মন হীৰা দৈ চাইকেল নহয় টিলিঙা

বহু দিন পৰি থকা চাইকেলখনলৈ চাই হৰেশ্বৰ থৰ লাগিল।আজি এলাগী হৈ পৰা চাইকেলখন তাৰ বাবে এদিন কিমান লাগী আছিল।ভৰ যৌৱনতে দেউতাকে ধান বেচি তাক চাইকেলখন কিনি দিছিল।ডেকা মন,যৌৱনৰ ভৰ পকত চাইকেলখন পাই সি ক’ত ক’ত যে যোৱা নাছিল।পোৰাভেটি,মাধতাৰি,নগাঁৱৰ পৰা একেবাৰে শিলঘাটৰ কামাখ্যা, হাতীমূৰালৈকে।কোনো এখন ভাওনা ,কোনো এখন পালা সাৰি যোৱা নাছিল।নিজে নকৰিলে কি হ’ল প্ৰতিখন ভাওনাৰ প্ৰতিটো চৰিত্ৰৰ বচন তাৰ মুখত।লগৰ হেমন্ত,ফণীধৰহঁতৰ লগত শ শ মাইল চাইকেল মাৰিও তাৰ ভাগৰ নালাগে।তেজাল যৌৱন,চঞ্চল মনৰ ৰাগীত তাৰ হেপাঁহবোৰত পাখি গজিছিল।মাইল ,মাইল দূৰত্ব চাইকেল মাৰি সিহঁতে ফুটবল, ভলিবল চাবলৈ গৈছিল।মুখত গুণগুণাই গৈছিল

মন হীৰা দৈ চাইকেল নহয় টিলিঙা।

চাইকেল খন সি বৰ মৰমৰে ৰাখিছিল।বৰষুণ বতৰত চলালে সদায় আহিয়েই চাফা কৰিছিল।বিশ্বকৰ্মা পূজাত ধূপ চাকি জ্বলাই থাপনাৰ আগত সেৱা এটি কৰিছিল, চাইকেলখন ভালকৈ ৰাখিবলৈ।

যৌৱনৰ এই ভৰ পকতে সি এদিন তাৰ চাইকেলৰ আগত ওঠাই লৈ আহিছিল তাইৰ মনৰ মানুহজনী মণিক।একো এটা কাম বন নকৰা হৰেশ্বৰ আৰু মণিৰ কথা যেতিয়া মণিৰ ঘৰত গম পাইছিল ঘৰৰ মানুহে ওচৰৰ গাঁৱৰ মাধৱ মাষ্টৰৰ লগত তাইৰ বিয়া থিক কৰিছিল।কিন্তু ই কেনেকৈ সম্ভৱ মণিৰ বাবে।তাইৰ যে ইতিমধ্যে হৰেশ্বৰৰ লগত হিয়া দিয়া নিয়া হৈ গৈছে।এদিন লগৰ প্ৰমীলাৰ হাতত খবৰ দি পঠালে বোলে আজি ৰাতি নটা মান বজাত তাক মোক লৈ যাবলৈ ক’বি,নহ’লে কাইলৈ কলঙত মোৰ দেহটোহে পাব।কথামতেই কাম, ইমান সোনকালে কাম ফেৰা কৰিম বুলি ভবা নাছিল যদিও প্ৰাণেশ্বৰীজনীক কলঙত জাপ দিবলৈ দিব পাৰিনে,লৈ আনিলে চাইকেলৰ আগত বহুৱাই।এনেই যেনিবা সি গৰু গাড়ীত গ’ল হয় এতিয়া যেনিবা চাইকেলত গ’ল।সোমোৱাই দিলেহি ঘৰ।ৰাতিয়েই হুৱাদুৱা লাগিল।বাপেকে ভালেই পালে পেটেপেটে,এনেও মাক নোহোৱা ঘৰখনত মাইকী মানুহ এজনীৰ প্ৰয়োজন আছিলেই।পুতেকৰ লক্ষণ দেখি কোনে ছোৱালী দিব বুলিহে তেওঁ মুখ মেলা নাই।যি হ’ল ভালেই হ’ল বুলি তেওঁ বোৱাৰীয়েকক ঘৰত স্থান দিলে।মণিৰ ঘৰৰ মানুহেও ছমাহ মানলৈ জীয়েক মৰিলে বুলি ভাবিলে যদিও পিছলৈ জীৱিত কৰি থ’লে।

হৰেশ্বৰ মণিৰ যুগ্ম জীৱন আৰম্ভ হ’ল।যি সপোন লৈ মণি আহিছিল হৰেশ্বৰৰ ঘৰলৈ লাহে লাহে হৰেশ্বৰৰ উতনুৱা স্বভাৱে তাইৰ সেই সপোন ভাঙি পেলালে।বেয়া কাম একো নকৰিলেও ভাওনা, পালাৰ নামত হৰেশ্বৰৰ ঘৰত থাকিবলৈ সময় নাই।ৰাতি ৰাতি লগৰীয়াৰ লগত ভাওনা চাই চাই ঘূৰি ফুৰা হৰেশ্বৰক এদিন মণিয়ে তাইৰ অন্তিম বাণী শুনাই দিলে।

যদি সংসাৰ কৰিবলৈ মন আছে ভাওনা সবাহ বাদ দি ঘৰ,পথাৰৰ কাম কৰক ,নহ’লে তাইক পাহৰি যাওক।

শুনিলে সি, মণিয়ে যদি এৰি যায় কেনেকৈ থাকিব সি,গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব। সেইদিনাৰ পৰা হৰেশ্বৰ মণিক সদায় পথাৰত দেখা গ’ল।পুৱাই চাইকেলত উঠি দুয়োটা যায় আকৌ সন্ধিয়া ওভতি আহে।আজিকালি মণি আগফালে নুঠে, পিছফালে উঠে।লাজ লাগে আগফালে উঠিবলৈ।বজাৰ কৰিবলৈ যাওঁতেও তাই পিছফালে উঠি যায়।গাঁৱত দুই এখন বাইক হৈছে, গাড়ী বুলিবলৈ মৌজাদাৰৰ ঘৰতেই যি এখন আছে।দুফালে দুবেগ পাচলিৰে সিহঁতে সপ্তাহৰ দেওবৰীয়া বজাৰ কৰে।বজাৰ খনত সেইদিনা বস্তুবোৰৰ দাম কম হয়।মণিয়েও মাজে মাজে তাইৰ লাগতিয়াল বস্তুবোৰ তাৰপৰাই কিনে।চাইকেলখন বজাৰৰ এচুকত থৈ ছাবিকাঠী নমৰালৈকে মণিৰ শান্তি নাই।সম্পত্তি বুলিবলৈ সেইখনেই যি।

মণি গৰ্ভৱতী হৈছিল,আজিকালি তাইক চাইকেলত নুঠাই সি,খোজকাঢ়ি খোজকাঢ়ি হস্পিতাললৈ নিয়ে।তাৰ দায়িত্ব বাঢ়িল, গাত কথা লাগিল।পঞ্চামৃত খুৱাবলৈ মাকৰ ঘৰলৈ তাইক লৈ গ’ল।দুদিন থকাৰ পিছতে সি আকৌ লৈ আহিলগৈ।চাইকেলখনত বেগকেইটা ওলমাই দুয়োটা খোজকাঢ়ি খোজকাঢ়ি ঘৰ সোমাইছিলহি।সেই দুদিনতে সি বুজি উঠিছিল মণি তাৰ জীৱনৰ যে এক ছিঙিব নোৱাৰা অংগ।এদিন ৰাতি মণিৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল, সময় ওচৰ চাপি আহিছিল বাবে মণিৰ মাকো দুদিনমানৰ আগৰপৰাই আছিলহি।চাৰিওফালে ধোঁৱা কোৱা দেখিছিল সি।ৰাতিয়েই ওচৰৰ ধাইক মাতিবলৈ গৈছিল সি।চাইকেল কোনফালে চলাইছিল সি নাজানে মাথোঁ ভৰি মাৰিছিল, আগফালে হেমন্তক বহুৱাই টৰ্চটো মাৰিবলৈ কৈ সি মাথোঁ ধাইক আনিবলৈ পেদেল মাৰিছিল।ধাইৰ সহায়ত ঘৰতেই মণিয়ে তাৰ পোনাকণক জন্ম দিছিল।

পোনাকণ ডাঙৰ হৈ আহিছিল, তাৰ লগত খেলিধূলি থাকোঁতে সিহঁতৰ সময়বোৰ পাৰ হৈছিল।আজিকালি মণিক হৰেশ্বৰে পথাৰলৈ যাবলৈ নিদিয়ে, ল’ৰাটোৰ লগত ঘৰতে থাকিব দিয়ে।ইমান পাহুৱাল মানুহটো থাকোঁতে কিয় তাই কষ্ট কৰিব লাগে।সি আজিকালি লোকৰ মাটিও আধিলৈ লৈ খেতি কৰে।আগতকৈ এতিয়া তাৰ অৱস্থা যথেষ্ট ভাল হ’ল।পোনাকণৰ দুবছৰ মান হোৱাৰ পিছতেই হৰেশ্বৰৰ দেউতাকো স্বৰ্গগামী হ’ল।সেই সময়ত ডাক্তৰক আনিবলৈও সি এই চাইকেলখনকে দৌৰাইছিল।ডাক্তৰ নাহে চাইকেলত,সিও আকোঁৰগোজ ,পিছত চাৰিআলিত থকা অটোৰিক্সা এখনকে থিক কৰি ডাক্তৰক আনিলে যদিও দেউতাক নাবাচিল।

পোনাকণ ডাঙৰ হৈ অহাৰ লগে লগে হৰেশ্বৰে সদায় আবেলি আবেলি তাক চাইকেলত উঠাই চাৰিআলিৰ ফালে লৈ যোৱা হ’ল।কিমান ফূৰ্তি পাই সি চাইকেলত উঠি।তাৰ স্কুলৰ নাম দিলে অৰূপ।কিন্তু সিহঁতৰ বাবে পোনাকণেই হৈ থাকিল।পুৱা গাঁৱৰে স্কুলত পথাৰৰ কাম নাথাকিলে হৰেশ্বৰে তাক থ’বলৈ যায় আৰু ছুটীত লৈও আহে।চাইকেলখনৰ ক’ৰবাত কিবা এটা হ’লে ঘৰৰ তিনিওটা প্ৰাণীয়ে দুখ পায়।পোনাকণ ডাঙৰ হৈ অহাৰ লগে লগে নিজে চাইকেল চলাবলৈ মন কৰা হ’ল,দেউতাকক খাটনি ধৰিবলৈ লাগিল তাক চাইকেল শিকাই দিবৰ বাবে।ইয়াৰ মাজতে সিহঁতৰ মাজলৈ কণমানি এজনীও আহিল।ককায়েকৰ পিছে পিছে তাই ঘূৰি ফুৰিব পৰা হ’ল।

পোনাকণে লাহে লাহে চাইকেল লৈ স্কুললৈ যাব পৰা হ’ল।লগৰকেইটাই পদূলি মুখত টিলিঙা বজাই আৰু সি লগে লগে দৌৰ মাৰে।হৰেশ্বৰে আজিকালি চাইকেল চলাব নাপায়েই।মণিৰ ভয় লাগে কিজানি সিও দেউতাকৰ নিচিনাই হয়।পিছে নাই সি পঢ়াই শুনাই ভালেই।হৰেশ্বৰে এতিয়া তাৰ মাটিৰ ঘৰটো ইটা,চিমেন্টৰ গাঁথনি দিছে।পুতেক স্কুলৰ পৰা অহাৰ পিছতেই সি চাইকেল লৈ পিছদিনাৰ বাবে চিমেন্ট,বালি এইবোৰ কিনিবলৈ যায়।মণিৰ আসাম টাইপ ঘৰৰ সপোনটো পূৰ হ’ল।ঘৰ বনোৱাৰ দুবছৰ মান পিছত হৰেশ্বৰে ট্ৰেক্টৰ এখন কিনিলে।পোনাকণেও মেট্ৰিক পাছ কৰিলে,ষাঠি শতাংশৰে যেনে তেনে সি প্ৰথম বিভাগ পালে।গাঁৱৰ মানুহে ঘৰ শুৱনি কৰিলেহি।হৰেশ্বৰ আকৌ গ’ল চাইকেল মাৰি মিঠাই আনিবলৈ।

পুতেক এইবাৰ কলেজলৈ যাব।নাইনলৈকে পঢ়া হৰেশ্বৰৰ পুতেকে এতিয়া সেইখন চাইকেল চলাই কলেজলৈ নাযায়।লাজ পাব হেনো সেইখন লৈ গ’লে।উপায়ন্তৰ হৈ ডাকঘৰৰ পইচাকেইটা উলিয়াই নতুন চাইকেল এখন কিনি দিয়া হ’ল।এফালৰ পৰা হৰেশ্বৰৰ ভালেই হ’ল হৰেশ্বৰৰ চাইকেল আকৌ হৰেশ্বৰৰ হ’ল।

ছোৱালীজনীও লাহে লাহে ডাঙৰ হৈ আহিল।চাৰি কিলোমিটাৰ দূৰৈত থকা হাইস্কুল খনলৈ হৰেশ্বৰে অনা নিয়া কৰা হ’ল।আজিকালি মণিয়ে তাঁত বয়,গামোচা, চাদৰ-মেখেলা উলিয়াই।এদিন ছোৱালীজনীও পুষ্পিতা হ’ল।এইবাৰ বাপেক, পুতেকৰ দুখন চাইকেলৰ জোৰত বিয়াখন সৰুসুৰাকে হৈ গ’ল।এতিয়া আকৌ তাই দেউতাকৰ চাইকেলত উঠি স্কুললৈ নোযোৱা হ’ল।উপায় নাই বিয়াখন যেনতেন পাতিছেহে ইমান পইচানো ক’ত পাই।উপায়ন্তৰ হৈ হৰেশ্বৰৰ পুৰণি চাইকেল খন লেডিজ চাইকেললৈ ৰূপান্তৰ কৰা হ’ল,নতুন চিট,নতুন ৰং,নতুন কেৰিয়াৰে চাইকেল একদম চকমকীয়া কৰি তোলা হ’ল।এইবাৰ জীয়েক স্কুলৰ পৰা অহাৰ পিছত হৰেশ্বৰ উলাই যোৱা হ’ল।পুতেকৰ চাইকেলখন চলাব নাজানে সি।কিবা চোন কোঁজা হৈ চলাব লাগে।

ল’ৰাই কলেজ পাছ কৰি চাকৰি বিচৰাত লাগিল।হাইফাই চাকৰি নহ’লেও টাউনৰ স্কুলখনতে সি কেৰাণী চাকৰি এটা পালে।মণিৰ আনন্দৰ সীমা নাছিল।ইমান দুখ কষ্টৰ মাজতো যে সি মানুহ হ’ল সেইটো ডাঙৰ কথা।হৰেশ্বৰেও আজিকালি দহৰ আগত বুকু ফিন্দাই থাকিব পৰা হ’ল।প্ৰথম প্ৰথম সি চাইকেল মাৰিয়েই গৈছিল যদিও ছমাহ মানৰ পিছত সি বাইক এখন ল’লে।চাইকেলখন গোদাম ঘৰত পৰি থাকিল।দুদিনমানৰ পিছত ল’ৰা এটাক সেইখন বিক্ৰী কৰি দিলে, এতিয়া হেনো সেইখনৰ প্ৰয়োজন নাই।ছোৱালীনীক সি কেতিয়াবা বাইকত কলেজত থৈ আহেগৈ,নহ’লে ফ’ৰ জিৰ’ ছেভেনত যাবলৈ পইচা দি পঠাই।এতিয়া চাইকেল চলোৱা মানুহ হৰেশ্বৰেই ঘৰখনত ৰৈছেগৈ।আজিকালি মাটি সি আধিলৈ দিয়ে,নিজে নকৰে।মাজে মাজে চাইকেলখন লৈ পথাৰৰ কাম চাবলৈ যায়।

পুতেকলৈ ছোৱালী দিবলৈ মানুহ বোৰ আহি আছে।ৰাহিয়ে যোৰায়ে মিলা নাই।এদিন পোনাকণে হৰেশ্বৰক চাইকেল চলাই আৰু ঘূৰি নুফুৰিবলৈ ক’লে।কিবা দৰকাৰ হ’লে সি আনি দিব বস্তু।মাজে মাজে সি মাক-দেউতাকক টাউনলৈ লৈ যায় বাইকত।এইবাৰ সি গাড়ী এখন কিনিব।বিয়াৰ আগতেই লেঠাবোৰ মাৰি ল’ব হেনো।আজিকালিৰ ল’ৰা-ছোৱালী ভৱিষ্যতৰ চিন্তা আগতেই কৰে।সিহে ডেকাটো হৈ থাকোঁতে একো এটা চিন্তা কৰি নাপালে।বোকাখাটৰ ভাল ছোৱালী এজনী পাই তাৰ বিয়াখন পাতি দিয়া হ’ল।এইবাৰ কিন্তু চাইকেল নদৌৰিলে,এইবাৰ দৌৰিলে বাইক,গাড়ী।বোৱাৰীজনী ভালেই,সকলোকে আপোন কৰি ল’ব পাৰিছে।ছোৱালীজনীও বৌ বৌ কৰি তাইৰ পিছে পিছে ঘূৰি ফুৰে।

হৰেশ্বৰৰ লাহে লাহে বয়স হৈ আহিছে।এদিন চাৰিআলিৰ ফালে ওলাই যাওঁতে চাইকেলৰ পৰা পৰি ভৰিত দোষ পালে।সেইদিনাৰ পৰা হৰেশ্বৰৰ চাইকেল চলোৱা বন্ধ হ’ল।আজি অফিচলৈ যোৱাৰ সময়ত পোনাকণে বোৱাৰীয়েকক ক’লে -লোহা টিঙৰ মানুহটো আহিলে এইখন চাইকেল দি দিব লাগে ,গাড়ী,বাইক একেলগে গেৰেজটোত ৰাখিবলৈ নহ’লে দিগদাৰ হয়।

চাইকেলখন ওলিয়াই আনিলে হৰেশ্বৰে —তোৰখন যি কৰিলি কৰিলি,মোৰ চাইকেলখন কিন্তু মোৰ চিতাৰ জুইৰ লগতহে জ্বলাবি ।তহঁতে কি বুজিবি এইখন চাইকেলৰ মূল্য।

মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 6 = 4