আমন্ত্ৰণী চিঠি

“খুৰাদেউ, এইবেলিও বিহু সন্মিলনীৰ কুঁৱৰী প্ৰতিযোগিতাত আপুনি বিচাৰক হ’ব লাগিব ৷”- চান্দা বিচাৰি অহা দলটোৰ কেবাজনেও ওপৰা-ওপৰি কৈ ক’লে ৷ “এইবাৰ নালাগে দিয়া” – আপত্তি কৰিলে বিহুনৃত্য প্ৰশিক্ষক এসময়ৰ দুৰ্দান্ত বিহুৱা অনন্ত তামুলিয়ে ৷ “নহ’ব খুৰাদেউ, পৰহিলৈ ছপা কাৰ্যসূচীৰ লগতে আপোনাৰ আমন্ত্ৰণী পত্ৰখনো আমি দি যাম ৷” – দ্বায়িত্বশীল যেন লগা দুজনমানে মাত লগালে ৷ “আমি বিহুৰ বৰঙণি বিচাৰিও আহিছিলো ৷ যোৱাবেলি দুহেজাৰ নিছিলো ৷ এইবাৰ খৰচো বেছি ৷” এইটো পুহতে তামুলিৰ পিতাকৰ বছৰেকীয়া হৈ গৈছে ৷ ফাগুনত জীয়াৰীৰ বিয়াৰ পিছৰ পৰা ঘৰুৱা খৰচো কিছু বাঢ়িল ৷ সকলো চালি জাৰি চাই টকা এহেজাৰ দি নিজৰ অসুবিধাৰ কথা বিৱৰি ক’লে ৷ অৱশেষত তামুলিয়ে আশা কৰাৰ দৰেই বিহু কমিটিৰ পৰা চিঠিখন নাহিল ৷

ড জয়ন্ত কুমাৰ দাস

By