দেউতা

সৰুৰে পৰা দেউতাকে অন্তৰাক সাহসী হবলৈ শিকাইছিল।জীৱনৰ কোনো কামতে তাই পিছ পৰি থকা বিধৰ নাছিল।বাহিৰত চাকৰি কৰা নতুনকৈ বিয়া কৰোৱা তাইৰ মৰমৰ ককায়েকে ঘৰখনলৈ আহিলে যেতিয়া গাড়ী এখন নথকাত বৌয়েকক লৈ ইফাল সিফাল যাবলৈ অসুবিধাত পৰে তাইৰ ভাল নালাগে।সেয়ে নিজৰ চাকৰিৰ টকাৰে পছন্দৰ গাড়ী এখন ললে অন্তৰাই। অকলে সমস্ত খিনিয়েই কৰিব পাৰে তাই।তিনিদিনত গাড়ী খন চলাবও শিকিলে।এতিয়া দেউতাকক কেতিয়াবা ৰেল ষ্টেচনৰ পৰা অনা নিয়া কৰা, মাকক বজাৰলৈ লৈ যোৱা , নিজৰ অফিচ অহা যোৱা সকলোতে বহুখিনি কষ্ট কমি গৈছিল।দেউতাকে যেতিয়া অভিমান কৰি কয় “আমাৰ মাজনী ঠিক আছে।কোনোক্ষেত্ৰতেই ভয় খাই ৰৈ যোৱাবিধৰ নহয় তাই।” কথাষাৰত বুজাব নোৱাৰা সুখত গডগড হৈ পৰে তাই।

অন্তৰাক বিয়া দি কিমান যে অসুবিধা হৈছিল ঘৰখনৰ।দেউতাকে সকলো খুলি কয় তাইক।তাইৰ প্রতিটো সাহসী কাৰ্যত দেউতাক অহৰহ থিয় দিয়ে তাইৰ পিছফালে।

আজিও অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ তাই অলপো ভয় নকৰে। অন্তৰাই জীৱনৰ প্রতিটো অকলশৰীয়া সময়ত তাইৰ দেউতাকক সদায় ওচৰতে পায় …

“মাজনী ভয় নকৰিবি।মই আছো।তই পাৰিবি। তই পাৰিবি” আজিও শুনিছে তাই ।সাহসৰ গৰম তেজ এতিয়া তাইৰ শিৰে শিৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

46 + = 49