কবিতা

খিড়িকী

খিড়িকী

(-জীৱনৰ বিভিন্ন ক্ষণত বহুতেই এনে একোখন খিড়িকীৰ মুখত সংশয়ৰে থমকি ৰৈ থাকে, মাথো এই ভাবি-পাৰিবনে আঁকোৱালি লবলে উমাল পোহৰক--! অথচ, সিমানখিনি জড়িমা পাৰ হ'লেই ফৰকাল হ'ব পাৰে মনৰ আকাশ!) _________ মন গ'লেই সতকাই খিড়িকীখন খুলি দিব নোৱাৰি। -আজি বছৰ জোৰা বিৰতি ;-বিস্মৃত বিক্ষোভৰ কঢ়াঁল ধৰা মামৰ । খিড়িকীৰ খিলি, বাটাম্ , কল-কব্জাত অনুযোগৰ শেলুৱৈ।শীৰ্ণ ফাট্ বোৰত দৃপ্ত আঁহত পুলি ! অথচ, খিড়িকী খন খুলিব পাৰিলেই-নিৰ্মল হ'ব আবদ্ধ আকাশ। হয়তোবা লগ পাম -অদূৰৈত আমজোপালৈ ফৰ্মুটিয়াই থকা নতুবা চেমিজ পিন্ধি টিঘিলঘিলাই থকা মোৰ শৈশৱ। নীলা খামৰ চিঠি লৈ তোমালৈ বুলি বাট চাই ৰ'ই থকা মোৰ কৈশোৰেও চাগৈ মোক দেখি মুৰ তুলি চাব!…
Read More
টিঙিৰিতুলাৰ সাধু

টিঙিৰিতুলাৰ সাধু

সোনেৰে সজোৱা কোঠাটোৰ ভিতৰত আড়ম্বৰেৰে মোৰ জন্ম দিন পতা হ'ল । -----ইছ্ ৰাম নিজৰ বাবে তুমি যে অকণো নাভাবা ! তোমাৰ চোন একো দিবসেই নাই, ----পুৰুষ দিৱস। ----মনৰ খোৰাকী নাই । ----মাজে মাজে মই জানা মিছাকৈয়ে বিদ্ৰোহী হৈ পৰো । (সিদিনা মনে মনে ভাবিছিলো-- আমাৰ সমূহীয়া ঈশ্বৰ জনাকো চোন তুমিয়েই গঢ় দিছা- ----সুন্দৰ সুবিধাজনক সাঁচত ! নে ঈশ্বৰেই কৈছিল তোমাক- তুমিয়েই তোমালোকৰ মাজৰ পৰা তোমালোকৰ বাবে গঢ়ি তোলা মোক- বুলি!) মুহূৰ্ততে মই দুঃখিত, লজ্জিত হওঁ! আজৰীয়া মন আৰু বিবেকৰ অন্তৰংগ আলাপ নতুবা অৰিয়াঅৰি..... মই পিন্ধা চুটি সাঁজজোৰত-- বৰ্বৰতাৰ আঁচু ফুল.....। ---- সহস্ৰ তৰ্জনিৰ তৰ্জমাত মই ।। নিজৰ বিবেকৰ বিচাৰৰ কাঠগড়াটো…
Read More
স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

স্বদেশৰ দুখত ম্ৰিয়মাণ কবিৰ এটা বিপ্লৱী কবিতা

শাওণৰ পথাৰত আলিটো বান্ধো বুলি কোৰখন হাতত ল'লো বোকা এচপৰা থপকৈ আহি মুখত পৰিল চুই চাই দেখো তপত অশ্ৰু যেন নিগৰিত লাভা ৰাস্তাৰ বাটৰুৱা জনে কাকনো কৈছে সি আজিও জেইলত থাকে নিলজ্জতাৰ মুখা পিন্ধি ব্যধিগ্ৰস্থ আকাশলৈ চালো কলীয়া ডাৱৰে ক্ৰমঃ গিলি পেলাব নিৰ্বাসিত সূৰ্য্যক নিৰ্বাসিত সূৰ্য্য ! আইৰ চকুলোৰ চেকা লগা নিমজ গাল তাৰ সত্তাত প্ৰতিবাদ , হিংস্ৰ উৎসৱৰ বাধাৰ প্ৰাচীৰ সেয়ে আপোনজনৰ আঘাত লভিও বহি আছে জেইলৰ কোনোবাটো অন্ধকাৰ কোঠাত এইদৰে যদি এটা কবিতাৰ মৃত্যু হয় তেজৰ শলিতা লগাই শ্ৰদ্ধাঞ্জলী দিবলৈ নাহিবা ৰজনীগন্ধাৰ তৰোৱাল পাতে তোমাৰ স্বদেশ প্ৰেমক প্ৰশ্ন কৰিব বাস্তৱে লাহে লাহে দহি খ‍াব বালিলৈ সজোৱা শৰ পাতৰ…
Read More
শব্দৰ সাধু

শব্দৰ সাধু

শব্দই আঘাট হানে শব্দ ই মায়াজাল গাঠে। ভিন্ন ৰূপে দৰদী কণ্ঠ সজায়। সময়ৰ বহু ৰাগত স্তব্ধ শব্দ তথাপি ও উন্মুখ এটি শব্দ ৰ বাবে কিজানি সাজিব পাৰি হৃদয় ৰ বাঘজাল।। সপোনে গৰকা সময় বাংময় হৈ পৰে বৰষুণৰ জিৰজিৰ শব্দ ই বুকু ভেদি অট্টহাস্য কৰে নৈ খনৰ সাধুবোৰ আজি বেৰৰ জলঙাইদি টপ্ টপ্ কৰে কাগজ ৰ নাও বোৰ যে আজি জীৱন্ত হল কঠিয়া বোৰ ও ডৰক লাগি ৰল বাৰিষা ৰ বানে টগ্ বগ্ কৰে। বৰ ভয় বৰ ভয় কবিতা লগা বৰষুণ যে তাণ্ডব হয় তেতিয়া নতুন এটি সাধুৰ পাতনি মেলে জীয়া তেজলগা সাধুৰ।।। ✍ পৰিণীতা বৰঠাকুৰ
Read More
কিছু হুমুনিয়াহৰ আলেখ্য

কিছু হুমুনিয়াহৰ আলেখ্য

তোমাৰ পৃথিৱীত নিষ্পেষিত প্ৰেমৰ যে স্থান নাই, মই অজ্ঞ নাছিলোঁ.... তথাপিও মৰমবোৰ মাৰাত্মকভাৱে এপাট শৰ হৈ গুছি গৈছিল তোমালৈ। এৰা, তোমাৰ মৰমবোৰ যে একেবাৰে কঠোৰ হৈ গ'ল গাণ্ডীৱৰ শৰেও হয়তো বিন্ধিব নোৱাৰাকৈ... কি কৰিবা এনে কঠিন হৃদয়ৰ আভৰণ লৈ, পাৰিবা জানো নিৰানন্দ জীৱনৰ সৈতে লুকাভাকু খেলিবলৈ? দীপাৱলীৰ দোমোজাত, তোমাৰ পদুলিৰ চাকিবোৰ চুৰি কৰিবলৈ, এৰি দিছিলোঁ মোৰ আকাংক্ষাবোৰক, কিন্তু বিফলতাৰ বিসৰ্গৰে জৰ্জৰিত... মোৰ আকাংক্ষা বোৰ ঘুৰি আহিল বুমেৰাং হৈ... তোমাৰ প্ৰেমৰ ফুলাম গামোচা নহয়... কিছু হুমুনিয়াহৰ আলেখ্য হৈ। দৰজেক পালে এদিন সূধিলোঁহেতেন! মৌন ওঁঠ হলেও হব পাৰেনে মুখৰ হৃদয়? ✍ কৃষ ভটছ
Read More
পূৰ্ণিমাৰ নিশা খোলা খিৰিকীৰে

পূৰ্ণিমাৰ নিশা খোলা খিৰিকীৰে

পূৰ্ণিমাৰ নিশা খিৰিকীখন খুলি দিলো নিমিষতে সোমাই আহি এখিৰিকী মায়াময় জোনাকে চেদেলি ভেদেলি কৰিলেহি আটোমটোকাৰীকৈ সজাই থোৱা মোৰ আপোন দুখৰ শেতেলী, সুযোগৰ অপেক্ষাত বুকুত সোমাই থকা তৃষ্ণাতুৰ শব্দবোৰে থাওকতে ওলাই গৈ খোলা খিৰিকীয়েদি ডিঙি মেলি পান কৰে জোনাক মদিৰা.. ভৰুণ নদী খনলৈ যেতিয়া জোনটো নামি আহে জোনাকৰ ৰাগী লগা শব্দবোৰে সাজে এখন নাওঁ... পাল বিহীন বঠা বিহীন নাওঁখনে, এনাওঁ জোনাক সাৱটি পাৰি দিয়ে আপোন মনে যাযাবৰী যাত্ৰা অসীমৰ... জোনাকৰ ঢৌ খেলাই ৰূপোৱালী মাছবোৰে জাক পাতি চুচুক চামাক কৰি আহি খুটিয়াই চাই জোনাকে জিলিকাই তোলা নাৱঁৰ কুন্দত কটা শৰীৰ। ভৰা নদীত গা ধুই সগৰ্ভা মাছবোৰ মতলীয়া হয় সৃষ্টিৰ চিৰন্তন আহ্বানত ,…
Read More