ৰেলৰ চকা

আৱাহন থিয়েটাৰৰ আখৰালৈ মাজত এতিয়াও চাৰিটা সপ্তাহ বাকী।

এতিয়া আখৰাগৃহটো সম্পূৰ্ণ জনশূন্য।মাথোঁ নাট্যদলটোৰ মুখ্যকেইজনমান বিষয়-ববীয়াৰ সঘন আহ-যাহে মাজে মাজে আখৰাগৃহটোৰ নীৰৱতা দূৰ কৰে।

যদিও সেইবোৰো ক্ষণস্থায়ী।অৱশ্যে দুই-এটা কাম কৰা মানুহ দৈনন্দিন থাকে।

দিগন্তই আৱাহন থিয়েটাৰৰ মালিক অৰ্থাৎ মনোৰঞ্জন ৰাজগুৰুৰ অফিচ ৰুমটোৰ পৰা অনাস্থাৰে ওলাই আখৰাগৃহটোৰ ফালে পুতৌৰ দৃষ্টিৰে চাই ৰ’ল। আখৰা ঘৰটোৰ সন্মুখৰ ভাগৰ ফুলনি বাৰীখনৰ নান্দনিকতাৰে পৰিৱেশটো অৱশ্যে জীপাল কৰি ৰাখিছে।

আৰুনো কিমান দিন! কেইদিনমানৰ পাছতে নির্জনতাত শুই থকা এই আখৰা ঘৰটোতে দিনৰ পাছত দিন ধৰি আৰম্ভ হ’ব কাৰোবাৰ হাঁহি।কাৰোবাৰ কান্দোন।চিঞৰ-বাখৰকে আদি কৰি অনেক মিঠা সময়ৰ সংযোগে অন্য এখন বেলেগ পৃথিৱীলৈ সকলোকে লৈ যাব।

বহু ঘাট-প্ৰতিঘাট দিগন্তৰ এই আখৰাঘৰটোতে পৰিত্যক্তভাৱে সংমিশ্ৰণ হৈ আছে।হয়তো এই ঘাট-প্ৰতিঘাট সদায় অনাখৰ হৈয়ে পৰি থাকিব।

বেছি সময় আখৰাঘৰটোলৈ দিগন্তই দৃষ্টি নিদি এইবাৰ

বাইকখনৰ ওচৰলৈ আহি জেপৰ পৰা ম’বাইলটো উলিয়াই ল’লে। চাৰিটা মিছ্ কলড্ দেখি সি আচৰিত হৈ পৰিল।তাৰে দুটা নিধিৰৰ।এটা ভায়েকৰ।আৰু এটা…

এসপ্তাহৰ পাছত তাইৰ মিছ্ কলড্ দেখি একপ্ৰকাৰে দিগন্ত আচৰিত হৈয়ে পৰিল।হয়তো অভিমান ভাগিল।নাই দিগন্তই এয়া অভিমান বুলিয়ো বিশেষণ দিব নিবিচাৰে।বেচৰীও লাহে লাহে উপায় নাইকিয়া হৈছে।যিদৰে দিগন্তও তথৈবচ।

এই সময়ত দিগন্তই কালৈও ফ’ন নকৰি জেপত ম’বাইলটো ভৰাই বাইকখনত বহি চেলফ্ টিপিলে।বাইকখন যোৱাবছৰ চেকেণ্ড হেণ্ডকৈ অহা-যোৱা কৰিবলৈকে দিগন্তই কিনিছিল।অৱশ্যে বাইকখনৰ চালক কেৱল দিগন্ত বাবেহে এতিয়াও চেলফ্ টো ভাল হৈ আছে।সদ্যহতে বেছি মানুহৰ সংস্পৰ্শলৈ বাইকখন যোৱা হ’লে আজি আৰু চেলফ্ টো ভাল হৈ নাথাকিলহেঁতেন-এনেকৈয়ে বহুজনে কয়।

এটা উদাস মন লৈয়ে দিগন্ত মনোৰঞ্জন ৰাজগুৰুৰ ঘৰৰ পৰা ওলাই আহিল। বাকী ফ’ন দুটাক লৈ দিগন্ত ইমান চিন্তিত হোৱা নাই।সেই দুটা ফ’নো এই সময়ত দিগন্তৰ বাবে ইম্প্ৰৰ্টেণ্ট।তাতকৈ বেছি ইম্প্ৰৰ্টেণ্ট নিধিৰৰ ফ’নটো।নিধিৰৰ ফ’নটোৱে বেছিকৈ দিগন্তক চিন্তাত পেলাইছে।নিধিৰক একো উত্তৰ এই সময়ৰলৈকে দিগন্তই দিব পৰা নাই।আচলতে দিগন্তই তেনে কোনো সমীচীন সিদ্ধান্ত এই সময় পৰ্যন্ত ল’ব পৰা নাই।ইফালে নিধিৰৰ মতে সময় খুবেই কম;দিল্লীৰ পৰা ফ’ন আহি আছে।সোনকালে ইয়াৰ কিবা এটা উপযুক্ত সমিধান লাগে।

তিনি আলিটো পাৰ হৈয়ে সোঁফালৰ শ্যাম বিহাৰীৰ কেণ্টিনখনৰ সন্মুখতে দিগন্তই গৈ বাইকখন ৰখালেগৈ।

দুই-এক চিনাকী আৰু অচিনাকী মানুহে দিগন্তক নজৰ দিছে।নজৰ দিবই;যিহেতু আজি তিনিবছৰে দিগন্তই আৱাহন থিয়েটাৰৰ লগত জড়িত।প্ৰতিখন নাটকতে মুখ্য চৰিত্ৰ নহ’লেও এটা ভাল চৰিত্ৰত সি সফলভাৱে অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।যোৱাবছৰৰ “কালিদাস” চৰিত্ৰটোৰ কথা বাটে-ঘাটে আজিও কোনোবা কোনোবাই তাক সোধে।তাৰোপৰি সৰু সৰু দুটামান চৰিত্ৰ যোগেদি অসমীয়া দুই এখন জনপ্ৰিয় ধাৰাবাহিকটো সি অভিনয় কৰিছে।হয়তো তেনেকৈয়ে নাটক-অভিনয় ভালপোৱা দুই-এজন শুভাকাংক্ষীয়ে তাৰ দৰে গ্লেমাৰ নথকা এজন অভিনেতাক মনত ৰাখিছে।এয়া তাৰ বাবে আশীৰ্বাদ।অৱশ্যে এই লৈ দিগন্তৰ বাবে আচৰিত হ’বলগীয়া এটা বিষয়ো নহয়।

শ্যাম বিহাৰী কেণ্টিনখনৰ সৈতে দিগন্তৰ সম্বন্ধৰ তিনিবছৰ হ’ল।সেয়ে তাৰ সকলোৰে পৰিচিত।শ্যাম বিহাৰীক দৈনন্দিন মতাৰ দৰে “চাছা” বুলি কৈয়ে হাঁহি এটা মাৰি দিগন্তই একেবাৰে কেণ্টিনখনৰ চুকত গৈ বহিলগে।কিবা খাবলগীয়া থাকিলে দিগন্তই নিজেই কয়;সেয়ে পৰাপক্ষত কোনেও তাৰ ওচৰলৈ আহি আমনি নকৰে-কিবা খাব নেকি নোসোধে।

জেপৰ পৰা ফ’নটো উলিয়াই ভায়েকলৈ ফ’নটো কৰিম বুলি ভাবিও দিগন্ত ৰৈ গ’ল।

ভায়েকক কি উত্তৰ দিব দিগন্তই একো ভাবি পাৰ পোৱা নাই।কলেজত পঢ়ি থকা ভায়েক তাৰ তত্বাৱধানৰ মাজতে পঢ়ি আছে।আনহাতে অসুস্থ মাক আৰু গাভৰু ভনীয়েকৰো দায়িত্ব দিগন্তই লয়।

সময়তে অসুস্থ মাকৰ ঔষধ যোগান ধৰা, পইছাই আটিলে কেতিয়াবা দুই-এটা ভিটামিন মাকৰ বাবে দিগন্তই নিকিনা নহয়।গৰু গাখীৰ অকণমান মাকে খাবৰ বাবে দিগন্তই যোৱাবছৰ হৰেন মণ্ডলৰ ঘৰৰ পৰা গাই এজনী কিনিছিল।প্ৰতিপালৰ অভাৱত নে কিবা বেমাৰত কাৰো জ্ঞাতৰ নহওঁতে গৰুজনী সিফলীয়া হ’ল।আনহাতে ভনীয়েকৰো বিয়াৰ বয়স হৈছে।গাভৰু ছোৱালী এজনী ঘৰত থকা মানে মাকবোৰৰ সদায় এটাই চিন্তা-কেনেবাকৈ গতাব পৰা হ’লেই যেন সমস্যা দূৰ হ’ব!

আচলতে এই সমস্যাটো ঘৰৰ পৰিয়ালতকৈ ওচৰ-চুবুৰীয়া মানুহখিনিয়েহে বেছি সমস্যা সৃষ্টি কৰে।অনেক কথাৰে গল্প কৰে।দুই-এজনী মাইকী মানুহে অৱশ্যে আনৰ ঘৰৰ কথা আলোচনা কৰি খুবেই ৰং পায়;লাগিলে নিজৰ ঘৰত সমস্যাই ভৰি থাকক।

যোৱা সপ্তাহত ঘৰলৈ যাওঁতে মাকে দিগন্তক কান চুৱাইছিল-“চহৰৰ পৰা মানুহ এঘৰে ভনীয়েকৰ বাবে বিয়াৰ প্ৰস্তাৱ দিছে”।

মাকৰ মুখত কথাষাৰ শুনি দিগন্তৰ যেন চুলিৰ আগেয়ে জীৱ ওলাই যোৱাৰ দৰে অৱস্থা হল।ভনীয়েকৰ বিয়াৰ বাবে যেনেকৈ নহয় পইচা অলপ ভালদৰে লাগিব।তাতে দিগন্তৰ কথা সকলোৱে নাজানিলেও সিহঁতৰ অঞ্চলৰ মানুহে জানে।অভিনয় কৰা মানুহ- টকা-পইচাৰ উপাৰ্জনটো নিশ্চয় ভাল।দিগন্তইহে জানে,থিয়েটাৰ কৰি, দুই এখন চিৰিয়েলত অভিনয় কৰি কিমান টকা উপাৰ্জন কৰে।নিজেই চলাৰ উপৰিও ঘৰখনৰ সমস্ত দায়িত্ব দিগন্তৰ ওপৰতে।ভনীয়েককো সি নিৰাশ কৰিব নোৱাৰে।একমাত্ৰ ভনীয়েক।তাই কষ্ট পোৱাটো দিগন্তই নিবিচাৰে।যেনেকৈ নহওক ইমান দিনৰ পাছত এটা প্ৰস্তাৱ আহিছে,সেইটো সুযোগ এৰি দিয়া মানে মাকক কষ্ট দিয়া আৰু ভনীয়েকক…

…কিন্তু সমাধান কেনেকৈ কৰিব!ঘৰৰ পৰা অহাৰ পাছতে দিগন্তক বাৰে বাৰে এই কথাটোৱে আমনি কৰি আছে।

তাৰোপৰি ভায়েকৰ এই ফ’নটো!

ভায়েকৰ ফ’নটোৱে দিগন্তক আকৌ এবাৰ ভাবুক কৰি পেলালে।

কেণ্টিনখনৰ পৰা ওলাই আহিবলৈ লওঁতে শ্যাম বিহাৰীয়ে দিগন্তক মাত লগালে।ভগা ভগা অসমীয়াতে শ্যাম বিহাৰীয়ে ক’লে-

“কিহে দিগন্ত ভায়া,কিবা টেনশ্যন হৈছে নেকি?”

সম্ভৱ দিগন্তৰ হতাশ মুখখন দেখিয়ে শ্যাম বিহাৰীয়ে এইবুলিয়ে তাক সুধিলে।

আনদিনা দৰে দিগন্তই বৰ বিশেষ আগ্ৰহেৰে শ্যাম বিহাৰীৰ সৈতে কথাৰ পাতনি নেমেলি সামান্য কথাৰে সামৰি বাইকত বহিলেগৈ।ভায়েকে কোৱা শৰৎ ঠিকাদাৰৰ কথাবোৰে এইবাৰ দিগন্তৰ মগজত খেলি-মেলি কৰিবলৈ ধৰিলে।

শৰৎ ঠিকাদাৰক দিগন্তই দোষ দিব নিবিচাৰে।দোষ

দিয়াৰো কোনো প্ৰশ্ন নাহে।সকলোৰে সমস্যা ভিন্ন থাকে।আজি দুবছৰে দিগন্তই কথাটো পাহৰিয়ে গৈছিল।ইমানদিনে আন এজন হোৱা হ’লে দিগন্তহঁতৰ ঘৰ-বাৰী দখল কৰিলেহেঁতেন! মানুহজন দিগন্তহঁতৰ পৰিয়ালটোৰ সৈতে পুৰণি সম্পৰ্কৰ বাবে ইমানদিনে দয়া চকুৰে চাই গৈছিল।আচলতে দিগন্তৰ গাটো তেনে দোষ নাছিল।সকলো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ গৈয়ে দিগন্তৰ অৱস্থা এনেকুৱা হ’ল।

আৱাহন থিয়েটাৰলৈ দিগন্ত অহা প্ৰথমবছৰৰ কথা।তেতিয়া দিগন্তৰ দেউতাক জীয়াই আছিল।থিয়েটাৰৰ বাৰ-তেৰটামান পেণ্ডেল গৈছিলহে।খবৰ আহিল-দেউতাকৰ অত্যন্ত ডিঙিৰ বিষ।ঘৰত ভায়েক-ভনীয়েক আৰু মাকৰ কন্দাৰ বাহিৰে যেন হাতত আন একো উপায় নাই।ইফালে থিয়েটাৰ এৰি দিগন্তই কোনোপ্ৰধ্যে যাব নোৱাৰে।দিগন্ত গুচি যোৱা মানে থিয়েটাৰ পণ্ড হোৱা।শেষত সকলোৱে পৰামৰ্শমতে দেউতাকক গুৱাহাটীলৈকে লৈ অনাৰ সিদ্ধান্ত হ’ল।যিহেতু গুৱাহাটীতে তেতিয়া থিয়েটাৰৰ বহুকেইটা পেণ্ডেল বাকী আছিল।

শেষত শৰৎ ঠিকাদাৰৰ তত্বাৱধানতে দেউতাকক গুৱাহাটীলৈ অনা হ’ল।সকলো খৰছ শৰৎ ঠিকাদাৰে বহন কৰে।তাতে থিয়েটাৰৰ সকলো আভিজাত নহ’লেও গুৱাহাটীৰ দৰে এখন আভিজাত চহৰত থকা শিল্পী।

কম-দামী হস্পিতালত চিকিৎসা কৰিবলৈ যোৱা মানে দিগন্তৰ শিল্পী সমাজৰ ওচৰত পুতৌ পাত্ৰ হোৱা।সেয়ে দিগন্তই শৰৎ ঠিকাদাৰক আশ্বাস দিলে যে-কম সময়তে পইচাখিনি দিব।যদিও দেউতাক সুস্থ নহ’ল।সামান্য ডিঙি বিষৰ অজুহাত লৈয়ে তিনিমাহমানৰ পাছতে কেঞ্চাৰত আক্ৰান্ত দেউতাক সিফলীয়াহে হ’ল।

আজি দুবছৰে দিগন্তই শৰৎ ঠিকাদাৰৰ কথা পাহৰিয়ে গৈছিল।মাটি-বাৰী বুলিবলৈও দিগন্তহঁতৰ ভেঁটিটো বাহিৰে খেতি-মাটি এবিঘা।তাকে খেতি কৰি কোনোমতে পৰিয়ালটো চলি আছে।চৰকাৰৰ ৰেচন আগতে পাইছিল।কিন্তু দিগন্তই অভিনয় কৰা বাবে চকুৰ চৰহা ওচৰৰ মানুহ দুজনমানে আপত্তি কৰিলে-অভিনয় কৰা মানুহৰ বাবে ৰেচন চাউল নহয়।এইবোৰ দৰিদ্ৰ সীমা ৰেখা তলৰ মানুহৰ বাবেহে।তেনেকৈ ৰেচন চাউলো বন্ধ কৰি দিলে।

এতিয়া এমাহৰ পাছত দুই লাখ টকা শৰৎ ঠিকাদাৰক ক’ৰ পৰা দিব দিগন্তই ভাবি পাৰ পোৱা নাই।

কথাবোৰ ভাবি ভাবি আহি থাকোঁতে ভাড়াঘৰ কেতিয়া পালেহি দিগন্তই গমকে নাপালে।ভাড়াঘৰৰ গেটৰ সন্মুখতে দিগন্তই ভাড়াঘৰৰ মালিকক লগ পালে।

মালিকে আগ-পিছ নাভাবি কোনো কথাৰ পাতনি নেমেলিয়ে ক’লে-“কিহে ডেকা ল’ৰা,তোমালোকে নাটক-চিৰিয়েল কৰি পইচা নোপোৱা নেকি?দুমাহ হৈ গ’ল ঘৰৰ ভাড়া নাই দিয়া যে?”

-এই সপ্তাহতে দিছোঁ খুড়া।

দিগন্তৰ কথাত মালিকে কোনো আগ্ৰহ প্ৰকাশ নকৰি খৰ-খোজেৰে গেটৰ ফালেদি বাহিৰলৈ গুচি গ’ল।সম্ভৱ মালিকজন বজাৰলৈ গৈছে।হাতত থকা মোনাটো দেখি দিগন্তই মনতে ভাবিলে।

আচলতে যিটো আশা বুকুত বান্ধি দিগন্ত মনোৰঞ্জন ৰাজগুৰু ওচৰলৈ গৈছিল তেনেকৈ মনোৰঞ্জন ৰাজগুৰুৱে দিগন্তক সমাধানৰ উত্তৰ একো নিদিলে।

এইবছৰ দুটকামান টকা দিগন্তই বেছিকৈ বিচাৰিছিল।তাতো নিৰাশ কৰিলে।আনহাতে আগতীয়াকৈ পঞ্চাছ হাজাৰমান টকা ভনীয়েকৰ বিয়াৰ বাবে বিচাৰিছিল।তাতো মনোৰঞ্জন ৰাজগুৰুৱে নিৰাশ কৰিলে।পইচা দিব কিন্তু ইমান টকা এতিয়াই নিদিয়ে।

তললৈ পেট পেলাই প্ৰতিটো সমস্যাই দিগন্তই জুকীয়াই চাই গ’ল।আৰু প্ৰতিটো সমস্যাৰ সমাধানৰ উপায়-একমাত্ৰ টকা।

ভায়েকৰ কথাও দিগন্তই নভবা নহয়।কলেজত পঢ়ি থকা ভায়েকে আবেলি আবেলি বজাৰত গৈ দুই এটা শাক-পাচলি বিক্ৰী কৰেগৈ।তেনেকৈয়ে তেল-নিমখৰ খৰছ আজিকালি সি উলিয়ায়।দিগন্তৰ এনে লাগে যেন-কেইহাজাৰমান টকা ভায়েকক গুজি ক’ব -বেপাৰখন ভালকৈ কৰ’।কিন্তু দিগন্তৰ নিজৰে অৱস্থা নোহোৱা হৈছে।তাতে আভিজাত চহৰখনত ভাড়াতীয়া হিচাপে যিটো কষ্টৰ মাজত আছে সেয়া দিগন্তৰ বাহিৰে আনে নাজানে।তাতে অভিনয় কৰা মানুহ।কাপোৰ এযোৰ ভালকৈ পিন্ধিব লাগিব।কেতিয়াবা পাৰ্টিবোৰত ইচ্ছা নাথাকিলেও ষ্টেণ্ডাৰ্ড মেণ্টেন কৰিবৰ বাবে যাব লগীয়া হয়।যেতিয়া ব্লেক ডগৰ দৰে দামী মদৰ বাবে পইচা দিব লাগে তেতিয়া দিগন্তৰৰ আত্মা কঁপি উঠে।ঘৰত চাগৈ আজি মাকহঁতে ঢেঁকীয়া শাকৰ ভাঁজি খনেৰে ৰাতিৰ ভাত খাইছে।

কিন্তু দিগন্তৰ উপায় নাইকিয়া হয়।পাৰ্টিৰ পৰা অহা দুদিনমানৰ পাছত যেতিয়া হাতত পইচা নাথাকে-কিমান দিন কেৱল পানী খাই খাই ৰাতিবোৰ নীৰৱে গিলিছে -সেয়া কোনেও নাজানে।

নিধিৰে দিগন্তক জানে।দিগন্তই সকলো কথা নিধিৰক কৈছিল।মাকে যেতিয়া ভনীয়েকৰ বিয়াৰ কথা কৈছিল।তাৰপাছতে নিধিৰক সি কৈছিল।নিধিৰে আশ্বাস দিছিল যদিও স্বাৰ্থ নথকাকৈ কোনেও কাকো আজিৰ তাৰিখত সহায় নকৰে।নিধিৰৰ প্ৰস্তাৱ দিগন্তই হা-না একো কোৱা নাছিল।এটাই আশা আছিল-মনোৰঞ্জন ৰাজগুৰু ওচৰত।কিন্তু মনোৰঞ্জন ৰাজগুৰুৱেও দিগন্তক উদ্ধাৰ নকৰিলে।

দিগন্তৰ ফ’নটো আকৌ বাজি উঠিল।

ফ’নটোলৈ সি চকু নিদিলে।উঠাবলৈও চেষ্টা নকৰিলে।মনতে মাথোঁ ভাবিলে-আকৌ চাগে অন্য এটা সমস্যাৰ নমুনাহে আহিছে।ফ’নটো নীৰৱ হৈ পৰাত সি ইচ্ছা কৰিয়ে ফ’নটো এইবাৰ হাতত লৈ দেখিলে-তাই আকৌ ফ’ন কৰিছে।তাই মানে প্রিয়ংকা।যাক আজি এঘাৰ বছৰে সি ভালপাই আহিছে।প্রিয়ংকাৰ ওচৰতো সি আজি দিন ধৰি অপৰাধী।তাৰ কাৰণে প্রিয়ংকাই এঘাৰটা বসন্ত প্ৰতীক্ষাত আছে।যদিও প্রিয়ংকাই তাৰ সকলো কথা জানে।কিমানটা প্ৰস্তাৱ আজি এঘাৰ বছৰে তাই কেনচেল কৰিছে তাৰ হিচাপ নাই।বিনিময়ত পাইছে মাক-দেউতাকৰ গালি,ওচৰ-চুবুৰীয়াৰ ঠাট্টা হজম কৰি আহিছে।

আজি এমাহমানৰ পৰাই প্রিয়ংকাই তাক বিয়াৰ কথাকে কৈ আহিছে।দিগন্তইও কথাবোৰ নভবা নহয়।

প্রিয়ংকাক ৰাণীৰ দৰে ৰখাম বুলি সি ভবা নাই।আজি পৰ্যন্ত মাকৰ ঘৰত তাই যিটো সুখত আছে।তালৈ বিয়া হৈ আহি যদি এটা দুখৰ সীমাবদ্ধতাত দিনবোৰ হিচাপ কৰিব লাগে।সম্প্ৰতি সময়ত এখন সংসাৰ সুখী হৈ জীয়াই থাকিবলৈ যিখিনি প্ৰয়োজনীয় বস্তু লাগে-সেইখিনি দিবলৈও আজি পৰ্যন্ত দিগন্ত সক্ষম হোৱা নাই।

“খাই বৈ জীয়াই থকাটোৱে জীৱনৰ প্ৰকৃত সংজ্ঞা নহয়।” এনেকৈও দিগন্তই ভবা নাই বাবে আজিও প্রিয়ংকাক নিজৰ কৰিব পৰা নাই।

কেতিয়াবা নিজকে দিগন্তৰ কাপুৰুষৰ দৰে লাগে।বেয়াপথত গৈ সহজে টকা উপাৰ্জন কৰা মানসিকতা তাৰ নাই।তাৰ চিন্তাধাৰা ইমান নিকৃষ্টও হৈ যোৱা নাই।সি শেষ হৈ যোৱা কথাও ভাবিব নোৱাৰে।সি শেষ হৈ যোৱা মানে চাৰিটা প্ৰাণী শেষ হোৱা।এই চাৰিটা প্ৰাণীক সুখী কৰি ৰখোৱাৰ একমাত্র মূলতঃ সিয়ে সৰ্বেসৰ্বা।

“তুমি ফ’ন কৰি ভালেই কৰিলা?”

নিধিৰলৈ দিগন্তই ফ’নটো লগাই উঠাৰ পাছতে দিগন্তই একো ক’বলৈ নাপাওঁতে সিটো মূৰৰ পৰা নিধিৰে এইবুলি কৈয়ে কথাৰ পাতনি মেলিলে।

-তোমাৰ শেষ সিদ্ধান্ত কি?” আকৌ নিধিৰে প্ৰশ্ন কৰিলে।

-মই হাৰি গ’লোঁ বন্ধু।এই জীৱন যুঁজৰ সমস্যাৰ নমুনাই মোক আৰু সুস্থভাৱে জীয়াই থাকিবলৈ নিদিয়ে।অন্ততঃ মই এই সমস্যা কেইটা সমাধান কৰি সকলোৱে নীৰস হৈ পৰা মুখকেইখনত এটা হাঁহি জিলিকাব পাৰিম।

-বুজিছোঁ বন্ধু।আমাৰ ছাৰে বাৰ লাখতকৈ আৰু বেছি নিদিয়ে।এঘাৰ লাখতে এটা পাইছিল।কিন্তু সেইটো মাল অলপ ডেমেজ।তাতে তুমি শিল্পী মানুহ।মই তোমাৰ সমস্যাৰ কথা ছাৰক কৈছিলোঁ বাবে ছাৰে কিবাকৈ দয়া কৰি বাৰ ঘৰতে সীমাবদ্ধ কৰিলে।”

-মই কেতিয়া মানে যাব লাগিব বন্ধু। দিগন্তই প্ৰশ্ন কৰিলে।

-আজি সন্ধিয়া সাত বজাত এখন ট্ৰেন আছে।তাতে যাব লাগিব।

নিধিৰৰ ফ’নটো ৰাখি দিগন্তই এইবাৰ হুকহুকাই কান্দি উঠিল।নিজকে সি যেন ক্ষমা কৰিব পৰা নাই। অৱশেষত সি জীৱন যুঁজত বেয়াকৈ হাৰি গ’ল।

পল্টন বজাৰ ষ্টেচনত উদাস হৈয়ে দিগন্ত ৰৈ আছে।যাৱতীয়া যিখিনি বস্তু প্ৰয়োজন সকলো নিধিৰে সমাধান কৰি এটা সময়ত তাৰ পৰা নিধিৰে বিদায় ল’লে।

নিধিৰ যোৱাৰ পাছত দিগন্ত যেন বেছি অকলশৰীয়া হৈ পৰিল।একপ্ৰকাৰে দিগন্তৰ আনন্দও লাগিছে।বাৰ লাখ টকাৰে সি গোটেই কেইটা সমস্যা সমাধান কৰিব পাৰিব।

শৰৎ ঠিকাদাৰ,ভনীয়েকৰ বিয়া,প্রিয়ংকাকো নিজৰ কৰা উপৰিও ভায়েককো অলপ টকা দিব পাৰিব।

অৱশ্যে এইবাৰ সি থিয়েটাৰত বৰ বিশেষ কষ্ট নকৰে।মনোৰঞ্জন ৰাজগুৰুক সি আহিয়ে ক’ব-তাৰ বাবে যাতে তিনিওখন নাটকতে একোটাকৈ সৰু চৰিত্ৰ দিয়ে।ডাঙৰ চৰিত্ৰ এটাত সি কষ্ট পাব।

যিহেতু আজিৰ পাছত আৰু তাৰ এটা কিডনীহে থাকিব।

আহি থকা উজনিমুৱা ৰেলখন সি ভালদৰে লক্ষ্য কৰিলে।ৰেলখনৰ চকাবোৰ যেন খৰ-খোজেৰে তাৰ ফালে আহি আছে।

ৰেলৰ চকাৰ যেনেকৈ কোনো দুখ-ভাগৰ নাথাকে।নীৰৱে সকলোকে কঢ়িয়াই লৈ ফুৰে।

ঠিক দিগন্তৰো এইসময়ত নিজকে ৰেলৰ চকাৰ দৰে লাগিছে।

বিকাশ বৰা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

5 + 4 =