সিদ্ধান্ত

ৰাতিপুৱা শুই উঠিয়ে ৰুমিয়ে কেলেন্ডাৰ খন চালে। নিৰ্দিষ্ট তাৰিখটো পাৰ হবলৈ আজি দহদিন হল। প্ৰত্যেক মাহৰ নিৰ্দিষ্ট তাৰিখ এটাত তাই কেলেন্ডাৰত ডাগ মাৰি ৰাখে। মনত পাৰ নোপোৱা চিন্তা এটা লৈ হাতত জাৰু ডাল তুলি ললে। তাৰ পিছত এখন এখনকৈ ঘৰৰ কামবোৰ কৰি গল মনত কোনো উৎসাহ নোহোৱাকৈ। চাৰিদিন মানৰ পৰা একেটা চিন্তাই তাইক খুলি খুলি খাইছে। গিৰীয়েক প্ৰতুলক কলেও তাৰ উত্তৰ কি হব তাই জানেই… কাৰণ যোৱা তিনিছৰে সি একেটা উত্তৰেই দি আহিছে। “এতিয়াই সন্তান নালাগে। আগতে আৰ্থিক ভাবে অকনমান সবল হৈ লও তাৰ পিছত সন্তানৰ কথা ভাবিম”।

তাই গা পা ধুই উঠি পাগঘৰত সোমাল। প্ৰতুল ৯. ৩০ বজাত কামলৈ ওলাই যাব। তাৰ আগতে তাই তাৰ খোৱা বোৱা, টিফিন সকলো সাজু কৰিব লাগিব। ইতিমধ্যে প্ৰতুলো শুই উঠি মুখ হাত ধূই টিভি টোৰ সন্মুখত বহিল। তাই চাহ কাপ আনি তাৰ হাতত তুলি দিলে আৰু নিজৰ কাপ পাগঘৰতে ৰন্ধাৰ যোগাৰ কৰি কৰি ঠিয়ৈ ঠিয়ৈ খালে। ঘড়িটোলৈ চাই দেখিলে ৮ বাজিলেই…। মনত আহি থকা চিন্তাটোয়ে কামৰ গতি ধীৰ কৰি দিছে। জোৰ কৰি চিন্তাটো দলিয়াই যিমান পাৰে লৰালৰিকৈ কামবোৰ শেষ কৰি গল। ভাত খাবলৈ দি ৰুমিয়ে প্ৰতুলক কলে “মই চাগে আকৌ মা হবলৈ ওলাইছো। এইবাৰ সন্তানটো ৰাখি দিও দিয়া”। প্ৰতুলে ভাতৰ থালিৰ পৰা মূৰ নোতোলাকৈয়ে কলে ” এতিয়াই নালাগে। মোৰ বৰ্তমানৰ কামটোৰ কোনো নিশ্চয়তা নাই। এটা ভাল কাম যোগাৰ কৰি লও আগত। তাৰ পিছত সন্তানৰ কথা ভাবিম”। খোৱা শেষ কৰি টিফিনটো হাতত লৈ কামলৈ যাবলৈ ওলাল। ৰুমিক মাত লগাই কলে”আহোতে টেবলেট লৈ আহিম”। তাই কোনো প্ৰতিবাদ নকৰিলে। প্ৰতিবাদ কৰিবলৈ তাই এৰি দিছে। বিষন্নতা আৰু মানসিক অবসাদে ক্রমান্বয়ে গ্রাস কৰি পেলাইছিলে তাইক।

বিচনাখনত বহি তাই চকু দুটা মুদি দিলে। লগে লগে তাইৰ মানসপটত অতীতৰ কিছুমান স্মৃতি ভাহি উঠিল। কেইবা বছৰ ধৰি প্ৰতুলৰ লগত তাইৰ প্রেম আছিলে। ঘৰৰ মানুহে সেই সম্পর্কটো স্বীকৃতি নিদিয়া বাবে এদিন প্ৰতুলৰ লগত তাই মনে মনে গুছি আহিল। সেই সময়ত প্ৰতুলৰ পৰা আতৰাব খোজা বুলি ঘৰৰ মানুহ বোৰকে তাইৰ শত্রু যেন লগা হৈছিল। এটা সৰু ৰুম ভাৰা কৰি দয়ো যুগ্ম জীবনৰ পাটনি মেলিলে।প্ৰতুলে প্ৰাইভেট কোম্পানি এটাত চেলচ্ মেন হিচাপে কামত সোমাল। খাতনি যিমান সেই অনুপাতে দৰমহা তেনেই নগন্য। মাহৰ শেষৰ ফালে চলিবলৈ টনা টনিয়ে হয়গৈ। আৰ্থিক নাটনি, কামৰ হেচা, সময়ৰ নাটনি এই সকলোবোৰে যেন লাহে লাহে প্ৰতুলক মানসিক ভাবে ৰুমিৰ পৰা দুৰলৈ লৈ গৈ আছিল। ৰুমিৰ জীবনটো তাই কব নোৱাৰাকৈয়ে এখন নিৰ্দিষ্ট দৈনিক তালিকাত পৰিণত হৈছিল। নিসংগতা আৰু বিষন্নতাই তাইক এনেকৈ আগুৰি ধৰিছিলে যে তাই নিজকে প্রশ্ন কৰে ” কাৰ বাবে মই জীয়াই আছো?

আগত ওচৰ পাজৰৰ দুই এগৰাকীৰ লগত দুই এষাৰ কথা পাতিছিলে। লাহে লাহে সেইয়াও বাদ দিলে, কাৰণ তাইৰ ওচৰত নিৰ্দিষ্ট দৈনিক তালিকা খনৰ বাহিৰে পাতিব লগীয়া একো নতুন কথা নাথাকে। তাই মনতে ভাবে “মোৰো যদি এটা সন্তান থাকিলেহেতেন, ব্যস্ততাৰ চাগে অন্ত নপৰিলেহেতেন ঠিক চায়া,কাঞ্চনৰ দৰেই। ওচৰৰ ৰুমতে ভাৰা থকা চায়া আৰু কাঞ্চনৰ গিৰীয়েক হতৰো উপাৰ্জন ইমান ভাল নহয়, কিন্তু সিঁহতেটো নিজৰ সন্তানটোক ইমান মৰমেৰে তুলিছে। সন্তানটোৰ প্ৰয়োজন পূৰাবলৈ কেতিয়াবা নিজে এসাজ নাখাইও সিহত তাইতকৈ সুখত আছে। ” ক’ত ভুলটো হল বাৰু যাৰ বাবে তাই আজি ইমান অকলশৰীয়া অনুভব কৰে” ? ভাবি ভাবি যেন তাই পাৰ নাপায়।

প্ৰতুলে কামৰ পৰা আহোতে টেবলেট এটা আনি তাইৰ হাতত দিলে। টেবলেটটো হাতত লৈ ৰুমিয়ে নিৰবে ভাবিলে ” এনেকৈ আৰু কিমান দিন? ভাত পানি খাই উঠি গিৰীয়েক টোপনি গল। ৰুমিৰ চকুলৈহে টোপনি নাহিল। তাইৰ মন টোৱে বিদ্ৰোহ কৰি উঠিল। ” তিনি বছৰে প্ৰতুলে তাইক সন্তান ৰাখিব দিয়া নাই। আচলতে প্ৰতুলৰ আৰ্থিক নাটনিতকৈও বেছি সাহসৰ অভাব। সন্তানৰ দায়িত্ব লবলৈ তাৰ মানসিক প্ৰস্তুতিৰ অভাব। যি জন মানুহৰ মৰম পাবলৈ তাই সকলো এৰি আহিছিল, সেই জন মানুহেই আজি তাইৰ এই নিসংগতা বুজি নাপায়। ” এইবাৰ মই কিবা এটা সিদ্ধান্তলৈ আহিবই লাগিব। প্ৰয়োজন হলে এই চুড়ান্ত সিদ্ধান্তটো অকলেই লম।” নিজকে আশ্বাস দিলে ৰুমিয়ে। নিশাটো উজাগৰেই পাৰ হল তাইৰ। খিৰিকীৰ ফাকেৰে ৰঙা ৰ’দ এচেৰেঙা সোমাই তাইৰ চকুত পৰিল। বিচনাৰ পৰা উঠি আহি ৰুমিয়ে প্রথমতে টেবলেটটো ডাস্টবিনত পেলাই দিলে। দৰ্জা খন খুলি দিয়াত এচাটি কোমল বতাহ ভিতৰলৈ সোমাই আহি তাইৰ মনটো ফৰকাল কৰি তুলিলে। দুগুণ উৎসাহৰে ৰুমিয়ে কাম বোৰ এখনৰ পিছত এখনকৈ কৰি গ’ল । কাৰণ আজিৰ পৰা তাইৰ দায়িত্ব আৰু আত্ম বিশ্বাস দুয়োটা দুগুণে বাঢ়ি গল। ৰুমিৰ সৰুতে শুবৰ সময়ত মাকে মূৰত হাত বুলাই শুনোৱা নিচুকনি গীত এফাকি গুনগুনাবলৈ মন গ’ল …আমাৰে মইনা শুবয়ে………।।

 

কৰবী ডেকা

By