অহেতুক

“——ছোৱালী কালত মই তাইক জানিছিলো। সপ্ৰতিভ,মেধাৱী,ধুনীয়া ছোৱালী ৰূপে।মেধা আৰু ৰূপৰ বাবে তাই এখন সুকীয়া আসন পাইছিল- ঘৰত,বন্ধু-বান্ধবৰ মাজত,তাইক পৰিবেষ্টিত সমাজত। স্বাভাৱিকতে তাই আছিল আত্মাভিমানী।

-তাইৰ ওঠ যুৰি অলপ ডাঙৰ ;তল ওঁঠটি অকন ওলমি পৰা। মোৰ মাই কৈছিল;তাইৰ মাকে হেনো কৈছিল, সৰুতে হেনো কোনোবাই কিবা এষাৰ ক’লেই অভিমানী ওঠ দুটি বিদৰাই কান্দিব খোজা তাইৰ আদৰুৱা স্বভাৱটোৰ বাবেই হেনো!–বৰমাক,পেহীয়েকে তাইক ‘আদেৰি’ বুলি মাতিছিল।

—সৰু ঘৰ খনৰ পৰা ওলাই আহি তাই এটা ডাঙৰ চাকৰি পাইছিল আৰু তাইৰ দৰে সৰু ঘৰৰে ডাঙৰ চাকৰি কৰা দৰা এজনৰ সতে এদিন তাই বিয়া ত বহিছিল,-চাকৰি কৰাৰ ঠিক পিছতেই।

—-এখন নিম্ন মধ্যবিত্ত পৰিয়ালৰ স্বাভাৱিক ছবি।।

— অসহজতা ক’তো নাছিল। অন্তঃত দুয়োটা পৰিয়ালৰ বাবে।

——মানি ল’বলৈ কষ্ট হৈছিল মাথো তাইৰ।চাকৰি কৰি -‘কৰিম ‘বুলি সাঁচি ৰখা হেপাঁহকন পূৰাবলৈ নৌপাওতেই তাই বিয়াত বহিল। তাইৰ বয়স,দৰাৰ ৰূপ,চাকৰিলৈ চাই তাইৰ আপত্তি কৰিব লগীয়াও নাছিল।

যথাসম্ভৱ এৰা-ধৰাৰে চলিবলৈ, নতুন জীৱন এটা মানি লবলৈ তাই শিকি পেলাইছিল।

—শাহুয়েকৰ মাজত তাই মাকক খেপিয়াই ফুৰিছিল;গিৰিয়েকৰ মাজত -মনৰ বন্ধুজনক।

—লাহে লাহে তাই অনুভৱ কৰিবলৈ লৈছিল, দুখৰ ‘ছি-ছ’ খনৰ এটা মূৰত যদি তাই;-আনটো মূৰত শাহুয়েক।

-এফালে পাতল হলে আনটো ফাল গধুৰ হৈ পৰে,-কব নোৱাৰাকৈয়ে।

কাৰণ সমূহ ফঁহিয়াই চাবলৈ তাই যত্ন কৰে:

—একমাত্ৰ পুত্ৰৰ প্ৰতি অত্যন্ত টান?

—গিৰিয়েকে বোৱাৰীক কৰা মৰমৰ বাবে ঈৰ্ষাবোধ?

—-নে নিজৰ বোৱাৰী জীৱনত কি নাপালো,এওঁ কিমানখিনি পাইছে বুলি তুলনামূলক আত্ম বিশ্লেষণৰ শোক গাঁথা !!

—কিমান খিনিয়ে বা যুক্তিসঙ্গত!!

—আৰু তাই ?

—তাইও তো তেওঁক ক্ৰমাৎ এৰাই চলিব খোজে।

— কিয়?

–নিজৰ গিৰিয়েকলৈ অহেতুক পুত্ৰ প্ৰীতি; তেওঁক এটা কামো কৰিব নিদিয়াৰ বাবে ইৰ্ষাত !

—এই কাম অকল বোৱাৰীৰ,পুত্ৰৰ বাবে নহয়–বুলি ক’লে তাইৰ আত্ম সন্মান বিঘ্নিতহয় নেকি !

আৰু স্বামী!-দিনটোত এঘণ্টা এটাও কাষত বহি মাত এষাৰো দিয়েনে! -লয়নে তাইৰ সুখ দুখৰ হিচাপ !

—হৃদয়ৰ কৰবাত নজনাকৈয়ে হুলে বিন্ধে!

জীৱন চলি থাকে।

‘গৰীয়সী’ৰ গল্পৰ পাতত পঢ়িছিল তাই,-‘শূণ্য হ’লেও তাই শূন্য হৈয়েই জীয়াই থাকিব খোজে;কাৰো আগত বা পিছত বহি নিজৰ অস্তিত্ব বিপন্ন কৰিব নোখোজে!’

—আস্!-লেখকৰ গল্পৰ আৰালত সেইখনটো তাইৰেই ছবি!

কাক প্ৰশ্ৰয় দিলে বাৰু বিবেকে পাপ বুলি নামানিব?

–তাইৰ স্বাধীনচেতীয়া মন নে পৰাধীনতাৰ বান্ধোন?

—,—সকলোকে সন্টুষ্ট কৰিব খোজা বোধ নে তাই মনে বিচৰা হেপাঁহকন ?

–মানুহক বিশ্বাস কৰি চলি যোৱা নে নিজক?

—-স্বামীক ভগবান ৰূপে মানি চলা নে মানি ল’ব নোৱাৰা প্ৰতিবাদ ?

—এনে সাংসাৰিক ব্যৱস্থাক মানি চলা নে আঁতৰি অহা ?

—ভাবি ভাবি পাৰ পাবনে তাই??

—বয়সৰ সতে মানুহ ভগৱান বিশ্বাসী চাগৈ এইবোৰ কাৰণতেই হয় !!—–“”

******** মন বেয়া লাগিলেই পুৰণি এলবামবোৰ খুচৰি থাকোতে ওলাই পৰা আজিৰপৰা ষোল্ল বছৰ আগৰ ডায়েৰী খন মেলি আৰাধ্যাই নিজে লেখি থোৱা গল্প- গল্প লগা কথাবোৰ একমনে পঢ়ি গ’ল।

–তাইৰ বিয়াৰ পিছৰ সময় ছোৱা মনলৈ আহিল।

–সিদিনাও এনেদৰে গোমা মন এটা লৈয়ে আছুতীয়াকৈ সোমাই কাগজত আঁক-বাক কৰিবলৈ লৈছিল তাই।

আৰু আজি !!

–সময়ে যেন তাইৰ চকু মুকলি কৰিলে! ল’ৰা ,বোৱাৰী,নাতি কুশক লৈ ভৰা সংসাৰ আজি। আগফালে ককাকে নাতিয়েকক লৈ সৌৱা বেডমিণ্টন খেলিছে! বোৱাৰীয়েই ঘৰখন আবৰি আছে ;-ৰন্ধা-বঢ়া,সময়মতে সকলো সোঁৱৰাই দিয়া !

—-তথাপিও যেন তাই ৰিক্ততা বোধ কৰে ! অসময়তে নামি আহে বিষাদ বোধ !

কিয় বাৰু!

—নিজৰ অপাৰগতাৰ ওপৰত হতাশগ্ৰস্ততা?

– নে সময়ক মানি ল’ব নোৱাৰাৰ দুখবোধ !!

—-দুখৰ ‘ছী-ছ’-খন আজিও আছে। এতিয়া মাথোঁ তাই আনটো মূৰত ! শাহুয়েকৰ ঠাই কণত এয়াচোন তাই নিজেই !!

ম’নালিছা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 3