গল্পৰ দৰে

এটি শ্ৰাদ্ধ উপলক্ষে আমি গৈ নিৰ্দিষ্ট ঘৰখনত উপস্হিত হৈছিলোগৈ ৷ চোতালৰ এফালে নাম প্ৰসংগ চলি আছিল ৷ আমাক আথে বেথে বাৰান্দাৰ পৰা আদৰি নিয়া মানুহজনৰ গা-ৰ কাষেদি মই চকা মকাকৈ দেখিছিলো হুইল ছেয়াৰত বহি থকা কণমানি জনীৰ মুখ ৷ উৎসুক মনৰ তাড়নাত তাইৰ কাষত বাৰান্দাতে বহি পৰিছিলো ৷ তাইৰ ধুনীয়া চকু হালিত নাই শিশুৰ সেই চিৰাচৰিত কৌতুহল অথবা চঞ্চলামি ৷ মাথো এক নিৰ্বাক চাৱনিৰে চাই ৰৈছে নাম প্ৰসংগত মগন ভকত সকলৰ ফালে ৷ শৰীৰৰ নিশ্চল অংগই যেন অনুভৱী সকলক বহুকথা নোসোধাকৈ কৈ দিবলৈ যথেষ্ট ! এবাৰ হাত ফুৰাই দিয়াৰ ইচ্ছা দমন কৰি গৃহস্হৰ আহ্বান ক্ৰমে ভিতৰলৈ গলো ৷ মনত হাজাৰ প্ৰশ্নৰ উকমুকনি !

চিনাকি মানুহ এগৰাকীক লগ পালো ৷ অত্যন্ত সাৱধানতাৰে সুধিলো কোন তাই ? উত্তৰত অবাক বিস্ময় ! প্ৰেমৰ তাড়নাত মাক দেউতাকক এৰি গুছি আহিছিল ছোৱালী এজনী প্ৰিয়জনৰ স’তে ৷ ভাড়াঘৰ এটাত আৰম্ভ হৈছিল সিহঁতৰ সংসাৰ ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে নতুনকৈ মাক হোৱা ছোৱালীজনীৰ জীৱন ! দেউতাকে কি কৰিলে ??? এৰি গুছি গ’ল জন্মতেই অঃসহায় এই কণমানি জনীক !! সাদৰী ওহো অকল সাদৰী বুলি ক’লে হয়তো ভুল কোৱা হ’ব , অপাৰ মানৱীয় গুণেৰে সমৃদ্ধ ভাৰাঘৰৰ মালিকনীয়ে যাৰ নিজৰ তিনিটাকৈ সন্তান আছে, তেওঁ মাতৃত্বৰ উমেৰে সাৱটি ৰাখিলে কণমানিজনীক !! এষাৰ মাত মাতিব নোৱাৰিলেও, এখোজো খোজ কাঢ়িব নোৱাৰিলেও কণমানি জনীয়ে অতিক্ৰম কৰিছে এতিয়া জীৱনৰ বহু কেইটা বছৰ ! সাদৰী মাক জনীয়ে চুবুৰীৰ সকাম নিকামলৈ গ’লে লগতে এনেদৰে লৈ যায় তাইক ৷৷

আমি আহিবৰ পৰত নাম শেষ হৈছিল ৷ বাৰান্দাত ছোৱালীজনী নাছিল ৷ নাছিল মোৰ চকুৱে বিচাৰি ফুৰা সাদৰী মাক জনীও ৷ অাবেগেৰে উন্দোলিত মন এটা লৈ ঘূৰি আহিছিলো ৷ অকালতে হেৰাই যোৱা আত্মজ এগৰাকীলৈ বৰকৈ মনত পৰিছিল ৷ তাইৰ মুখত মা বুলি মাত ষাৰ ফুটি উঠিব বুলি ঘৰখনৰ সকলোৱেযে বৰ আশা কৰিছিল !! ষোল্লবছৰীয়া নিৰ্বাক পৰিক্ৰমা এটা সামৰি তাই গুছি গৈছিল নিমাতে নিতালে !

কৰবী ডেকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

74 − 65 =