29
Aug
তমসো মা জ্যোতিৰ্গময় - অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ। পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ চাফা কৰাই জীৱন তেওঁলোকৰ।শৈক্ষিক দিশত অনগ্ৰসৰ তেওঁলোক,সেইগতিকেই উপায়ন্তৰ হৈ শেষত জীৱিকাৰ সম্বল হৈ পৰে চাফাই কৰ্ম।কাৰোবাৰ ঘৰৰ পায়াখানা,প্ৰস্ৰাৱঘৰ চাফাই কৰি যি দুই-এক টকা উপাৰ্জন কৰে তাৰেও মাহটো চলিবলৈ টনাটনি তেওঁলোকৰ।ইফালে আৰ্থিক নাটনিয়ে জীয়াই থকাত এক সুদৃশ্য বাধাৰ প্ৰাচীৰো থিয় কৰাইছে। সেই প্ৰাচীৰ ভাগি নিজক মৰ্যদাসহকাৰে জীয়াই থকাতো সপোনৰো অগোচৰ আছিল।পিছে ২০০৩ চনৰ এক ঘটনাই তেওঁৰ জীৱনৰ ৰথচক্ৰ সলনি কৰি পেলায়।তেওঁ বসবাস…