Assamese Article

হেপাহৰ এসাজ

হেপাহৰ এসাজ

হেপাহৰ এসাজ লুইতৰ বালি চাপৰিত !!১৯৯৪ চনৰ গ্ৰীস্ম কালিৰ এটি দিন ৷ দিন বাৰ পাহৰিলো ৷ দৰঙৰ বিশিষ্ট সাংবাদিক শ্ৰদ্ধাৰ তুৱা ৰাম ডেকা আৰু শ্ৰদ্ধাৰ ড০ মহেন্দ্ৰ প্ৰসাদ বৰুৱা ডাঙৰীয়াৰ সৈতে ছিপাঝাৰৰ চৰ অঞ্চললৈ গৈছিলো ৷ ধানবাৰী আৰু ফুহুৰাতলী আদি চৰ এলেকাবোৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলো ৷ তাৰ পৰা আমি আমাৰ গন্তব্যস্থান সম্পৰ্কে স্থানীয় লোক সকলক সোধাত গাড়ী নেযাব বুলি ক'লে ৷ আমি বিমোৰত পৰিলো ৷ 'যি হয় হ'ব, উভটি যোৱাতকৈ আমাৰ গন্তব্যস্থানলৈ যামেই ' এই মনোভাৱ লৈ আমাৰ পটলুং কোছাই পদযাত্ৰা আৰম্ভ কৰিলো ৷ পৰিধান কৰা জোতা গাড়ীতেই থলো ৷ একেবাৰে হাস্য বদনে থকা সুৰুজ ককাইক মুৰৰ ওপৰত…
Read More
পাখি চাই উৰণ

পাখি চাই উৰণ

অনুগল্প বহু বছৰৰ মূৰত শৈশৱৰ লগৰী পৰিস্মিতাক আকস্মিক ভাৱে লগ পাই উৎফুল্লিত হৈ পৰিল অৰুণিমা l আজি গাঁৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অৰুণিমাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পতিয়ে আঁত ধৰা সাংস্কৃতিক সভাখন উদ্বোধন কৰিবলৈ আহিছে পৰিস্মিতাৰ স্বামী প্ৰখ্যাত উদ্যোগপতি অমিতাভ ৰাজখোৱা l তেওঁৰ লগতে পৰিস্মিতাও আহিছে I সভাৰ মাজতে চেগ বুজি অৰুণিমাই জোৰ কৰি বান্ধৱী পৰিস্মিতাক নাতি দূৰত থকা নিজৰ ঘৰলৈ লৈ আহিল I পদূলি মুখৰ শেৱালি, তগৰ আৰু পিৰালিৰ খৰিকাজাঁই কেইজোপাই আগুৰি থকা আটোমটোকাৰিসৰু ঘৰটোৰ জপনা খুলিয়েই অৰুণিমাই উচাহেৰে শাহুৱেক আৰু গাঁৱৰ মহাবিদ্যালয়তে পঢ়া ল'ৰা-ছোৱালী হালকো মাতি আনি বান্ধৱীৰ সৈতে পৰিচয় কৰাই দিলে l আনন্দত তগবগাই থকা অৰুণিমাৰ হাঁহিভৰা মুখখন দেখিয়েই…
Read More
বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল ধাৰণা লব পৰা কিম্বা অইলাৰৰ কঠিন গাণিতিক তত্ত্বত পাৰদৰ্শী হোৱাই বিজ্ঞান নেকি? ৰসায়ন বা পদাৰ্থবিজ্ঞানত কৰোবাৰ ধাৰণা বহুত স্পষ্ট, কোনোবা গণিতৰ পোক, তাতেই কি তেওঁলোকৰ বিজ্ঞান শিক্ষা সাৰ্থক? উত্তৰ হ’ব নহয়। বিজ্ঞান হৈছে এটা দৰ্শন,যি দৰ্শনৰ মূল ভেটি হ’ল প্রশ্ন কৰা, অনুসন্ধান কৰা। বিজ্ঞান হৈছে বিশ্বৰ যাৱতীয় ভৌতিক বিষয়াৱলীৰ পৰ্যবেক্ষণ,পৰীক্ষণ তথা মূল্যায়ন কৰিব পৰা নিয়মসিদ্ধ, বিধিৱদ্ধ তথা গবেষণালদ্ধ এক পদ্ধতি যি জ্ঞানক  সুসংগঠিত ৰূপত একজোঁট কৰে। লেটিন শব্দ ’ছায়েন্টিয়া’ৰ পৰা ইংৰাজী ছায়েঞ্চ শব্দটো আহিছে, যাৰ অৰ্থ হৈছে জ্ঞান। অসমীয়া ভাষাত বিজ্ঞান শব্দটোৰ অৰ্থ হ’ল বিশেষ জ্ঞান।    অষ্ট্ৰিয়-ব্রিটিছ…
Read More
সকলোতে জয়ী হৈ থকাই সফলতাক নুবুজায়

সকলোতে জয়ী হৈ থকাই সফলতাক নুবুজায়

এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী সুখী জীৱনৰ কাৰণে যি প্রয়োজন সে’য়া নিতান্তই খুব সাধাৰণ; সে’য়া হ’ল, এটা সুখী আৰু আনন্দিত মন,পাৰিবাৰিক সম্প্রীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য,আত্মসন্তুষ্টি, প্রেম-ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে যি বুজো সেয়া হ’ল জীৱনত প্ৰতিষ্ঠা লাভ৷ সহজ অৰ্থত টকা-পইচা,সা-সম্পতি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা যদিও সফলতাৰ কোনো নিদিষ্ট সংজ্ঞা নাই৷ গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় ধন বা টকা-পইচাৰে বস্তুবাদী চাহিদাবোৰ পূৰণ কৰা সম্ভব হলেও এটা প্ৰকৃতাৰ্থত সুখী জীৱনৰ বাবে আৱশ্যকীয় সাধাৰণ প্ৰয়োজনবিলাক কিন্তু টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে৷ অৰ্থ উপার্জন বা সম্পত্তি গঢ়াটোৱেই…
Read More
পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ

পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ

পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ ২০২০ চনৰ মাৰ্চ মাহত দেশৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়( মিনিষ্ট্ৰি অফ এনভায়ৰণমেন্ট,ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ)ৰ তৰফৰ পৰা পৰিবেশগত প্ৰভাৱ মূল্যায়ন(এনভায়ৰণমেন্ট ইমপেক্ট এচেছমেন্ট, সংক্ষেপে ই আই এ)সম্পৰ্কীয় এখন খচৰা অধিসূচনা জাৰি কৰে৷ ক’ভিড মহামাৰীৰ নিচিনা সংবেদনশীল পৰিস্থিতিৰ মাজত আৰু তাৰ পৰিপ্ৰেক্ষিতত দেশত আৰোপিত লকডাউনৰ আৰম্ভণিৰ সময়ছোৱাত এই খচৰাৰ কোনো পৰিবর্তন বা সংশোধন সংক্রান্তীয় পৰামর্শ দিয়াৰ বাবে নজিৰবিহীন ভাৱে সাধাৰণ মানুহক মাত্র ৬০ দিন সময় বান্ধি দিয়া হয়৷ চৰকাৰৰ এনে অভিসন্ধিমূলক কাৰ্য্যত দেশজুৰি ব্যাপক বিৰোধিতা আৰু সমালোচনাৰ সৃষ্টি হোৱাৰ ফলত পৰিবেশ মন্ত্ৰালয়ে মে’ মাহৰ দ্বিতীয় সপ্তাহত ৩০ জুন পর্যন্ত সময়সীমা বঢ়াই দিয়ে।…
Read More
মাতৃ ভাষাৰ প্ৰতি প্ৰেম

মাতৃ ভাষাৰ প্ৰতি প্ৰেম

1998 চনৰ 9 জানুৱাৰী, কানাডাৰ ভেংকুভাৰৰ নিবাসী এজন বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তেতিয়াৰ সচিব প্ৰধান কফি আট্টা আন্নানলৈ এখনি আশাৰে ভৰা পত্ৰ প্ৰেৰণ কৰিছিল ৷ ৰফিকুল ইছলামৰ এই পত্ৰত পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ভাষাবোৰৰ সংৰক্ষণৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷৷ এই পত্ৰখনত 21 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব মাতৃভাষা দিৱস হিচাপে আন্ত:ৰাষ্ট্ৰীয় ভাবে পালন কৰিবলৈ প্ৰস্তাৱো দিয়া হৈছিল ৷৷ 1947 ৰ দেশবিভাজনৰ ফলত পূব পাকিস্থান ৰূপে পাকিস্থানৰ লগত চামিল হোৱা বাংলাদেশৰ নাগৰিকৰ ওপৰত তদানীন্তন পাকিস্থান চৰকাৰে উৰ্দূ ভাষাক চৰকাৰী ভাষা হিচাপে জাপি দিছিল ৷৷ স্বাধীন মনা আৰু ভাষাপ্ৰেমী…
Read More
স্বামী বিবেকানন্দ আৰু ধৰ্ম

স্বামী বিবেকানন্দ আৰু ধৰ্ম

১৮৯৮ চন ৷৷ লাহোৰৰ নিবাসী সৰফৰাজ হুছেইনলৈ তেওঁৰ এজন বন্ধুৰ চিঠি এখন আহিল ৷৷ কোনো অস্পষ্টতা নথকা ভাষাৰে চিঠিত লিখিছিল "আমাৰ নিজৰ মাতৃভুমিৰ বাবে হিন্দু আৰু ইছলাম - এই দুই ধৰ্মৰ মহান মতাদৰ্শৰ যোগফলেই একমাত্ৰ আশা ৷৷ বেদ বেদান্তৰ মতবাদ যিমানেই সুক্ষ্ম আৰু বিষ্ময়কৰ নহওঁক কিয়, প্ৰকৃত ব্যৱহাৰিক প্ৰয়োগৰ বাবে ইছলাম ধৰ্মৰ সহযোগিতা অবিহনে অধিকাংশ সাধাৰণ মানুহৰ কাষলৈ এই মতবাদ নিয়াতো সহজ নহব ৷৷ আমি মানব জাতিক সেই স্থানলৈ নিবলৈ বিচাৰো যত বেদ নাই, বাইবেল নাই অথবা কোৰাণ শ্বৰীফো নাই ৷৷ অথচ আমাৰ এই সকলো খিনি কৰিবৰ বাবে বেদ, বাইবেল আৰু কোৰাণ শ্বৰীফ সকলোকে মিলাই এক মতবাদ কৰিব লাগিব লাগিব…
Read More