বংশধৰ

পুত্র বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি বিনন্দী বুঢ়ীয়ে জীয়েক মমতাৰ ঘৰত থাকিব লৈ লয়। অন্তসত্ত্বা জীয়েক মমতায়ো মাকক ওচৰত পায় যঠেষ্ট সুখী হয়। পূর্বৰ এজনি ছোৱালী, মৰমীয়াল স্বামী লগতে মাকৰ আপদালে মমতাই পুনৰ মাক হবলৈ নিজকে মানসিক ভাৱে সাজু কৰিলে।

এটা নিদিষ্ট দিনত মমতাই এজনী পৰীৰ নিচিনা ধুনীয়া কন্যা সন্তান প্রসৱ কৰিলে। উচ্চ চিন্তা ধাৰাৰ জীয়েক জোৱায়েকৰ মনত আনন্দৰ সীমা নাইকিয়া হল, পিছে মমতাৰ মাকৰহে অলপো আনন্দ নালাগিল। কাৰন জীয়েকৰ যে বংশ ৰক্ষা কৰিবলৈ পুত্র সন্তান জন্ম নহল।

স্বপ্নালী কটকী

By