228 Posts
অহা ২০ বছৰত মানৱ সমাজলৈ কি কি পৰিৱৰ্তন আহিব পাৰে?

অহা ২০ বছৰত মানৱ সমাজলৈ কি কি পৰিৱৰ্তন আহিব পাৰে?

পৰিৱৰ্তন অৱশ্যাম্ভাৱী। ✔ পৰিৱৰ্তনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আজিৰ পৰা ১০০ বছৰ পূৰ্বে যিটো কল্পনাৰো অগোচৰ আছিল, আজি সেয়া বাস্তৱ। প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে পৰিৱৰ্তনো পূৰ্বতকৈ দ্ৰুত গতিত হ’বলৈ আৰম্ভ কৰিছে। ভৱিষ্যত সদায়েই অনিশ্চিত। কিন্তু অতীত আৰু বৰ্তমানে ভৱিষ্যতৰ বহু কথাই আগতীয়াকৈ কৈ যায়। কিয়নো অতীত আৰু বৰ্তমানৰ ওপৰত ভৰ থৈয়েই ভৱিষ্যতৰ জন্ম। আজি যি ভৱিষ্যত কাইলৈ সেয়া বৰ্তমান। ✔  ভৱিষ্যতক লৈ মানুহৰ আগ্ৰহ অপৰিসীম। মানুহে ভৱিষ্যতক আগতীয়াকৈ জানিব বিচাৰে। সেয়ে মানুহে অতীজত জ্যোতিষশাস্ত্ৰৰ সহায় লৈছিল। বৰ্তমান সম্পূৰ্ণৰূপে বিজ্ঞান নহ’লেও একপ্ৰকাৰ বিজ্ঞানৰ অন্যতম অংশ হৈ পৰিছে ফিউচাৰ ষ্টাডিজ বা ফিউচাৰ’লজি। এই বিষয়টোত ভৱিষ্যতৰ পৃথিৱীখন কেনে হ’ব, ভৱিষ্যতৰ সমাজখন কেনে…
Read More
অমিতাভ বচ্চন

অমিতাভ বচ্চন

অমিতাভ বচ্চন| গলগলীয়া কন্ঠস্বৰৰ বাবেই এসময়ত আকাশবাণীয়ে প্ৰত্যাখ্যান কৰা এই প্ৰখ্যাত ব্যক্তিগৰাকীয়ে বৰ্তমানলৈ চিনেমাত প্ৰায় ৪০ টাকৈ গীত গাইছে।দেউতাকে জন্মৰ সময়ত নাম দিব বিছাৰিছিল ইনকিলাব শ্ৰীবাস্তৱ।কালক্ৰমত সেই নামৰ ঠাইত তেওঁ আন এটা নামেৰে প্ৰখ্যাত হৈ পৰিল।কবি সুমিত্ৰা নন্দন পন্তৰ পৰামৰ্শ অনুযায়ী পিতৃয়ে যি নাম ৰাখিলে সেই নামেৰেই জগত জিনিলে এইগৰাকী মহান ব্যক্তিয়ে।নিজৰ নামৰ পাছত থকা শ্ৰীবাস্তৱ উপাধিটো আতৰাই পিতৃৰ উপাধি গ্ৰহণ কৰিলে তেওঁ এটা সময়ত। সেই তাহানিৰ বম্বেত তেওঁৰ থাকিবলৈ ঘৰ নাছিল এটা সময়ত।ক'ত উজাগৰি নিশা কটাইছিল মেৰিন ড্ৰাইভত তাৰো হিচাপ নাই তেওঁৰ হাতত।এতিয়া তেওৰ বাসগৃহৰ সন্মুখত প্ৰতিদিনেই ভিৰ কৰেহি হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে।তেওঁৰ গুণমুগ্ধই প্ৰিয় অভিনেতাগৰাকীৰ এটা মাত্ৰ পলক পাবলৈ…
Read More
তমসো মা জ্যোতিৰ্গময় – ঊষা

তমসো মা জ্যোতিৰ্গময় – ঊষা

তমসো মা জ্যোতিৰ্গময় - অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ। পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ চাফা কৰাই জীৱন তেওঁলোকৰ।শৈক্ষিক দিশত অনগ্ৰসৰ তেওঁলোক,সেইগতিকেই উপায়ন্তৰ হৈ শেষত জীৱিকাৰ সম্বল হৈ পৰে চাফাই কৰ্ম।কাৰোবাৰ ঘৰৰ পায়াখানা,প্ৰস্ৰাৱঘৰ চাফাই কৰি যি দুই-এক টকা উপাৰ্জন কৰে তাৰেও মাহটো চলিবলৈ টনাটনি তেওঁলোকৰ।ইফালে আৰ্থিক নাটনিয়ে জীয়াই থকাত এক সুদৃশ্য বাধাৰ প্ৰাচীৰো থিয় কৰাইছে। সেই প্ৰাচীৰ ভাগি নিজক মৰ্যদাসহকাৰে জীয়াই থকাতো সপোনৰো অগোচৰ আছিল।পিছে ২০০৩ চনৰ এক ঘটনাই তেওঁৰ জীৱনৰ ৰথচক্ৰ সলনি কৰি পেলায়।তেওঁ বসবাস…
Read More
শিহৰণকাৰী বাঞ্জি জাম্পিং​

শিহৰণকাৰী বাঞ্জি জাম্পিং​

শিহৰণকাৰী বাঞ্জি জাম্পিং​ - আজ কুছ তুফানী কৰতে হ্যেই'।এটা সম্প্ৰচাৰিত জনপ্ৰিয় বিজ্ঞাপন। য'ত দুঃসাহসিক কৰ্ম কৰা দেখাই বিজ্ঞাপনটোত অভিনীত নায়কজনে।ঠিক একেদৰেই এনে ৰোমাঞ্চকৰ দুঃসাহসিক কৰ্ম এটা কৰাৰ ইচ্ছা সকলোৰে থাকে।এনেধৰণৰ ৰোমাঞ্চকৰ উত্তেজনাপূৰ্ণ দুঃসাহসিক কৰ্মৰ যোগেদি মনোৰঞ্জন লোৱাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহৰ নাগৰিকসকল কিন্তু আমাৰ লোকসকলতকে  যথেষ্ট আগৰণুৱা।তেওঁলোকে এনেধৰণৰ এডভেঞ্চাৰ প্ৰিয় ক্ৰীড়াশৈলীত এক প্ৰকাৰৰ সিদ্ধঃহস্ত।  পিচে এইক্ষেত্ৰত অৱশ্যে আমাৰ দেশ পিচপৰি ৰোৱা নাই বৰ্তমানে।ৰোমাঞ্চকৰ দুঃসাহসিক কৰ্ম কৰি ভালপোৱাসকলৰ বাবেই এনে এক ক্ৰীড়া শৈলী হৈছে বাঞ্জি জাম্পিং।প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ তথা সুউচ্ছ  ঠাই এডোখৰ ওপৰৰ পৰা কেবাশ ফুট তললৈ জপিয়াই কৰা এক আনন্দ-উল্লাস এয়া।  প্ৰকৃতাৰ্থতে সু প্ৰশিক্ষিত প্ৰশিক্ষক তথা দেহত কপকপীয়াকৈ এডাল ৰচীৰে বান্ধি…
Read More
সূৰ্যলৈ আদিত্য এল-১ – ইছৰ’ৰ ISRO ৰ অভিযান

সূৰ্যলৈ আদিত্য এল-১ – ইছৰ’ৰ ISRO ৰ অভিযান

মিছন আদিত্য (Aditya L mission)। এয়া হৈছে ইছৰ'ৰ আন এক পৰিকল্পনা। ইফালে,এই পৰিকল্পনাক যথেষ্ট প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।মিছন আদিত্যৰ জৰিয়তে সৌৰজগতৰ ৰহস্যময় নক্ষত্ৰ সূৰ্যৰ বিষয়ে বিস্তৃত ৰূপত অধ্যয়ন কাৰ্য চলাই লৈ যাব ইছৰ'ই।এই প্ৰকল্পৰ কাম-কাজ বৰ্তমানে চালুকীয়া অৱস্থাত থাকিলেও ইছৰ'ই কিন্তু সমগ্ৰ বিশ্বতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সবল স্থিতিকেই দোহাৰিছে।ইতিপূৰ্বে নাছাই পাৰ্কাৰ ছ'লাৰ প্ৰব নামেৰে সূৰ্যৰ ওপৰত এক অভিযান ২০১৮ বৰ্ষত আৰম্ভ কৰিছিল। ঠিক একেদৰেই ইছৰ'ই মিছন আদিত্যৰ ওপৰত কাম কাজ ২০০৮ বৰ্ষতেই আৰম্ভ কৰিছিল যদিও অন্য কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প একেলগে চলি থকাৰ বাবেই সেয়া সময়মতে হৈ উঠা নাছিল।কিন্তু ২০১৬-১৭ বৰ্ষত এই প্ৰকল্পৰ ওপৰত ৩০০কোটি টকা ধাৰ্য…
Read More
চেন্নাইত চাৰিমাহ

চেন্নাইত চাৰিমাহ

চেন্নাইৰ কনমানি ফ্লেটটোত মই মোৰ ল'ৰাটোৰ লগত বাস কৰিলো চাৰিটা মাহ । তাত মোক কামত সহায় কৰিবলৈ কোনো সহায়কাৰী নাছিল , নাছিল কথা পাতিব পৰা কোনো প্ৰতিবেশীও । অথচ তাত মই মোৰ তিনিখনকৈ শ্লীপদ দিক্চ লৈ সকলো কাম কৰিছিলো। অৱশ্যে কাপোৰ কানি ধোৱা মেচিনতেই হৈছিল , ২৪টা ঘণ্টাই পানী উপলদ্ধ আছিল বাবে পানীৰ সমস্যাৰপৰা সম্পূৰ্ণ মুক্ত আছিলো । আমাৰ শোৱা আৰু উঠা দুয়োটাই পলম হৈছিল তেতিয়া অসমতকৈয়ো , যিহেতু মোৰো ৰুটিনখন ল'ৰাৰ লগত মিলি গৈছিল সেয়ে । পুৱাই তাক জগাও মই , সি পাঁচ মিনিট সময় লয় সদায়ৰ দৰেই , তাৰ পাছত ব্ৰাছ কৰি বাথৰুম গৈ সি ৰেদি হয় তাৰ…
Read More
কৰ্মফল

কৰ্মফল

কৰ্মফল : কোন তুমি ? —- অজানে মনৰ সকলো অনুভূতি মনতে সামৰি একেবাৰেই সাধাৰণ সুৰত অচিনাকী লোকক সুধাৰ দৰে সুধিলে । : এহ কি কৈছা তুমি এইবোৰ ……… ভুল হৈ গ'ল মোৰ, প্লিজ মাফ কৰি দিয়া —- আবেগভৰা কণ্ঠৰে কৈ উঠিল এইবাৰ ইতিয়ে । : অহ , ইটছ অকে —- বুলি অজান তাইক আওকান কৰি যাবলৈ ওলাল । কিন্তু তাই তাক পুনৰ আগচি ধৰি ক'লে —-- : আই এম ৰিয়েলি চৰী অজান । —-- ইপিনে মানুহেৰে ভৰি থকা বৃহৎ অট্টালিকাটোৰ গ্ৰাউন ফ্ল'ৰত ঠিয় হৈ থকা অজানৰ মানুহৰ আগত হৈ - হাল্লা কৰিবলৈ মন নগ'ল । সেয়ে সি ক'লে —-- :…
Read More
নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা

নিকৃষ্ট মানসিকতা নাজানো কিয় আজিকালি এনে হ'বলৈ ধৰিছে মোৰ লগত ! দুদিন আগলৈকে যি মোক সন্মানৰ দৃষ্টিৰে চাইছিল অথবা যিসকলে বোৱাৰী বুলি সমীহ কৰি চলিছিল , সেইসকল লোকৰো কিন্তু আজিকালি মোলৈ বুলি বহুত চিন্তা । সেয়া লাগিলে মোৰ দেওৰ সম্পৰ্কীয়ই হওঁক নতুবা শহুৰৰ বয়সৰে খূড়া সম্বোধন কৰা লোকেই হওঁক। মুঠতে আজিকালি মোক লৈ মোতকৈ বেছি এইসকলৰহে চিন্তl । অথচ , মই তেওঁলোকতকৈ আৰ্থিক দিশত আগবঢ়া , মোৰ দুটা সন্তানৰ সৈতে মোৰ জীৱনো এতিয়া অধিক ব্যস্ততাৰে ভৰা , তেনেক্ষেত্ৰত তেওঁলোকৰ মোলৈ বুলি এনে অনাহকতে চিন্তা কিয় ? ওহো , প্ৰকৃততে কোনেও কাৰো বাবে অনাহকতে চিন্তা নকৰে , এনে ভুৱা চিন্তাৰ আঁৰত…
Read More
পুৰুষ মানেই

পুৰুষ মানেই

পুৰুষ মানেই  এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল - বহল আগচোতাল - পাছচোতাল , আগচোতালৰ কাষে - কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল - মূলকে ধৰি শাক - পাচলিৰ গছ । গোহালীত গৰু - পুখুৰীত মাছ , হাঁহ - পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিবেশ । তাৰোপৰি বছেৰেকৰ বাৰ মাহে লাগি থকা তাতঁশালখনে যেন সোণতেহে সোঁৱগা ৰচিছে। আগচোতালৰ এমুৰে পূবলৈ বুলি মুৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি - মুচি থোৱা গোসাঁইঘৰটো , তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো , য'ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয় । তাৰোপৰি আগচোতালৰে এমুৰে একাষৰীয়াকৈ থকা…
Read More
ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা । তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকনো অভাৱ নাই , কিন্তু ৰূপ - গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা । প্ৰকৃততে , বহুজনৰ মতে এয়াই তাইৰ ভাগ্য , যি জনম লওঁতেই তাই লগত লৈ আহিছে । দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ সৰু জী ৰতি । যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰদ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভবিষ্যতৰ সকলো ভালেই উল্লেখ আছিল । হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনমপত্ৰিকা তৈয়াৰ কৰিছিল , কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰলোকৰ এনেবোৰ কামৰপৰা তেওঁ সদায় দূৰত আছিল । অৱশ্যে , এই নিয়ম মুখে মুখেই চলি আহিছিল অতীজৰ…
Read More