আবেলিৰ এই ৰ’দালি

অস্তমিত সূৰ্যৰ শেষ পোহৰকণ গাত পৰিছিল তেওঁৰ।প্ৰতিটো আবেলিৰ এই সৌন্দৰ্য উপভোগ কৰে তেওঁ।জীৱনৰ এই বিয়লি বেলাত বেলকনিত বহি বহি তেওঁ উপভোগ কৰে এই সৌন্দৰ্যৰ লগতে স্বামী অমৰ বৰুৱাৰ সান্নিধ্য।বৰুৱা যোৱা আজি বহু বছৰ হ’ল।তথাপিও এই আবেলিটো মিচেছ অনুৰাধা বৰুৱাৰ একান্তই ব্যক্তিগত।

পুৱাতে ল’ৰা ছোৱালী কেইটা স্কুললৈ পঠিয়াই দুয়ো ভাগে ভাগে নিজৰ কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল।আবেলি ল’ৰা-ছোৱালী কেইটাক ৰেষ্ট ল’বলৈ দি তেওঁলোক দুয়ো এই বেলকণিতে আবেলিৰ চাহ কাপৰ সোৱাদ লৈছিল।উপভোগ কৰিছিল প্ৰকৃতিৰ সৌন্দৰ্য্যৰাজি। বৰ্ষণমুখৰ আবেলি জুতি লৈছিল দুয়ো একেলগে পকৰী, চাহৰ জুতি।বয়সে গৰকা দুয়োকে কিন্তু এই সময়কণে যৌৱনৰ তৃপ্তি দি গৈছিল।

বিয়া হৈ অহাৰ পিছৰপৰাই এই সময় তেওঁলোকৰ।দুয়ো য’তেই নাথাকক কিয় এই সময়কণে তেওঁলোকক হাতবাউলি মাতিছিল।ল’ৰা ছোৱালীকেইটা ডাঙৰ হৈ অহাৰ লগে লগে নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰিল।দুয়ো সন্তান তেওঁলোকৰ টুইন হোৱাৰ বাবে সমস্যাও প্ৰথম বহু হৈছিল।তথাপিও নিজৰ কৰ্মদক্ষতাৰে মিচেছ বৰুৱাই সকলো সমস্যা হেলাৰঙে পাৰ কৰি আহিছে।দুয়ো ডাঙৰ হৈ অহাৰ লগে লগে ইটোৱে সিটোক বুজিব পৰা হ’ল আৰু মিচেছ বৰুৱাৰ সমস্যাইও কিছু পৰিমাণে কমিল।

দুয়োটা ল’ৰা ছোৱালীয়ে পিতৃ মাতৃৰ সন্মান ৰাখি প্ৰতিটো পৰীক্ষাতে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল।সৰুৰে পৰা মিচেছ বৰুৱাই সিহঁতক সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ প্ৰেৰণা দিছিল।নিজে বিচৰা ধৰণৰে জীৱনৰ পথ বাচি ল’বলৈ দিছিল।তেওঁৰ মতে আনে জাপি দিয়া বোজাতকৈ নিজে কঢ়িওৱা বোজাৰ ভৰ কম।কাৰণ আনেটো নাজানে তেওঁ কিমান পৰিমাণৰ বোজা কঢ়িয়াব পাৰিব।নিজে নিজৰ লক্ষ্য বাচি লৈ দুয়োটা ল’ৰা ছোৱালীয়ে জীৱনৰ পথত আগুৱাই গৈছিল।গৰ্বিত হৈছিল দুয়ো পিতৃ মাতৃ।যেতিয়া ছোৱালীজনীয়ে আমেৰিকাৰ নিউজ চেনেলৰ সাক্ষাৎকাৰ এটাত তাই সকলো কৃতিত্বৰ স্বীকৃতি পিতৃ মাতৃক দিছিল।আমেৰিকাৰ এজন যুৱকৰ সৈতে তাই নিজৰ পচণ্ড অনুসৰি বিয়াত বহিছিল।লাজ পোৱা নাছিল বৰুৱা দম্পতিয়ে।ছোৱালীক শিক্ষিত কৰি পাখি মেলি উৰিবলৈ শিকাইছে যেতিয়া তাই উৰিবই।আমেৰিকাৰ ল’ৰা আহি অসমীয়া নিয়ম কানুনেৰে বিয়া কৰাই অসমীয়া জোঁৱাই হৈ পৰিল ।

ল’ৰাটোৱেও গুৱাহাটীতেই নিজৰ চেম্বাৰ খুলি চিকিৎসা শাস্ত্ৰৰ জ্ঞানেৰে ৰোগ নিৰ্মূল কৰিবলৈ চেষ্টা কৰি আহিছে।ল’ৰাটোৱেও তাৰ লগৰে ডাক্তৰী পঢ়া ছোৱালী এজনিকে বিয়া পাতি সংসাৰখন কৰিলে।সুখী বৰুৱা দম্পতি।আমেৰিকাত থকা জী-জোৱাই,ডাক্তৰ ল’ৰা-বোৱাৰীৰে অনুৰাধা বৰুৱাৰ হেপাঁহৰ ঘৰখনে পূৰ্ণতা পালে।

দুয়ো সন্তানৰ সমূহ দায়িত্ব পালন কৰি এদিন হঠাতেই ৰাতি প্ৰেছাৰ ষ্টক হৈ অমৰ বৰুৱাই এই সংসাৰৰ পৰা বিদায় ল’লে।অনুৰাধা বৰুৱাৰ জীৱনৰ অমূল্য সম্পদটি হেৰাই গ’ল।ৰঙা ফুট আৰু শেওতাৰ সেন্দুৰ কণ উকা হৈ পৰিল।তাৰ ঠাইত বোৱাৰীয়েকে আনি দিয়া ক’লা ফোটটোৱে ঠাই ল’লে।সলনি হ’ল সময়বোৰ।দুটি মনেৰে গঢ় দিয়া সংসাৰখনে উজুতি খোৱা হ’ল।অনুৰাধা বৰুৱা কলেজৰপৰাও অৱসৰ হ’ল।আগতে ল’ৰা ছোৱালীবোৰৰ মাজতে সময়বোৰ পাৰ কৰা মিচেছ বৰুৱাৰ অৱসৰৰ পিছত এতিয়া সময়েই সময় হ’ল।

পো নাতিৰ মুখ নেদেখাকৈয়ে অমৰ বৰুৱাই সংসাৰ এৰিছিল।কিন্তু অনুৰাধা বৰুৱাই নাতি ওমলাবলৈ পালে।ইমনক কোলাত লৈ তেওঁ আকৌ ঘূৰি যায় অতীতটোলৈ।ৰুমটোত সোমাই লৈ স্বামীৰ ফটোখনৰ সন্মুখত ৰৈ কথা পাতে তেওঁ ইমনৰ।লাহে লাহে ডাঙৰ হৈ আহিছে ইমন।মাক দেউতাকৰ ব্যস্ততাবোৰৰ মাজত আইতাকেই তাৰ লগৰী আৰু মিচেছ অনুৰাধা বৰুৱাৰ বাবেও ইমন এতিয়া তেওঁৰ সঙ্গী।কেতিয়াবা আইতাকৰ সঙ্গ দিয়ে সি সেই বেলকনিত বহি।উপৰাউপৰি প্ৰশ্নই আইতাকৰ অৱস্থা বেয়া কৰে।

আজিকালি ইমনো ডাঙৰ হৈ আহিছে ।স্কুল, আৰ্ট,বেডমিণ্টন, মিউজিক এইবোৰৰ পৰা তাৰ সময় নোহোৱা হৈছে।মাক দেউতাকেও কৰ্মব্যস্ততাৰ মাজতে তাক অলপ সময় দিবলৈ চেষ্টা কৰে।নোৱাৰে সিহঁতে নিজৰ সন্তানক বিচৰা ধৰণে সময় দিব।লাহে লাহে অনুৰাধা বৰুৱাও অকলশৰীয়া হয়।নিসংগতাটো তেওঁ পাই আজিকালি মধুৰ অনুৰণন।জানে তেওঁ সন্তানে তেওঁক সময় দিব নোৱাৰে।ব্যস্ত সিহঁত।সকলো ব্যস্ত বৰ্তমানৰ পৃথিৱীখনত।ইয়াত দোষ কাৰো নাই।আমি ল’ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব বিচাৰোঁ।ভাল চাকৰি এটা পালে আনন্দ পাওঁ।নিজৰটোৱে নাপায় আনৰটোৱে পালে ব্যস্ততাৰ উদাহৰণ দিওঁ।একো নকৰি ঘৰত বহি থাকিলে কামবন নাই বুলি গালি পাৰোঁ, আকৌ ব্যস্ত সন্তানৰ মাক দেউতাকলৈ সময় নাই বুলি গৰিহণা দিওঁ।বৰ্তমান ল’ৰা ছোৱালী সকলোৱে পঢ়া শুনা কৰি নিজৰ ভৰিত নিজে থিয় হয়।পুত্ৰ সন্তানে যদি কৰ্মৰ পৰা আহি ভাগৰত ঘৰত সময় দিব নোৱাৰে তেন্তে বোৱাৰীয়েকৰপৰা সেই আশা কিয় কৰা হয়।পঢ়া শুনা ,চাকৰি কৰা ছোৱালীও লাগে আকৌ ঘৰৰ কাম জনা বোৱাৰীও লাগে।বৰ্তমান ব্যস্ত কৰি ৰাখিব পৰা এই মোবাইল, লেপটপ আৰু অন্যান্য যান্ত্ৰিক বস্তুবোৰটো আছেই ।বোৱাৰীয়েকে খোৱা বোৱাৰ লগতে ইমনৰ কামখিনি কৰি কামলৈ ওলাই যায়।পুতেকেও পুৱা নটাৰ পৰা ৰাতি আঠ,নটালৈকে ব্যস্ত থাকে।যিকণ সময় পাই নিজৰ বাবেও চোন নাটে।

দুখ,অভিমান নকৰে অনুৰাধা বৰুৱাই।সন্তানক জন্ম দি ডাঙৰ দীঘল কৰাটো পিতৃ মাতৃৰ দায়িত্ব।তাৰ প্ৰতিদানত যদি পিতৃ মাতৃয়ে সন্তানৰ পৰা কিবা বিচাৰে তেন্তে চোন তেওঁলোক পিতৃ মাতৃৰ স্থানত থকাৰ যোগ্যই নহয়।নিবিচাৰে তেওঁ কাৰোপৰা একো।উপাৰ্জনৰ টকাকেইটা এতিয়া তেওঁ ক’তো খৰচ কৰিবলগা নহয়।পুতেক বোৱাৰীয়েকে বজাৰ সমাৰ কৰিয়েই আনে।তথাপিও তেওঁ মাজে মাজে এ টি এম কাৰ্ডখন উলিয়াই দিয়ে কিবাকিবি কিনি আনিবলৈ।কেতিয়াবা নিজেও ওলাই গৈ প্ৰয়োজনীয় সামগ্ৰী খিনি কিনি আনে।বন্ধ দিনত ইমনে আইতাকৰ লগত দুপৰীয়া ইটো সিটো কৰি পাৰ কৰে।বোৱাৰীয়েকে দুপৰীয়াটো বিশেষ ব্যঞ্জন বনাবলৈ চেষ্টা কৰে।অনুৰাধা বৰুৱাই সদায় দুপৰীয়া আহাৰৰ যোগাৰ কৰে।দেওবাৰে সেয়ে তেওঁক বোৱাৰীয়েকে একো কৰিব নিদিয়ে।কেতিয়াবা পুতেকে সেইদিনটোত বাহিৰলৈ যোৱাৰ প্লেন বনাই, মাককো লগ ধৰে।মাজে মাজে যায় তেওঁ মাজে মাজে নাযায়।সিহঁত তিনিটাক অকলে ফুৰিবলৈ কেতিয়াবা এৰি দিয়ে।যাওকচোন সিহঁত,তিনিওটাই একেলগে সময় পাৰ কৰিবলৈ সময়ে নাপায়।বৃদ্ধ বয়সত বিচৰা ধৰণে আদৰ নাপালেও তেওঁটো অনাদৰো পোৱা নাই পো-বোৱাৰী নাতিৰ পৰা।বোৱাৰীয়েকেও কোনোদিন এষাৰ টান কথা কৈ পোৱা নাই, অৱকাশেই যে নাই।তেওঁও কোনোদিন বোৱাৰীয়েকৰ দোষ খুচৰা নাই, খুচৰিবই বা কিয় মৰম দিলে হে মৰম পাই।

আবেলিটো একেই আছে তেওঁৰ দৈনন্দিন ৰুটিনত।সকলোৱে জানে এই সময় তেওঁৰ ব্যক্তিগত ,কোনেও আমনি নকৰে তেওঁক এই সময়কণত।নাতিনীয়েকে আজি ফোনটোত লিখিবলৈ শিকাই দিছে।লিখিবলৈ কৈছে সি আইতাকৰ জীৱনৰ অনুভৱবোৰ।আৰম্ভ কৰিছে তেওঁ আবেলিৰ এই সুবাসেৰে।

মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 31 = 38