ৰুটিন লাইফ

ৰাতিৰ খোৱা বাচন খিনি ধুই , ৰাতিপূৱালে বনাব লগীয়া চব্জিখনৰ পাচলিখিনি একেবাৰে কাটি মেলি আজৰি হৈহে শোৱা পাতি ললে পূবালিয়ে।

ৰাতিপূৱালে অফিচ। অফিচ থাকিলে তাইৰ আগদিনাৰ পৰাই টেনশ্যন।কৰ্মজীৱনৰ বাৰটা বৰ্ষ অতিবাহিত কৰাৰ পিছতো তাইৰ এনে উথপ্ থপ্ দেখিলে অভিৰ হাঁহিয়াতৰ পাত্ৰ হয় তাই।কিন্ত সি নো কি বুজিব ৰাতিপুৱাই কিমানখিনি মেনেজ কৰি যাব লাগে তাই।

ধুনুৰ স্কুল বন্ধ থকাই এটা ডিউটিৰ পৰা এইকেইদিন যেনিবা সকাহ পাইছে।কিন্তু বাকি ভাত বনোৱা, অভিৰ টিফিন, গোঁসাইৰ কাম, নিজে খাই বৈ ওলোৱা আৰু সকলোতকৈ ডাঙৰ কাম ধুনুক ভাত খুৱাই নগলে যে তাইৰ অফিচত শান্তি নাই। ইফালে তাৰ শুই উঠিয়ে কৰা নাখ্ৰা বোৰ টো আছেই।

লকডাউন টোৱে যে অভ্যাস বোৰো বেয়া কৰিলে। ৬ তাতকৈ সোনকালে উঠিব নোৱাৰা টোও তাইৰ ডাঙৰ সমস্যা।৫.৪৫ ত এলাৰ্ম বাজে কিন্তু ১৫ মিনিট বেছিকৈ শুই নললে যেন টোপনিটো আধৰুৱাহে হয়।এইকেইদিন ধুনুকো উঠাবলৈ বৰ কষ্ট কৰিব লগীয়া হৈছে।

আজি অলপ সোনকালে গৈ ৰিপোৰ্টবোৰৰ কামখিনি আগবঢ়াব বুলি ঠিৰাং কৰিছে তাই।ৰাতিপুৱাৰ নিজ কাম খিনি শেষ কৰি আজৰি হৈ ধুনুক মাতি ব্ৰাছ কৰাই দৌৰাদৌৰিকৈ গালি পাৰি পাৰি ভাত কেইটা খুৱাই উঠিল পূবালিয়ে।

ৰাতিপুৱা ঘড়ীটো যে ইমান ফাষ্ট চলে।৯ বাজি ১৫ মিনিট গ’লেই।”আচৰিত অভি নুঠে কিয়।অলপো সময়ৰ জ্ঞান নাই মানুহটোৰ।টোপনি পালে সব পাহৰে।” ভোৰভোৰাই পূবালি বেড্ ৰুমলৈ গ’ল।”হেৰা কি হল তোমাৰ? মই অফিচ যাওঁ , তুমি নুঠা নেকি আজি।” অলপ উচ্চ স্বৰতেই কথা খিনি কৈ উঠিল পূবালিয়ে।

“আজি চোন চানদে কিহৰ অফিচ হে তোমাৰ। ধেৎ টেৰী টোপনিৰ আমেজ টোৱে নাইকিয়া কৰিলা।”

অভিৰ প্ৰত্যুত্তৰত লাজ পাই ফোনটোত বাৰ – তাৰিখ টো চাই নিজৰে হাঁহি উঠিল তাইৰ।

হায়! নিত্য নৈমিত্তিক জীৱন!!

বেগখন দলিয়াই তায়ো বিচনাত আকৌ এবাৰ ঢলি পৰিল।

এইবাৰ বাৰ বজালৈ!!

চয়নিকা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

1 + 5 =