মোৰ প্ৰিয় কিতাপ আৰু কিছু অনুভৱ

স্কুলীয়া,কলেজীয়া কালত মই আছিলো কিতাপৰ পোক!

দেউতাই কিতাপ কিনি ভাল পাইছিল আৰু মই পঢ়ি । কিনি অনা কিতাপখন ‘গোগ্ৰাসে’ – পঢ়ি উঠি মনটো বেয়া লাগে ;শেষেই হৈ থাকিলচোন ! অথচ পঢ়ি থকা সময়কণত শেষ হৈ যাব বুলি অকণ অকণকৈ চুপি খোৱা কেড্ বেৰীজ্ চকলেট টোৰ কায়দাত পঢ়িবলৈ মনত নপৰিল ! ছেহ্ !

হোষ্টেলত পঢ়ি থাকোতে কম সংখ্যক ইংৰাজী নোভেল আৰু মই নিজে ৰখা প্ৰান্তিক,গৰীয়সীৰ বাহিৰে বেলেগ কিতাপ বেছিকৈ পঢ়িব নোৱাৰা হ’লো। সীমিত বাজেট্,তাকৰীয়া সময় !

-ঘৰলৈ গ’লে দেউতাই কিনা কিতাপ কিছুমান উঠাই লৈ আহোঁ , হোষ্টেলত পঢ়িবলৈ।

মাহটোলৈ বুলি দিয়া পকেট্ মানি ৰ দৰে হিচাপ কৰি পঢ়ো,শেষ হ’লে কোনে কিনি দিব ইয়াত !

তাকো কিতাপ ধাৰে দিয়াৰ ক্ষেত্ৰত দেউতা বৰ পাৰ্টিকুলাৰ। জীয়েকো সাৰি নাযায় । কি কিতাপ নিলো,পিছৰ বাৰ আহোতে ঘুৰাই আনিবলৈ দঢ়াই দঢ়াই ক’বই ! বহুমূলীয়া ফোনত কথা পাতিলেও (তেতিয়া মোবাইল নাছিল) প্ৰথমতে সোঁৱৰাই উঠিহে,বাকী খবৰ লয়। তেনেহেন এজন দেউতাকৰ পৰা এবাৰ তেখেতে কিনি আনি নপঢ়াকৈ থোৱা ‘এশ খন মহৎ গ্ৰন্থ’ নামৰ কিতাপ এখন মোৰ হাতত পৰিল।

পিছদিনাই হোষ্টেললৈ আহিবলগীয়া আছিল ;-পেক্ কৰি ললো।

হোষ্টেলীয়া জীৱন! পঢ়িলোঁ লাহে লাহে।

–চিনিয়ৰ বা এগৰাকীয়ে মোৰ হাতত এনে আপুৰুগীয়া অসমীয়া কিতাপখন দেখি পঢ়িবলৈ খুজিলে।

-মই ও হেঁহো- নেহো কৰি একেই দঢ়াই দঢ়াই পঢ়িয়েই ঘুৰাই দিবলৈ কৈ এপাকত দি পেলালো।

—নাই, ‘বেচেৰা’-চাগৈ ৰুমে ৰুমে ঘূৰিয়েই ফুৰিলে,

-ঘূৰি আহি মোৰ হাতত নপৰিল!

—আৰু মোৰ গতি–!!😢

—প্ৰথম প্ৰথম ঘৰলৈ গ’লে – ‘ইগ্ নোৰ্’ কৰি আছিলো -দেউতাৰ কেৰ্ জেৰ্ ।

উহু!-নাপাহৰে সহজে !😢

প্ৰতিটো টপিকত,কিতাপৰ কথা ওলালে দেউতাই কিতাপ খনৰ লেখকৰ নামেৰে সৈতে উনুকিয়াই-মোৰ নাম লয়-ঘুৰাই নানিলো যে!

–মই ভেটেৰীনেৰী পাছ কৰায়ে আজি একৈশ বছৰ হৈ গ’ল!

– যোৱা বছৰো পূজাত ঘৰলৈ যাওঁতে কিবা প্ৰসঙ্গত দেউতাই নাম লৈছিলেই- মোৰ,কিতাপখনৰ সতে। মই দেউতাক এইবাৰ ক’লো,- ‘তই মোক এশখন মহৎ গ্ৰন্থৰ কথা আজিলৈ কমচে কম্ এশবাৰ কলি ;–এবাৰত এটকাকৈ ধৰিলেও কটাকটি হ’ল।–আৰু নুশুনাবি ঐ পিতাই !!”

— চাহৰ টেবুলত থকা দেউতা,মোৰ জীয়ৰী–আটাইবোৰে হাঁহিলে !

–আজিও কিতাপৰ কথা ওলালে মাত্ৰ দুটা কথাই মোৰ মনলৈ আহে :-

*(১)কথাষাৰ দেউতাই শুনিছে যদি চিওৰ্ মোৰ নাম ল’ব !

*(২) সেই কিতাপখনৰ বাহিৰে মোৰ বাকী কিতাপৰ কথা চোন এবাৰত মনলৈ নাহেই !

ম’নালিছা নাথ

By