চিনেমা হল

ভেটেনাৰী পঢ়ি থকাৰ সময়ৰ কথা। মই আৰু মোৰ এগৰাকী সহপাঠী বান্ধবী আমি দুইজনীয়ে খুব চিনেমা চাইচিলো। ডাউন টাউনত থকা উদেষ্ণা হল টো আমাৰ দুইজনীৰ বৰ মৰমৰ আৰু আপোনৰ আচিল আৰু চিলং ৰেষ্টুৰেণ্ট খন যেন আমাৰ ভাতঘৰ। সদায় সপ্তাহৰ শুকুৰ বাৰে চিনেমা সলনি কৰে । আটাইতকৈ মজাৰ কথাটো হল আমাৰ শনিবাৰে ১২:৩০ বজাত ক্লাচ শেষ হৈ যায়। আমাক আৰু কোনে পায়, হোষ্টেল পাই চেলোৱাৰ জোৰ খুলিয়েই জিনৰ পেন্ত টো পিন্ধি লও। চিনেমা চাবলে গলে জিনচ আৰু লিপিষ্টক লগাই ষ্টাইল কৰি যোৱাটো আমাৰ নিয়ম। লগেলগে চিটিবাচত উঠি ডাউন টাউন পাওগে। প্ৰথমে চিলং ৰেষ্টুত সোমাই খাই লও তাৰপিছত হললৈ যাও। এনেকৈয়ৈ সদায় আমাৰ ৰুটিন চলি থাকে। হল ত শনিবাৰে যি চিনেমাই নাহক কিয় আমি চামেই। এদিনৰ কথা। আমিগৈ পাওতে অলপ দেৰী হল, আমি টিকটৰ কাৰণে লাইন পাতি আছু। কিনতু আমাৰ লাক বেয়া, আমি টিকট নাপালো। টিকট শেষ হৈ গল, কিবা ফেমাচ চিনেমা আছিল নেকি, পাহৰি গলো নামটো। টিকট নাপাই দুইজনীয়ে সেমেনা সেমেনিকে কোনোবা ব্লেকাৰ আছে নেকি চালো। দুৰৰ পৰাএজনে হাতেৰে আমালৈ ইংগিত দিয়া দেখিলো, ৰবৰ কাৰনে। অলপ সময়ৰ পিছ ত এজন বেক্লাৰে দুটা টিকট দিলে। আমাৰ খুব ফুতি লাগিল। আমি এশ টকা দিবলৈও ৰাজী আছু। তেতিয়া টিকটৰ দাম মাএ ২০ টকা আছিল। আমি কিমান দিব লাগিব সোধুতে তেও বৰ সৰলতাৰে কলে, তোমালোক মোৰ চিনাকী, মানে চকু ৰ, তুমালোকে সদায় শনিবাৰে চিনেমা চাব আহা নহয়, টিকটৰ দামটো দিলেই হব, বেছিকৈ দিব নালাগে। আামি দুয়োজনীয়ে দুইজনী মুখলৈ চাই তেখেতক ধন্যবাদ এটা দি হল ৰ ভিতৰলৈ সোমাই গলো। এতিয়া কেতিয়াবা বেয়া লাগে, উদেষ্ণা হল টো নাইকীয়া হৈ গল। কিন্তু চিলং ৰেষ্টুৰেণ্ট খন আছে। এতিয়াও আমি গুৱাহাটী গলে চিলং ত এসাজ খাই আহো।।

By