আৰোহী ৱেডচ আৰুব্ধ

প্ৰথম ভাগ

কাহিনীবোৰ এনেকুৱাই।কেতিয়া ক’ৰ পৰা আৰম্ভ হয় আৰু ক’ত শেষ হয় কোনেও ক’ব নোৱাৰে।বৰ্তমান কেতিয়া অতীত হয় আৰু অতীত কেতিয়া বৰ্তমান হয় কোনেও ক’ব নোৱাৰে। অদৃষ্টৰ হাতৰ লিখনীত আমি মাথো নিমিত্তহে। কথাবোৰে মনত দোলা দি থাকোতেই গৃহস্থৰ মাততহে সম্বিত ঘূৰাই পালে স্বাতীয়ে।

“ওলাই হ’লনে?বহুত দূৰ যাবলগা আছে, সোনকাল কৰা।”

এৰা,বহু দূৰ, বহু দিনৰ অপেক্ষাৰ অন্তত আজিৰ দিনটো।স্বাতীৰ চকুত আজিও জীৱন্ত সেই কথাবোৰ।কথাবোৰ মনতে ভাবি ভাবি লৰালৰিকৈ গাড়ীত উঠিল স্বাতী।এই যাত্ৰা বহুদূৰলৈ গুৱাহাটীৰ পৰা যোৰহাট।গৃহস্থৰ কোম্পানীৰ ছুটী পাব নাপাব দোধোৰ মোধোৰ অৱস্থাৰ মাজতে শেষ সময়ত সকলো থিক কৰি সিহঁতৰ এই লৰালৰি।লৰালৰি বেলেগ একোৰে নহয়,এখন বিয়াৰ।যিখন বিয়াৰ সপোন সিহঁতে দেখিছিল একেলগে।নিজৰ বিয়াতকৈও অতি হেপাঁহৰ এই বিয়া।স্বাতীৰ মনৰ দাপোণত ভাহি উঠিছে অতীতৰ সকলো স্মৃতি।একো নাথাকে মাথো স্মৃতি ৰৈ যায় ।

Aaruhi Weds Aarobdho. নিমন্ত্ৰণী পত্ৰখনৰ আৰৰ মানুহজনীয়েই হৈছে স্বাতী।গতিকে বিয়ালৈ নোযোৱাৰ কথাই নাহে।আৰুহীৰ বিয়া খোৱাৰ সপোন তাইৰ আজিৰ নহয়,সেই দৰা কইনা খেলাৰ দিনৰে।বুজা নুবুজাৰ দিনৰপৰা এই সপোন দেখিছে স্বাতীয়ে।প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পঢ়ালৈকে সুখে দুখে দুয়ো দুয়োৰে লগৰী।কিমান যে মধুৰতম আছিল সিহঁতৰ শৈশৱ,কৈশোৰ।স্কুল, টিউচনলৈ যোৱাৰ পৰা লগৰ বন্ধু বান্ধৱীৰ ঘৰলৈ যোৱালৈকে দুয়ো দুয়োৰে লগৰী।এই যে কয় নলে গলে লগা বন্ধু,তেনেকুৱাই।

তাৰ মাজতে class X মানত আৰুৰ জীৱনলৈ আহিছিল আদিত‍্য।সিহঁততকৈ দুবছৰ মান ডাঙৰ আদিত‍্য খুব কম সময়ৰ ভিতৰতে আৰুৰ লগতে স্বাতীৰ বাবেও হৈ পৰিছিল ‘আদি’। আদি আদি আদি এই নামটোৱে এসময়ত স্বাতীৰ কাণ পকাই দিছিল।স্কুললৈ যোৱাৰ পৰা ছুটী হোৱালৈকে মুঠৰ ওপৰত আৰুৰ লগতে স্বাতীৰ বাবে আদিও এটা বিষয়লৈ ৰূপান্তৰিত হৈছিল।আদিক বাদ দি আৰুৰ কথা যেন কল্পনাই কৰিব নোৱাৰি।যিহেতু সিহঁতৰ স্কুলখন হায়াৰছেকেণ্ডেৰী আছিল যেতিয়াই সময় পাই আদিয়েও আৰুক এবাৰ চাই গৈছিলহি।।স্কুলৰ সকলোৱে এই কথা গম পাইছিল।লাহে লাহে এই কথা staff room লৈও গৈছিল।ছাৰ বাইদেউ সকলে প্ৰত‍্যক্ষভাৱে একো নকলেও দুয়োটাকে ভালদৰে পঢ়িবলৈ কৈছিল।যিহেতু দুয়োটাই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনিত আছিল।এটাই মেট্ৰিক আৰু আনটো হায়াৰছেকেণ্ডেৰী।সিহঁত দুটাৰ মাজত ফচি আছিল স্বাতী। অভ্যস্ত হৈ পৰিছিল তাই।Test পৰীক্ষাৰ পিছতো কিমান যে দুৰ্দশা হৈছিল স্বাতীৰ।ইটোৱে সিটোক নেদেখে,কথা পাতিব নোৱাৰে।আৰুৰ ঘৰত সেইসময়ত ফোন নথকাৰ বাবে আদিয়ে ফোন কৰে স্বাতীৰ ঘৰলৈ।যিহেতু দয়োজনীৰে ঘৰ ওচৰাওচৰি গতিকে স্বাতীয়ে ফোন আহিলে মাকে কিবা বনাইছে খাবলৈ মাতিছে বুলি আৰুক মাতি আনে।প্ৰথম প্ৰথম মাকেটো তাইকে গালিয়েই দিছিল, পিছত যেনিবা সকলো ক’লত মাকে বুজিলে তথাপিও এই যে পিয়নগিৰী কৰাটো ভাল হোৱা নাই কথাই কথাই তাইক মাকৰ শাসনেৰে বুজাই দিছিল।মুঠৰ ওপৰত “প্ৰেমত ঘূৰিছে ভূ-মণ্ডল,প্ৰেমত ফুলিছে শতদল” আৰু বন্ধুত্বৰ শিকলিৰে বান্ধ খাই আছে আমাৰ স্বাতীপল।

মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 31 = 35