শৈশব

অকণমানি লৰা দুটালৈ চালে পাৰুলৰ দুখেই লাগি যায়। চাৰি মাহ হল ঘৰতে সোমাই আছে। এনেই আজিকালি খেলা ঠাইৰ নাটনি, মাজে সময়ে যি শিশু উদ্যানলৈ গৈ খেলিছিল, এতিয়া তাকো বন্ধ এই কোৰোনা মহামাৰীৰ বাবে। ইন্টাৰনেটোয়েই যেন এতিয়া সিঁহতৰ মনোৰঞ্জনৰ একমাত্র মাধ্যম হৈ পৰিছে।

পাৰুলৰ মন যায় লৰা দুটাক হাতত ধৰি তাইৰ শৈশবৰ দিন বোৰলৈ লৈ যাবলৈ যত আছিল মুকলি আকাশৰ তলত মুকলি পথাৰ আৰু আছিল বহুত সমনীয়া লৰা ছোৱালী। নাছিল কোনো ইন্টাৰনেট বা শিশু উদ্যান। তাত আছিল গছত ৰছীৰে বান্ধি বনোৱা জুলনা আৰু তামোল গছৰ ঢকুৱাৰে চোচৰাই নিয়া গাড়ী। ফটা কাপোৰেৰে বনোৱা কইনা দৰা আৰু গোল গোল শিল গুটিৰ পাচগুটি খেলা। লুকা ভাকু, চোৰ পুলিচ, কাবাডি, কুটকুট, কুকুৰাযুজ, কুস্তি। ৰছী টনা টনি খেলত জোৰ যাৰ মুলুক তাৰ । আউট নোহোৱাকৈ তিনিশ চাৰিশ স্কিপিং যেন তেনেই সাধাৰণ কথা আছিল। পাৰুলে চিলা উৰুৱাব নাজানিছিল কিন্তু ককায়েকে চিলা উৰুৱা চাই বৰ ভাল পাইছিল। বাৰিষা যেতিয়া ঘৰৰ সন্মুখৰ পথাৰ খন বানপানীত বুৰ গৈছিল, ককায়েক, খুৰাক হতে লগৰ বোৰৰ লগত কল গছৰ ভেল সাজিছিল। তাইও জোকৰ ভয়ক নেওচি মাকে নজনাকৈ কেইবাবাৰো সেই ভেলত উঠি বানপানীৰ পথাৰ ফুৰিছিল। জোকে নধৰিবলৈ ভৰিত কেৰাচিন তেল, চাধা, নিমখ ক’ত কি যে নাসানিছিলে !!

পথাৰত খেলি থকাৰ মাজতেই মাকৰ চিঞৰটো কাণত পৰে “পাৰুল ঐ পাৰুল, সন্ধিয়া হ’ল তহতৰ এতিয়াও ঘৰ সোমাবলৈ হোৱা নাই ! খেল সামৰি পিছদিনা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি গোটেই বোৰ লৰা ছোৱালী ঘৰা ঘৰি হয়। “কাউৰি গ’ল গধুলি হ’ল আমাৰো ঘৰা ঘৰি যাবৰে হ’ল” ঘৰচিৰিকা জনীৰ নিচিনাকৈ জপিয়াই জপিয়াই গাই গাই বায়েকৰ পিছে পিছে তাই ঘৰ সোমাই। হাত ভৰি ধুই উঠি থাপনাৰ আগত বহি মাকে জলাই থোৱা ধুপ চাকিৰ আগত ৰাউছি জোৰে… .তুমি চিত্ত বৃত্তি মোৰ….মুক্তিতনি স্পৃহ যিতু….। ভক্তি কি বস্তু বুজি নাপায় কিন্তু মাকে বনাই দিয়া নিয়মৰ কোনো উলংঘা নহয়।

স্কুল বন্ধৰ দিনত দুপৰীয়া যেতিয়া ঘৰৰ সকলোৱে অলপ জিৰণি লয়, তাই মনে মনে বিচনাৰ পৰা উঠি আহি আম, লেচু, মধুৰি, বগৰী ফৰ্মুটিয়াই ফুৰে। দুপৰীয়া শুবলৈ দিয়াৰ সমান ডাঙৰ শাস্তি যেন একোৱেই নাই তাইৰ বাবে। ঘৰৰ সন্মুখত বিশাল পথাৰ লেখিয়া মুকলি ঠাই। ৰাজধানী চহৰ দিচপুৰত মাটিবোৰ কিনি থৈছে মানুহে ভবিষ্যতৰ সংস্থাপনৰ বাবে। কিছুমানে দুফুটিয়া ইটাৰ বেৰেৰে সীমাও নিৰ্ধাৰণ কৰি থৈছে। সেই ইটাৰ বেৰ বোৰৰ ওপৰেদি তাই খালি ভৰিৰে ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰে। মাকে বিচনাত নেদেখি বিচাৰি বিচাৰি কিমান বাৰ যে চেকনি ভাগিছে ভৰিত কোবাই তাৰ হিচাপ নাই। উৎপতীয়া স্বভাবটোৰে তাই পৰিয়ালৰ মানহক কমখন হাৰাশাস্তি কৰা নাছিলে !! এবাৰটো কোনো মতেহে প্ৰাণে বাচিলে। কান সমনীয়া গ্ৰুপ টোৰ নেতৃত্ব লৈ বগৰী পাৰিবলৈ ওখ ইটাৰ বেৰ খন জাপ মাৰি পৰিলেগৈ পোৱালিক গাখীৰ খুৱাই থকা কুকুৰ এজনীৰ মুখত। কুকুৰ জনীয়ে নিজৰ প্ৰাণ বচাবলৈ অকণমানী পাৰুলৰ বুকুত ভৰি দি কামুৰিবলৈ ধৰোতেই তাইও প্ৰাণৰ মমতাত কুকুৰ জনীৰ ডিঙিত শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি টেপা মাৰি ধৰিলে। লগৰ কেইজনীৰ চিঞৰ বাখৰ লগতে কুকুৰ বোৰৰ ৰাউছি জুৰা ভুক ভুকনিত ঘৰৰ আৰু আাশে পাশে থকা মানুহ বোৰ ওলাই আহিল আৰু কুকুৰ বোৰৰক লাঠি জোং দেখুৱাই কোনোমতে খেদি তাইক উদ্ধাৰ কৰিলে। তাৰ পিছতো কিন্তু তাইৰ স্বভাবত শুধৰণি নাহে। সেয়াই নেকি বিন্দাচ শৈশব!!

ঘৰৰ ভিতৰত লৰা দুটাৰ দৌৰা দৌৰি দপদপনিত কেতিয়াবা পাৰুলে অতিষ্ঠ হৈ ভাবে “মোৰ শৈশবত দিনৰ দিনটো ঘৰত নাথাকি চোতালে পথাৰে চৰি ফুৰু বুলি মায়ে গালি পাৰিছিল আৰু এতিয়া চৰণিয়া পথাৰ এখন পোৱা হলে দিনৰ দিনটো লৰা দুটাক পথাৰ খনত মেলি দিলো হয় সিঁহতৰ শৰীৰৰ সমস্ত শক্তি শেষ নোহোৱালৈকে থাকক দপদপাই “। পিছে কথাষাৰ মনতহে ভাবে। ৰাষ্টাত চাইকেল খন লৈ ওলালেও পিছে পিছে দৌৰি যায় কিজানি গাড়ীয়ে খুন্দিয়াই দিয়ে, যিহে গাড়ীৰ দৌৰ গুৱাহাটীৰ গলি বোৰত !!

পাৰুলৰ শৈশবত গুৱাহাটীৰ ৰাষ্টা পদুলি বোৰ একেবাৰেই খালি থাকিছিল। জংগলো বহুত আছিল। বহুত জেগাত দিন দুপৰতেই বাঘ ওলাই বুলি মাক দেউতাকে সদায় সাবধান বাণী শুনাইছিল। পাৰুলে ককায়েক বায়েক আৰু সমনিয়া বোৰৰ লগত খোজ কাঢ়িয়ে স্কুললৈ গৈছিল। বহুত বেছি দূৰ নহলে আত্মীয় কুতুমৰ ঘৰলৈও খোজ কাঢ়িয়ে গৈছিল। এবাৰ মাকৰ লগত আত্মীয় এঘৰলৈ সকাম খাবলৈ খোজ কাঢ়ি গৈ থাকোতে গনেশগুৰিৰ ফুটপাতত ঢাকনি নথকা মেনহলতো সোমাইছিল তাই। দোকানৰ জাকজমক কাপোৰ, খেলনা চাই চাই গৈ থাকোতে কেতিয়া যে খুলা মেনহলত সোমাল তাই গমেই নাপালে। ভাগ্যে মাকে এখন হাতত ধৰি আছিল আৰু বেলেগ বাটৰুৱাৰ সহায়ত তাইক মেনহলৰ পৰা টানি টানি উলিয়াইছিল। ৰাষ্টাৰ কাষতে থকা টেপৰ পানীত আলকাতৰাৰ দৰে ক’লা বোকা বোৰ মাকে ধুই দিয়োতে যিটো দুৰ্গন্ধ ওলাইছিল, চিঃ মনত পৰিলে তাইৰ এতিয়াও ওকালি আহে।

জেগা একেখিনিয়েই কিন্তু সময়ে পৰিবেশ আৰু পৰিস্থিতি সলনি কৰি দিলে। শীত তাপ নিয়ন্ত্রিত গাড়ীত বহি জি এচ ৰোডেৰে সন্ধিয়া ওলাই গলে লাইটেৰে জকমকাই থকা ম’ল বোৰ দেখি মনটো খন্তেকৰ বাবে উৎফুল্লিত হয় যদিও কিবা এটা হেৰুৱাৰ বিষাদে তাইৰ মনটো হেচা মাৰি ধৰে। আকৌ যদি শৈশবৰ পৰিবেশটো তাই ঘুৰাই পালেহেতেন…..!!!!!

🖌 কৰবী ডেকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

3 + 4 =