সূৰ্যলৈ আদিত্য এল-১ – ইছৰ’ৰ ISRO ৰ অভিযান

Aditya L mission

মিছন আদিত্য (Aditya L mission)। এয়া হৈছে ইছৰ’ৰ আন এক পৰিকল্পনা। ইফালে,এই পৰিকল্পনাক যথেষ্ট প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।মিছন আদিত্যৰ জৰিয়তে সৌৰজগতৰ ৰহস্যময় নক্ষত্ৰ সূৰ্যৰ বিষয়ে বিস্তৃত ৰূপত অধ্যয়ন কাৰ্য চলাই লৈ যাব ইছৰ’ই।এই প্ৰকল্পৰ কাম-কাজ বৰ্তমানে চালুকীয়া অৱস্থাত থাকিলেও ইছৰ’ই কিন্তু সমগ্ৰ বিশ্বতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সবল স্থিতিকেই দোহাৰিছে।ইতিপূৰ্বে নাছাই পাৰ্কাৰ ছ’লাৰ প্ৰব নামেৰে সূৰ্যৰ ওপৰত এক অভিযান ২০১৮ বৰ্ষত আৰম্ভ কৰিছিল।

ঠিক একেদৰেই ইছৰ’ই মিছন আদিত্যৰ ওপৰত কাম কাজ ২০০৮ বৰ্ষতেই আৰম্ভ কৰিছিল যদিও অন্য কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প একেলগে চলি থকাৰ বাবেই সেয়া সময়মতে হৈ উঠা নাছিল।কিন্তু ২০১৬-১৭ বৰ্ষত এই প্ৰকল্পৰ ওপৰত ৩০০কোটি টকা ধাৰ্য কৰাৰ পিচতেই মিছন আদিত্যৰ কাম-কাজে অগ্ৰগতি ল’বলৈ ধৰে।ইফালে,সময় বাগৰাৰ লগে লগেই এই মিছনৰ পৰিকল্পনাসমূহতো সাল-সলনি আহি পৰে।পূৰ্বতে এই মিছনৰ অধীনত ৮০০কিলোমিটাৰ ল’ আৰ্থ অৰ্বিটত সংস্থাপিতৰ পৰিকল্পনা কৰা হৈছিল।পিচে সেয়া বৰ্তমান এল ৱান পইন্টত স্থাপিত কৰিলে সূৰ্যৰ বিষয়ে সঠিকভাৱে অধ্যয়ন কৰিব পৰা যাব বুলি ইছৰ’ৰ বিজ্ঞানীমহলে দাবী কৰিছে।সেইবাবেই এই মিছনৰ নাম পূৰ্বৰ আদিত্যৰ সলনি আদিত্য এল ৱান ৰখা হয়।  

প্ৰকৃততে এল ৱান স্থান সেই ডোখৰ ঠাই,য’ত ‘ছেটেলাইট গ্ৰেভিটেচনেল ফ’ৰ্চ’ৰ  অনুভৱ একেবাৰেই নহ’ব।এই মিছনৰে জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে সঠিককৈ জনাৰ এনে প্ৰচেষ্টাত আৰু এঢাপ আগুৱাবলৈ সক্ষম হ’ব আমাৰ বিজ্ঞানীসকল।যদি এই মিছন প্ৰকৃতাৰ্থতে সফল হয়,তেন্তে সমগ্ৰ বিশ্বই ৰহস্যময় সূৰ্য সম্বন্ধে ইতিমধ্যে নজনা বহু কথাই জানিবলৈ সক্ষম হ’ব।সেয়া হ’ব সমগ্ৰ বিশ্ববাসীৰ বাবেই ভাবিব নোৱাৰা ধৰণৰ এক উল্লেখনীয় সফলতা।এই মিছনৰ জৰিয়তে ভাৰতীয় বিজ্ঞানীমহলে এনে কিছুমান বিষয়বস্তুৰ সম্ভেদ উলিয়াব পাৰিব,যিসমূহ ইতিপূৰ্বে কোনো মহাকাশ গৱেষণা সংস্থাই উলিয়াবলৈ সক্ষম হোৱা নাছিল।কিয়নো সমগ্ৰ বিশ্বৰ নামমাত্ৰ কেইখনমান দেশৰ বাহিৰে এনে বৃহৎ পৰিকল্পনাৰ বিষয়ে অন্য প্ৰায়ভাগ ৰাষ্ট্ৰই বৰ্তমানেও ভাবিবই পৰা নাই।  

প্ৰাণজিৎ ডেকা 🏠

By