চিলাই মেচিন

বৰুৱাৰ ঘৰটো নতুনকৈ ইন্টেৰিয়’ৰ কৰিছে। বৰুৱানী অলপ চৌখিন মানুহ।নিজেও সাজি পাৰি থাকি ভাল পায়। বৰুৱা কিন্তু মানুহগৰাকীৰ সম্পূর্ণ বিপৰীত।বহুত কষ্টৰ ফলত মানুহজনে বৰ্তমানৰ অৱস্থাতো পাইছেহি।ঘৰটোক এটা নতুন ৰূপ দিবলৈ কৰা মানুহগৰাকীৰ প্রচেষ্টাক তেওঁ বেয়া পোৱা নাই। কিন্তু নতুনৰ আগমনৰ নামত পুৰণি বস্তু বোৰ ঘৰৰ পৰা ওলিয়াই দিয়া কথাটোহে তেওঁ বৰ এটা ভাল পোৱা নাই। কিছুমান বস্তুৰ লগত তেওঁৰ আৱেগৰ টান এটা জড়িত হৈ আছে। নতুনৰ চিকমিকনিত মানুহগৰাকীৰ সেইবোৰলৈ কোনো ভ্রুক্ষেপ নাই। বহুত বছৰ ধৰি মেচিনটো তেওঁলোকৰ ঘৰত কোনো ব্যৱহাৰ নোহোৱাকৈ এনেয়ে পৰি আছে। বৰুৱাৰ সেই চিলাই মেচিনটোলৈ কিবা মোহ এটা আছে।

বৰুৱানীয়ে পুৰণি চিলাই মেচিনটো বাহিৰলৈ ওলিয়াই দিয়াৰ সপক্ষে যুক্তি আগবঢ়াই বৰুৱাৰ আগত।

আজিকালি ইমান ধুনীয়া ধুনীয়া চিলাই মেচিন ওলালে । সেইবোৰত এই পুৰণি চিলাই মেচিনটোতকৈ কষ্টও বহুত কম হয়। বৰুৱানীয়েই যি ব্যৱহাৰ কৰিলে সেইটো ।পাছলৈ তেওঁলোকৰ ছোৱালী দুজনীয়েও সেইটো ব্যৱহাৰ নকৰি নতুন মডেলৰ মেচিন এটাহে আনি ললে। ছোৱালী দুজনী বিয়া হৈ যোৱাৰ পাছত ঘৰখনত দুটাকৈ চিলাই মেচিন এনেই পৰি ৰ’ল। নতুনকৈ ছোৱালীহতে লোৱা মেচিনটো সৰু কোনোবা ঠাইত জাপি কুচি ভৰাই ৰাখিব পৰা। কিন্তু পুৰণি মেচিনটোক ঘৰখনত নিদিষ্টকৈ এটুকুৰা ঠাইৰ প্রয়োজন হয়। নতুনকৈ ঘৰটোক সাজোন কাচোন কৰিবলৈ ওলোৱা মানুহগৰাকীয়ে মেচিনটোক সেইখিনি ঠাই দিবলৈ মন নকৰে।

বৰুৱাৰ মনত পেলাই পুৰণি চিলাই মেচিনটোৰ ঘৰখনলৈ আগমনৰ কথা……

হাতৰ কাম কৰি ভাল পোৱা মিনতি বৰুৱাই বিয়া হৈ অহাৰ পাছতে চিলাই মেচিন এটা বিচাৰিছিল কিন্তু ৭০০ টকীয়া চিলাই মেচিন এটা লবলৈ বৰুৱা সেই সময়ত অপৰাগ আছিল। লাহে লাহে ব্যৱসায়ত উন্নতি কৰা বৰুৱাই প্রথম ছোৱালী মুনুৰ জন্মৰ পাছতে তাইৰ সৰু সৰু কাপোৰ কেইটা চিলাই দিবলৈকে বুলি নিজৰ সাঁচতীয়া পইচাকেইটাৰে চিলাই মেচিনটো কিনি আনিছিল । বহুত কামত সহায় হৈ পৰিছিল সেই মেচিনটো সেই সময়ত বৰুৱাহতৰ বাবে। কিন্তু লাহে লাহে মেচিনটো অলাগতিয়াল হৈ ঘৰখনৰ চুক এটাত পৰি ৰ’ল।

পুৰণি বস্তুবোৰৰ লগত বাহিৰৰ ঘৰটোত থবলৈ সেই চিলাই মেচিনটো ওলিয়াই দিয়াত বৰুৱাৰ মনটো অলপ বেয়া লাগিল।

ড্রাইভাৰ ৰমাকান্তক বৰুৱানীয়ে মেচিনটো বাহিৰত ওলিয়াই দিবলৈ কোৱাত মেচিনটো চুই চাই ৰমাকান্তই বৰুৱাক সোধো নোসোধোকৈ সুধি পেলালে।

“দাদা… ৰমাকান্ত ,বৰুৱাহতৰ ঘৰখনৰ বহুত পুৰণি সদস্য। সেইবাবে তেওঁ বৰুৱাক দাদা আৰু বৰুৱানীক নবৌ বুলি কয়।

“দাদা “ৰমাকান্তই পুনৰ মাত্র লগাই

অ’ কিবা কৈছিলি নি তই মোক?? বৰুৱাই ৰমাকান্তলৈ চাই সুধে ।

ৰমাকান্তই মেচিনটোৰ ফালে চাই কয়, ” মানে দাদা মেচিনটো আপোনালোকক প্রয়োজন নাই যদি মইয়ে লৈ যাঁও নি?? মোৰ দৰমহাৰ পৰাই অলপ অলপকৈ পইচা কাটি ৰাখিব। ছোৱালীজনী পৰীক্ষা শেষ কৰি ঘৰতে এনেয়ে আছে কিবা কিবি চিলাব পাৰিব। ৰমাকান্তই পাছৰ কথাখিনি মেচিনটোৰ ফালে চাই আপোনমনে কয়।

ৰমাকান্তৰ কথা শুনি বৰুৱাই কলে তই অলপ সময় ৰ’বি মই নবৌয়েৰাক সুধি আহো।

মিনতি বৰুৱাই কথাটো শুনি বেয়া পোৱাৰ পৰিবৰ্তে ভালহে পালে। ঘৰটোক নতুনকৈ সজাবলৈ লওতে তেওঁলোকৰ বহুত টকা পইচা খৰচ হৈছে। পুৰণি মেচিনটোৰ বিনিময়ত যদি ৰমাকান্তৰ দৰমহাটো অলপ কমকৈ দিব পাৰে তেওঁলোকৰ বাবে ভালহে হব।

নবৌয়েকৰ সন্মতি পাই ৰমাকান্তই সেইদিনা আৱেলি কামৰ পৰা ওলটি অহাৰ সময়ত মেচিনটো ঘৰলৈ লৈ আহে। ৰমাকান্তৰ পত্নী বিজয়াই ঘৰলৈ নতুনকৈ অনা মেচিনটোৰ ওচৰত চাঁকি এগছ লগাই সেন্দুৰৰ ফোঁট এটা দি দিয়ে।

ঘৰখনলৈ নতুনকৈ অনা কাপোৰ চিলোৱা মেচিনটো দেখি সকলোতকৈ বেছি সুখী হয় ৰমাকান্তৰ ছোৱালী সুজাতা।

বহুত দিনৰ পৰা সুজাতাই মেচিন এটাৰ অভাৱ অনুভব কৰি আছিল। কেৱল দেউতাক বা মাকক কোৱা নাছিল। দেউতাকৰ অৰ্থনৈতিক অৱস্থাৰ কথা তাই ভালদৰে জানে। বিভিন্ন ধৰণৰ কাপোৰত বিভিন্ন ডিজাইন কৰাটো তাইৰ অতিকে প্রিয়। হাতেৰে কিছুমান চিলাইৰ কাম কৰিবলৈ অসুবিধা হয় । মেচিনটো চুই চালে তাই। এতিয়াৰ পৰা তাই কাপোৰত নতুন নতুন ডিজাইন কৰিব পাৰিব।

সুজাতাই দেউতাক ৰমাকান্তৰ বাবে চোলা এটা চিলাবলৈ চেষ্টা কৰে। মাকে শিকাই দিয়ে কিদৰে কাটিব লাগে। তাই মাকে শিকাই দিয়াখিনিত নিজৰ মনৰ পৰা নতুনকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰে।

ছোৱালীজনীয়ে চিলাই দিয়া চোলাটো ৰমাকান্তৰ পিন্ধিবলৈ ওলিয়াই লয়। চোলাটো সদায় দেখি থকা ধৰণেৰে নিচিলাই অলপ বেলেগধৰণেৰে চিলাই দিলে। ৰমাকান্তই চোলাটো গাত সুমুৱাই লয়।সৰু আইনাখনত দুৰৰ পৰা নিজক সম্পূর্ণ ৰূপে চাবলৈ চেষ্টা কৰে।

বৰুৱাই ৰাতিপুৱাই ৰমাকান্তক নতুন ডিজাইনৰ চোলাটো পিন্ধি অহাত চোলাটোৰ প্রশংসা কৰিলে। বৰুৱানীয়েও আঁৰ চকুৰে ৰমাকান্তক চাই।

সুজাতাই লাহে লাহে ওচৰ চুবুৰীয়া মানুহখিনিৰো কাপোৰ চিলাবলৈ আৰম্ভ কৰি দিলে। নতুন নতুন ষ্টাইলৰ কাপোৰ পাই মানুহবোৰে সুজাতাক প্রশংসাৰে বুৰাই পেলালে। মেচিনটোৱে সুজাতাৰ সপোন দিঠক কৰাৰ ওপৰিও ৰমাকান্ত উপাৰ্জনৰ বাট এটাও মুকলি কৰি দিয়ে।

বৰুৱাহঁতৰ ঘৰটোৰ কাম সম্পূর্ণ হয়। বহুত টকা পইচা খৰচ কৰি ঘৰটো নতুনকৈ ডিজাইন কৰিছে।বৰুৱানীৰ নিজৰ লগৰ কেইজনীক দেখুৱাবলৈ মন। বৰুৱা বৰুৱানীয়ে ঘৰ লোৱা নিয়মটো অলপ ডাঙৰকৈয়ে অনুষ্ঠিত কৰিবলৈ লয় যাতে সকলোৱে তেওঁলোকৰ ঘৰটো চাব পাৰে।

বৰুৱানীয়ে ৰমাকান্তৰ হাতত কাপোৰ কেইযোৰ মান তুলি দিয়ে।

“ৰমা , বৰুৱানীয়ে ৰমাকান্তক উদ্দেশ্য কৰি কয়.. এই কেইযোৰ কাপোৰ সুজাতাক ভালকৈ চিলাই দিবলৈ কবি আমি ঘৰ লোৱাত পিন্ধিম। দাদাৰৰ চোলাটোও আছে।

“নবৌ ” আমাৰ তাই পাৰিব জানো ?? অলপ সন্দেহ হয় ৰমাকান্তৰ নিজৰ ছোৱালী জনীৰ দক্ষতাৰ ওপৰত। ককায়েক নবৌয়েকৰ ইমান দামী কাপোৰ কেনেবাকৈ বেয়া কৰিলে কম ডাঙৰ কথা হবনে!

“হব তই লৈ যাচোন তাই নোৱাৰো বুলি কলে কাইলৈ পুনৰ লৈ আহিবি” নবৌয়েকে কলে।

ৰমাকান্তই কাপোৰ কেইযোৰ সুজাতাৰ হাতত দিয়ে।

“পাৰিবিনে ভালকৈ চিলাবলৈ ? জীয়েকৰ মুখলৈ চাই সুধে। সোনকালে লাগিব কিন্তু দাদা নবৌক। ঘৰ লোৱা দিনাখন পিন্ধিম বুলি মোক কৈ পঠাইছে ।

সুজাতাই কাপোৰ কেইযোৰ চুই চাই সুজাতাই। ইমান দামী কাপোৰ তাই আগতে কেতিয়াও চিলোৱা নাই।

তাই দেউতাকক পাৰিব বুলি কয়।

ৰমাকান্তই স্বস্তিৰ উশাহ এটা এৰে।

সুজাতা বৰমাক বৰতাকৰ কাপোৰ কেইটা চিলাবলৈ আৰম্ভ কৰে।

ঘৰ লোৱাৰ এদিন আগতেই কাপোৰ কেইযোৰ ৰমাকান্তই নবৌয়েকৰ হাতত তুলি দিয়ে।

নবৌয়েকে কাপোৰ কেইযোৰ লৈ সুখী হয়।

কাপোৰ চিলোৱা বাবে কিবা এটা ৰমাকান্তৰ হাতত দিয়ে মানুহগৰাকীয়ে।

নবৌ এইবোৰ কি কৰিছে । নিজৰ বুলি ভাবি ছোৱালীজনীয়ে চিলাই দিছে। এইবোৰ নাপাই। ৰমাকান্তই নবৌয়েকক কয়।

ঘৰ লোৱা দিনা মিনতি বৰুৱাই নতুনকৈ চিলাই অনা কাপোৰ যোৰ পিন্ধি লয়। বৰুৱাকো দিয়ে।

নিদিষ্ট সময়ত বৰুৱাহতৰ নতুনকৈ সজাই তোলা ঘৰখন চোৱাৰ লগতে নিমন্ত্রণ ৰক্ষা কৰিবলৈ আলহী আহিল।

“বাহ, আজি নতুন ঘৰতকৈও আপোনালোক হে জিলিকি আছে দেই “… সকলোৱে বৰুৱানীক কবলৈ ধৰিলে।

বৰুৱানীৰ লগৰ কেইগৰাকীও আহিল।

মিনতি তোৰ কাপোৰ যোৰ ক’ত চিলাবলৈ দিছিলি “ক”চোন? ইমান ধুনীয়াকৈ চিলাইছে । আমিও দিম চিলাবলৈ একেবাৰে নতুন ডিজাইন।

ঘৰ লোৱা খাবলৈ অহা সকলোৰে মুখত ঘৰৰ নতুন ডিজাইনতকৈ কাপোৰৰ ডিজাইনৰ কথা শুনি বৰুৱানী নিশ্চুপ হৈ বহি পৰে। মনত পৰে তেওঁৰ পুৰণি চিলাই মেচিনটোলৈ…

সমাপ্ত।

মৌচুমী শৰ্মা বৰকাকতি

By