তুলাচনী

এৰিয়াৰ বিলখন প্ৰত্যেক বছৰে জমা দি দি অলকা ভাগৰি পৰিছে।প্ৰত্যেক বাৰে হ’ব বুলি আশা পালি থকা পইচা কিটা মূৰকত নহয় গৈ।অফিচৰ মেৰপেচত কি কেৰোণ লাগে নাজানে, বুজি নাপায় তাই।

দৰমহাটো অফিচৰ গাফিলতিৰ বাবেই এৰিয়াৰ হ’ল।প্ৰথম চাকৰিত সোমায়েই অতি নিষ্ঠাৰে কামবোৰ কৰি গৈছিল তাই, জনা নাছিল এপ্ৰভেল্, প্ৰপোজেল এইবোৰ এশ এবুৰি যে চৰকাৰী নীতি আছে ,তাই কেইমাহমান দৰমহা নাপাওতেহে গম পালে। তেতিয়ালৈ বহুত দেৰি হৈ গ’ল। চেলাৰি এৰিয়াৰ হৈ গ’ল….

এতিয়া তাঁত-বাতি কৰি অন্ত নাই।বহুতক সুধিছে তাই। সকলোৱে কয় টকা ঢালিব লাগিব।কিন্তু অলকাৰ আদৰ্শগত মনটোৱে মানি নলয়। নিজৰ যোগ্যতাৰ বলত চাকৰিটো পাইছে,কৰ্তব্যত কোনো দিনে গাফিলতি কৰা নাই।

কিয় দিব টকা!!!মন্ত্ৰীলৈকে লিখিব নেকি??তাতো ভাল ঘূৰিব লাগিব।

অফিচৰ পিয়নজনে তাইলৈ চাই পুতৌ কৰে।মাজে মাজে পানীৰ বটলটো আগবঢ়াই দিয়ে।আজিও তাইক ক’লে-আই ,লাভ নাই কাৰ লগত যুঁজিবি? মানুহৰ লগত নে এই মানুহে বনোৱা কাৰছাজিবোৰৰ লগত।বাদ দে ,কুকুৰৰ নেজ চিধা নহয়। তই পইচাকেইটামান বৰবাবুক দি দে।

বেলি লহিয়াইছিল….অলকাই ৰান্ধনী বেলিক নিজৰ আদৰ্শ উচৰ্গা কৰি বৰবাবুৰ ওচৰ পালেগৈ।

নয়নী হাজৰিকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

48 + = 57