কবিতা

অৰাজনৈতিক বুদ্ধিজীৱি সকল

অৰাজনৈতিক বুদ্ধিজীৱি সকল

এদিন এইদেশৰ অৰাজনৈতিক বুদ্ধিজীৱি সকলক নাঙঠ আৰু ভোকাতুৰ জনতাই প্ৰশ্ন কৰিব ৷৷ তেওঁলোকে সুধিব যেতিয়া সৰু সৰু ফিৰিঙতিৰ পৰা ব্যাপক অগ্নিয়ে তেওঁলোকৰ জাতি আৰু সত্বাক পুৰি পুৰি নি:শেষ কৰিছিল ক্ৰমান্বয়ে তেতিয়া সিহঁতে কি কৰিছিল? অৰাজনৈতিক বুদ্ধিজীৱি সকলক কোনেওঁ নুসুধিব সিহঁতৰ প্ৰিয় পোচাক, ৰং, বাহন অথবা মধ্যাহ্ন ভোজনৰ পিছত ক্ষণিক জিৰনি লোৱা সময়খিনিৰ কথা•••• কোনোৱে জানিবলৈ নিবিচাৰিব সিহঁতৰ শূন্য মস্তিষ্কৰ নিস্ফল বৌদ্ধিক প্ৰতিদন্দীবোৰৰ কথা হয়তো সিহঁতৰ উচ্চ আৰ্থিক উপাৰ্জন আৰু জ্ঞান বিদ্যাও হ'ব নিতান্তই হাস্যকৰ ৷৷ সংবিধানৰ কথা সোধা নহ'ব সিহঁতক, হয়তো সন্মানো দিয়া নহ'ব সিহঁতৰ পচন্দ অপচন্দবোৰক•••• যেতিয়া সিহঁতৰো এজন দুজন জাহ যাব সেই জুইত কাপুৰুষৰ দৰে বিনাপ্ৰতিবাদে ৷৷ নীৰৱতা…
Read More
ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ

ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ

নীলা আকাশত যেতিয়া লহৰ তুলে গৰিয়সী ত্ৰিৰংগাই মই সগৌৰৱে মূৰ তুলি চাওঁ প্ৰবাহিত হয় মোৰ হৃদয়ত মোৰ প্ৰাণত, দেহৰ শিৰাই শিৰাই গেৰুৱা, বগা আৰু সেউজীয়া ৰং উশাহত টানি লওঁ বতাহে বতাহে বিয়পি থকা মোৰ দেশৰ স্বাভিমান মোৰ দেশৰ জয়গান আৰু এক অদম্য দেশপ্ৰেমবোধে জগাই তোলে অনিৰুদ্ধ স্পৃহা প্ৰদান কৰে অফুৰন্ত শক্তি ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ প্ৰতিটো লহৰে বিয়পাই এক গভীৰ আস্থা, উন্নত শিৰেৰে জীয়াই থকাৰ এক গভীৰ আত্মসন্মানবোধ মূৰৰ ওপৰত যেন এক গভীৰ প্ৰত্যয়ৰ প্ৰতিশ্ৰুতি এক অভেদ্য নিৰাপত্তাৰ আচ্ছাদন.. ডঃ বিভা চেতিয়া বৰা
Read More
::আমি::

::আমি::

ক্ষুদিৰাম হ’ব কাষৰ ঘৰৰ ল’ৰা আমাৰ লৰাটো ডাক্তৰ হ’ব আমাৰ লৰা ইঞ্জিনিয়াৰ হ’ব নহলে আটোল টোল চৰকাৰী বিষয়া হ’ব; ক্ষুদিৰাম আকৌ কিয় হ’ব? ! ক্ষুদিৰাম আমাৰ কাষৰ ঘৰৰ ল’ৰাটোৱেই হ’ব••• আমাৰ ল’ৰাই দেশ চলাব, দেশ শাসন কৰিব চৰকাৰী গাড়ীত আহিব চৰকাৰী গাড়ীত যাব দুয়োকাষে মখমলৰ গালিচা পাৰিব, আগত চালক, পিছত চাপ্ৰাছী আৰু দেহৰক্ষী গৰমত কুল্লু মনালী, শীতত গোৱাৰ সমুদ্ৰ তীৰ••• ক্ষুদিৰাম হব কাষৰ ঘৰৰ ল’ৰা, দিন ৰাতি গঢ় দিব সংগ্ৰামৰ পথত, কেৰাচিনৰ পোহৰত দিকবিদিক হেৰুওৱা পিতৃ উদং জুহালত শৈল স্তম্ভত পৰিণত মাতৃ সেইঘৰৰ লৰাই সংগ্ৰামৰ আদিপাঠ আওৰাব শোষণ আৰু সংগ্ৰামৰ বিৰুদ্ধে তাৰ তেজ উথলিব••• দেশৰ কাৰণে যুঁজ কৰিব সিহঁতে শোষণৰ…
Read More
এধানি মৰম

এধানি মৰম

নিবিচাৰো মই । নিবিচাৰো মই, তোমাৰ মৰম । নালাগে, নালাগে তোমাৰ হাতৰ পৰশ । তুমি, এৰি যোৱাৰ দিনৰে পৰা, মইতো ইয়াতেই । নাজানো, কিয় বা এৰি গ’লা মোক , কিবা, বেয়া পালা ছাগে । চিন্তা নকৰিবা । তোমাক, আৰু কেতিয়াও আমনি নকৰো । তোমাৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰো । সেয়ে, এতিয়া মই মৃত্যুৰ শীতল কোলাত । চিনি পাইছানে মোক ? মই তোমাৰ সদ্যজাত সন্তান, মা যাক, তুমি আকোৱালী লৈছিলা , মাত্ৰ কেইটিমান মুহুৰ্ত্তৰ বাবে । আৰু ………………………………. ল’ৰাল’ৰিকৈ মাজ নিশা, এৰি গৈছিলা, চহৰৰ এই ডাষ্টবিন টোত ।  ✍ দীপাংক শৰ্ম্মা  
Read More
সৌহাৰ্দ্য

সৌহাৰ্দ্য

সৌহাৰ্দ্য সোণসেৰীয়া পথটোৱেদি আৰম্ভ কৰিছিলোঁ জীৱনৰ আদিপাঠ হাতে হাত ধৰি এখন দুখনকৈ সহচৰ হৈছিল কেইবাখনো হাত। শৈশৱৰ ৰং ধেমালি,মান অভিমানবোৰৰ মাজত কলাকলকৈ বাঢ়ি গৈছিল আমাৰ বয়সৰ ৰেখাডাল। 'হালধীয়া পখিলাৰে যা পখিলী যা' নৃত্যৰ তালত শৈশৱৰ সহপাঠীৰে জীৱনৰ ৰথ চলি যায়। সলনি হয় হাতে হাত ধৰি আগবঢ়াৰ হিচাপডাল। কোনো যদি অতীত হয় কোনো হয় বৰ্তমান। তথাপিও সময়ে সাঁচে স্মৃতিৰ মণিকোঠা। কৈশোৰে সকলোকে হাত বাউলি মাতে। পৰিসংখ্যা বোৰ বাঢ়ি যায়। জীৱন ৰঙীয়াল হয়। মান অভিমানৰ অনুভূতিবোৰত লোতক নিগৰে। তথাপিও এনাজৰীডাল দৃঢ় হয়। যৌৱনে হাত বাউলি মাতে। সংখ্যাবোৰ আৰু বাঢ়ে,বাঢ়ে অভিমানৰ জোলোঙাখন। জীৱনলৈ যেন মাদকতা আহে। হায়ৰে জীৱন, ইমান প্ৰিয় এই মানুহবোৰ। পূৱৰ…
Read More
আস! ভোগালী বিহু!

আস! ভোগালী বিহু!

তেলপিঠা, বৰপিঠা, সুতুলী পিঠা, টেকেলিপিঠাতুমি বাৰু পাইছানে খাই? খোলা চপৰীয়া, ঘিলা আৰু কঁকালছিগা পিঠাৰনাম তুমি শুনিছানে নাই? জোনপিঠা, জকাইপিঠা, ফেনিপিঠা, তৰাপিঠাটোপোলাপিঠা, জাপৰিপিঠা, কলপিঠাৰ সোৱাদ মিঠা। চিৰা, মুড়ি, তিল, গম, নাৰিকলৰ লাড়ুভাবি-গুণি জিভাৰ পানী নোলাবনে বাৰু? আখৈ, হুৰুম, সান্দহ- ক্ৰিম, গুড়, দৈভোগালীৰ ভোগ জানো শেষ হ'ব কৈ? উৰুকাৰ ভোজ ভাত- হাঁহ, পাৰ, শৰালিভাপৰ ইলিহী মাছ, তেঁতেলীৰে বৰালি, চিতলৰ কোলঠি, কাঠ-আলু-ভজা,খৰিকাৰ মঙহৰ লৈছা নে মজা? বিধে-বিধে খানা-পিনা চকুৰ আগত ভাহে….ভোগালী আহি গুচি গ'লে আনন্দও ঘূৰি নাহে…কাৰোবাক ক'লেও চোন মোক খকুৱা বুলি হাঁহে।। ✍ ম’নালিছা নাথ
Read More
ইছ! ইমানবোৰ শাক।

ইছ! ইমানবোৰ শাক।

মধুসোলেং, মৰলীয়াচিনি জানো পোৱা?মচন্দৰী, ভেদাইলতাখাই জানো চোৱা? মাটি কাঁন্দুৰী, হেলচিৰজানা জানো নাম?লাই জাবৰী, মানিমুনিৰকি বা সকাম? পদিনা, ধনিয়াচাটনিতহে ৰজে;কঁচুশাক, ঢেঁকীয়াচেচুকত গজে। পাঞ্জাৱত প্রিয় বৰসৰিয়হ শাক;চুকা বনাবলৈমাছ লাগে মাক। পূৰঠ পূৰৈ শাকপিচলীয়া কিয় হয়?ব্ৰাহ্মী শাক খাবলৈকৰিছানো কিয় ভয়? কলমৌ, দোৰোণঔষধি গুনেৰে ভৰুণ।পালেং খালেই "পোপাই"একে ঢাপে হয় তৰুণ। মৰিছাৰ ৰঙা শাকতভিটামিন হাই;ভাতৰ থালত দিলেপেলাবাচোন খাই। লাই, লফা, টেঙেচিবিধে বিধে শাক;শুকলতি, জিলমিলবাদ দিবা কাক? ইছ-আছ নকৰাকৈসব শাক খাবা।ভিন শাকৰ ভিন গুণতেতিয়াহে পাবা;বল আৰু বুদ্ধিৰেবহু ওপৰলৈ যাবা। ✍ ম’নালিছা নাথ
Read More
তিলিকতে টিলিকি

তিলিকতে টিলিকি

কিতাপ পঢ়িলেওফুটবলত হে মোৰ ৰাপঅসম টিমত চিলেক্ট হৈমাৰিলো সাত জাপ। ভবা কথা নহয় সিদ্ধিবাটত আছে মা,ক'লে - "খেল-চেল বাদ দি,পঢ়িশুনিয়েই খা।"আধামৰা মন লৈকৰোঁ পঢ়াশুনা,মোক লৈ মাৰো সেয়েঅত ভবাগুনা। "মেৰিকমৰ চিনেমাখনভাল বুলি শুনি,মাৰ সতে ওলালোঁমই আৰু ভনী। পৰিশ্ৰমী মেৰীৰইমান সাহসী মন,হাঁহি হাঁহি জিনি যায়জীৱনৰ কঠিন ৰণ। নিমিষ নাকাঢ়ি চালো,উগুল থুগুল হিয়া,মা ও চাগে কুমলিছেমাত চাত নাইকীয়া। পিছদিনা পুৱাবেলামা, বজাৰলৈ গ'ল;আহিয়েই মোক চোনদিলে এটা ফুটবল। দেখি মই হতবাকমাত নাইকীয়া,মিঠা মিঠা আবেগতপুলকিত হিয়া। ✍ ম’নালিছা নাথ
Read More
পিয়াজ

পিয়াজ

দুহাতত শিল্পীৰ নিপুনতা লৈৰূপ ৰস গন্ধৰ মাদকতা বিলাই যোৱা।উষ্ণ কোমল হৃদয় খনৰ বাবেই চাগে--সহজে বন্ধুত্ব তোমাৰ--বহুতৰে সতে ।কিছুমানে তোমাক উপেক্ষা কৰে ;মই জানো সেয়া আচলতে ভয়!তেওঁলোকৰ অবচেতন মনত তুমি হেনোজগাই তুলিব খোজা-সুপ্ত অতীত; নিলাভ অংকুৰ |………… এহৃদয় ৰিক্ততাসকলো পাইও চোন বহু কিবা কিবি নাই।তেওঁ ও নিশব্দে উচুপি উঠা মই দেখিছিলোঁ- তোমাৰ বাবে !তোমাৰ বিষাদৰ আঁহ পাঁহ বোৰখুলি খুলি চাইমই নিশ্চিত হ'লো ------তুমিও ও নাৰী ! ✍ ম'নালিছা নাথ
Read More
মই খেতিয়ক

মই খেতিয়ক

মোৰ পথাৰৰ কেঁচা মাটিৰ গোন্ধই মোক ৰিঙিয়াই, বাৰিষাৰ প্ৰথমজাক বৰষুণত জীপাল হৈ উঠা পথাৰখনে সন্তুষ্টিৰে মোক সম্ভাষণ জনায়। সপোনৰ খেতিডৰাত প্ৰথম বীজ সিঁচাৰ দিনা মনটো আনন্দেৰে জকমকাই উঠে, ক্ৰমে সপোনবোৰে পোখা মেলে সেউজীয়া হয় আপোন পথাৰ। যোৱাবাৰ বানে জ্বলাই থৈ যোৱা জুইকুৰা পথাৰৰ সোণোৱালী ৰঙে নিৰ্বাপিত কৰিছে । এইবাৰ ভড়ালটো ভালকৈ সাজি লৈছোঁ, এমুঠি সোণগুটি সজতনে সাঁচি ৰাখিম বুলি। বানত ভাগি ছিগি যোৱা ঘৰটোও ভালকৈ সাজি লম, পাৰিলে ডাঙৰ ছোৱালীজনীৰ কপালখনত হেঙুলীয়া সুৰুজ বুলাম। হয়, এইবাৰ পাৰিম মই সকলোখিনি কৰিব মোৰ পথাৰখন এইবাৰ সচাঁই সোণোৱালী হৈ উঠিছে, সপোনবোৰো বাস্তৱ হোৱাৰ উপক্ৰম হৈছে । আৰ্শীবাদ কৰিবি পিতাই আই, তোৰ নিধনী পুতেৰে…
Read More