পখিলাৰ পম খেদি!

পখিলাটো বাৰে বাৰে বাছৰ ভিতৰৰ খিৰিকী খনত উঠা নমা কৰি আছে। ধুনীয়া, উজ্বল মূগা ৰঙী পখিলাটো !-মোৰ মনটো ও উচ্ পিচাই আছে। বাছৰ প্ৰথম চীট টোৰ ওচৰে পাজৰে তাই যিমানে উঠা-নমা কৰিছে, মইও সিমানে ভিতৰি চঞ্চলহৈ পৰিছো।

খানাপাৰাত একেলগে বহুত মানুহ উঠিল। ফাৰ্মগেট,ৰিচাৰ্চ গেটৰ সমুখত তাকৰীয়া মানুহৰ উঠা- নমা।

–পখিলাজনী একেটা ঠাইতেই আছে !

ছয়মাইল পালোহি। “ছয় মাইল,ছয়মাইল -এই নামা আছে–আস্তে—।”

—মোৰ অসংলগ্ন কথাবোৰ এতিয়া আপোনা-আপুনি ওলাই আহে । গমি পিতি, ভাবি চাব লগীয়া নাথাকে।

আজি প্ৰায় সাতোটা বছৰ এই একেটা লাইনৰে কাম কৰি আহিছো! এযোৰা নীলা চাৰ্ট, পেণ্ট আৰু এটা উৰনীয়া মনলৈ। আজি কেইবছৰ মানলৈকে সকলো একেটা গতিতেই চলি আছিল। মোৰ ৰীতিগত বাছৰ কন্ডাক্টৰী, ড্ৰাইভাৰ ৰূপন,ভূপেশ কা, কইনাধৰা পাহাৰৰ ওপৰত ভাৰা থকা একচলীয়া ঘৰটোৰ মোৰ পৰিয়াল-জয়ন্তী আৰু মোৰ ল’ৰা-তপন আৰু নিপন।

-তাইৰ চৈধ্য বছৰ পূৰ নৌহওতেই মই জয়ন্তীক লৈ গুৱাহাটী লৈ ল’ই আহিছিলো। তেতিয়া মই আছিলো ওঠৰ বছৰীয়া। -এয়া প্ৰায় চৈধ্য-পোন্ধৰ বছৰৰ আগৰ কথা। মই গাড়ী শিকা বেছিদিন হোৱা নাছিল তেতিয়া। ভাটিপাৰা গাঁৱৰ পৰা চিধাই গুৱাহাটী পাইছিলোহি। ক’ত থাকিম,কি কৰিম নভবাকৈয়ে জয়ন্তীক লৈ আহি চিনাকি ড্ৰাইভাৰ এজনৰ ঘৰ উঠিছিলো।জীৱন,সমস্যা,সংঘাতৰ মেৰপেছৰ ভূ- নোপোৱা জয়ন্তীক লৈ এইবাৰ হে যেন শলঠেকত পৰিলো! চকুৰ চিনাকি ভূপেশ কা ৰ পৰিয়াল। কি যে কৰিম, ভাবিবই পৰা নাছিলো। কেইদিনমান কটালো তাতেই।

-লাহে লাহে গতি লাগিল,ভূপেশ কাৰ সহযোগতেই। হেন্দিমেনৰ কাম এটা পালো। এচলীয়া এটা ৰূমৰ ঘৰ এটা ভাৰা ল’লো। কিছু পইচা হাতলৈ আহিল। মোৰ আজিও মনত আছে, ভূপেশ কা ৰ ঘৰৰ পৰা অনা বিচনাখন ওভোতাই দিলো, -পূৰা দুমাহৰ পিছত।

ছাগলীৰ মাংসৰে ভাত খালো -সেই ৰাতি। -বৌয়ে ৰান্ধিছিল;জয়ন্তীয়ে ধুই ,বাচি সহায় কৰি দিছিল। ভাত খাই ঘৰলৈ ওভতাৰ পথত মনটো কিছু মুকলি মুকলি লাগিছিল।

–সপোন দেখাৰ পাপবোধ যেন কিছু পাতলীয়া হৈছিল! -জয়ন্তীৰ সতে সুখী যুগ্ম জীৱনৰ আৰম্ভণিও হৈছিল সিদিনাৰ পৰাই।

–মুখত হাঁহি ফুটাই অনবৰত গানৰ কলি গুণগুণাই থকাটো মোৰ অভ্যাস। তাৰবাবে মই বহুতোৰে প্ৰিয় পাত্ৰ ও।ওচৰ-পাজৰৰ মোৰ বন্ধু,ড্ৰাইভাৰ,যাত্ৰী,মালিক প্ৰায় আটাইবোৰে মোক প্ৰশ্ৰয় দিয়ে,মৰমৰ চকুৰে চায় আৰু টানে আপদে মোক সহায় কৰে।

“দীপক, কিমানলৈ পঢ়িছিলি অ’–।”

–বাছৰ মালিক শৰ্মা দাৰ কথাত বুকুখন হম্হমাই যায় মোৰ।-হায়াৰ চেকেণ্ডাৰী দিছিলো মই;- পাছো কৰিছিলো- চেকেণ্ড ডিভিজনত। পিছে পঢ়িবহে নোৱাৰিলো। ৰিক্সা চলোৱা বাবাই দাদাৰ লগতে মোকো ইমান দূৰ পঢ়োৱাব নোৱাৰে। বাইদেউক বিয়া দিলে একেটা বছৰতে।–ভাল গ্ৰাহক পালে ! দাদাই বি.এ. ফাইনেল দিব।

–তেতিয়া বৰ বেছি দুখলগা নাছিল;-পঢ়াশুনাত মতি গতিও মোৰ কমেই আছিল।মোৰ তলতো আছিল ভাই ভনী এহাল। তাতে জয়ন্তীৰ লগত মোৰ প্ৰেমো ইমান তুঙ্গত উঠিছিল যে মই পঢ়াশুনাতকৈ টকা পইচা ঘটাৰ চিন্তাহে বেছিকৈ কৰিছিলো। গাড়ীৰ কাম শিকিছিলো এটা বছৰ। তাৰপাছত কনডাক্টৰ হৈ পইচা ঘটাৰ পন্থা ! এইখিনি সময়তে জয়ন্তীক লৈ এদিন উঠিছিলো ভূপেশ কাৰ ঘৰত‌।সময় দৌৰিছিল মাহৰ ফালে আৰু মাহবোৰ বছৰৰ ফালে। মই কনডাক্টৰী কৰিয়েই বাৰ -তেৰ বছৰ পাৰ কৰিলো আৰু জয়ন্তীয়ে তামোল-পানৰ দোকান দিলে।আমাৰ কোলালৈ তপন আৰু নিপন আহিল।

— স্বাভাৱিক গতানুগতিকতা আৰু আমাৰ সপোনৰ পিছত দৌৰ–!!

– সৌ সিদিনালৈকে সকলোবোৰ শৃংখলিত আছিল!

–এজনী ধুনীয়া, লনী মুখৰ ছোৱালী। খানাপাৰাত মোৰ বাছখনত এদিন উঠিছিল তাই। আজি প্ৰায় আঢ়ৈ-তিনি বছৰ আগতে।

-বোধহয় ভেটেৰীনেৰী পঢ়ে ! –“বাইদেউ,ভাৰা”

–তাই টকা পাঁচোটা আগবঢ়াই দিছিল মোলৈ।

—“গনেশগুৰি।”

গাড়ীখনত বৰ বেছি মানুহ নাছিল সিদিনা।

মোৰ মনত আছে- ফাৰ্মগেট পাওঁতেই হাতবাউল দি মোক তাই মাতিছিল। মই আগবাঢ়ি আহি তাইলৈ চালো। -অকনমান মোৰ ফালে হাউলি কাণৰ ওচৰত তাই ক’লে-“তুমি মোক সেই পখিলাজনীৰ ফ’টো এটা লৈ দিয়াচোন !”

মই সমূখলৈ চালো, সমূখৰ আইনাখনত এটা হালধীয়া পখিলা।ক’লা ৰঙৰ ফোট একোটা পাখি দুখনত।

তাই মোক তাইৰ দামী মোবাইলটো আগবঢ়াই দিলে;দেখুৱাই দিলে-

ফ’টো লোৱাৰ কিটিপ্। মই আগবাঢ়ি গৈ কামটো নিষ্ঠাৰে, তৎপৰতাৰে কৰি পেলালো। কেবাখনো ফ’টো ললো পখিলা জনীৰ। মোক আচৰিত কৰি পখিলাজনীও একেঠাইতে বহি ৰৈছিল !

-তাই যথেষ্ঠ সাবধানতাৰে মোবাইলটো হাতত ল’লে। এটা ধন্যবাদ সূচক হাঁহিৰে জনালে যে ফ’টো লোৱাটো,পখিলাৰ বিষয়ে জনাটো হেনো তাইৰ হবি। ইতিমধ্যে বহু কেইবিধ পখিলাৰ ফ’টো তাই সংগ্ৰহ কৰিছে।”তোমাক মোৰ পখিলাৰ কালেকচন্ খিনি এদিন দেখুৱাম দিয়া !”

-তাই বৰ সহজে কৈ পেলাইছিল।

মই আচৰিত হৈছিলো,

–এজাক মিঠা ভাললগা বতাহে চুই গৈছিল যেন !

–ধুনীয়া মানুহৰ মনবোৰ, পৃথিৱী খনো সঁচাই বহুত ধুনীয়া !-অভিভূত হৈ ৰৈছিলো বহুপৰ।

–ছয়মাইল পাৰ হৈ চুপাৰ মাৰ্কেট পালোহি। পাঁচ গৰাকী নতুন যাত্ৰী উঠিল।আগবাঢ়ি গৈ ভাৰাটো খুজিলো। গাড়ীখন চলিবলৈ ধৰিছে।

–আকৌ পখিলাজনীলৈ চকুগ’ল।

সেইদিন টোৰ পিছৰ পৰাই মই যেন বহুত সলনি হ’লো।মোৰ আবদ্ধ জীৱন,-খোৱা পিন্ধাৰ বাহিৰৰ পৃথিৱীখনৰ সতে চিনাকি হবলৈ- মোৰ বৰকৈ মন যোৱা হ’ল। কলেজীয়া,কিতাপ লোৱা ডেকা-গাভৰু দেখিলে মোৰ শ্ৰদ্ধা হয়।-ইৰ্ষা জাগে,-তেওঁলোকৰ পৃথিৱীখন যে কিমান ৰঙীণ !- মই তাৰ কেতিয়াবা ভূ পামনে ?

-তাইৰ দৰেই লাহে লাহে মই ফুল, পখিলা ভাল পোৱা হ’লো।পখিলাৰ বিভিন্ন জাত, অসমত পোৱা প্ৰজাতিৰ সতে চিনাকি হ’লো; -আক্-তাক সুধি,পঢ়ি ,ইন্টাৰনেটৰ জৰিয়তে আৰু ফ’টো তুলি। -আজি মই সেই আগৰ দীপক হৈ থকা নাই ! বহুকথা জনা হ’লো।

-সংকোচ নোহোৱাকৈ বহুতোৰে পৰা বহু কথা বুজি লব পৰা হ’লো।

-মই জানো কেতিয়াবা জানিছিলো যে পৃথিৱীত আজিলৈ প্ৰায় ১৭৫০০ প্ৰজাতিৰ পখিলা আছে বুলি ! অকমানি দেশ পেৰুতেই পোৱা যায় ইয়াৰ ২০%,

-মানে প্ৰায় ৩৭০০ প্ৰজাতিৰ। আচৰিত লাগে মোৰ ! ভাৰতত পোৱা পখিলাৰ প্ৰজাতিৰ সংখ্যা প্ৰায় ১৫০০বিধ !

-সঘনে দেখা পোৱা হালধীয়া আৰু বগা;-পিয়াৰিডি গোত্ৰৰ পখিলাই প্ৰায় ৮১ প্ৰকাৰৰ আছে !

-‘আসাম পিয়েৰত্’ বুলি খ্যাত,-অসমৰ কমন পখিলা বিধ।

–কিমান যে নজনা কথা !-এটা আগ্ৰহী মন। হেপাঁহৰ তাড়না ;সপোনৰ ওখ সোপানত উঠি ফুৰাৰ বাসনা !

***

মই তোলা কেবাখনো ফ’টোৰ ভিতৰত এইজনী পখিলা নাই। দেখিলেই চিনিব পাৰি উজ্বল ইটা-মূগা বৰণীয়া – ই ‘লাইকেনাইডি’ ফেমিলিৰ।–

‘ইণ্ডিয়ান চানবিম্’। -হয়োতো চান্ বিম্ ৰ দৰেই উজ্বল !

মই আগবাঢ়ি গৈ মোবাইলটো উলিয়াই ল’লো ।

গাড়ী গনেশগুৰি

ফ্লাইঅভাৰ পাই ৰ’ল।-সেইখিনি সময়তে মই পখিলা জনীৰ কেবাখনো ফ’টো,কেবাটাও এঙ্গলৰ পৰা ল’লো। – জিৰ জিৰকৈ মনটোৰ মাজেৰে এচাটি বতাহ বৈ গ’ল যেন! অনুৰনিত হৈ ৰ’ল মধুৰ ঝংকাৰ!

–এইখন ফ’টো বাৰু তাইৰ আছে নে ! মোত কৈয়ো বেছি নেকি বাৰু তাইৰ কালেকচন্ !

*****

এটা হৈ চৈ ৰ শব্দত মই সাৰ পালো যেন।

-“মাত ড্ৰাইভাৰক- কুত্তাৰ পোৱালি!”

-“বেটা পলাল”।

মই ঘূৰি চালো। এটা প্ৰচণ্ড চৰ মোৰ গালত পৰিল। তাৰপিছত বহুত চৰ ,ঘোচা মোৰ নাকে মুখে। মই দুৱাৰ মুখৰ ফালে পলাবলৈ চেষ্টা কৰিলো নে কোনোবাই চোঁচৰাই আনিলে ধৰিবই নোৱাৰিলো।

“বুঢ়ী মানুহ গৰাকী”!-“তহতৰ মা-আইতা নাই ? – কুকুৰৰ পোৱালি চব !”

“মৰিলে কি কৰিলি হৈ ?”

মোৰ সমূখত বুঢ়ী মানুহ এগৰাকী। আৰক্ষীও আহি পালে।ততাতৈয়াকৈআমাক জি.এম.চি.লৈ ল’ই যোৱা হ’ল।মোৰ নাক ফাটি তেজ ওলাইছিল আৰু তেখেতৰ বা কি হৈছে–! মোৰ বাবেই আজি !!

মোৰ ড্ৰেছিং হৈ যোৱাৰ পিছত বুঢ়ী মানুহজনীলৈ চালো। -চকু মুদিপৰি আছে- জেনেৰেল ৱাৰ্ড্ ত। কোনো অহা নাই এতিয়াও।

মই গমি চালো-বাছখনৰ পৰা নামিবলৈ লওঁতেই বাছখন চলিবলৈ ল’লে ;-হামখুৰি খাই পৰিল। দুয়োখন ভৰি মোছোকা খাইছে। বালি,শিল লাগি গালৰ এবখলা কাটি গৈছে।

মোৰ বেয়া লাগিল। ছেহ্-!

-,শুই থকা আইতা গৰাকীৰ কপালত,মুৰত হাত ফুৰাই দিলো।কোন কোন বা আছে ঘৰত !

–চকুদুটা মুদি দিলো। আকৌ সংগোপনে সোমাই আহিল তাই।

–“মোৰ আইতা !-অ,’ তুমি!”-মোক দেখি তাই সিঁয়াৰি উঠিল।-“তোমাৰ আনমনাৰ বাবেই আজি এনেকুৱা হ’ল !-কিয় এনেকুৱা তোমালোক!”

-আইতাকৰ বাবে তাইৰ চকুদুটা চলচলীয়া হ’ল।

-“মই,মই–পখিলাটোৰ বাবে,-

তোমাৰ বাবে”-মই যেন তাইক ক’ব’ খুজিলো !

অনুভৱ কৰিলো একো এটাই মুখেৰে ওলাই নাহিল।

-নিজেই কিছু হতাশ হলো। মই ক্ষমা খুজিব লাগে। মই অনুতপ্ত। কিছুপৰ মৌনতাৰে পাৰ হ’ল।

এনে এটা সময়তে

“মা”-বুলি মোৰ ভাৱনাবোৰ ফালি মানুহ এজন সোমাই আহিল।

-মোৰ কপালত বেণ্ডেজ আৰু মাকৰ কপালত মোৰ হাতখন দেখি তেওঁ মোৰ বিষয়ে একো ঠাৱৰ কৰিব নোৱাৰিলে।

“এটা এক্সিডেণ্ট্ হ’ল।-ভাগ্যে, ভৰি দুটা ভগা নাই কিন্তু মোছোকা খোৱা বাবে ৰেষ্টৰ প্ৰয়োজন হ’ব।”

-ডাক্টৰৰ কথাই মই তেখেতৰ আগত ৰিপিট্ কৰিলো।

“অহ্ !” -বুলি তেওঁ মাকৰ ওচৰতে বহি পৰিল। মাকৰ হাত দুখন চুই চালে। তেওঁ অহা বাবে মাকে চকু মেলি চালে,-একোৱেই নকলে !

–“চাওক,মই বাছখনৰ কন্ডাক্টৰ!মোৰ গাফিলতিৰ বাবে আজি এনে হবলৈ পালে।মোক ক্ষমা কৰক।”-হাতযোৰ কৰি মই মানুহ জনৰ ওচৰত বিৰবিৰাই উঠিলো। মানুহজন কিছু অপ্ৰস্তুত আৰু অসণ্টুষ্ট হৈ পৰা যেন লাগিল।তেওঁ কিবা এটা কবলৈ ওলাইছিল।আইতা গৰাকীয়ে মাজতে ক’লে,-“মোৰ কপালতে আছিল ও বোপাই। এনেকৈয়ে হ’বলগীয়া আছিল। আৰুনো কেটা দিন! -তই যা গৈ যা। ঘৰত তোলৈ চিন্তা কৰি থাকিব।

মই লাহে লাহে ৰুমটোৰ পৰা ওলাই আহিলো।

তেওঁলোক ভাল মানুহ ! অনাহকত কষ্ট পাইছে ,কেচ্ দিয়া নাই। ড্ৰাইভাৰ ৰূপন পলাইছে,-ভয়ত। আৰু মই-? -মনটোত অসংলগ্ন ভাৱ।কি কৰো,কোনফালে যাঁও!

– আগৰ জীৱন টোৱে ভাল আছিল নেকি !–বেছিকৈ ভাবিব পৰা নাছিলো,-সুখী আছিলো। আজিকালি চোন একোৱে ভাল নালাগে। মনটোত অকল নোপোৱাৰ ছাপ ! মোৰ দামী মোবাইল দেখি জয়ন্তীৰ গৰ্ববোধ দেখিলেও মোৰ খং উঠে। আমি কোন পানীৰ মাছ- তই জান নে?-জাননে নোপোৱাৰ দুখ কি?–তাই নাজানে।। তাই মোক লৈ সুখী। সন্ধিয়া টানি লোৱা বাল্বৰ পোহৰত ল’ৰা দুটাই চিঁঞৰি চিঁঞৰি চৰে অ, চৰে আ- আওৰালেও তাই গৰ্ব বোধ কৰে। মাধবৰ মাকে দিয়া মাছৰ জোল কন,আগফালে গজি উঠা ভোট্ জলকীয়াৰ পুলি কেইটা, তাইলৈ মই কিনি অনা এ শ টকীয়া চেণ্ডেল যোৰ-এই সৰু সৰু সুখৰ টুকুৰাবোৰ সামৰিয়েই তাই সুখী। আৰু মই ! মই বাৰু সুখীনে তাইক লৈ?-মোৰ ত্ৰিশৰ দেওনা গৰকি যোৱা বয়সতে দুটাকৈ পাঁচ,আঠ বছৰীয়া লৰাৰ বাপেক হৈ মই বাৰু লাজ অনুভৱ নকৰোনে!

-এতিয়াও বাৰু কোমল মাতৰ কোনো তন্বী গাভৰুৱে মোৰ মন চুই নাযায় নে !

-ক্ষণিকৰ বাবে হলেও মই হতাশ,বিহ্বল হৈ নপৰোনে!

-কাৰ বাবে,কিহৰ তাৰনাত মই নতুনকৈ পঢ়িবলৈ লৈছো ! -বেলেগ এখন পৃথিৱীৰ বাসিন্দা হৈ মই ইখন পৃথিৱীক চুই চাবলৈ হাবিয়াস কৰিছো। কিয়??

***

চিৰি বোৰেৰে নামি আহি মেইন্ গেটৰ সমূখ পালোহি।

বুকুখন মোহাৰি চালো। থাকক,-জয়ন্তীয়ে নজনা কৈয়ে থাকক নোপোৱাৰ দুখ কি! এই মূহুৰ্তত ময়ো তাইৰ দৰে সুখী, গৰ্বী হব বিচাৰো!

আবেলিৰ পৰা সন্ধিয়াই হ’ল। জেপত খেপিয়াই চালো।ফোন্ টো আছে !আন্ লক্ কৰি ললো।

–জয়ন্তীক খবৰ এটা দিব লাগিব। নহলে ঘৰত চিন্তা কৰিব।

ম’নালিছা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

97 − 93 =