জীয়া শৈশৱ

মোৰ ভাইটি আৰু মই প্ৰায় কানসমনীয়া হোৱা বাবে সৰুৰে পৰা আমাৰ মিতিৰালীও বেছি আৰু কাজিয়াও বেছি।

সৰুতে ভাইটি মেধাৱী হোৱাৰ লগতে আছিলে ভীষণ ভয়াতুৰ। দ্বিতীয় শ্ৰেণীৰ পৰীক্ষাত সি প্ৰথম স্থান পায় আৰু তেতিয়াৰ পৰাই পৰীক্ষাত লিখা কলমডাল আৰু ফলাফল দিয়াৰ দিনা পিন্ধা চাৰ্ট টো তাৰবাবে আপুৰুগীয়া আৰু লাকি সম্পদ হৈ পৰে। আৰু সেই কেইপদ নহলে সি ফাৰ্ষ্ট হব নোৱাৰিব বুলি তাৰ ভয়। সেয়ে আগন্তুক প্ৰতিটো পৰীক্ষাতে সেই দুপদ আপুৰুগীয়া বস্তুৰ ব্যৱহাৰ কৰিব নোৱাৰিলে তাৰ শান্তি নাই। দ্বিতীয় শ্ৰেণীৰ চাৰ্টটো চতুৰ্থ শ্ৰেণীলৈ তাৰ গাঁত নুজুৰিলেও সি সেইটো বেলেগ চাৰ্ট এটাৰ তলত, বুটামৰ সলনি পিন মাৰি হলেও পিন্ধিছিলে। পিছলৈ সেইটো ৰুমাল বনাই তাৰ লগত ৰাখে।

মোৰ বাবে এটাই সাঁথৰ আছিল যে মই কম নম্বৰ পোৱা কলমটো সলাইয়ো কিয় ফলাফলৰ কোনো পৰিৱৰ্তন পোৱা নাছিলোঁ । বাকি যিকি নহওঁক মোৰ কিন্তু সৰুৰে পৰাই বিজনেছ আইডিয়া ভাল আছিলে। মই ভাইটিৰ ভয়াতুৰ স্বভাৱৰ সুবিধা লৈ নিজৰ ব্যৱসায় গজগজিয়া কৰিছিলোঁ।

তাক পৰীক্ষাৰ ফলাফলৰ ঠিক আগে আগে এখন সৰু কাগজৰ পুৰীয়া দিওঁ যত লিখা থাকে “তই এইবাৰ ফাৰ্ষ্ট হবি”। বচ! ইমানখিনিয়ে মোৰ ইনভেষ্টমেণ্ট বাকী ৰিটাৰ্ন যি খোজোঁ তাকেই পাওঁ।তাৰভাগৰ চকলেট, পিগী বেংকৰ পইচা, মোৰ কামখিনি তাৰ দ্বাৰা কৰোৱা আদি সকলোবোৰ কাম মই আদায় কৰো। এবাৰহে মাত্ৰ মই তাক পুৰীয়া চেল কৰিব লগা হৈছিল পিছত কিন্তু নিজে নিজে দিমাণ্ডবোৰ লৈ কাষ্টমাৰ মোৰ ওচৰলৈ আহে। ভাৱ হৈছিল মই যেন স্বয়ং ভগৱানহে। মুঠতে মোৰ দিন ভাল চলিছিল।

এদিন একেলগে খেলি থাকোঁতে তাৰ আৰু মোৰ কিবা কাৰণত কাজিয়া লাগিল। তেতিয়াৰ দিনত আমি ৰামায়ণ, মহাভাৰত খুবকৈ চাইছিলোঁ আৰু শিকিছিলোঁ যে খং উঠিলে সাও দিয়ে আৰু সব ভষ্ম হৈ যায়।কাজিয়াত সেয়ে ভাইটিৰ ভয়াতুৰ ভাৱৰ সুবিধালৈ ময়ো তালৈ ব্ৰহ্মাস্ত্ৰ মাৰি পঠিয়ালো “যাহ তোৰ এইবাৰ পৰীক্ষা বেয়া হ’ব”। হয়ো হয় ব্ৰহ্মাস্ত্ৰ ঠিক জেগাত লাগিল আৰু ভাইটিৰ কান্দি কান্দি হাহাকাৰ অৱস্থা। মই কথাটো উঠাই নললে কান্দোন বন্ধ নহয়। ময়ো কম নে। এবাৰ মাৰি পঠোৱা বাণ সহজে ঘূৰাই নলও। হুলোস্থূল সহ্য কৰিব নোৱাৰি মোৰ খঙাল দেউতাই এডাল লাঠি লৈ দুয়োৰে ভূত খেদিলে। ইমান ভয়াতুৰ কিয় বুলি ভাইটিক পিতিলে আৰু মোক পিতিলে তই কি দূৰ্বাসা মুনি নেকি বুলি।

পিতনৰ কোবত ভাইটিয়ে বুজি পালে যে ফলাফলটো নিজৰ ওপৰত। ভাল কাম কৰিলে ভাল ফল পাবই। আৰু ময়ো বেয়া কামৰ বেয়া ফল পালোঁ আৰু সেইবছৰ মোৰ ব্যৱসায়ত বিস্তৰ ক্ষতি সাধন হ’ল।

চয়নিকা নাথ

By