দিল্লী কা লাড্ডু

বিয়াহৈ চাকৰিসূত্ৰে দুবছৰ বেলেগে বেলেগে থকাৰ পিছত আমি যেতিয়া একেলগে মঙ্গলদৈ লৈ বদলি হৈ আহিলো খুব ফুৰ্তি লাগিছিল।

এখন নিজাকৈ ঘৰ সঁজাম, ভাল ভাল আচবাব থাকিব, ধুনীয়া ধুনীয়া সজোৱা বস্তু, বিভিন্ন ধৰণৰ লেম্প বোৰেৰে ঘৰ খন সপোনৰ ঘৰ খনৰ দৰেই আলোকিত কৰিম। তেওঁ বজাৰ কৰি আনিব, মই ৰান্ধিম; ঠিক যেন শৈশৱত খেলা দৰা কইনাৰ পুতলা খেলৰ সাংসাৰ খনহে! অহাৰ আগতে কিমান যে জল্পনা কল্পনা।

কিন্তু সাংসাৰ আৰম্ভণিৰ প্ৰথম দিনাই যেতিয়া তেখেতৰ ৮ তাকৈ চাউণ্ড বক্স, দুই তিনিটা গীটাৰ, এমপ্লিফায়াৰ, তিনিটাকৈ মাইক আৰু বিভিন্ন ধৰণৰ আগতে দেখা- নেদেখা ইনস্ট্রুমেন্ট ৰ দোকান খনে ভাড়া ঘৰৰ সীমিত ঠাইৰ আধা অংশ গ্ৰহণ কৰিলে মোৰ যেন আধা সপোন ভাঙি চুৰমাৰ হ’ল।

বাকী থকা আধা অংশক লৈয়ে আকৌ ভবা চিন্তা চলিল। পিছে সকলো ফুটুকাৰ ফেন।কিবা ভাল বস্তু এটা ল’ম বুলি গুণাগঁথা কৰিবলৈ আৰম্ভ কৰিলেই সেইফালৰ পৰা যোগাত্মক হয়ভৰ এটা নাপাওঁ। সদায় একেখনেই ৰেকৰ্ড: ” ভাড়াঘৰত এইসোপা লৈ থ’বানো ক’ত?”

কৰোবালৈ গৈ কিবা এটা ঘৰ সজোৱা বস্তু কিনাৰ মন মেলিলেই তপককৈ কৈ উঠে :” অঃ ভাল লাগিছে আমি স্থায়ী ঘৰলৈ গলে সব সঁজাম।”

মনৰ আশা সাৰ পানী নাপাই নাপাই মনতে শুকাল। কেতিয়া যে নিজ ঘৰলৈ যাম! কেতিয়া যে ভালকৈ থাকিম!

ক’ৰ’নাত বাচিমেই নে মৰিমেই তাৰ নাই ঠিক।

এইকেইদিন আকৌ ৰাইজৰ লকডাউনৰ মাজত ইন্ ডোৰ্ স্যুটিং চলিছে। কেমেৰা কোনো এংগলতে শুৱনি নেদেখায়। ৰাইজে এদজাষ্ট কৰি কৰি পাৰাপাৰ পোৱা নাই। কৈ আছে “হেৰা আমাৰ চোন একো ভাল বস্তু ঘৰ খনত নায়েই। বুজিছা এইবাৰ লকডাউন খুলিলে ঘৰ সজোৱা বস্তু কেইপদ মান লব লাগিব। “

—মই কিন্তু খুব ৰং পাইছোঁ -বোলো অব্ আয়া উট্ পাহাৰ কে নিচে।

চয়নিকা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

1 + 6 =