স্বপ্নাৱিষ্ট

মুৰটো ফনিয়াবলৈ লৈছো। দীঘল চুলিকোছা ভালদৰে যতন নকৰাৰ ফলত সৰি সৰি তলছোৱাই ৰঙচুৱা চিঞা ৰূপ এটা লৈছে। –চুলি নসৰিবলৈ, সযতনে, লাহে লাহে ফনিয়াবলৈ বুলি আইনাৰ সমূখৰ টুলখনত বহিয়েই ললো।

–আইনাৰ সিটো পাৰে মই। মোৰ মেদবহুল চল্লিচৰ দেওনা গৰকা, মাগুৰ বৰনীয়া দেহবল্লৰী। পিন্ধনত পাতল বেঙুনীয়া ৰঙী কপাহী শাৰী। –আইনাত, মোৰ সিপাৰে, বিচনাত বহি থকা আইৰ মুখখন ধৰা পৰিল এইবাৰ।– আইলৈ চালো। চুটি চুটি চুলি ৰে বগাকৈ মুখখনি। এতিয়াও, এই বয়সতো যে এনে ধুনীয়া মুখ! -এটা লনি দেহ,একামোৰা ধুনীয়া হাঁহি!

–সৌ সিদিনালৈকে আইক চুগাৰ, প্ৰেচাৰ বা চকুৰ অসুখে চুব পৰা নাছিল!-অথচ–!!

—-চকুৰ আগেৰে আমাৰ শৈশৱ কালছোৱাই ভুমুকি মাৰিলে!

প্ৰথমছোৱা জীৱন গাওঁত। চাৰিটা ভাই ভনী সহ আমি। মই তিনি নম্বৰত।বাই দুজনীয়ে ঢাৰিত বহি চিঞঁৰি চিঞঁৰি পঢ়া মুখস্হ কৰিছে আৰু মই ভাইটিক ৰখিছো। ৰখিছো মানে আচলতে আমি দুটাই মাটি- পানীৰ লডা বনাই লাড়ু, পিঠাৰ ৰূপ দিবলৈ চেষ্টা কৰিছো! -হাতেৰে গোলকৈ পকাই বা দুহাতৰ মাজত লৈ লাড়ুটো চেপেটা কৰি পিঠা একোখন সাজি ডাঙৰ পাত একোখিলাত শুকাবলৈ দিম। ৰ’দত টান হোৱা পিঠা -লাড়ুবোৰ সযতনে টেমাত ভৰাই থব লাগিব।–বহুত কাম!

– -ওচৰত আয়ে গাই দুৱাই আছে।– মোৰ মৰমৰ আই!- পিন্ধনত ৰঙা মেখেলা,বোৱা চাদৰ।–ইমান ধুনীয়া !-আইলৈ চালেই আয়ে হাঁহি দিয়ে।-প্ৰশ্ৰয় সূচক হাঁহি।এনে লাগে যেন একে দৌৰে গৈ কোচত উঠিম !

– -“বিলাতে ফুলদানী এটাৰে ঘৰ সজাইছে।অনবৰত চখতে থাকে !-উফ্ , এই বয়সতো কিনো চাবা ধুনপেছ!!–হেৰৌ,-আমি এনেবোৰ মেখেলা সকামলৈ গলেহে পিন্ধি গৈছিলো। ঘৰতে এনেকৈ থাকিলে এদিন সি দেউলীয়া হ’ব!”–কোনোবা এজন ঘৰলৈ আহিলেই ‘ফুলদানী ‘ – বুলি এনেকুৱা একাষাৰ কৈ আইতাই দুখ কৰা মোৰ মনত আছে।-মোৰ ভাল লগা নাছিল !-আয়ে কি ভাবিছিল বা আইৰ কেনেকুৱা লাগিছিল , -তেতিয়া ভাবিবলৈ মোৰ আহৰি নাছিল!

-মানুহৰ আগত কথা কমকৈ কোৱা আইক- -দেউতাৰ আগত বেলেগ এটা ৰূপত মই দেখিছিলো। –দেউতাই টাউনত চাকৰি কৰিছিল। গাওঁৰ ঘৰৰ পৰা যথেষ্ট দুৰৈত। খেতি- মাটি, ঘৰ- গোহালি, আইতা-পেহীৰে ভৰা ঘৰৰ দায়িত্ব এৰি দেউতাই টাউনত থাকি ল’ব পৰা নাছিল ; -গাওঁৰ ঘৰৰ পৰা অহাযোৱা কৰিছিল।-পুৱা সাত বজাৰ পৰা আবেলি সাত বজালৈ দেউতাক আমি দেখা পোৱা নাছিলো। থকা সময় ছোৱাৰো এছোৱা সময় তেওঁ বিচনাত বহি ভাগৰ মাৰিছিল।

— আবেলিৰ সময় ছোৱাত আয়ে আৰু ভাল কৈ সাজপাৰ কৰিছিল।আমাৰো হাতভৰি ধুৱাই, ধোৱা সাজ এজোৰ পিন্ধাই উঠি নিজেও চাদৰ সলাইছিল।-কেতিয়াবা উকা মূগা, কেতিয়াবা পাটৰ নতুবা গাঢ়ি দিয়া চাদৰ। ডাঙৰ কৈ কপালৰ সোমাজত ফোঁটটো। নিমজ চুলি টাৰি প্ৰায়েই তলছোৱা গাঁঠি দি বান্ধিছিল।-দেখিলে মেলি থোৱা যেনেই লাগে।

দেউতা আহি পালেই আইৰ মুখলৈ যেন হাঁহি আৰু কলকলনি উভতি আহিছিল। ঘনাই ঘনাই চাহ,জলপান, পানী যতনাই আয়ে দিনটোৰ খতিয়ান দিছিল।

এইখিনি সময়ত আই আৰু দেউতাৰ কথা বতৰাত মই ও ভাগ লৈছিলো।- ভাইটি প্ৰায়েই শুই গৈছিল।আইতাই বিচনাত কথা কৈ কৈ জিৰাইছিল। -বাই দুজনী পঢ়িবলৈ বহিছিল।

–“মোৰ চুলি খিনিত বয়জ্ কাট্ দিলে তুমি বেয়া পাবা নেকি?” -আয়ে দেউতাক জোকাইছিলেই নে চৌখিন আইৰ সেয়া হেপাঁহ আছিল -মই বুজি পোৱা নাছিলো।

-“ওহো,ওহো-“!-হাঁহি হাঁহি দেউতাই মুৰ দুপিয়াইছিল।আচলতে, এতিয়াও কথাখিনি পুনৰ মনেৰে জুকিয়াই চালে মোৰ এনেহেন লাগে যেন তেতিয়াৰ সমাজত , গাওঁৰ পৰিবেশত -নিজৰ ঘৈণীয়েকক চুটি কৈ চুলি কটোৱাবলৈ অনুমতি দিয়াৰ সাহসকন দেউতাৰ হয়তো নাছিলেই। -আয়ে প্ৰায়েই কুটুৰিছিল দেউতাক;-হয়তো জোকাবলৈকে!

-শুবৰ সময়ত কেতিয়াবা আইক দেখো;-আইনাৰ সমূখত চুলিখিনি ওলোটাকৈ বান্ধি চুটি চুলিৰ লেখীয়াকৈ মেলি বিভোৰ হৈ চাই থকা !!

***

ঘৰখনৰ তিনি নম্বৰৰ জীয়ৰী মই! –দেখাই -শুনাই , পঢ়াই- পাতিয়ে কতোৱেই লেখত লবলগীয়া নাছিলো!

-মোৰ তলতে ভাইটি!

-সেইবাবে হয়তো সকলোৰে অলক্ষিতে, আইৰ সতে মোৰ সম্বন্ধ বেছি নিবিড় হৈ পৰিছিল। আয়েও মোক বাকী কেইটাতকৈ যেন বেছি মৰম কৰিছিল ।

আইৰ বাহিৰে ঘৰৰ আন সদস্য সকলক মই ভাল পোৱা নাছিলো।–অভিমান বোধ, অপমান বোধ মিশ্ৰিত ক্ষোভ এটা অনবৰত মনৰ মাজত যেন লুকাই আছিল !-আন সদস্য সমূহৰ সতে অলপ যেন আৰু বেছি কঠোৰ, ৰুক্ষ হৈ পৰিছিলো মই।স্বাভাৱিকতে মোক কোনেও ভাল পোৱা নাছিল!–কাৰণ নথকাকৈ যেন মোৰ আয়েহে মোক ভাল পাইছিল, প্ৰশ্ৰয় দিছিল!–তেতিয়া তেনে যেনেই অনুভৱ কৰিছিলো।অথচ, সোঁৱৰণি খেপিয়াই, -ফঁহিয়াই চালে আজি মই কাৰণ বিচাৰি পাওঁ !

–অকল আই ,আই আৰু আই–! আইৰ চাদৰৰ আচঁলৰ পিছে পিছে মই । মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া, মহীয়সী নাৰী!

–গাঁৱৰ পৰিবেশতো ঢেঁকী দিওঁতে ,গাই- দুৱাওতে, চোতাল সাৰোতে,–মোৰ আই পৰিপাটী, চিকুণ,ধুনীয়া জনী!–গাঁৱৰ সমূহীয়া সকামত, চিৰা খুন্দোতে, ন-খোৱাৰ যা -যোগাৰত, নামঘৰত- গাওঁখনৰ তিৰোতা বোৰ লগ হয়!—-নানা কথাৰ মাজতে একো একো গৰাকীয়ে ফাটি-ছিটি একাকাৰ হোৱা,ক’লা পৰা হাতৰ তলুৱা, ভৰিৰ গোৰোহা দেখুৱায়। –কাম কৰাৰ,কষ্ট কৰাৰ গৰ্ব বোধ মিহলি হৈ থাকে ৰসাল কথাবোৰত ! কোনোবা কোনোবা জনীয়ে আইৰ চিকচিকিয়া চিকুণ মেখেলা, হাত -ভৰিলৈ চাই- আই কিমান অকৰ্মন্য,-সেই বিষয়ে সোঁৱৰাই দিয়ে! –পিঠাগুৰি চালি থকাৰ পৰা ,পাচলি কুটি থকাৰ পৰা মুৰ তুলি চাই আয়ে কেতিয়াবা হাঁহে। -কেতিয়াবা বিষন্ন হয়।

-দীঘল মিহি লাঠি, কামি বোৰ গোটাই ওচৰতে খেলি থকা মোৰ– এইবোৰ শুনিলে সিহঁতক চটোপ চটোপ কৈ এচাট মান লগাই দিয়াৰ ইচ্ছা হয়!- ময়ো বিষন্ন হৈ পৰো।ভয় লাগে,-আইও যদি তেওঁ লোকৰ দৰেই এগৰাকী হৈ পৰে!অপৰিপাটি,কুৎচিত,জধলা!

-ওহো,তেনে নহয় !!- আবেলি, সন্ধিয়াৰ সময় বোৰত আকৌ আয়ে নতুন ৰিহা উলিয়াই লয়।তেলটেঙা ঘঁহি নিমজ,চিকচিকিয়া, পৰিপাটী আয়ে ডাঙৰ কৈ যেতিয়া ফোটটো লৈ সাজসজ্জাৰ পৰ্ব শেষ কৰে – মই ৰ লাগি চাই ৰওঁ ; -ইমান ধুনীয়া মোৰ আই !

–আইৰ সতে থাকি থাকি ময়ো আইৰ দৰেই হৈ পৰিছিলো।লেতেৰা,অপৰিপাটী,বিশৃংখলতা ক্ৰমে অসহনীয় হৈ আহিছিল মোৰ বাবে ;-আৰু মই ও অসহ্যকৰ হৈ পৰিছিলো বহুতোৰে বাবে। ডাঙৰ বা দুজনীক আইতাই আদৰ কৰিছিল। সিহঁত আছিল ও কিছু নমনীয়,জধলা আৰু হাঁহতো ৰাজি,মাহতো ৰাজি- ধৰনৰ। সিহঁত দুয়োটাই ভাত বনাইছিল, পিঠা পুৰিব পাৰিছিল, চোতাল সাৰিছিল।

-মোৰ পিছে সিহঁতৰ কাম- কাজ পচণ্ড নহৈছিল। -ডেই পৰা, ভিতৰত কমলাৰ বাকলিৰ গুড়ি নিদিয়া নাইবা তিলখিনি ভালকৈ ভজা নোহোৱাকৈ বনোৱা পিঠা মোৰ পিঠা যেন নালাগিছিল।চোতাল সাৰোতে দুই -এঠাইত গজা অপতৃণ বোৰ উভালি নিদিলে,- শুকাই যোৱা তামোলৰ পিক্ খিনি খণ্টি পাটেৰে উঠাই নেপেলালে,-ফু মাৰি ভাত খাব নোৱাৰিলে মোৰ চোতাল সৰা হৈছে যেন লগা নাছিল!-মই ভালদৰে জানো মোৰ আইৰো তেনে হৈছিল। -পিছে তেওঁ মুখ খুলি একো কোৱা নাছিল।

নিখুত কৈ কাম কৰিবলৈ লোৱাৰ বাবে স্বাভাৱিকতে মোৰ বেছি সময় লাগিছিল।মোৰ চোতাল সাৰি হোৱাৰ সময়লৈকে বা হ’তৰ ভাত আঞ্জা -ৰন্ধা নাইবা কাপোৰ ধোৱাৰ দৰে ডাঙৰ ডাঙৰ কামবোৰ হৈ গৈছিল। মই সিহঁতৰ আগত পুতৌৰ পাত্ৰত পৰিণত হৈছিলো!

“মোক চোতাল সৰা কামৰ পৰা আজৰি কৰিলা তুমি!”–মোৰ প্ৰতি হে অকল আইৰ প্ৰশংসা মিহলি মৰমত বিগলিত হৈছিলো মই!

আবেলি পৰত মইয়ো ধুনীয়া কৈ সাজি -কাছি নতুন চোলা পিন্ধিছিলো। মুৰত ধুনীয়া ক্লিপ লগাইছিলো।

মোক দেখিলেই আইতাই মাৰ ওপৰত থকা ক্ষোভ উজাৰিছিল।

-“জীয়েককো একেটা ফুটতে তুলিছে ! ধুনপেচতে তলি উদং কৰিব অলক্ষী হ’তে !”

-গুৱালগালি,ভোৰভোৰনি সোপা মনত পৰিলে মোৰ আজিও অসহ্য লাগে!

***

সময় বাগৰি গৈছিল। চাওঁতে চাওঁতে দহ বছৰৰ ভিতৰত দুজনীকে পেহীৰ বিয়া হৈ গৈছিল ;-আইতা ঢুকাইছিল।

-তাৰো পাঁচ বছৰৰ ভিতৰত দুজনী কৈ বাৰ বিয়া হৈ গৈছিল। দেউতাই টাউনত ঘৰ বান্ধিছিল। এগৰাকী পেহীয়ে গাওঁৰ বস্তি মাটিৰ ঘৰতেই পৰিয়াল সহ থাকিবলৈ লৈছিল।

মই, আই আৰু ভাইটি- দেউতাৰ সতে টাউনৰ ঘৰলৈ উঠি আহিলো।আই আৰু মোৰ যতনত নতুন ঘৰখনে প্ৰাণ পাই উঠিছিল।সমূখৰ ফুলনি,পিছফালে পাছলি বাগিচা, মুকলি বাৰাণ্ডা, ধুনীয়া ড্ৰয়িংৰুমেৰে ঘৰখন চালে চকুৰোৱা হৈ পৰিছিল।

ক’ত লুকাই আছিল আইৰ এই সৌন্দৰ্য্য বোধ!–আইয়ে সেই চিৰাচৰিত হাঁহি টো মাৰিছিল।

-নতুন ঘৰলৈ অহাৰ দুবছৰমানৰ পিছত দেউতাই আইক চুলি খিনি কটাবলৈ অনুমতি দিছিল।আয়ে হাঁহিছিল যদিও ৰীতিগত বান্ধোনৰ পৰা ওলাই আহিব পৰা নাছিল। –চুলি খিনি কটোৱা নহ’লগৈ আইৰ।

সময় বাগৰিছিল তেনেকৈয়ে।

– এটা সময়ত মোৰো বিয়া হ’ল। পেন্দুৰা ভাইটোৱেও ঠিকা- ঠুকলিৰে আগবাঢ়ি দেউতাৰ ভাৰখন কান্ধ পাতি ল’লে। বিয়াও কৰালে। ল’ৰা ছোৱালী এহাল তাৰ। সৰু টোৱেই ক্লাছ ফোৰত এতিয়া। মোৰ পৰিপাটী আই এতিয়া আইতাজনী হ’ল। ঘৰখনৰ পৰিপাটীটা ,চাকচিক্য সলনি হোৱা নাই এতিয়াও!-যদিও পুৰনি ঘৰখনে বহুবাৰ ৰূপ সলালে।

ঘৰখনৰ সতে, -আইৰ সতে মোৰ মনৰ নিবিড়তা নিৰবিচ্ছিন্ন হ’লেও মোৰ আহ-যাহ তাকৰীয়া হ’ল।

-ছোৱালীৰ পৰীক্ষা, নাচৰ স্কুল, এওঁৰ অ’ফিচ আৰু ঘৰুৱা কামৰ পৰাচোন দিনটোৰ চৌব্বিছ ঘণ্টাও কমেই হোৱা যেন হ’ল !

-তাৰ মাজতে আবেলিৰ সময় কনত চুলিখিনি ফনিয়াই ,শাৰী খন সলাও।–আইনাৰ সমূখৰ সময় খিনিতেই যেন মই আইৰ সতে,ঘৰখনৰ সতে নিবিড় হৈ পৰো!

***

দেউতা ঢুকোৱা আজি কেবা বছৰো হ’ল। ডাঙৰ ছোৱালী ৰিংকী ক্লাছ নাইনত আছিল।কম কথা কোৱা আইৰ মুখৰ হাঁহি যেন বন্ধই হৈ গৈছিল তাৰ পিছৰ পৰা।বহুদিনলৈ মোৰ গধূলি বোৰো বিষন্ন হৈ পৰিছিল। আবেলি আইনাৰ সমূখত থিয় দিলেই আইৰ বিষন্ন ৰূপ ,উকা কপাল খন দেখা পোৱা হৈছিলোগৈ।

তাৰ পিছত আৰু কেইবা বছৰলৈ ঘৰলৈ অহাই হোৱা নাছিল। –ফোনেৰে যোগাযোগ কৰিলেও মই মোৰ আইৰ সমূখৰ পৰা পলাইছিলো যেন!–ৰিংকীৰ মেডিকেল, বুমনৰ ফাইনেল পৰীক্ষা, এওঁৰ ডাইবেটিছৰ অচিলা লৈ দিনবোৰ তেনেকৈয়ে পাৰ হৈ গৈ আছিল।

***

প্ৰায় দুমাহৰ আগতে ভাইটোৰ ফোন পালো। -আইৰ ষ্ট্ৰোক!-মই যাব লাগে।

ফোনটো দলিয়াই যেন উৰিহে যাম ! -নিজকে সংযত কৰিলো! আবেলি এওঁ অহালৈ ৰ’ব লাগিব।-বুমনৰ কোচিং আছে আবেলি।

-সময় বোৰ নাযায় নুপুৱায় যেন লাগিল।শেষত যেনিবা এওঁ পালেহি। আহোতেই আগতীয়া চুটি, গাড়ী,-সকলো বন্দবস্ত কৰি আহিছে।

মই ততাতৈয়াকৈ কাপোৰ দুযোৰ ললো। এওঁ আৰু বূমনো ওলাল লগত।

***

আজি দুমাহ ধৰি মই আছো, – আইৰ আৰু মোৰ পুৰণি ঘৰখনত।

আইৰ শৰীৰৰ এটা ফাল বিকল হোৱাৰ দৰেই হৈ পৰিছে। ডক্টৰৰ উপদেশ মতে পেং এডাল লৈ খোজ কঢ়াৰ চেষ্টা ও হাবিয়াস দেখিলে মোৰ চকুপানী ওলায়।-আবেলি বোৰত মই পোছাক সলাই পৰিপাটী কৈ সজাই তোলো আইক। আইৰ দুচকুৰে চকুলো নিগৰি যায়।

–মোৰ ভিতৰত খন ফাটি চিৰাচিৰ হ’ব খোজে!–আকৌ কুচিমুচি হৈ আইৰ আচঁল টানি পিছে পিছে ঘুৰিবলৈ মন যায় মোৰ–আগৰ দৰে!

-এই দিনবোৰত মই পাহৰি আছো মোৰ স্বামীক,বুমন,ৰিংকীক। মাজে মাজে ভাবো, মই যোৱাৰ পিছত কোনে সজাই তুলিবহি আইক-ধুনীয়া আবেলি বোৰত!!

–সঁচাকৈয়ে এদিন মোৰ নিজা ঘৰখনলৈ যোৱাৰ দিন ওচৰ পালেহি!-আয়ে এসোতা চকুপানী টুকিলে।সোনকালে অহাৰ প্ৰতিশ্ৰুতিৰে মই ঘৰলৈ যাবলগীয়া হ’ল।

-বুমনৰ পৰীক্ষা হৈ গ’ল ,ভালে ভালে।তিনি মাহৰ পিছত মই আকৌ ঘৰলৈ বুলি বাট বুলিলো।

আই আগফালৰ মুকলি বাৰাণ্ডা খনত বহি আছিল। বোৱাৰীয়েক জ্যোতিৰূপাই গা -পা ধুৱাই কাপোৰ পিন্ধাই ৰ’দ পৰাকৈ সমূখৰ আৰামী হেলনীয়া চকী খনত বহুৱাই থৈছে। আইৰ ওচৰ পালো। আইৰ চকুত এসোতা চকুপানী ! ওচৰৰ পৰা আইক চালো এইবাৰ।-ঘৰতে চিলাই কৰা বগা ঢিলা বুকুফলা কূৰ্তা এটা, পায়জামা এটাৰে আয়ে পিন্ধি আছিল। চুলি খিনি লৈ চাই পথিয়ালো;-সুধ বগা,–চুটি কৈ কটা।

—বুকুৰ কোনোবা এখিনি যেন পুৰি নিছে!-মোৰ চকুৰেও নিজেই কব নোৱাৰা কৈ পানী বৈ আহিল।আইৰ হাতত ধৰি ৰ’লো।–কিমান পৰ কব নোৱাৰো। -এটা সময়ত কিছু সংযত হ’লো!

বোৱাৰীয়েক হিচাপে জ্যোতিৰূপাই যথেষ্ট কৰিছে!-কৈফিয়ত দিব নোৱাৰি।-তথাপিও যেন অনবৰত কাকো ক’ব নোৱাৰা;বুজাব নোৱাৰা বিষ অকন বুকুৰ মাজত লৈ ফুৰিছো !

****

মনৰ ভিতৰত কুণ্ডলী পকাই কিমান পৰ আইনাৰ আগত পাৰ কৰিলো ক’বই নোৱাৰিলো।

মুৰটো ঘুৰাই পিছলৈ চাই পথিয়ালো।আই টোপনি গ’ল।বেনীদাল পিছলৈ পেলাই আইৰ ওচৰলৈ আহি গাৰ কাপোৰ খন ঠিক -ঠাক কৰি দিলো।

–কাইলৈ ৰাতিপুৱা আইৰ চুলিখিনি ৰং কৰি দিব লাগিব।

আইৰ ট্ৰাংক্ টোৰ পৰা পাটৰ মেখেলা চাদৰ এযোৰ উলিয়াই ল’লো।

–মই থকা আবেলি কেইটা অন্ততঃ ধুনীয়াকৈ পাৰ হওঁক !!

ডঃ ম’নালিছা নাথ

By