শাওনৰ প্রেমগীত

মহিমাই শাওন মহীয়া ৰ’দটো মূৰতলৈ একাঠু বোকা খচি খচি মাটি ৰোৱাত ব্যস্ত। গৰমত ঘামি জামি বোকা মাটি খিনি ৰুইছে। এই মাটিখিনিত ধানৰ অনুপাতে কষ্ট বেছি হয়। দ মাটি বাবে পানীয়ে মাৰে এবাৰ, দুবাৰ । পুনৰ ৰুবলগীয়া হয়।

মাটি ৰুই থকা মহিমালৈ চাই ৰয় কাষতে আলি দি থকা মানিকে। গৰমত গোটেই মানুহজনী পকা থেকেৰাটোৰ দৰে হৈ পৰিছে। এটা বাসনা জাগি উঠে তাইক এবাৰ চুই চোৱাৰ।

মহিমা আম খাবি আহ ঘৰৰ পৰা টেঙা আম চুচি আনিছিলো __মানিকে চিঞঁৰ এটা মাৰি মাটি ৰুই থকা মহিমাক মাতে।

গছৰতলতে থৈ দে গৈছো। এইকন একেবাৰে আজৰি হৈ লওঁ।

গৰমত ঘামি জামি অৱস্থা বেয়া হোৱা মহিমাই টেঙা আমৰ লোভটো সামৰিব নোৱাৰে।

উঠি আহে মহিমা বোকাৰ পৰা। পথাৰতে হাতখন ধুই লয়। তিতা মেখেলাখন চেপা এটা মাৰি অলপ জোকাৰি দিয়ে।

“দে “মোৰ আমকণ!!!! ৰৈ থাকিবলৈ সময় নাই। এইকন আজিয়ে শেষ কৰিব লাগিব। বৰষুণ নিদিলেই হয় দুই তিনিদিন। আকাশখনলৈ চাই মহিমাই কয়।

তোৰ আৰু কিমান বাকী আছে _মানিকলৈ চাই সোধে।

মানিকে কচু পাত এখিলাত তাইলৈ থৈ দিয়া আমকণ আগবঢ়াই দিয়ে….

মোৰ বহুত বাকী আছে আৰু দুই তিনিদিন লাগি যাব পাৰে।

তাকে অ’ মানুহে মাটি ৰুই শেষেই কৰিলে। তোৰ ,মোৰ নিচিনা কেইটাৰহে বাকী আছেগৈ। লোকৰ মাটিত কাম কৰোতে কৰোতে নিজৰ মাটি কেইডৰা থাকিয়ে যায়। মহিমাই মানিকলৈ চাই হাঁহি এটা মাৰি কয়…

তাকে অ’….

এইবাৰ খেতি পানীয়ে নামাৰিলে অহাবাৰলৈ ট্রেক্টৰ বুলি ভাবিছো। নাযানো আৰু কি হয়। লৰাটোও ডাঙৰ হৈ আহিছে নহয়। খৰচবোৰ বাঢ়ি আহিছে দিনে দিনে।

তোৰে ভাল দে অকলশৰীয়া মানুহ ৰাগ জঞ্জাল নাই….

একো নকয় মহিমাই খাই কচুপাত খিলা দূৰলৈ পেলাই দিয়ে।

তই বহ, মই ৰুবলৈ যাওঁ বুলি উঠি আহে।

মানিকে বহু সময়লৈকে গছজোপাৰ তলতে বহি ৰয়। মহিমাৰ গাৰ পৰা ওলোৱা বোকামাটিৰ গোন্ধটোৱে তাক আমনি কৰে।

কিমান বছৰ হ’ল সি ঘাম মিহলি হৈ থকা এই বোকা মাটিৰ গোন্ধটো নোপোৱা।

এনেকুৱা সময়তে তাৰ মানুহজনীৰ মৃত্যু হৈছিল লৰাটোক জন্ম দিবলৈ গৈ। সেই দিন ধৰি সি লৰাটোক বুকুত লৈয়ে জীয়াই আছে কিন্তু কেতিয়াবা কেতিয়াবা তাৰো মন যায় … কাৰোবাৰ বুকুৰ মাজত সোমাবলৈ……

জগটোৰ পানীখিনি ঘোটঘোটকৈ পিঁ খাই সি। উঠি আহে গছৰ তলৰ পৰা। পুনৰ আলি দিয়া কামত লাগে।

সি কাম আৰম্ভ কৰালৈকে মহিমাই মাটিটুকুৰা ৰুই শেষ কৰি বামলৈ উঠি আহে। অ’ই তই কৰি থাক দেই!!!! মই যাঁও। ভাত বনাবলৈও আছে। গৰু জনীৰ বাবে ঘাঁহ দুডালমান কাটিবলগীয়া হৈ আছে।

যা ,যা মানিকে দূৰৈৰ পৰাই কয়।

সৰুৰে পৰা দুয়োটাই একেলগে একেখন স্কুলতে পঢ়া শুনা কৰি ডাঙৰ হোৱা.. ঘৰকেইটাও ওচৰা ওচৰি।

মানিকৰ মনত পৰে কথাবোৰ…. জীয়ৰী সময়চোৱাত গাঁওৰ নামঘৰটোত অনুষ্ঠিত কৰা ৰাসত প্রায়ে সি কৃষ্ণ আৰু মহিমা ৰাধা হয়। সকলোৱে সিহঁতৰ যোৰাটো বহুত ভাল পায়।

লাহে লাহে,মানিকৰ মনত মহিমাৰ বাবে প্রেমৰ ভাৱ এটা আহিছিল হে তেনে সময়তে ৰাস শেষ কৰি মহিমা শংখচুড়ৰ লগত পলাই যায়….

তাৰ মনৰ কথা মনতে থাকিল। মহিমাই গৈ বেলেগৰ ঘৰ শুৱনি কৰিলগৈ ।

লাহে লাহে কথাবোৰ পাহৰণি হৈ পৰিল।

সময় আগবাঢ়িল। মানিকেও বিয়া বাৰু কৰালে ঠিক সেইখিনি সময়তে এটা বেমাৰী শৰীৰ লৈ মহিমা পুনৰ গাওঁখনলৈ ঘুৰি আহিল।

সকলো আচৰিত হৈ পৰিল মহিমাৰ অৱস্থা দেখি.. কি ছোৱালী কি হৈ পৰিল। শহুৰেকৰ ঘৰৰ মানুহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাই ঘৰলৈ ঘুৰি আহিল।

মহিমা ঘৰলৈ ওভতি অহাৰ মুল কাৰণটো সকলোৱে জানিলে। বিয়াৰ পাছত লৰা ছোৱালী এটা নোহোৱাৰ বাবে তাইৰ মানুহটোৱে আকৌ এবাৰ বিয়া কৰাবলৈ মন মেলা কথাটো গম পাই তাই গিৰিয়েকৰ লগত দিনে ৰাতিয়ে কাজিয়া কৰিছিল। শেষত প্রেমিক মানুহটোৱে তাইৰ গাত হাত উঠাবলৈও কুন্ঠাবোধ কৰা নাছিল।

এৰি আহিছিল তাই সকলো লগত লৈ আহিছিল এখন ভগ্ন হৃদয়।

কিন্তু বিয়া হৈ যোৱাৰ পাছত যে নিজৰ মাক দেউতাকৰ ঘৰখনো ছোৱালী এজনীৰ বাবে নিজৰ হৈ নাথাকে সেই কথাটো তাই পলে পলে উপলব্ধি কৰিবলৈ ললে।

সকলোৰে বাবে তাই বোজা হৈ পৰিল। দেউতাক মাকে নিজৰ ছোৱালীজনীৰ সেই অৱস্থাতো চাই থাকিব নোৱাৰি বাৰীৰ কাষৰে মাটি অকনমান আৰু পথাৰৰ এই দ মাটিকন তাইক দিলে।

বাৰীৰ চুকৰ সেই মাটিতে তাই সৰুকৈ ঘৰ এটা সাজি আজিৰ পৰা তিনিটা বছৰ তাই অকলে আছে।

গাঁওৰে ছোৱালী বাবে বহুতৰ ইচ্ছা গলেও তাইৰ অকলশৰীয়া অৱস্থাটোৰ সুবিধা লব নোৱাৰে কোনেও।

হলেও কিছুমান মানুহৰ চকুৰ পৰা বাচি নাযাই তাই। তাৰোপৰি মানুহৰ বুকু ভেদি যোৱা ককৰ্থনা বোৰ আছেই।

হলেও তাই জীয়াই আছে।

মানিকৰ কেতিয়াবা কেতিয়াবা মহিমাক তাৰ বুকুৰ কথাবোৰ কবলৈ মন যায় কিন্তু সি ভয় কৰে কিজানি তাই ভুল বুজে।

নিজৰ মানুহজনীৰ মৃত্যুৰ পাছৰে পৰা সকলোৱে তাক লৰাটোৰ মুখলৈ চাই পুনৰ বিবাহৰ বাবে জোৰ কৰে। তেতিয়া তাৰ চকুত কেৱল মহিমাৰ মুখখনেই জিলিকি উঠে।

পথাৰৰ পৰা অহাৰ পাছতে মানিকে গম পালে তাৰ ৫ বছৰীয়া লৰাটোৰ তমোময় জ্বৰ। আইতাকে বিচনী এখনেৰে বিচি আছে। সি লৰালৰিকৈ মুখ হাত কেইটা ধুই গাড়ী এখন বিচাৰি গ’ল। বাৰিষাৰ বতৰ গাঁওৰ ৰাষ্ট্ৰাটোত গাড়ী আহিব নোৱাৰে বোকাৰ বাবে।

উপায়হীন হৈ পৰে সি। তিনিআলিটোত বহি পৰে সি।

মহিমা দোকানলৈ আহিছিল। মানিকক তেনেকৈ দেখি কি হ’ল বুলি একে দৌৰে তাৰ ওচৰ পাই।।

মই তোৰ লৰাটোৰ লগত আছো। তই যা ডক্টৰৰ ওচৰৰ পৰা দৱাই কেইটামান সোনকালে লৈ আহগৈ ।

মহিমাই মানিকক কয়।

তাই ঘৰৰ পদুলিতে বজাৰৰ বেগটো পেলাই থৈ। মানিকৰ ঘৰৰ ফালে আগবাঢ়ি যায়।

আজি তাইৰ কাৰো কথালৈ কাণ নিদিয়ে। ইমান দিনে তাই কেৱল কিছুমান মানুহৰ ভয়ত মাক নাইকিয়া লৰাটো কাষ চাঁপি আহিলেও একোলা লোৱা নাছিল। মানিকৰ পৰা দুৰত আছিল।

কাৰণ মানুহবোৰে এনেয়ে কিছুমান কথা ওলিয়াই। মানিকৰ মানুহজনীৰ মৃত্যুৰ পাছত মানিকৰ লগত কথা এষাৰ পাতিলেও মানুহে তাইক কথা শুনাবলৈ নেৰে ।

“গিৰিয়েকে এৰাজনী এইবাৰ মানিকৰ টেটুত লাগিলগৈ”

“মানিকো কম নহয় সিহঁতৰ প্রেম সেই ৰাসলীলাৰ কৰাৰ পৰা আছিল।” আদি নানা ৰকমৰ কথা। তাইৰ নিজৰ মানুহখিনিয়ো পিছ পৰি নাথাকে এইবোৰত।

তাই জ্বৰত কঁপি থকা লৰাটোৰ কপাঁলত ৰুমাল এখন তিয়াই লেপ এটা দি দিয়ে। লৰাটো তাইৰ বুকুত সোমাই পৰে। অলপ সময়ৰ বাবে তাই অসহয বোধ কৰিলেও লগে লগে তাই তাক বুকুত সাৱতি লয়

আইতাকে দুৰৰ পৰা দৃশ্যটো চাই ৰয়।

মানিক দৰব কেইটা লৈ দৌৰা দৌৰিকৈ ভিতৰলৈ সোমাই আহে।

মহিমাই তাৰ লৰাটো বুকুত সাৱতি বিচনাখনত বহি আছে। তাক দেখি মহিমাই লৰালৰিকৈ বিচনাৰ পৰা নামিবলৈ চেষ্টা কৰে।

একো নহয় বহ তই। জ্বৰ কমিছে নি অলপ!!! মানিকে তাইলৈ চাই কয়।

মই দৰব আনিলো কিবা এটা খুৱাই সোনকালে খুৱাই দিবলৈ কৈছে। ভাল নাপালে কাইলৈ যেন তেনে তেখেতৰ ওচৰলৈ লৈ যাবলৈও কৈছে।

ৰহ মই তাৰ বাবে ভাত দুটামান আৰু তোৰ কাৰণে চাহ আনো। মানিক ভিতৰলৈ সোমাই যায়।

মানিকৰ লৰাটোৱে মহিমাক এৰিকে নিদিয়া হ’ল। তাই তাক ভাত দুটামান খুৱাই দৰবটো খুৱাই দিলে।

মহিম ইয়াক চাবি গধুলি হ’ল মই যাঁও কাইলৈ এপাক ৰাতিপুৱাই আহিম।

তেনেতে মহিমৰ মাক ভিতৰলৈ সোমাই আহে।

“মহিমা তই যদি বেয়া নাপাঁও, অহা যোৱা কিনো কৰি থাকিবি মানুহে কিবা কবহে তাতকৈ একেবাৰে লৰাটোৰ মাক হৈ এইখন ঘৰতে থাকিয়ে যা “”

আচৰিত হৈ পৰে মহিমা খুড়ীয়েকে তাইক কি কৈছে এইবোৰ.. তাইৰ মহিমৰ মুখলৈ চাই…

মায়ে ঠিকে কৈছে মই ক’ম ক’ম ভাবি থকা কথাটো মায়ে আজি কৈ দিলে.. মহিমে গহীনকৈ কয়।

ইফালে শুই থকা লৰাটোৱে জ্বৰ হৈ থকাৰ পৰাই মা শব্দটো শুনি বিচনাত বহি পৰে।

আশাৰে মহিমালৈ চাই… মহিমাই তাক যোৰকৈ সাৱটি ধৰে।

মানিক আৰু মাক ৰুমটোৰ পৰা ওলাই যায়..

মানিকৰ কাণত পৰে মহিমাই লৰাটোক শুৱাবলৈ গান এটা গাইছে…

“আহ অ’ টোপনি নামি আহ

মোৰ সোন টোপনি যাব”

মৌচুমী শৰ্মা বৰকাকতি

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

84 + = 90