প্ৰেমৰ ৰাগি

কুৰুকি কুৰুকি মই তাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিলোঁ।প্ৰেম নামৰ দুটি বৰ্ণৰ লগত যেন মোৰ পুনৰ বাৰ সম্বন্ধ ঘটিছিল।শেষ হৈ যাব খোজা মনৰ হেঁপাহবোৰ,আশাবোৰ সি মোৰ হৃদয়ত আকৌ জগাই তুলিছিল।সপোন দেখিবলৈ ভয় কৰা মইজনীক সি আকৌ সপোন দেখিবলৈ শিকাইছিল।মই জনীক মই কৰি জীয়াই তুলিছিল।বন্ধ কৰি থোৱা হৃদয়ৰ খিৰিকীখন সি নিজে খুলি সোমাই আহিছিল ।প্ৰৱেশ নিষিদ্ধ বুলি জানিও সি তাৰ প্ৰৱেশৰ পথ মুকলি কৰি লৈছিল। তিনিবছৰ প্ৰেম সাগৰত উটি ভাহি মই তেতিয়া উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ মৰমৰ পৰা আঁতৰি কষ্ট হৈছিল যদিও বেছি কষ্ট দিছিল বৰ্ণভৰ ব্যৱহাৰে।মই পঢ়ি অহা কলেজখনত সি তেতিয়া নতুনকৈ জইন কৰিছিল।ভাবিছিলোঁ ময়ো মাষ্টাৰ ডিগ্ৰী কৰি একেখন কলেজতে সোমাৱ পাৰিলে কিমান যে ভাল হ’ব।সপোনৰ পিছত দৌৰি দৌৰি যেতিয়া মোৰ এডমিছন হৈ গৈছিল খবৰটো মই প্ৰথম তাকেই দিছিলোঁ।কিন্তু মই ভবামতে সি সুখী হোৱা নাছিল।’হয়নেকি’ বুলি কৈ এক নিৰুৎসাহজনক মন্তব্য দি সি ফোনটো কাটি দিছিল।ব্যস্ততাৰ মাজত ময়ো কথাবোৰ সেইকেইদিন গুৰুত্ব দিয়া নাছিলোঁ।লাহে লাহে মন কৰিলোঁ তাৰ যেন ফোন অহাটো, মোৰ প্ৰতি গুৰুত্ববোৰ কমি গ’ল।বিশ্ববিদ্যালয়লৈ অহাৰ আগতো তাৰ লগ ধৰিবলৈ সময় নোহোৱা হ’ল।আগতে যিটো ল’ৰাই মোক লগ ধৰিবৰ বাবে নানা পৰিকল্পনা কৰে এতিয়া মোৰ বাবে তাৰ সময়ৰ অভাৱ হ’ল।ব্যস্ততাৰ ফাঁকি দিয়া হ’ল।মই বুৰ্বকজনীয়েও কথাবোৰ ধৰিব নোৱাৰি হয় বুলি বিশ্বাস কৰি লোৱা হ’লো।দিনটোৰ প্ৰতিটো বেলাতে ফোন কৰা ল’ৰাটোৰ আজিকালি সপ্তাহটো ফোন কৰিবলৈ সময় নোহোৱা হ’ল।তেনেকৈয়ে নতুন ঠাইৰ নতুন মানুহবোৰৰ মাজত মই মিলি গ’লো। সি ফোন নকৰিলেও ময়েই কৰো মাজে মাজে।কেতিয়াবা ধৰে ,কেতিয়াবা নধৰে।ভুল মোৰ ক’ত হ’ল মই একো ধৰিব নোৱাৰিলোঁ।সুধিলেও একো নকয়।লগৰকেইজনীৰ লগতো কথাবোৰ লাহে লাহে শ্বেয়াৰ কৰোঁ, ভিন্নজনীৰ ভিন্ন মত।তথাপিও ধৈৰ্য্য ধৰিলোঁ।যি সময়ত মোক তাৰ বেছি প্ৰয়োজন হৈছিল সেই সময়তে সি মোৰ সঙ্গ ত্যাগ কৰিছিল।ৰাতি ৰাতি চিনিয়ৰৰ পৰা লুকুৱাই গাৰুত মুখখন গুজি মই বহু ৰাতি উচুপিছিলো।কোনেও নুবুজে,কাকো বুজাব নোৱাৰো সেই দুখৰ অনুভৱ।অপেক্ষা কৰিছিলোঁ মাথোঁ ভাল দিনবোৰ ঘূৰি আহিব বুলি।বিশ্ববিদ্যালয়ৰ নতুন নিয়ম,নতুন নতুন বন্ধু বান্ধৱীৰ মাজতো মোৰ মনটোৱে বাৰে বাৰে তাকে বিচাৰিছিল। সময় পাখি লগা কাঁড়ৰ দৰে।এদিন বন্ধত ঘৰলৈ যাওঁতে দেখিছিলোঁ বৰ্ণভৰ ঘৰত পেণ্ডেল দিয়া আছে।ৰিক্সাৱালাজনকে মনৰ খুদুৱনি মাৰিবলৈ সুধিলোঁ* এওঁলোকৰ ঘৰত কিবা পাতিছে হ’বলা।* হয় বাইদেউ, কলেজত যে কৰে ছাৰজনৰ বিয়া। ধৈৰ্য ধৰি আকৌ সুধিলোঁ* কাৰ লগত জানেনে?* নাজানোঁ বাইদেউ। ৰিক্সাখনৰ পৰা যেনেতেনে নামি ঘৰ সোমালো।মনত গুজৰি গুমৰি থকা ধুমুহাজাকৰ মাহঁতক খবৰ নিদিয়াকৈয়ে গাটো বেয়া লাগিছে শুই লওঁ বুলি ৰুমত সোমাই দৰ্জাৰ খিলিটো মাৰি বহু সময় কান্দিলো।কন্দাৰ মাজতে মাজে মাজে বৰ্ণভলৈ ফোন লগাও নধৰে।বহু বাৰ ফোন লগোৱাৰ পিছত এবাৰত সি ৰিচিভ কৰিলে।* হেল্ল’ ইমান ফোন মাৰি আছা যে,এবাৰত নধৰিলে জানিব লাগে মই বিজি আছো বুলি। কথাষাৰে মোৰ হৃদয়ৰ জ্বলি থকা জুইকুৰা আৰু দপদপকৈ জ্বলাই তুলিলে।তথাপিও শেষ আশা ত্যাগ নকৰি ধৈৰ্য ধৰি সুধিলোঁ* কিহত বিজি আছিলা?* কলেজৰ কামত।* কলেজ ৰাতি আঠটাতো হয় নেকি?* নহয়,কাইলৈৰ ক্লাছৰ প্ৰিপেয়াৰ কৰি আছিলোঁ।* কিন্তু কাইলৈটো কলেজ বন্ধ।ক্লাছৰ প্ৰিপেয়াৰ নে বিয়াৰ? প্ৰশ্নটোত সিও আচৰিত হ’ল।*তুমি কেনেকৈ জানিলা?* কিছুমান কথা কেতিয়াও লুকাই নাথাকে।এতিয়া মাথোঁ এটা প্ৰশ্নৰে মোক উত্তৰ দিয়া মোৰ কি ভুল আছিল।* তোমাৰ এইটোৱেই ভুল আছিল যে তুমি মোক নোসোধাকে মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ গৈছিলা,মইটো কেতিয়াও বিচৰা নাছিলোঁ মোৰ ৱাইফে হায়াৰ ষ্টাডি কৰক।মোতকৈ সদায় মোৰ ৱাইফ তলতেই থাকিব লাগিব।তুমি মোতকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰিলা সেয়ে আজি তোমাৰ এই দশা।লাও সদায় পাতৰ তলতেই থাকে। কথাখিনি কৈয়েই সি ফোনটো কাটি দিলে।দুখটোৱে এইবাৰ বেলেগ ফালে গতি লৈছিল।মনলৈ আহিছিল মই যদি ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ লৈয়ো মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ নগলোহেঁতেন তেতিয়া মানে মই মোৰ প্ৰিয় মানুহজনৰ লগতেই হয়টো দুদিন পিছত বিয়াত বহিলো হয়।নিজৰ ওপৰতেই এইবাৰ ধিক্কাৰ জন্মিল।ইস,ভালপোৱা মানুহজনৰ মনৰ কথাটোও জানিবলৈ মই অলপো চেষ্টা নকৰিলো,আকৌ অলপ পিছতে সি কৈ যোৱা ‘লাও সদায় পাতৰ তলত ‘কথাষাৰে মোক শেলে বিন্ধাইদি বিন্ধিলে।’মোৰ যেন স্বাভিমানী,স্বাধীনতাপ্ৰিয় মনটোৱে কথাষাৰ হজম কৰিব পৰা নাই।বৰ্ণভৰ নাম্বাৰটো দিলীত কৰি দিলোঁ।নালাগে মোক এনেকুৱা পুৰুষ যি নাৰীৰ বাবে এনে চিন্তা, এনে মানসিকতা ৰাখে। গুচি আহিলোঁ আকৌ বিশ্ববিদ্যালয়খনলৈ, ঘৰত মনটো স্থিৰ কৰিব নোৱাৰিলোঁ ,ভাবিছিলোঁ হোষ্টেলৰ লগৰকেইজনী পালে মনটো ভাল লাগিব, পিছে নাই বৰ্ণভৰ শেষৰ কথাকেইষাৰ তেতিয়াও মোৰ কাণত বাজি থাকিল।ল’ৰাবোৰক চকু পাৰি দেখিব নোৱাৰা হ’লো।বন্ধু হিচাপে বেলেগ কথা,প্ৰেমৰ প্ৰস্তাৱ দিয়াকেইটাৰ প্ৰতি কিবা এক ঘৃণাৰে মনটো ভৰি পৰিল।বিশ্ববিদ্যালয়ৰ প্ৰথম ক্লাছৰ দিনাই চিনাকি হোৱা কাব্য এতিয়া সেই ঘৃণাৰ পাত্ৰ হৈ পৰিল মোৰ চকুত।বৰ্ণভৰ পৰা পাই থকা ৰুক্ষতাৰ মাজতেই সি মোক এদিন প্ৰেমৰ প্ৰস্তাৱ দিছিল।মই হাঁহি হাঁহি কৈছিলোঁ ‘মোৰ বয়ফ্ৰেণ্ড আছে’। ‘হয়নেকি’ বুলি সি আঁতৰি গৈছিল।কিন্তু সদায় মোৰ আশে পাশেই সি আছিল।বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে এতিয়া তাক লগ পাওঁ, ক্লাছ ৰুমত মই নহালৈকে সি নোসোমাই,ব্ৰেক টাইমত চাহ খাবলৈ মই নগ’লে সি নাযায়, মোৰ ব্ৰেকআপ হোৱাৰ খবৰ সি পাইছে।কিন্তু এতিয়া মই বেছি ৰুক্ষ ,মোৰ ব্ৰেকআপৰ খবৰ পাই কোনেও যাতে মোক পুতৌৰ চকুৰে নাচায় সেই লৈ মই নিজকে সদায় আনৰ আগত হাঁহি মাতি ৰাংঢালি হৈ থকাৰ চেষ্টা কৰিলোঁ। মই ক্লাছলৈ নহাৰ দিনা কাব্যই খবৰ লয় আজি মই কিয় ক্লাছলৈ নগ’লো।সেইদিনা দিয়া ন’টছবোৰ সি মোলৈ বুলি লিখি ৰাখে,মোৰ সাধাৰণ জ্বৰ কাঁহ হ’লে খবৰ লয়।লাহে লাহে ভাল লাগে তাক মোৰ।যিখিনি আদৰ,যিখিনি মৰম মই বৰ্ণভৰ পৰা বিচাৰিছিলোঁ সেইখিনি আদৰ,মৰম মই কাব্যৰ পৰা পাইছিলোঁ।লাহে লাহে তাক মই সকলো কথা খুলি ক’ব পৰা হ’লো।বৰ্ণভৰ পৰা লাভ কৰা সম্পৰ্কৰ তিক্ততা এতিয়া কাব্যৰ মাজত মিঠা সুবাস বিচাৰি পোৱা হ’লো।কিন্তু হৃদয়ে গ্ৰহণ কৰিলেও বিবেকে আকৌ মনত পেলাই দিয়ে ‘লাও সদায় পাতৰ তলত’।বৰ্ণভৰ কথা তাক খুলি ক’ব পৰা হ’লো।মোক কেতিয়া কি বস্তু দৰকাৰ হ’ব তাৰ সি হিচাপ ৰখা হ’ল।কিন্তু সি কোনো দিনে মোক আকৌ সেইষাৰ কথা নুসুধা হ’ল।কিন্তু মই বিচাৰিছিলোঁ এতিয়া মনেপ্ৰাণে সি মোক আকৌ সেইষাৰ কথা কওঁক। বিশ্ববিদ্যালয়ত এতিয়া কাব্য আৰু সীমান্তিকাক চিনি নোপোৱা মানুহ নাই।সকলোৰে মুখত আমাৰ নাম,কিন্তু প্ৰকৃততে আমিয়েই নাজানোঁ আমাৰ সম্পৰ্কৰ নাম কি? বিশ্ববিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠান আমি একেলগে উপভোগ কৰো।মই নগ’লে সি নাহে,সি নাহিলে মই নাযাওঁ।প্ৰকৃততে ,অকলে চোৱাত সেই মাদকতা নাই যিটো আমি ইজনে সিজনৰ সঙ্গত অনুভৱ কৰোঁ।আমি দুয়োটাই ইটোৱে সিটোক ‘তই ‘ বুলিয়েই সম্বোধন কৰা হ’লো।মানুহে সেয়ে বুজিবলৈ টান পায় আমাৰ সম্পৰ্কৰ নামটো। মই নাটক কৰি ভালপোৱা ছোৱালী, সৰুৰেপৰাই কৰিছিলো, বৰ্ণভৰ লগতো প্ৰেম মোৰ সেই নাটকৰ যোগেদিয়েই হৈছিল।বিশ্ববিদ্যালয়তো মই নাটক কৰাৰ সুবিধা লাভ কৰিছিলোঁ।কিন্তু বৰ্ণভে নাটক কৰোঁতে মোৰ আশে পাশে থকাৰ দৰে কাব্য মোৰ ওচৰত নাছিল।কিন্তু নাটক চাবলৈ সি আহিছিল আৰু মোৰ অভিনয়ৰ প্ৰশংসা কৰিছিল।ভাল লাগিছিল মোৰ,তাৰ এষাৰি প্ৰশংসাৰ কথাই মোক আৰু উৎসাহিত কৰি তুলিছিল। উজাগৰী নিশা সি মোক শুনাই তাৰ অৰ্গেনত বিভিন্ন গানৰ সুৰ।মই ব্যাকুল হৈ পৰোঁ তাক যেন এতিয়াই কম ‘মই তোক ভালপাওঁ কাব্য’।কিন্তু ক’ব নোৱাৰো,লজ্জা নামৰ আৱৰণটোৱে মোক ঢাকি ধৰে।তাৰোপৰি মই এতিয়া চিন্তা কৰোঁ সি বা এতিয়া মোৰ কথা কি বুলি ভাবে।মনৰ আবেগবোৰ মনতেই ৰাখি আগবাঢ়ো আকৌ।মই নাজানোঁ এতিয়া আমাৰ সম্পৰ্কটো কি,তাক সুধিবলৈও লাজ লাগে, কিন্তু সি মোৰ ছাঁৰ দৰে ঘূৰি ফুৰে।পৰীক্ষাৰ আগত পঢ়া কমপ্লিট নহ’লে সি মোক বুজাই দিয়ে,নিজৰ পঢ়া এৰিও সি মোৰ লগত লাগি থাকে।এনেদৰেই ইটোৱে সিটোৰ লগত চুম্বকৰ দৰে লাগি লাগি আমাৰ বিশ্ববিদ্যালয়ৰ দুবছৰৰ অন্ত পৰে। বিশ্ববিদ্যালয় শেষ হোৱাৰ পিছত দেউতাই বিয়াৰ কথা উলিয়াই।আৰু পঢ়িব নালাগে ঘৰলৈকে আহ বুলি মাতি পঠাই।মই কি কৰোঁ কি নকৰোঁ সিদ্ধান্ত ল’ব নোৱাৰা হ’লো।দেউতাকো ক’ব নোৱাৰা হ’লো নাযাওঁ বুলি।অৱশেষত দেউতাৰ কথা মানি মই তালি টোপোলা বান্ধি ঘৰলৈ গুচি আহিলোঁ।কাব্য তাতে ৰৈ গ’ল।JRF ক্লিয়েৰ কৰিলে সি,পি.এইচ. ডিৰ বাবে সি প্ৰস্তুতি চলাইছে।বিশ্ববিদ্যালয় এৰি অহাৰ আগদিনা মই তাক সাবটি ধৰিছিলো অজানিতে।মই মনে প্ৰাণে বিচাৰিছিলোঁ সি কওঁক ‘তই ৰৈ যা সীমা ‘বুলি,মই শুনিব বিচাৰিছিলোঁ সি মোক কওঁক,মই তোক ভালপাওঁ ,তই মোক এৰি নাযাবি।কিন্তু সি নক’লে।হয়তো সি কোৱা হ’লে মই সাহস পালোঁ হয়,মই ৰৈ গ’লো হয় তাতে।কান্দি কাটি ঘৰলৈ আহিলোঁ।ভাবি ল’লো সি মোক অতদিনে বন্ধু বুলিয়েই ভাবিছিল ছাগে।মইহে ভুল ভাবিছিলো। ঘৰলৈ আহি ওচৰৰে নতুনকৈ খোলা কলেজ এখনত সোমালোঁ।কাব্যৰ লগত ফোনত কথা বতৰা চলি থাকিল।চেমিনাৰ, ISBN আলোচনী এইবোৰত ভাগ ল’বলৈ,প্ৰকাশ কৰিবলৈ সি মোক খবৰ দিয়া হ’ল।তেতিয়াও বিভিন্ন ক্ষেত্ৰত দূৰে দৰে থাকিও সহায় কৰা হ’ল ।চেমিনাৰবিলাকত তাক লগ পোৱা হ’লো।তাক লগ পোৱাৰ হাবিয়সতে মই চেমিনাৰবিলাকত ভাগ লোৱা হ’লো।প্ৰত্যেকবাৰেই মই সাজি কাচি যোৱা হ’লো,মনত এটাই আশা পুহি ৰাখো সি মোক আকৌ প্ৰপজ কৰিব।কেতিয়াবা ভাবোঁ ময়েই কৈ দিওঁ নেকি, কিন্তু ৰৈ যাওঁ, নোৱাৰোঁ ক’ব। দুই এক বিয়াৰ বাবে ল’ৰাৰ খবৰো অহা হ’ল।মই বিভিন্ন উজুহাত দেখুৱাই কথাবোৰ নাকচ কৰিলোঁ।কাব্যক কওঁ কথাবোৰ ‘হয় নেকি’ বুলি কোৱাৰ বাহিৰে সি একো নকয়।বিয়া হ বুলিও নকয়,নহ’বি বুলিও নকয়। কাব্যৰ ৰিচাৰ্চৰ কাম আৰম্ভ হৈছিল।তাৰ উৎসাহতে ময়ো পিছৰ বছৰ এন্ত্ৰেন্স দিলোঁ, পাছো কৰিলোঁ।আকৌ ছমাহৰ ক’ৰ্চ ৱৰ্কৰ বাবে মই বিশ্ববিদ্যালয় পালোগৈ ,সেই ছমাহ মই আকৌ তাৰ সঙ্গ উপভোগ কৰিলোঁ, আকৌ সেইদিন ওভতি আহিলে।বহু কলেজত কাব্যই ইন্টাৰভিউ দিছে,কিন্তু এতিয়ালৈকে পোৱা নাই।ময়ো ছমাহীয়া কৰ্চটো কমপ্লিট কৰি ৰিচাৰ্চৰ কাম আৰম্ভ কৰিলোঁ। মাজে মাজে হতাশ হওঁ, সি মোক উৎসাহ দিয়ে।গাইডৰ গালি খাই নকৰোঁ বুলি গুচি আহিব খুজো সি আকৌ প্ৰেৰণা দিয়ে,মোৰ খং,কান্দোনক তাৰ মৰমৰ এষাৰে গলাই দিয়ে।উৎসাহ পাই আকৌ ৰৈ যাওঁ।এনেদৰেই পাৰ হয় সময়। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ তিনি বছৰমান পিছত কাব্যই কলেজ এখনত চাকৰি পায়।সুখী সি।তাৰ সুখত মই।খবৰটো দিবলৈ সি মোৰ ওচৰলৈ দৌৰি আহে।মই তেতিয়া বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত।ফুটপাথত বিক্ৰী কৰি থকা আলোচনী কিনাত মই ব্যস্ত।* সীমা ,মই চাকৰিটো পালোঁ। কৈয়েই সি মোক ডাঙি ঘূৰাই দিলে।লাজ লাগিল মোৰ ,সকলোৰে চকু তেতিয়া আমাৰ দুটাৰ ওপৰত।হোৱাৰে কথা কোনেনো ৰাস্তাত এনে দৃশ্য উপভোগ কৰিবলৈ পায় স্বচক্ষুৰে।* হ’ব দে মোক আগতে নমাচোন। নমাই দিলে মোক সি।মই আশে পাশে মানুহবোৰলৈ চাওঁ।ভালেই লাগিছেনে লাজেই লাগিছে মই থিক ধৰিব পৰা নাই।* তোক মই বহুত ভালপাওঁ সীমা,তই যদি ভাব মোৰ কথা তেন্তে মই তোক বিয়া কৰাব খোজোঁ।হ’বিনে ক।* অতদিনে এইষাৰ কথা শুনিবলৈয়েইটো মই ৰৈ আছিলোঁ।কিয় কোৱা নাছিলি?* অতদিনে তোক বিয়া পাতিব পৰাকৈ মোৰ এই চাকৰিটো নাছিল যে। সেইসময়ত কোনে চাইছে কোনে নাইচোৱা মোৰ ভাবিবলৈ সময় নাই।তাক মই আকোঁৱালি ল’লো।* I love you kabya,I love you very much*I love you too dear. সেই দিনটোৰ সেই সুখকণ মই আজিলৈকে ধৰি ৰাখিছোঁ, ধৰি ৰাখিবলৈ কাব্যই মোক সুবিধা কৰি দিছে।মোৰ সপোনবোৰত সি পাখি লগাই দিছে,মোৰ ভালপোৱাবোৰক ধৰি ৰাখিবলৈ মোৰ হৃদয়খন সি নভঙাকৈ ধৰি ৰাখিছে,স্বাধীনচিতীয়া মইজনীক চিলাৰ দৰে উৰিবলৈ সি শিকাইছে আৰু মইজনীক মই কৰি সি পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছে।বিয়া হৈ যোৱাৰ পিছতো সি মোক মোৰ মতে জীয়াই থাকিবলৈ দিছে।বৰ্ণভৰ লাও সদায় পাতৰ তলত কথাষাৰ মোক আজিকালি কাব্যই নতুনকৈ দৃষ্টিপাত কৰিবলৈ শিকাইছে ,যি দৰে লাও গছ পাত অবিহনে অসম্পূৰ্ণ সেইদৰে গছজোপাৰো মূল্য লাওটোতহে।দুয়োটাৰে স্থান নিজৰ নিজৰ।এটাক এৰি আনটো অসম্পূৰ্ণ।কাব্যৰ বুকুৰ মাজত সীমান্তিকা আজি সোমাই পৰিছে মৰমৰ গভীৰতাৰে।ৰাগি লাগিছে তাইৰ প্ৰেমৰ ৰাগি।

✍ মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 6 = 4