কবিতা

শাৰদীয়

শাৰদীয়

শাৰদীয় এজোলোকা উৰুলি আৰুশঙ্খধ্বনিৰ কলৰৱেৰে মুখৰিতহৃদয় জুৰিসুবাসিত অভিসাৰিণী শেৱালিৰঅভিমানী পদচালন ! নিয়ৰ কণাৰ অশ্ৰুপাত আৰুকুঁৱলীৰ মায়াবী আচ্ছাদনেপৰাণত সানেহংসগামিনী শুকুলা ডাৱৰৰআলোড়িত অভিলাষ ! কঁহুৱা কোমল সুতীব্ৰ অনুৰাগতবিদ্যুৎস্পৃষ্টসেউজী ধাননিডৰাৰসোণগুটি ধাৰণৰ স্পৃহাৰেঅনৱগুণ্ঠিত মোৰ হিয়াতস্বতঃস্ফূৰ্ত জোনাক ! শাৰদীয় ৰমন্যাসবাদতআকণ্ঠ নিমজ্জিত সত্তাতউৎসৱমুখৰতাৰ সাৱলীল প্ৰকাশযেন নৈসৰ্গিকতাৰ শৃঙ্গাৰৰ আভাস ! ✍ড. আৰাধনা বৰুৱা পাঠশালা 🏠    
Read More
জয় মা দুৰ্গা

জয় মা দুৰ্গা

জয় মা দুৰ্গা শেৱালি ফুলবোৰে সুগন্ধি বিলাইছে, শাৰদীয় দুৰ্গোৎসৱৰ সময় এয়া। আকাশখনে তৰাৰ সৈতে সন্ধি কৰিছে , যেন এবুকু মৰম দিয়াৰ সন্ধি ; এবুকু পোহৰ দিয়াৰ সন্ধি। নিয়মবোৰে ফুলে ফুলে গছৰ পাতে পাতে হাঁহি বিলাইছে,  কি মায়াময় এই পৃথিৱী চৌদিশে কেৱল সুন্দৰতা আৰু সুন্দৰতা। শাৰদীয় জোনাকভৰা  চোতালখনত ,      আমোলমোল শেৱালিফুলৰ স্নিগ্ধতা । স্মৃতিৰ সঁফুৰা খুলি শৈশৱে ৰিঙিয়াই, কোচভৰা শেৱালি ফুল ফুলাৰ দিনবোৰ । শৈশৱে ৰিঙিয়াই মাতে গাঁৱৰ পদূলিবোৰত ,       নিয়ৰসনা সৰাপাত বোৰ গছকি        খোজকঢ়া সেই সময়খিনি। শৈশৱতে ৰিঙিয়াই স্মৃতিৰ দলিচা পাতি দিয়ে,  জাৰকালিৰ দেহা শীতল কৰা              মলয়া বতাহ চাটি। ৰঙা, নীলা , হালধীয়া বেলুনেৰে ভৰা এখন…
Read More
মাজুলী, ২০২১

মাজুলী, ২০২১

মাজুলী, ২০২১ মন গ’লেও কলৈকো যাব নোৱাৰোঁ, চৌদিশে পানীহে জলেমলায় অ’, বোপাই ! মন গ’লেও যাব নোৱাৰোঁ ওলাই। তহঁতে হে কৱ’ সৰু হৈ অহা পৃথিৱীৰ কথা, বোপাই অ’, আমাৰচোন বাটটোৱে নাই ধৰণী চোৱাৰ ! যি ফালে চকু থওঁ, সাগৰহেন বন্ধ দুৱাৰ ৷ কলৈনো যাম কেনিনো চাম কেতিয়াকে দেখা পাম কাক ক’ব নোৱাৰোঁ বোপাই ! আমাৰ যন্ত্ৰণাৰ এচোৱা পাৰ যদি তইও কবিচোন ৰাজহাউলীত ! চোৱাৰীৰ এচাৰিৰ মিছা আৱাজতো দৌৰে প্ৰশাসনৰ য’ত ঘোঁৰা ৷ পাৰ যদি তইও কবিচোন কিজানি কিঞ্চিৎ সলনি হয়েই আমাৰ জীৱন ৰেখা ! সেউজীয়া চাবলৈ কলৈ যাম জীৱনৰ মাধুৰী চুবলৈ ক’ত পাম ক’ব পাৰে মাথোঁ অধিকাৰ প্ৰভূৰ কৃপাইহে জানা?…
Read More
জোনাকৰ জোনাকী

জোনাকৰ জোনাকী

জোনাকৰ জোনাকী ------------------------- শৰতৰ আগমনি অনুভৱৰ পদুলি উদুলি -মুদুলি শেৱালি -নেৱালিৰ গোন্ধত আমোলমোলনি | সন্ধিয়াৰ আকাশত আশাৰ ৰেঙনি দেখাপাম নে তোমাক কেতিয়াবা কিজানি | নিয়ৰৰ মুকুতাই উজলাই দুৱৰি বাৰে বাৰে চাওঁ আকাশৰ তৰালি | জোনাকৰ জোনাকীৰ আৱেগৰ চাৱনি প্রেম-ভালপোৱাৰ আগতীয়া জাননি জোৰকৈ সাৱটে উমাল বুকুখনি | ✍ কবিতা বৰা 🏠
Read More
স্তব্ধ বসন্ত

স্তব্ধ বসন্ত

স্তব্ধ বসন্ত বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন শ্যামলী ওৰণিৰ উম লৈ আকৌ এবাৰ শিহৰিত হ’লহেঁতেন ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড! ৰুক্ষ শিলৰ হেঁচাত সেপধুকি থকা তগৰ-মালতীয়ে ফাগুনক মেৰিয়াই সাঁতুৰিলেহেঁতেন হেঁপেহুৱা অনুভৱৰ উমাল বক্ষত, স্বপ্নীল ৰূপালী মুকুতাই উটুৱাই নিলেহেঁতেন ফেঁকুৰি-উচুপি ভাগৰি পৰা ওঁঠৰ গাঢ় ছাইৰঙী আভৰণ৷ নঙলাৰ আগেদি পাৰ হৈ যোৱা শিশুজাকৰ হাই-উৰুমিত পুনৰ সাৰ পায় বেলিৰ স’তে ডুব যোৱা দুখুনীৰ বসন্ত... শাঁখা ভঙা কৰ্কশ শৱদত সন্ত্ৰস্ত জীৱন, কাৰাৰুদ্ধ যৌৱনৰ বিমূৰ্ত ক্ষণ! ✍ গৌতম মালাকাৰ ,কৰিমগঞ্জ 🏠
Read More
মহালয়া

মহালয়া

মহালয়া সৰ্ব পিত্ৰ অমাৱস্যাৰ পুৱতি নিশা দুৰ্গতিনাশিনী মা দুৰ্গাৰ সৰগৰ পৰা মৰ্ত্যলৈ আগমন ! চণ্ডী পাঠ, মন্ত্ৰোচ্চাৰণ আৰু আন্তৰিক শ্ৰদ্ধা, ভক্তিৰ ষোড়শোপচাৰেৰে তোমাৰ চৰণ সিক্ত কৰি কাকূতি কৰো মা, মৰ্ত্যত উপৱিষ্ট হৈ অসূয়া অশান্তি নিবাৰণ কৰি দুষ্কৃতিৰ কৰা বিনাশ ! হে মা, তোমাৰ আগমনত উৎফুল্লিত প্ৰকৃতি ৰাণীৰ তোমাক আদৰাৰ বাবে কত' যে আয়োজন ! সুনীল আকাশত শুকুলা মেঘে ডেউকা লগাই ভিন্ন শৈলীৰ চন্দ্ৰতাপ তৰিছে ! শেৱালিৰ শুভ্ৰপাহিয়ে মৃদুমধুৰ সুবাসেৰে প্ৰতি পুৱাই শ্যামলী ধৰণীত দলিচা পাৰিছে ! বিৰিখ-লতিকাক শিশিৰ কণিকাই আদৰেৰে মুকুতাৰ মণিহাৰ পৰিধান কৰাইছে ! নৈ, বিল, জলাশয়ৰ পাৰৰ কহুৱাই মনৰ উলাহত হালিছে জালিছে ! সোণগুটিক গৰ্ভত ধাৰণ কৰি ধাননিডৰাই…
Read More
যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি

যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি

 যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি ----------------------------- আকৌ এবাৰ সুঁ‌ৱৰিছোখুলি দিছো হৃদয়ৰ খিড়িকী,সোমাই আহক এজাক প্ৰতিবাদী বতাহ।শিৰাই শিৰাই ধমনীয়ে ধমনীয়ে বৈ যাওকলুইতৰ পাৰৰ ৰণুৱাৰ তেজ।হে' যুগনায়ক,পুনৰবাৰ কৰিছো অৰ্পণভকতিৰ একাঁ‌জলি অৰ্ঘ্য,শ্ৰদ্ধাৰ এপাহি সুগন্ধি পুষ্প।লুইতে আজি কথা কয়,দেশৰ কথা,জাতিৰ কথা।মহাবাহুৰ সোঁ‌তে সোঁ‌তে শুনোঅন্যায়, শোষণ মষিমূৰ কৰিবলেবিপ্লৱী সত্তাৰ আকুল আহ্বান,জনতাৰ জয়গান।জননায়কৰ গীতেৰে পুনৰ উচ্ছাসিত হওকমোৰ আপোন মানুহ,মোৰ সোণালী শইচৰ দেশ,মাটিৰ মানুহৰ লুণীয়া ঘামেৰে সিক্তমোৰ দেশৰ উৰ্বৰা পথাৰ।নাঙলৰ শকতিৰে বলীয়ানমোৰ দেশৰ পাহুৱাল ডেকাৰতেজে তেজে বৈ যাওক আকৌ এবাৰযুগনায়কৰ অসমীয়া সত্তা। ✍ জাহ্নৱী বৰাচন্দন নগৰ, যোৰহাট 🏠
Read More
শুভ জন্মদিন জাতিৰ পিতা

শুভ জন্মদিন জাতিৰ পিতা

শুভ জন্মদিন মহাত্মা, বহুতো ভাল লগা কথা আৰু দৰ্শণ তুমি দি যোৱাবোৰৰ বাবেই ভালপাওঁ তোমাক ৷৷ সুতীব্ৰ আকৰ্ষণ তোমাৰ প্ৰতি মোৰ•••••• মাত্ৰ এটা কথা, যি আদৰ্শৰে দেশখন পৰাধীনতাৰ পৰা স্বাধীন হৈছিল, তাৰপৰা আমি যে কিমান দূৰলৈ গুছি আহিলো তোমাৰ কাষৰ পৰা••••• এবাৰ হিচাপ কৰিবাছোন  ৷৷৷ হিচাপ পাবলৈ সময় নালাগিব বৰ বেছি, আমিটো সাধাৰণ মানুহ,হে জাতিৰ পিতা•••• অকনমানতেই নিজকে পাহৰি যোৱাকৈ সুখী হৈ পৰো, তুমি মাত্ৰ এবাৰ ভাবি চোৱা তোমাৰ পৰা আমাৰ ব্যৱধান কিমান যে বাঢ়িল••••• আজি তোমাৰ জন্মদিন, আমি টিভিত তোমাৰ চিনেমা চাম অহিংসা নীতিৰ কথা শুনিম; হস্পিতাল, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত ফলমূল বিতৰণ কৰিম••••• আৰু পুৰণি বাকচ খূছৰি খাদী…
Read More
আমনি

আমনি

আমনি লাগিছে আৰু নোৱাৰো সহিব আৰু কেতিয়ানো সেই আগৰ ধৰণীখন ঘূৰাই পাম, কেতিয়ানো পুনৰ মুকলিকৈ থাকিবলৈ পাম, আগৰ দৰে ফুৰিবলৈ ওলাই যাবলৈ পাম? সচাঁই আমনি লাগিছে বহুত বহুত আমনি লাগিছে। মনত এটা ভয় লৈ কিমান আৰু বাট চাম, এবছৰেই পূৰ্ণ হ'বৰ হ'ল ভাল দিন আহিব - ভাল দিন আহিব বুলি নিজকে আৰু কিমান নিচুকাম ? কিনো যে হ'ল? ঘপকৰে সকলো সলনি হৈ গ'ল। সৌ সিদিনা মহীশূৰৰ ৰাজ অট্টালিকা চাই আছিলোগৈ, বাংগালোৰৰ টেকন' চিটিত ভুমুকি মাৰিছিলোগৈ, কিন্তু ঘপকৰে কোনো আগজাননি নিদিয়াকৈ সকলো স্তব্ধ হৈ গ'ল। যেতিয়াই ঘৰৰপৰা বাহিৰলৈ ভুমুকিয়াই চাঁও সকলোটো একেই দেখো, বিশেষ পাৰ্থক্য একোটো নেদেখো, মাথো মানুহৰ ভীৰ-অত্যাচাৰ আদি…
Read More
যদি মানুহ হৈ নোৱাৰো,পখী হৈ উভতিম এদিন

যদি মানুহ হৈ নোৱাৰো,পখী হৈ উভতিম এদিন

মোৰ বাবে অপেক্ষা কৰিবা মধুপুৰ নেত্ৰকোনাঅপেক্ষা কৰিবা জয়দেবপুৰৰ চাৰিআলি বোৰ,মই উভতিম, ভীৰৰ মাজত হুলস্থুল কৰিম,সাহসৰ অসীম বন্যাতঅপেক্ষা কৰা,আপোন ঘৰ, নেমুতলা আৰু গোল্লাচুটৰ পথাৰ ৷৷ অপেক্ষা কৰিবা,আফজল হুছেইন, খাইৰুণ নেছাঅপেক্ষা কৰা ঈদূলআৰা,মই উভতিম, পূৰ্ণিমাৰ গান গাবলৈ, ঝুলনাত ঝুলিবলৈ, বাঁহনিৰ পুখুৰীত বৰশী পেলাম মই ৷৷ মই উভতিম,ভালপোৱাৰ বাবে, হাঁহিৰ বাবে, জীৱন জৰীত পুনৰ সপোন গাঁঠিবলৈ ৷৷অপেক্ষা কৰিবা মতিপুখূৰী, শান্তিনগৰ আৰু ফেব্ৰুৱাৰীৰ গ্ৰন্থমেলা•••• মেঘবোৰ উৰিছে পশ্চিমৰ পৰা পূৱলৈ, তাতেই পঠিয়াইছো দুটোপাল চকুৰ নীড়গোলপুখূৰীৰ পাৰৰ ঘৰত টিনৰ চালিৰ বৰষুণ•••• শীতৰ পক্ষীবোৰ পশ্চিমৰ পৰা পূবলৈ গৈছে,এটি পলকতেই পাবহি শাপলগা পুখুৰী বা বঙ্গোপ সাগৰ ৷৷ ব্ৰক্ষ্মপুত্ৰ শুনিবা, মই উভতিম ৷৷শুনা শাল বিহাৰ, মহাস্থানগড়, সীতাকুণ্ড পাহাৰমই উভতিম…
Read More