হাউছ ৱাইফ

পুৱাৰ বেলিটি কপালত আঁকি লৈ ৰেৱতীয়ে দুপৰ নিশা লৈকে সকলোৰে আলপৈচান ধৰি যায়। সৰু বৰ সকলোৰে বাবে ৰেৱতী যেন গৃহিণী নহয়, এটা চুইচ টিপা মেছিন।

তথাপিও স্বামী অৰুনে কথাই প্রতি তাইক খুচ মাৰিবলৈ নেৰে, তেঁওৰ মতে , ঘৰতে থকা তিৰোতাৰ নো কি কাম? ৰেৱতীক লগৰ সহক’মীৰ লগত পৰিচয় কৰায় দিয়াৰ সময়ত প্রায়ে এষাৰ বাক্য অৰুনে মুখস্ত মাতে, তাই একো নকৰে! তাই এজনী হাউছ ৱাইফ….

এই এশাৰী কথাই ৰেৱতীৰ কেনো কামতে না ভাগৰা দেহা-মন ক্লান্তিৰে ভৰি পৰে…।

✍ স্বপ্নালী কটকী

By