গুণগুণ ডায়েৰী

খণ্ড1 – ক্ৰেজি লজিক

মিছেছ বৰ্মনৰ ছবছৰীয়া লৰা গুণগুণ। খোৱা বস্তুৰ প্ৰতি অকণো ৰাপ নাই তাৰ। কোনো এপদ বস্তু হাতেৰে তুলি নাখায়। প্ৰতিসাজ ভাত মাকে খুৱাই দিলেহে খায় নহলে লঘোণে যায়। মাকে খোৱোৱাৰ সময়তো বিভিন্ন উপায়েৰে সি মুখখন চেপি ধৰিব জানে, যাতে কম পৰিমাণৰ ভাত হে মুখলৈ যায় । পতিয়ন যোৱা যুক্তি দেখুৱাব নোৱাৰিলে সি তাৰ স্থিতিত অলৰ অচৰ। সেইদিনা তাক ভাত খোৱাই বিৰক্ত হোৱা মিছেছ বৰ্মন আৰু গুণগুণৰ কথোপকথন:-

মিছেছ বৰ্মন (অলপ খং আৰু বিৰক্তিৰ সুৰত) :- কেনেকৈ মুখ মেলিছাঁ তুমি?

গুণগুণ (কনফিডেন্সত):- নাজানা নেকি স্মল লেটাৰ o শ্বেপত

মিছেছ বৰ্মন (গুণগুণক বুৰ্বক বনোৱাৰ প্ৰস্তুতিত):- তোমাক কোনে ভাত খুৱাইছে কোৱাচোন।

গুণগুণ (মোৰ নিচিনা জিনিআছৰ বাবে সৰল প্ৰশ্ন) :- মায়ে

মিছেছ বৰ্মন :- চোৱা, মা বুলি কওঁতে মুখখন কেনেদৰে মেল খায়।

গুণগুণ:- ম……..আ…….ম….আ…আ…

মিছেছ বৰ্মন (ডাবল কনফিডেন্সত):- এই দেখিলা দেখিলা, মায়ে খুৱালে ম..আ…আ…. এনেদৰেই মুখ মেলিব লাগে, সেয়াই নিয়ম ।

গুণগুণ (মানি লোৱা ভাৱত):- আকৌ এবাৰ আওৰাই ম…….আ………আ…………….. আৰু লগালগ পৰাজয় স্বীকাৰ কৰে

তাৰপিছৰ পৰা মিছেছ বৰ্মনৰ ভাত খুৱাওঁতে আৰু অকনো অসুবিধা নহল।

চয়নিকা নাথ বৰ্মন

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

82 − = 75