বিষাদ

জন্মৰে এখন ভৰি চুটি ভাৰতীৰ | বেঁকা-বেঁকি খোজেৰে তাই , ৰাতিপুৱাৰ পৰা আবেলিলৈ এপাৰ্টমেন্টটোৰ ইঘৰৰ পাছত সিঘৰৰ তাত হাতীৰ দৰে কাম কৰি যায় !!কেৱল সপ্তাহৰ দেওবাৰ দিনটোত কামৰ বিনিময়ত টকাকেইটা পোৱাৰ আশাৰে | ঘৰলৈ যাওতে হেঁপাহৰ টকাকেইটা বুকুত সাৱটি ভাৰতী মনতে অংক কৰি যায়… “পানী পৰা ঘৰটোৰ টিনচালি কেইপাত লগাওতে বন্ধন গোটৰ পৰা লোৱা টকাৰ সুদ কালিলৈ দিব লাগিব |

অকমানিটোৰ কাৰণে কিনিব লাগিব হাফপেন্ট এটা…

ছোৱালীজনীৰ কাৰণে কলম এটা….

সপ্তাহটো চলিব পৰাকে চাউল 1কেজি, আলু 1 কেজি অলপ মিঠাতেল…….”

দিনৰ দিনটো লোকৰ ঘৰত কাম কৰি ভাগৰি নপৰা ভাৰতী তেতিয়াহে শাৰিৰীক মানসিকভাৱে ভাগৰি পৰে ,, ৰাতি যেতিয়া মদাহী গিৰিয়েকে পইচা বিচাৰি মুখেৰে বেয়া মাত মাতি তাইক মাৰধৰ কৰি পিছদিনাৰ বাবে অংক কৰি থোৱা টকাখিনি টানি-আঁজুৰি লৈ যায়…

পম্পী শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

37 − = 35