vasudev than

বাসুদেৱ থান

বাসুদেৱ থান

ভ্ৰমণৰ বাবে আমাৰ সৌন্দৰ্য্য পিপাসু মনটোৱে বিচাৰে নদ ,নদী, পৰ্বত,পাহাৰ,যাৰ অনাবিল আনন্দত ভাগৰুৱা মনবোৰ জুৰ পৰিব বিচাৰে।কিন্তু আজি মই অসমৰ উত্তৰ পাৰৰ চাৰিকড়ীয়া নদীৰ কাষৰ মোৰ ভাল লগা এখন ঠাইক পৰ্যটন ক্ষেত্ৰ হিচাপে আপোনালোক আগত দাঙি ধৰিব বিচাৰিছো।য'ত প্ৰতিটো বাৰিষাতে উটি যায় ভঁৰালৰ ভোগালী ।তথাপিও যেন প্ৰকৃতি নিজ সৌন্দৰ্য্যত আপোন পাহৰা। উত্তৰ পূৰ্বাঞ্চল ভৌগোলিক ভাৱে সম্পদশালী।এই ৰাজ্য খনৰ বিভিন্ন স্থান পৰ্যটন ক্ষেত্ৰ হিচাপে অধিক সম্ভাৱনীয়তা আছে ।প্ৰয়োজন মাত্ৰ সঠিক ব্যৱস্থাপনাৰ। চৰকাৰ তথা সচেতন মহলৰ সময়োপযোগী পদক্ষেপে অসমৰ এই পৰ্যটন স্থান সমূহেও বাহিৰৰ আন ঠাইৰ লগত সমানে ফেৰ মাৰিব পাৰিলেহেতেন।কিন্ত্ত সদভাৱনাৰ অভাৱত অসমৰ এনে বহুতো সাম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ আজিও লোকচাক্ষুৰ অাঁৰত…
Read More