কাহিনীৰ আঁৰৰ কাহিনী

“আৰিছ্ অগ্নিহোত্ৰী এতিয়া মানালিত থাকে।যদিও নেক্স উইক’ত অগ্নিহোত্ৰী কিবা প্ৰজেক্ট এটাৰ সংক্ৰান্তত গুৱাহাটীলৈ আহিব।লগতে অগ্নিহোত্ৰীৰ ফেমেলিয়ো আহিব।গুৱাহাটীৰ পৰা এটা দিনৰ বাবে আমাৰ মিলন নগৰলৈও আহিব।”

নিৰোধ কাকতিয়ে অনগলতাৰে কথাবোৰ কৈ গ’ল।কাকতিৰ চকু আৰু মুখত এটা সন্তোষিত ছায়া ফুটি উঠিল।লগতে এটা ঈষৎ হাঁহিৰ আভা জিলিকি পৰিল।ৰাধিকা দেৱীয়ে গিৰিয়েকৰ কথাত একো হয়ভয় নিদি একান্ত মনেৰে পাচলিখিনি কটাতহে ব্যস্ত হৈ পৰিল।ৰাধিকা দেৱীয়ে এনে এটা ভংগীমাত ৰৈ কামখিনি কৰি আছে যেন গিৰিয়েকে কি কৈছে একো শুনা নাই।আচলতে ৰাধিকা দেৱী একপ্ৰকাৰে বিৰক্ত হৈছে।গিৰিয়েকৰ মুখত আৰিছ্ অগ্নিহোত্ৰীৰ কথা শুনিলে বিৰক্ত হোৱাই নহয় তীব্ৰভাৱে ৰাধিকা দেৱীয়ে অৱজ্ঞা কৰে।

আজি বত্ৰিছটা বছৰে ৰাধিকা দেৱীয়ে আৰিছ্ অগ্নিহোত্ৰীৰ কথা গিৰিয়েকৰ মুখত শুনি আহিছে।মাজে মাজে ফ’নত গিৰিয়েকে ঘণ্টাযুৰি কথাৰ মেল মাৰে।অৱশ্যে আজি দিন ধৰি ৰাধিকা দেৱীয়ে আৰিছ্ অগ্নিহোত্ৰীৰ সৈতে কথা পতা নাই।নিৰোধ কাকতিয়ে সেই সময়ত ফ’নটো আগবঢ়াই দিলেও ৰাধিকা দেৱীয়ে ভিন্ন অজুহাত ৰাখি কথা পতাৰ পৰা আঁতৰি থাকে।ৰাধিকা দেৱীৰ ভয়!

কেৱল ভয়ে নহয়।আৰিছ্ অগ্নিহোত্ৰীৰ নামটো শুনিলেই মানসিকভাৱে ৰাধিকা দেৱী ভাগি পৰে।অতীত হৈ যোৱা সেই নিষিদ্ধ পৃষ্ঠাটো সমাপ্ত হ’বৰ কাৰণে ঈশ্বৰক বাৰে বাৰে নিৰোধ কাকতিৰ অজ্ঞাতে ৰাধিকা দেৱীয়ে প্ৰাৰ্থনা কৰে।যাতে সেই সপোনৰ অৱশিষ্ট কেতিয়াও পূৰণ নহয়।সেই প্ৰতিশ্ৰুতিবোৰ এই সময়ত বাস্তৱত ফলপ্ৰসূ হোৱাটো কোনো মুহূৰ্ততে ৰাধিকা দেৱীয়ে নিবিচাৰে।সেই প্ৰতিশ্ৰুতিৰ শিপাডাল তচনচ হৈ যোৱাটোৱে বিচাৰে।

গিৰিয়েকৰ কথা ভাবিয়ে বত্ৰিছটা বছৰে ৰাধিকা দেৱী নীৰৱ হৈ আছে।নীৰৱ হোৱাৰ বাহিৰে যেন ৰাধিকা দেৱীৰ হাতত আন একো উপায় নাই।গিৰিয়েকৰ লগত ৰাধিকা দেৱীয়ে তৰ্ক নকৰে।তৰ্ক কৰিব জানে।কিন্তু ভাৰতীয় সমাজ ব্যৱস্থাত যিহেতু গিৰিয়েককে উচ্চ বুলি কোৱা হয়,পতিব্ৰতা পত্নী এগৰাকীয়ে গিৰিয়েকৰ নামতে সেন্দুৰ লয়;এনেস্থলত গিৰিয়েকৰ মতৰ বিৰুদ্ধে যোৱা মানে পতিব্ৰতা ধৰ্ম উলঙ্ঘন কৰা।নিৰোধ কাকতিয়ে ঘৈণীয়েকৰ উত্তৰলৈ বাট নাচাই আকৌ উৎফুল্লিত হৈয়ে ক’লে-“এটা ইণ্টাৰেষ্টিং কথা কি জানা ৰাধিকা,এইবাৰ অগ্নিহোত্ৰীয়ে সম্ভৱ সিদ্ধান্ত ল’ব।”

সিদ্ধান্ত!এইবাৰ ৰাধিকা দেৱী আচৰিত হৈয়ে পৰিল।কেৱল আচৰিতে নহয়,তীব্ৰ মানসিক যন্ত্ৰণাত যেন ৰৈ পৰিল।খঙৰ সীমাই ৰাধিকা দেৱীক অতিক্ৰম কৰি উঠিল।একো আগ-পাছ নাভাবি ৰাধিকা দেৱীয়ে কৈ উঠিল-“অগ্নিহোত্ৰীৰ মগজৰ বিকৃতি ঘটিছে নেকি?ইমান এখন আল্টা মৰ্ডাণ চ’ছাইটিৰ মেম্বাৰ হৈ মিলন নগৰৰ দৰে এখন আউট ডেটেড চ’ছাইটিৰ কথা মনলৈ কেনেকৈ আহিছে।”

“তুমি কথাবোৰ অলপ বেছিকৈ,প্ৰয়োজনতকৈ অজথা হৈ চিন্তা কৰা।”কৃত্ৰিম খঙেৰে নিৰোধ কাকতিয়ে কৈ উঠাত আকৌ ৰাধিকা দেৱীয়ে ক’লে-“সপোন দেখাটো এটা পাপ।কিন্তু মানুহৰ উচ্চাকাংক্ষা থাকিব লাগে।আচলতে আপুনি সম্বন্ধ গঢ়াৰ কথা ভাবিছে,কিন্তু আৰিছ্ অগ্নিহোত্ৰীয়ে সম্বন্ধ শেষ কৰা ব্লুপ্ৰিণ্টনিৰ্মাণ কৰিছে।”

আৰিছ্ অগ্নিহোত্ৰীৰ সৈতে যিটো সম্বন্ধ আছে-ইয়াৰ গভীৰ প্ৰাবল্যতা কিমান উচ্চ ঘৈণীয়েকে নাজানে।নিৰোধ কাকতিৰ মতে-নাৰী জাতিটোৱে প্ৰয়োজনতকৈ বেছিকৈয়ে কয়।বিষয়টোৰ পৰা আঁতৰি ভিন্ন ধৰণে কথাবোৰ ভাবি মগজৰ শক্তি অপচয় কৰে।”

আৰিছ্ অগ্নিহোত্ৰীৰ সৈতে থকা বন্ধুত্ব শিপাডাল কিমান মজবুট-কিমান পবিত্ৰৰে বন্ধা আছে-ঘৈণীয়েকে হয়তো নাজানে।জানিলেও ইয়াৰ বিশাল পৰিসৰ চুই চোৱা নাই।সেই প্ৰতিশ্ৰুতি ভঙ্গ কোনো এজনে কৰিব নোৱাৰে।তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ মূল্য আছে।

কথাবোৰ তেনেকুৱাই-“যাৰ জীৱনলৈ ট্ৰেজেডী বোলা ৱৰ্ডটো কোনো সময়তে অহা নাই।সেই ব্যক্তিজনে ট্ৰেজেডীৰ ডেফিনেছন কিন্তু কোনো সময়তে উপলব্ধি কৰিব নোৱাৰে।”

দেখি যোৱা আৰু শুনি যোৱা বাক্য দুটাৰ পাৰ্থক্য আছে।ঘৈণীয়েকে নাজানে।নাজানে বাবে কথাখিনিৰ গুৰুত্ব দিয়া নাই।নিৰোধ কাকতি আৰু ৰাধিকা দেৱীৰ সংসাৰৰ কোনো এটা বিষয়ৰ যদি আলোচনা সমস্যা সমাধানৰ পৰিৱৰ্তে ক্ৰমে বিপৰীত দিশে গতি কৰে তেনে সময়তে নিৰোধ কাকতি বাৰাধিকা দেৱী নীৰৱ হৈ পৰিলে কথাৰ কক্ষপথ আৰু বহল হৈ নাযায়।আজিও তাৰ ব্যতিক্ৰম নহওতে নিৰোধ কাকতি মনে মনে ৰ’ল।আচলতে দুয়ো খুবেই শান্তি-শৃংখলা বজাই সংস্কাৰ ভালপোৱা এহাল স্বামী-স্ত্ৰী।সেয়ে পৰিৱেশটো অলপ ব্যতিক্ৰম হ’লেই কথাৰ কটা-কটি বন্ধ হৈ পৰে।আৰম্ভণি যিয়ে কৰে-তেওঁৱে অৱশেষত নীৰৱ হৈ পৰে।নীৰৱ হৈ পৰিলে দ্বিতীয়পক্ষই আৰু একেটা কথাকে ৰিপিৰ্ট কৰি নাথাকে।অৱশ্যে কিবা গভীৰ আলোচনা বা সিদ্ধান্তত উপনীত হ’লে দুয়োপক্ষই খুবেই ধীৰে- সুস্থিৰে সমাধান কৰে।

এনেকৈয়ে বত্ৰিছটা বসন্ত দুয়ো স্বামী-স্ত্ৰীয়ে এডাল প্ৰীতি ভৰা এনাজৰী মাজেৰে সংসাৰৰ শিপাডাল মজবুট কৰি ৰাখিছে।এনে এটা সময় আজিও অহা নাই, য’ত ৰাধিকা দেৱী নামৰ ষাঠি উৰ্ধ্ব মহিলাগৰাকীয়ে চকুপানীৰ ওজন কিমান অনুভৱ কৰি পোৱা নাই।আনহাতে নিৰোধ কাকতিয়েও একেই উপলব্ধিয়ে কৰে।যদিও কাকতিয়ে সৰুতেই ঘাট-মাউৰা হোৱা সেই দুৰ্দিনত এখন নৰক দেখিছিল ৰাধিকা দেৱীৰ সংগত ৰৈ যেতিয়া প্ৰতিটো সময় উদযাপন কৰিছিল,নাই -নিৰোধ কাকতিয়ে আৰু সেই দুঃখময় অতীতক এবাৰো উভতি চোৱা নাছিল।চোৱাৰো প্ৰয়োজনবোধ কৰা নাছিল।য’ত ৰাধিকাই হৈ পৰিছিল নিৰোধ কাকতিৰ বাবে “জীৱন নামৰ এখন মিঠা উপন্যাস”।যাৰ আৰম্ভণিহে আছে সমাপ্তৰ সংজ্ঞা কাকতিয়ে অনুধাৱন কৰা নাই বা ৰাধিকা দেৱীয়েও উপলব্ধি কৰিবলৈ সুযোগ দিয়া নাই।এয়াই চাগৈ এখন ভাল সংসাৰৰ এটা সুখী পৰিয়ালৰ বৈশিষ্ট্য।হয়তো সাৰাংশৰ প্ৰতিলিপি।

অৱশ্যে আজি! আজি বিষয়টোৱে ৰাধিকা দেৱীৰ মন-মগজু বাৰে বাৰে দংশন কৰি আছে।গিৰিয়েকলৈকে খঙটো কিঞ্চিতভাৱে উঠি আছে।মাজে মাজে গিৰিয়েকে তেওঁৰ বন্ধু আৰিছ্ অগ্নিহোত্ৰীৰ কথা প্ৰায়ে কৈ থাকে।চাকৰিসূত্ৰে দুয়ো চিমলাত প্ৰথম লগ হৈছিল।একেটা ফ্লেটৰে ভাড়াতীয়া হৈ একেটা ডিপাৰ্টমেণ্টতে দুয়ো কৰ্মৰত আছিল।মহাৰাষ্ট্ৰৰ আৰিছ্ অগ্নিহোত্ৰীৰ চাকৰি প্ৰতি তেনে কোনো আগ্ৰহ বা শ্ৰদ্ধা নাছিল।চাকৰি আছিল অগ্নিহোত্ৰীৰ বাবে-“স্বাধীন নথকা এটা ব্যৱসায়।সেয়ে চাকৰিক অৰ্থহীনভাৱে দলিয়াই তেখেত চিৰদিনৰ বাবে চিমলা এৰি গুচি গৈছিল।মহাৰাষ্ট্ৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ অগ্নিহোত্ৰীয়ে নিজৰ অধীনত ব্যৱসায়ৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল।

ৰাধিকা দেৱীয়ে এদিন গিৰিয়েকক প্ৰশ্ন কৰিছিল-“আজি যুগৰ ল’ৰা-ছোৱালী।আপোনালোক দুয়ো বন্ধু লগ হৈ বিয়া ঠিক কৰি থলেই সিহঁতে জানো আপোনালোকৰ কথামতে উঠা-বহা কৰিব।তাতো ৰাধিকা দেৱীক নিৰোধ কাকতিয়ে উপযুক্ত এটা উত্তৰ দিছিল। প্ৰত্যুত্তৰত কৈছিল-“সংস্কাৰৰ বুকুত খোজ কাঢ়ি জীৱনটো এইসময়ৰলৈকে উদযাপন কৰিলোঁ। এতেকে মোৰ ল’ৰাটো বা অগ্নিহোত্ৰীৰ ছোৱালীজনী অবাধ্য হোৱাৰ প্ৰশ্নই নুঠে।আমাৰ বাবা মোৰ ঔৰসৰ।ইতিমধ্যে তাক মই সকলো কৈছোঁ।-যদি সময়ত আপোনাৰ ল’ৰা অবাধ্য হয়,যদি আপোনাৰ আদৰ্শ দলিয়াই পেলায়।ৰাধিকা দেৱীয়ে আকৌ প্ৰশ্ন কৰিছিল। -সেইদিনাই মোৰ জীৱনৰ শেষ দিন বুলি ঘোষণা কৰিম।গম্ভীৰভাৱে ওলাই অহা নিৰোধ কাকতিৰ কথাত দ্বিতীয়বাৰৰ বাবে ৰাধিকা দেৱীয়ে একো আৰু প্ৰশ্ন নকৰিলে।

ৰাধিকা দেৱীয়েও কথাবোৰ নভবা নহয়।পুতেকৰ কাৰণে এদিন এজনী বোৱাৰী আনিব। বোৱাৰীয়েকেও তেওঁলোকক আদৰ-যত্ন কৰিব।বোৱাৰী হিচাপে নহয় নিজৰ ছোৱালীৰ দৰে ৰাধিকা দেৱীয়ে মৰম কৰিব।হয়তো কেতিয়াবা ৰাধিকা দেৱীৰ মুৰৰ বিষ হ’লে বোৱাৰীয়েকে ক’ব-“মা আপোনাৰ কপালখন অলপ পিটিকি দিওঁ দিয়ক।”

কিন্তু আৰিছ্ অগ্নিহোত্রীৰ দৰে আভিজাত শ্ৰেণীৰ ব্যক্তিজনৰ জীয়েকে মিলননগৰৰ দৰে এখন সমাজত নিজকে খাপ-খুৱাব পাৰিবনে?ৰাধিকা দেৱীৰ মনত এটাই ভয়!ৰাধিকা দেৱীৰো বিশ্বাস আছে-দেউতাকৰ কথা পুতেকে কেতিয়াও নেপেলায়।কিন্তু অগ্নিহোত্রীৰ জীয়েকক বিয়া পতাৰ পাছত যদি অগ্নিহোত্রীয়ে পুতেকক ঘৰ-জোঁৱাই কৰে।যদি চিৰদিনলৈ পুতেক মাক-দেউতাকৰ বুকুৰ মাজৰ পৰা আঁতৰি গুচি যায়গৈ।এফালে গিৰিয়েকৰ চুক্তিপত্ৰ আনহাতে ৰাধিকা দেৱীৰ পুত্ৰস্নেহ।ৰাধিকা দেৱী আৰু নিৰোধ কাকতিৰ বিয়াৰ সম্পূৰ্ণ আঠ বছৰৰ পাছত তেওঁলোকৰ মাজলৈ সন্তানটো আহিছিল।

এটা সন্তানৰ বাবে যেতিয়া ডাক্তৰৰ চিকিৎসা কৰি কৰি ভাগৰি পৰিছিল তাৰ পাছতে কিমান মন্দিৰ,কিমান নামঘৰৰ মজিয়া গছকিল তাৰো হিচাপ নাছিল।কিমানটা গিৰ্জা,মছজিদ গৈছিল তাৰ কোনো হিচাপ নাছিল।সোণৰ ফুল, ৰূপৰ ফুল দান,পূজা-অৰ্চনা সকলো কৰা পাছতো এটা সন্তানৰ মুখ দেখা নাছিল।বহুতে বাজী মাইকী আদি বিশেষণ দি ৰাধিকা দেৱীক অপমান কৰিছিল।নীৰৱে চকুপানী টোকা বাহিৰে আন যেন একো উপায় নাছিল।এদিন এজন জ্যোতিষীয়ে কৈছিল দম্পত্তিহালক।এখন মহাপুৰুষীয়া ভাওনা ঘৰত পাতিবলৈ।ঈশ্বৰৰ সঁচাই আচৰিত মাহাত্ম্য। ভাওনা অনুষ্ঠিত হৈ যোৱা দুমাহমানৰ পাছতে ৰাধিকা দেৱী সন্তান সম্ভৱা।

কিমান ত্যাগৰ বিনিময়ত সন্তানটো জন্ম হৈছিল সেয়া মাক হিচাপে ৰাধিকা দেৱীয়ে অন্ততঃ পাহৰি যাব নোৱাৰে।এনেস্থলত আৰিছ্ অগ্নিহোত্ৰীৰ জোঁৱাই হৈ…ৰাধিকা দেৱীয়ে কোনো মুহূৰ্ততে এইটো বাস্তৱ হ’বলৈ নিদিয়ে।একো সমীচীন সিদ্ধান্ত আজি গোটেই দিনৰ দিনটো মনৰ মাজত যুদ্ধ কৰি কৰি এই সন্ধিয়া পৰ্যন্ত ৰাধিকা দেৱীয়ে সিদ্ধান্ত ল’ব নোৱাৰিলে।গিৰিয়েকৰ মতৰ বিৰুদ্ধে কোনো সময়তে যোৱা নাই।এতিয়া যেন ৰাধিকা দেৱী মহাসংকটত পৰি নীৰৱে ঈশ্বৰক বন্দনা কৰা বাহিৰে আন একো উপায় বিচাৰি পোৱা নাই।দৈনন্দিন নিৰোধ কাকতি আৰু ৰাধিকা দেৱীয়ে সন্ধিয়া চাহৰ পৰ্ব ড্ৰয়িং ৰুমতে কৰে।সেইসময়খিনিত নিৰোধ কাকতিয়ে টিভি চায়।বাকী সময়ত নিৰোধ কাকতিয়ে টিভি কাষত বহি সময় খৰছ নকৰে।গিৰিয়েকৰ লগতে সেই সময়খিনিত ৰাধিকা দেৱীয়েও ইচ্ছা কৰিয়ে টিভিৰ কাষত বহি সময় পাৰ কৰে।

আজিও চাহখিনি আৰু অলপ চাহৰ লগত খোৱা সামগ্ৰী গোটাই ৰাধিকা দেৱী বহি ল’লে।নিৰোধ কাকতিয়ে একান্ত মনেৰে টিভিত নিউজ চাই আছে।চাহৰ কাপ এটা গিৰিয়েকলৈ আগবঢ়াই ৰাধিকা দেৱীয়ে ক’লে-“বাবাই ফ’ন কৰিছিল নেকি?””মইহে কৰিছিলোঁ।দেওবাৰে পোৱাকৈ আহিবলৈ কৈছোঁ।দেওবাৰে অগ্নিহোত্রীহঁতো পাবহি।”চাহৰ কাপটো মুখলৈ নিও অগ্নিহোত্রী নামটো শুনি ৰাধিকা দেৱীয়ে কাপটো নমাই আনিলে।এইবাৰ তেন্তে ৰাধিকা দেৱী পৰাজয় হোৱাটো নিশ্চিত।আকৌ গিৰিয়েকৰ ফালে ৰাধিকা দেৱীয়ে আঁৰ চকুৰে চালে।গিৰিয়েকে তৃপ্তিৰে চাহকাপৰ সোৱাদ লৈ আছে।বহুসময় নীৰৱতাতে পৰিৱেশটো ওলমি থাকিল।ৰাধিকা দেৱীয়ে একো আৰু প্ৰশ্ন নকৰিলে।প্ৰশ্ন বহুত জমা হৈ আছে।বাৰে বাৰে ৰৈ পৰা বাহিৰে ৰাধিকা দেৱীৰ হাতত যেন আন একো উপায় নাই।নীৰৱতা ভঙ্গ হৈ এটা সময়ত নিৰোধ কাকতিৰ ফ’নটো বাজি উঠিল।”আপুনি চন্দনৰ দেউতাক নেকি?”নিৰোধ কাকতিয়ে ফ’নটো ৰিচিভ কৰা লগে লগে সিফালৰ পৰা গলগলীয়া মাতেৰে পুৰুষৰ কণ্ঠ এটা ভাঁহি আহিল।”হয়।আপুনি কোনে কৈছে?”নিৰোধ কাকতিয়ে সুধিলে।”মই এছ.আই ত্ৰিদিপ পাঠকে কৈছোঁ বশিষ্ঠ থানাৰ পৰা।দিনৰ পৰাই ফ’নত ট্টাই কৰি আছোঁ।কিন্তু আপোনাক পোৱা নাছিলোঁ।

“”কিবা কথা আছিল…”এছ.আই ত্ৰিদিপ পাঠকে কি কৈছে পাছৰখিনি নিৰোধ কাকতিয়ে একো আৰু শুনা নাপালে।হাতৰ পৰা ম’বাইলটো আপোনাআপুনি সৰি পৰিল।হাত-ভৰিবোৰো ক্ৰমশঃ কোচখাই জিভাখন ওলাই নিৰোধ কাকতি পকাতে ঢলি পৰিল ঘৈণীয়েকক উদ্দেশ্য কৰিয়ে বিৰ্ বিৰাই উঠিল-অস্পষ্ট কাকতিৰ কণ্ঠ।”বাবাৰ এটা এক্সিডেন্ট হৈছে।অৱস্থা একেবাৰে বেয়া।গিৰিয়েকৰ কথা শুনি ৰাধিকা দেৱীয়ে গিৰিয়েকক ধৰা সলনি গিৰিয়েকৰ ওচৰতে ঢলি পৰিল।ফ’নটো আকৌ বাজি উঠিল।ঘূৰণীয়া টেবুলখনত এফালে ডাঃবৰমুদৈ,বৰমুদৈৰ কাষতে অধ্যাপক ড°চৌধুৰী,বৰমুদৈৰ সোঁফালে জনপ্ৰিয় কাকতখনৰ সম্পাদক পৰাগ বশিষ্ঠ।ড°চৌধুৰীৰ ওচৰতে বহি আছে নাট্যকাৰ আৰু কথাছবিৰ পৰিচালক শশাংকৰ বৰুৱা।-“তাৰপাছত…”পৰাগ বশিষ্ঠই সুধিলে।”দম্পত্তিহাল যিহেতু হাৰ্টৰ ৰোগী আছিল।সেই ফ’নটোৱে তেওঁলোকৰ বাবে কাল হ’ল।তাতোকৈ ৰহস্য কথাটো হ’ল তেওঁলোক মোৰ ৱাইফৰ মামাক-মামীয়েক আছিল।কিবা প্ৰশ্ন কৰিব নেকি?”শশাংকৰ বৰুৱাই সুধিলে।এজনেও মাত নিদিয়া দেখি শশাংকৰ বৰুৱাই আকৌ ক’লে-“এছ.আইজনক কিন্তু নিলম্বন কৰিছিল দুবছৰলৈ।””কিয়?”ডাঃ বৰমুদৈয়ে সুধিলে।”ভুলকৈ ফ’ন কৰা বাবে-“শশাংকৰ বৰুৱাৰ কথা নুবুজিয়ে এইবাৰ পৰাগ বশিষ্ঠই সুধিলে-“ৰহস্যৰ মাজত কিয় ৰখাইছে বৰুৱা?””আচলতে তেওঁলোক একোজনকৈ মানসিক ৰোগী আছিল।তেওঁলোকৰ পুতেক দহবছৰ বয়সতে এটা স্কুল বাছ দুৰ্ঘটনাত মৃত্যু হয়।সেই এক্সিডেণ্টৰ পাছতে দুয়ো মানসিকভাৱে ভাৰসাম্যতা হেৰুৱাই পাগল হ’ল।আৰু গোটেই জীৱন পুত্ৰশোকতে দিন নিয়াই শেষত তেনেকৈ মৰি থাকিল।””আৰিছ্ অগ্নিহোত্রীৰ সৈতে থকা সেই সম্পৰ্কবোৰো কি “ডাঃ বৰমুদৈৰ কথাৰ শেষতে শশাংকৰ বৰুৱাই ক’লে-” চিমলাৰ পৰা আৰিছ্ অগ্নিহোত্রী গুচি যোৱা পাছত আৰু কোনো যোগাযোগ ৰখা নাছিল।এইবোৰ সকলো নিৰোধ কাকতিয়ে মানসিক ভাৰসাম্যতা হেৰুৱাই মিছাকৈ কৰি আছিল।এক প্ৰকাৰ ই প্ৰলাপ আছিল।তাৰোপৰি ভুলবশতঃ ফ’ন কৰা বাবেই এছ.আইজনক শেষত…”আপুনি বৰ ৰহস্যৰ মাজত ৰখাই কাহিনীৰ আঁৰৰ কাহিনী ক’লে হে বৰুৱা।”ড°চৌধুৰীয়ে হুমুনিয়াহ এটা পেলায়ে ক’লে।”তাতোকৈ আৰু এটা ইণ্টাৰেষ্টিং কথা যে এই কাহিনীটোৱে জুমুঠি বনাই মই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে এখন নাটক লিখি আছোঁ।মাথোঁ নামটো দিব পৰা নাই।”

“এটা সপোনৰ অপমৃত্যু” নামটো দিয়ক।পৰাগ বশিষ্ঠই চিগাৰেট এটা জ্বলাই এইবাৰ কৈ উঠিল।

বিকাশ বৰা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

68 − = 63