো ভাল লগাবলৈ কৰো কি! হঠাৎ আগৰ মাহত চখতে লৈ থোৱা আলোচনী দুখনৰ কথা মনলৈ আহিল । ভাবিলো অলপ পঢ়া শুনাকে কৰো । সেই দুখন টেবুলতে থৈছিলো, গ’ল ক’ত ? বিচাৰি নোপোৱাত ৰিনাক শুধিলো বোলো কিতাপ দুখন দেখিছিলি নেকি ? তাই ক’লে অলপ দিনৰ আগতে দাদাই সেই দুখন কোনেও নপঢ়াকে লেতেৰা হৈ পৰি থকা দেখি পেলাই দিলে । আমাৰ তেখেতে ঘৰ চফা কৰাৰ নামত আগতেও মোৰ বহুত বস্ত পেলাই থৈছে। মোৰ খঙটো দুগুন চৰিল । মহাভাৰত খনৰ আৰম্ভনিৰ শঙ্খ ঘন্টা বাজিল । লগা লগ ফোন কৰি জাউৰিয়ে জাউৰিয়ে গালি পাৰিও চোন খঙটোৰ ইতি নপৰিল ।

ভিতৰটোত কিবা এটাই যেন পিৰপিৰাই উঠিল । বায়ে কোৱা কথাটো মনত পৰি গ’ল । খঙ উঠিলে কিবা এটা লিখি দিলে ভাল লাগি যায় হেনো । মানে ভিতৰত পিৰপিৰাই থকাটো মই ভবাটোয়েই নেকি বাৰু ? কূম্ভকৰ্ণৰ উঠাৰ সময় হ’ল চাগে। হাতত বহী কলম লৈ লিখি গলো । আহ! কিবা এটা সঁচাই ভাল লাগিল ।

মোৰ সাহিত্যিক জিনটোৱে সাহিত্য জগতত প্রথম বাৰৰ বাবে পদাৰ্পন কৰিলে । মনটো ফূৰ্তিত জাঁপ মাৰি উঠিল।হওঁক তেওঁ বায়ে কোৱা কথাষাৰ মোৰ ক্ষেত্রতো চাগে অলপ ফলিয়ালে ।

চয়নিকা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

1 + 1 =