নিসংগ জীৱন আৰু প্ৰেম

প্ৰায় এবছৰ হ’বৰ হৈছিল অৰ্চিতা আৰু সমীৰে ব্ৰেকাপ কৰা।ইমান প্ৰেম আছিল সিহঁতৰ মাজত, কিন্তু সময় আৰু পৰিস্থিতি যে নিষ্ঠুৰ!দুয়ো দুয়োকে সহ্য কৰিব নোৱাৰা হৈ আহিছিল কেইটামান মাহৰ পৰা।আৰু দুয়োয়ে ব্ৰেকাপ ৰ সিদ্ধান্ত লৈছিল সেই দিনা সন্ধিয়া, যিদিনা সিহঁতৰ মাজত কাজিয়া ইমান বাঢ়ি গৈছিল যে সমীৰে ক’ব নোৱাৰাকৈ খঙত হাত তুলিছিল অৰ্চিতৰ ওপৰত।

আজি এবছৰে ইজনে সিজনৰ সৈতে সংযোগ কৰিব চেষ্টা কৰা নাই।ব্যস্ততাও চাগে খুবেই বেছি আছিল জীৱনত,যে অনুভৱ কৰিবলৈ সময় পোৱা নাই প্ৰেমৰ অভাৱ ৰ।আৰু সমীৰৰ এই ব্যস্ত জীৱনেই তো আছিল সিহঁতৰ কাজিয়াৰ উৎস।অৰ্চিতাৰ নিজকে অদৰকাৰি যেন অনুভৱ হৈছিল সমীৰৰ জীৱন ত।অকমান সময়ৰ বাহিৰে কিনো বিচাৰিছিল তাই।

সমীৰ নিজৰ ব্যৱসায়ত ইমানকৈ ব্যস্ত আছিল যে দেশ বিদেশ ভ্ৰমণ কৰি আহৰি নাছিল খন্তেক জিৰণি ল’বৰ। অৰ্চিতায়েও দুখবোৰ পাহৰি কামত নিজকে ব্যস্ত কৰি ৰাখিব ধৰিছিল ।এইখিনি সময়ৰ ভিতৰতেই বহুতৰ পৰা বিবাহৰ প্ৰস্তাবো পাইছিল তাই।প্ৰেমৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল যদিও ,তাইৰ মগজুৱে বাছি লৈছিল এজনক বিবাহৰ বাবে।

জীৱনত সকলো পোৱাৰ হেপাঁহে সমীৰক যন্ত্ৰ এটাৰ সদৃশ কৰি পেলাইছিল।লকডাউনৰ অজস্ৰ সময়েহে যেন অনুভৱ কৰাইছিল তাক, আচলতে আমি মানুহবোৰে কিহৰ পিছত দৌৰি ফুৰিছো।নিসংগ জীৱনত অৰ্চিতাৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিব ধৰিছিল সি।ব‍্যবসায়তো যথেষ্ট ‍ক্ষতি হৈছিল এই সময়ছোৱাত। তাৰ মাজতে আকৌ বন্ধু এজনৰ পৰা অৰ্চিতাৰ বিয়াৰ দিন ঠিক হোৱা খবৰটো পালে।সকলো ফালৰ পৰা যেন ভাঙি পৰিল সি।মাকৰ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি কান্দিব মন গৈছিল তাৰ।কিন্তু দূৰ্ভাগীয়া সমীৰেতো বহু কম বয়সতে মাককো হেৰুৱাইছে।কাৰ ওচৰলৈ যাব সি?কাৰ সৈতে দূৰ কৰিব জীৱনৰ নিসংগতা?কাৰ বাবে জীয়াই থাকিব সি?

নিসংগতায়ে মানুহক যে ভিতৰি ভিতৰি এইদৰে ফোপোলা কৰি পেলাব পাৰে, সেই কথা নিসংগতাত ভোগা জনৰ বাহিৰে আন কোনেও চাগে বুজি নাপায়।

জীয়াই থকাৰ প্ৰেৰণা হেৰাই পেলাইছিল সমীৰে।অৰ্চিতাইতো আছিল এটা সময়ত তাৰ জীয়াই থকাৰ প্ৰেৰণা, তাইৰ মৰমেই তাক দিছিল জীৱন যুজঁত জয় হোৱাৰ উৎসাহ।

শেষ বাৰৰ বাবে অৰ্চিতা ক ফোন কৰিলে সমীৰে।তাইক ক্ষমা নিবিচৰাকে সি গুছি যাব পৰা নাছিল।বেছি একো ক’ব পৰা নাছিল সি “I a m sorry অৰ্চিতা।বহুত দুখ দিছোঁ মই তোমাক, পাৰিলে মোক ক্ষমা কৰি দিবা, অহা জনমত তুমি কেৱল মোৰ হ’ব লাগিব।”

অৰ্চিতা ৰ বুকুখন বিষাই উঠিল।কি হবলৈ গৈ আছে তাইৰ অন্তৰখনে যেন বুজি পালে।কি কৰিব তাই একো ঠিৰাং কৰিব পৰা নাছিল।

স্কুটি খনত বহি যিমান পাৰে সিমান যোৰে চলাই সমীৰৰ ঘৰ পালে।

বেলটো বাজি উঠাত , সমীৰে খুলো নুখুলোকৈ দুৱাৰ খন খুলি দিলে। সন্মুখত অৰ্চিতা, সি বিশ্বাস কৰিব পৰা নাছিল। দুৱাৰ মুখৰ পৰাই অৰ্চিতাৰ চকু পৰিল মেজৰ ওপৰত থকা বটলটোত।

“POISON” বটলটোত স্পষ্ট কৈ লিখা আছিল।

অৰ্চিতাই সমীৰক সাবটি ধৰিলে, সশব্দে কান্দি উঠিল তাই। সময়ত আহি পোৱা বাবে অদৃশ্য জনক ধন্যবাদ জনালে।

কুঁৱলী বৰুৱা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 19 = 24