অসমীয়া চুটিগল্প

সুখ

সুখ

ধনেৰে প্ৰেম জোখা তৃষাই ধনী ব্যৱসায়ী বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ যেতিয়া আভিজাত্যৰ টেগ মাৰ্কটো লগাই ওঁঠত বাধ্যতামূলক হাঁহিটো ওলোমাই পাৰ্টি এনজয় কৰি থকা মুহূৰ্তত অকস্মাত নিয়োজিত ৱেটাৰ সকলৰ ভিতৰত নিজৰ পুৰনি প্ৰেমিক তন্ময়ক দেখে তাইৰ নজনাকৈয়ে বুকুৰ দুখবোৰ চকুলো হৈ ওলাই আহে। ইফালে তন্ময়ৰ সঁচা প্ৰেমত জিকমিকাই থকা মালিতাই যেতিয়া তন্ময়ৰ দিনহাজিৰা কৰা পইচাৰে ৰাতিৰ সাজ ভালকৈ যোগাৰ কৰি তাইৰ স্বামী তন্ময় আৰু পুত্ৰক সন্তোষেৰে খোৱাই তুলিব পাৰে তাইৰ সুখেৰে ভৰা মুখ খন যেন পূৰ্ণিমাৰ জোনটিত কৈয়ো উজ্জ্বল হৈ জিলিকি উঠে। ✍ চয়নিকা নাথ
Read More
জীয়া শৈশৱ

জীয়া শৈশৱ

মোৰ ভাইটি আৰু মই প্ৰায় কানসমনীয়া হোৱা বাবে সৰুৰে পৰা আমাৰ মিতিৰালীও বেছি আৰু কাজিয়াও বেছি। সৰুতে ভাইটি মেধাৱী হোৱাৰ লগতে আছিলে ভীষণ ভয়াতুৰ। দ্বিতীয় শ্ৰেণীৰ পৰীক্ষাত সি প্ৰথম স্থান পায় আৰু তেতিয়াৰ পৰাই পৰীক্ষাত লিখা কলমডাল আৰু ফলাফল দিয়াৰ দিনা পিন্ধা চাৰ্ট টো তাৰবাবে আপুৰুগীয়া আৰু লাকি সম্পদ হৈ পৰে। আৰু সেই কেইপদ নহলে সি ফাৰ্ষ্ট হব নোৱাৰিব বুলি তাৰ ভয়। সেয়ে আগন্তুক প্ৰতিটো পৰীক্ষাতে সেই দুপদ আপুৰুগীয়া বস্তুৰ ব্যৱহাৰ কৰিব নোৱাৰিলে তাৰ শান্তি নাই। দ্বিতীয় শ্ৰেণীৰ চাৰ্টটো চতুৰ্থ শ্ৰেণীলৈ তাৰ গাঁত নুজুৰিলেও সি সেইটো বেলেগ চাৰ্ট এটাৰ তলত, বুটামৰ সলনি পিন মাৰি হলেও পিন্ধিছিলে। পিছলৈ সেইটো ৰুমাল বনাই…
Read More
সাহিত্যিক জিন

সাহিত্যিক জিন

মোৰ বায়ে কয় আমি হেনো বংশগতভাৱে সাহিত্যিক বিদ্যা লৈ আহিছোঁ । এইখিনিতে কঁও যে আমাৰ ঘৰত মা এগৰাকী ভাল লেখিকা, মোৰ বাৰ লেখা মাজে সময়ে প্রান্তিক, সফুৰা ইত্যাদিত প্রকাশ পায়ে থাকে । দাদাই ফেচবুক, ব্লগ ইত্যাদিত লিখি বিশেষ খ্যাতি অৰ্জন কৰিছে আৰু মোৰ ভাইটিয়ে উচ্চতৰ মাধ্যমিকত অসমীয়া বিষয়ত অসমভিত্তিক প্রথম স্হান পাই সুনাম অৰ্জন কৰি থৈছে । কিন্তু মোৰ সেই বংশগত জিনটো এতিয়াও শুয়ে আছেনে ? কথাটো মই মাজে মাজে ভাবো আৰু বৰ হতাশাত ভুগো । সিহঁতৰ মাজত অলপ হেও জ্ঞানো নকৰা নহয় । সৰুৰে পৰা ক’লা আখৰবোৰ চপা দেখিলেই গাটো কিবা জ্বৰ জ্বৰ লাগি যোৱাৰ ভাবটো দেখোন এতিয়াও আছেই…
Read More
আৰোহী ৱেডচ আৰুব্ধ

আৰোহী ৱেডচ আৰুব্ধ

প্ৰথম ভাগ কাহিনীবোৰ এনেকুৱাই।কেতিয়া ক'ৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয় কোনেও ক'ব নোৱাৰে।বৰ্তমান কেতিয়া অতীত হয় আৰু অতীত কেতিয়া বৰ্তমান হয় কোনেও ক'ব নোৱাৰে। অদৃষ্টৰ হাতৰ লিখনীত আমি মাথো নিমিত্তহে। কথাবোৰে মনত দোলা দি থাকোতেই গৃহস্থৰ মাততহে সম্বিত ঘূৰাই পালে স্বাতীয়ে। "ওলাই হ'লনে?বহুত দূৰ যাবলগা আছে, সোনকাল কৰা।" এৰা,বহু দূৰ, বহু দিনৰ অপেক্ষাৰ অন্তত আজিৰ দিনটো।স্বাতীৰ চকুত আজিও জীৱন্ত সেই কথাবোৰ।কথাবোৰ মনতে ভাবি ভাবি লৰালৰিকৈ গাড়ীত উঠিল স্বাতী।এই যাত্ৰা বহুদূৰলৈ গুৱাহাটীৰ পৰা যোৰহাট।গৃহস্থৰ কোম্পানীৰ ছুটী পাব নাপাব দোধোৰ মোধোৰ অৱস্থাৰ মাজতে শেষ সময়ত সকলো থিক কৰি সিহঁতৰ এই লৰালৰি।লৰালৰি বেলেগ একোৰে নহয়,এখন বিয়াৰ।যিখন বিয়াৰ সপোন সিহঁতে দেখিছিল একেলগে।নিজৰ…
Read More
গুণগুণ ডায়েৰী

গুণগুণ ডায়েৰী

খণ্ড1 – ক্ৰেজি লজিক মিছেছ বৰ্মনৰ ছবছৰীয়া লৰা গুণগুণ। খোৱা বস্তুৰ প্ৰতি অকণো ৰাপ নাই তাৰ। কোনো এপদ বস্তু হাতেৰে তুলি নাখায়। প্ৰতিসাজ ভাত মাকে খুৱাই দিলেহে খায় নহলে লঘোণে যায়। মাকে খোৱোৱাৰ সময়তো বিভিন্ন উপায়েৰে সি মুখখন চেপি ধৰিব জানে, যাতে কম পৰিমাণৰ ভাত হে মুখলৈ যায় । পতিয়ন যোৱা যুক্তি দেখুৱাব নোৱাৰিলে সি তাৰ স্থিতিত অলৰ অচৰ। সেইদিনা তাক ভাত খোৱাই বিৰক্ত হোৱা মিছেছ বৰ্মন আৰু গুণগুণৰ কথোপকথন:- মিছেছ বৰ্মন (অলপ খং আৰু বিৰক্তিৰ সুৰত) :- কেনেকৈ মুখ মেলিছাঁ তুমি? গুণগুণ (কনফিডেন্সত):- নাজানা নেকি স্মল লেটাৰ o শ্বেপত মিছেছ বৰ্মন (গুণগুণক বুৰ্বক বনোৱাৰ প্ৰস্তুতিত):- তোমাক কোনে ভাত খুৱাইছে…
Read More
সোঁৱৰণী কুঁৱলীয়ে..

সোঁৱৰণী কুঁৱলীয়ে..

কত জানো পঢ়িছিল প্রদানে, পুৰুষে হেনো নিজৰ প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰে । জীৱনলৈ অহা প্ৰতিগৰাকী নাৰীৰ মাজত সেই প্ৰথম নাৰী গৰাকীৰ ছাঁ বিচাৰি ফুৰে । অলপ আগতে পুতেকৰ মোবাইল ত মীৰা শৰ্মাৰ live অনুষ্ঠানটো চাই উঠাৰ পিছত সেই কথাষাৰ সঁচা যেনেই লাগিল তেওঁৰ । বহুদিনৰ মূৰত মোবাইলৰ সৰু স্ক্ৰীন খনত মীৰাক দেখি এক বুজাব নোৱাৰা শিহৰণে চুই গল তেওঁক । কোনোদিনেই কাৰো আগতেই প্ৰকাশ নকৰা এটি মিঠা আবেগ যেন সপ্ত সুৰৰ ৰাগিনীৰ সতে বৈ আহিছে তেওঁৰ চকুৰ আগত । প্ৰখ্যাত গায়িকা মীৰা শৰ্মাৰ সৈতে একেলগেই আৰম্ভ কৰিছিল প্রদানে তেওঁৰ সংগীতময় যাত্ৰা । বিভিন্ন মঞ্চত দুয়ো একেলগে গীত গাই ফুৰিছিল…
Read More
অহেতুক

অহেতুক

"------ছোৱালী কালত মই তাইক জানিছিলো। সপ্ৰতিভ,মেধাৱী,ধুনীয়া ছোৱালী ৰূপে।মেধা আৰু ৰূপৰ বাবে তাই এখন সুকীয়া আসন পাইছিল- ঘৰত,বন্ধু-বান্ধবৰ মাজত,তাইক পৰিবেষ্টিত সমাজত। স্বাভাৱিকতে তাই আছিল আত্মাভিমানী। -তাইৰ ওঠ যুৰি অলপ ডাঙৰ ;তল ওঁঠটি অকন ওলমি পৰা। মোৰ মাই কৈছিল;তাইৰ মাকে হেনো কৈছিল, সৰুতে হেনো কোনোবাই কিবা এষাৰ ক'লেই অভিমানী ওঠ দুটি বিদৰাই কান্দিব খোজা তাইৰ আদৰুৱা স্বভাৱটোৰ বাবেই হেনো!--বৰমাক,পেহীয়েকে তাইক 'আদেৰি' বুলি মাতিছিল। ---সৰু ঘৰ খনৰ পৰা ওলাই আহি তাই এটা ডাঙৰ চাকৰি পাইছিল আৰু তাইৰ দৰে সৰু ঘৰৰে ডাঙৰ চাকৰি কৰা দৰা এজনৰ সতে এদিন তাই বিয়া ত বহিছিল,-চাকৰি কৰাৰ ঠিক পিছতেই। ----এখন নিম্ন মধ্যবিত্ত পৰিয়ালৰ স্বাভাৱিক ছবি।। -- অসহজতা ক'তো…
Read More
মোৰ প্ৰিয় কিতাপ আৰু কিছু অনুভৱ

মোৰ প্ৰিয় কিতাপ আৰু কিছু অনুভৱ

স্কুলীয়া,কলেজীয়া কালত মই আছিলো কিতাপৰ পোক! দেউতাই কিতাপ কিনি ভাল পাইছিল আৰু মই পঢ়ি । কিনি অনা কিতাপখন 'গোগ্ৰাসে' - পঢ়ি উঠি মনটো বেয়া লাগে ;শেষেই হৈ থাকিলচোন ! অথচ পঢ়ি থকা সময়কণত শেষ হৈ যাব বুলি অকণ অকণকৈ চুপি খোৱা কেড্ বেৰীজ্ চকলেট টোৰ কায়দাত পঢ়িবলৈ মনত নপৰিল ! ছেহ্ ! হোষ্টেলত পঢ়ি থাকোতে কম সংখ্যক ইংৰাজী নোভেল আৰু মই নিজে ৰখা প্ৰান্তিক,গৰীয়সীৰ বাহিৰে বেলেগ কিতাপ বেছিকৈ পঢ়িব নোৱাৰা হ'লো। সীমিত বাজেট্,তাকৰীয়া সময় ! -ঘৰলৈ গ'লে দেউতাই কিনা কিতাপ কিছুমান উঠাই লৈ আহোঁ , হোষ্টেলত পঢ়িবলৈ। মাহটোলৈ বুলি দিয়া পকেট্ মানি ৰ দৰে হিচাপ কৰি পঢ়ো,শেষ হ'লে কোনে কিনি…
Read More
পখিলাৰ পম খেদি!

পখিলাৰ পম খেদি!

পখিলাটো বাৰে বাৰে বাছৰ ভিতৰৰ খিৰিকী খনত উঠা নমা কৰি আছে। ধুনীয়া, উজ্বল মূগা ৰঙী পখিলাটো !-মোৰ মনটো ও উচ্ পিচাই আছে। বাছৰ প্ৰথম চীট টোৰ ওচৰে পাজৰে তাই যিমানে উঠা-নমা কৰিছে, মইও সিমানে ভিতৰি চঞ্চলহৈ পৰিছো। খানাপাৰাত একেলগে বহুত মানুহ উঠিল। ফাৰ্মগেট,ৰিচাৰ্চ গেটৰ সমুখত তাকৰীয়া মানুহৰ উঠা- নমা। --পখিলাজনী একেটা ঠাইতেই আছে ! ছয়মাইল পালোহি। "ছয় মাইল,ছয়মাইল -এই নামা আছে--আস্তে---।" ---মোৰ অসংলগ্ন কথাবোৰ এতিয়া আপোনা-আপুনি ওলাই আহে । গমি পিতি, ভাবি চাব লগীয়া নাথাকে। আজি প্ৰায় সাতোটা বছৰ এই একেটা লাইনৰে কাম কৰি আহিছো! এযোৰা নীলা চাৰ্ট, পেণ্ট আৰু এটা উৰনীয়া মনলৈ। আজি কেইবছৰ মানলৈকে সকলো একেটা গতিতেই চলি…
Read More
গল্পৰ দৰে

গল্পৰ দৰে

এটি শ্ৰাদ্ধ উপলক্ষে আমি গৈ নিৰ্দিষ্ট ঘৰখনত উপস্হিত হৈছিলোগৈ ৷ চোতালৰ এফালে নাম প্ৰসংগ চলি আছিল ৷ আমাক আথে বেথে বাৰান্দাৰ পৰা আদৰি নিয়া মানুহজনৰ গা-ৰ কাষেদি মই চকা মকাকৈ দেখিছিলো হুইল ছেয়াৰত বহি থকা কণমানি জনীৰ মুখ ৷ উৎসুক মনৰ তাড়নাত তাইৰ কাষত বাৰান্দাতে বহি পৰিছিলো ৷ তাইৰ ধুনীয়া চকু হালিত নাই শিশুৰ সেই চিৰাচৰিত কৌতুহল অথবা চঞ্চলামি ৷ মাথো এক নিৰ্বাক চাৱনিৰে চাই ৰৈছে নাম প্ৰসংগত মগন ভকত সকলৰ ফালে ৷ শৰীৰৰ নিশ্চল অংগই যেন অনুভৱী সকলক বহুকথা নোসোধাকৈ কৈ দিবলৈ যথেষ্ট ! এবাৰ হাত ফুৰাই দিয়াৰ ইচ্ছা দমন কৰি গৃহস্হৰ আহ্বান ক্ৰমে ভিতৰলৈ গলো ৷ মনত হাজাৰ…
Read More