এটা নিষিদ্ধ কোঠালী

খণ্ড ১

ৰুমতোৰ কাষেৰেই দীঘলীয়া কৰিড’ৰতো লাহেকৈ দুৱাৰখন ঠেলি ওলাই আহিল উদ্দীপ্তা পিন্ধনত পাটল গোলপীয়া ৰঙৰ কটন সূতাৰ নতুন মেখেলা চাদৰ, সৰুৰে পৰাই মৰমত ডাঙৰ হোৱা ঘৰৰ একমাত্ৰ ছোৱালীজনী মেখেলা চাদৰ পিন্ধা এইয়া জীৱনৰ প্ৰথম অভিজ্ঞতা তাইৰ ।

বিয়াৰ পিছত সেইদিনা স্বামীৰ ঘৰত প্ৰথম দিন উদ্দীপ্তাৰ, ঘৰত দিনৰ ৮/৯ বজালৈ শুই শুই মাক দেউতাকৰ গালি খাইয়ো কেৰেপ নকৰা আলাসতেই ডাঙৰ হোৱা ছোৱালীজনী সেইদিনা ৰাতিপুৱা চাৰে চাৰি মান বজাতেই উঠি নতুন ঘৰখনৰ আচ বাব বোৰ চাই থাকোতেই কিছু পৰ তেনেকৈয়ে খেদিলে । বিয়া ঘৰ আলহীয়ো বহুত তাকেই ভাবি উদ্দীপ্তায়ে গাঁতো ধুই আহি লাহেকৈ শাহুয়েকক মাত লগালে “মা”,, তেতিয়া ৰণ কোনতো কোঠালীত আছিল তাই নাজানে,, হিন্দু বিবাহ শাস্ত্ৰৰ মতে ফুলসজ্জা ৰাতি নোহোৱালৈকে নতুন দৰা ক‌ইনায়ে একেলগে থাকিব নোৱাৰে বুলি বিয়াৰ দিনাহে গম পাইছিল তাই ।

বোৱাৰী : শাহুয়েকৰ মাতত অলপ সচেত হৈ তাই শাহুয়েকক ক’লে “মা ম‌ই গাঁ ধুই গোঁসাই ঘৰত চাকিগছী জ্বলাই আহিলো”, উদ্দীপ্তাৰ কথা শুনি শাহুয়েকৰ মুখমণ্ডলত কিছু অস্বস্তিৰ ৰেখা প্ৰত্যক্ষ হ’ল যদিও শাহুয়েকে বিশেষ একো নকৈ মাত্ৰ ক’লে যে ইমান বছৰে গোঁসাই ঘৰত চাকিগছ ম‌ইয়েই জ্বলাই আহিছিলো তুমি আজি দিলা যদি ঠিকেই আছে বাৰু, শাহুয়েকৰ কথাৰ কিছু ভাব ধাৰা উদ্দীপ্তায়ে বুজিব পাৰি শাহুয়েকৰ ইচ্ছাৰ বিৰুদ্ধে আৰু গোঁসাইঘৰত নোসোমাই বুলি মনতে ভাবি ল’লে । সৰুতেই উদ্দীপ্তাৰ আইতাকে তাইক গোঁসাইঘৰ মচি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল,, চহৰত থাকিয়ো তাই এনেবোৰ শিক্ষা আহৰণ কৰিছিল আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আৰু অযুত বিশ্বাস ও ৰাখিছিল তাই।। কথাবোৰ ভাবি থাকোতেই লাহেকৈ “উঠিলা” বুলি মাত লগোৱাত তাইৰ সম্বিত ঘূৰিল, ৰণ তুমি উঠিলা??

I was just thinking about you‌ before sometime ৰণ,

ম‌ই সোনকালেই উঠিলো, মায়ে গা‌ঁ ধুই গোঁসাই ঘৰত সোঁমাইছে, তুমি ৰাতি কোনতো ৰুমত থাকিলা? ভালকৈ টোপনি আহিল নে? ইত্যাদি বোৰ কৈ আৰু প্ৰশ্ন সুধি গ’ল ৰণক,,

প্ৰাক্তন প্ৰেমিকা আৰু বৰ্তমানৰ অৰ্ধাঙ্গিনীৰ এনেকুৱা ধৰণৰ কথাবোৰ খুব সুলভ বুলি জানিয়েই বেছি একো নকৈ লাহেকৈ হাঁহি আঁতৰি গ’ল ৰণ।।

আগলৈ…..

পল্লৱী শৰ্মা

By