Rabha Divas

যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি

যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি

 যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি ----------------------------- আকৌ এবাৰ সুঁ‌ৱৰিছোখুলি দিছো হৃদয়ৰ খিড়িকী,সোমাই আহক এজাক প্ৰতিবাদী বতাহ।শিৰাই শিৰাই ধমনীয়ে ধমনীয়ে বৈ যাওকলুইতৰ পাৰৰ ৰণুৱাৰ তেজ।হে' যুগনায়ক,পুনৰবাৰ কৰিছো অৰ্পণভকতিৰ একাঁ‌জলি অৰ্ঘ্য,শ্ৰদ্ধাৰ এপাহি সুগন্ধি পুষ্প।লুইতে আজি কথা কয়,দেশৰ কথা,জাতিৰ কথা।মহাবাহুৰ সোঁ‌তে সোঁ‌তে শুনোঅন্যায়, শোষণ মষিমূৰ কৰিবলেবিপ্লৱী সত্তাৰ আকুল আহ্বান,জনতাৰ জয়গান।জননায়কৰ গীতেৰে পুনৰ উচ্ছাসিত হওকমোৰ আপোন মানুহ,মোৰ সোণালী শইচৰ দেশ,মাটিৰ মানুহৰ লুণীয়া ঘামেৰে সিক্তমোৰ দেশৰ উৰ্বৰা পথাৰ।নাঙলৰ শকতিৰে বলীয়ানমোৰ দেশৰ পাহুৱাল ডেকাৰতেজে তেজে বৈ যাওক আকৌ এবাৰযুগনায়কৰ অসমীয়া সত্তা। ✍ জাহ্নৱী বৰাচন্দন নগৰ, যোৰহাট 🏠
Read More