“স্কুলখন এবাৰ চাবলৈ সোমালোঁ ৷” — ঘৰলৈ অহাৰ বাটত পোৱা এল পি স্কুলখন দেখি সোমাই যোৱা ডা° প্ৰমথৰঞ্জনে ক’লে ৷
ছুটীৰ পিছত ঘৰলৈ উভতাৰ যো-জা চলোৱা শিক্ষক-শিক্ষিকা কেইগৰাকীয়ে অসময়ত অহা মানুহজনক এচ এচ এৰ কোনোবা বুলি ভাবি থমকি ৰৈছিল ?
“মই জাৰ্মানিত থাকো ৷”- তেওঁ পুনৰাই ক’লে ৷
– “ ভাল লৰা-ছোৱালী আমাৰ ইয়ালৈ নাহে ৷”
– “ প্ৰাইভেট স্কুললৈহে যায় ৷”
– “ অভাৱী ঘৰৰ কেইটাহে নাম লগায় ৷”
– “ মিদ-ডে মিলৰ কাৰণে নাম লগায় ৷”
– “ জাৰ্মানিত থকা মানুহে কি বুজি পাব ৷”
এক অৱজ্ঞাসূচক ভাবত তেওঁলোকে সৰুকৈ নিজৰ মাজত কথা পাতিবলৈ লোৱা দেখি ডা° প্ৰমথৰঞ্জনে মাত লগালে,
“ মই এইখন পাঠশালাতে পঢ়িছিলো ৷”
সজোৰে ঘোষিত প্ৰমথৰঞ্জনৰ কথাত শিক্ষক-শিক্ষিকা কেয়োজনে নিশ্চুপ হৈ তেওঁলৈ চালে ৷
✍ ড জয়ন্ত কুমাৰ দাস