প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চানডুবি

আমি গৌৰৱেৰে কব পাৰো যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সৌন্দৰ্যৰ দিশত অতিকৈ চহকী। ইয়াত বহুতো ভাল ভাল চাবলগীয়া ঠাই আছে যাক আমি সাধাৰণতে আওকান কৰি সৌন্দৰ্যৰ সন্ধানত আন ঠাইলৈ ফুৰিবলৈ যাওঁ। আমি কিছুসংখ্যক লোকে হয়তো অসমৰ সকলো স্থানীয় ঠাই সমূহৰ কথা ভালদৰে নাজানো। উত্তৰ পূৰ্বাঞ্চলখনৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে বিভূষিত কৰি ৰাখিছে। আজি আপোনালোকৰ মাজত তেনে এডোখৰ ঠাই চিনাকি কৰোৱাৰ মানসেৰে মোৰ এই লিখনিটো লিখিবলৈ ওলাইছোঁ।

ঠাইডোখৰ হল অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত, গাৰো পাহাৰৰ পাদস্থানত স্থিত চানডুবি বিল। কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ৬৫-৭০ কিলোমিটাৰ দূৰত্বত বিৰাজমান প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী চানডুবি পৰ্য্যটকৰ বাবে উপযুক্ত স্থলী। মিৰ্জাৰ পৰা দক্ষিণে প্ৰায় ৩৫ কিলোমিটাৰ অতিক্ৰম কৰোঁতে প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ আছে বিবিধ গছ গছনি, চাহ বাগিচা, সৰু সৰু গাওঁ সমূহ।

প্ৰকৃতিৰ অনুপম সৃষ্টিক প্ৰাণ ভৰি চাবলৈ বিলৰ পাৰত আছে কেইটি মান ৰিজৰ্ট যত থকা-খোৱাৰ ব্যৱস্থাও উপলব্ধ। কিন্তু বৰ ডাঙৰ ৰিজৰ্ট নথকা বাবে সীমিত সংখ্যক লোকহে থাকিব পৰা ব্যৱস্থা হোৱা হেতুকেই থকাৰ বাবে আগতীয়াকৈ যোগাযোগ কৰি লোৱাটো ভাল ।

যোৱাবছৰৰ মাজভাগত আমি তিনিটা পৰিয়াল লগহৈ চানডুবিলৈ গৈছিলোঁ।এৰাতি “চানডুবি জঙ্গল কেম্প” নামৰ ৰিজৰ্টটোত কটাইছিলো। বিলটোৰ পাৰত নিজ গাড়ী লৈ গলে পাৰ্কিংৰ সুবিধা আছে। আনটো পাৰত ৰিজৰ্টটো অৱস্থিত। গাড়ী থৈ নাওঁৰে বিলটো পাৰ হব লাগে। ৰাতি প্ৰায় ৭ মান বজালৈ নাওঁ অহা যোৱা কৰে। বগলী, পানী কাউৰী, বিবিধ পক্ষী, ভেটফুল, পানী মেটেকা ইত্যাদিৰে ভৰি থকা বিলখন দেখি মনটো নষ্টালজিক গাওঁৰ সুন্দৰ পৰিবেশ এটালৈ উৰা মাৰে। আমি থাকিবলৈ ঠিক কৰা কেম্পটো বিলৰ মাজৰ পৰা দেখি উৎসাহিত হলোঁ। ওখ ওখ গছবোৰেৰে ঢকা এটি টিলাত “চানডুবি জংগল কেম্প”। দূৰৰ পৰা দ্বীপ যেন দেখি। কেম্পটোত আছে পাঁচ- ছয়টা ফ্যামেলি কটেজ আৰু এটা চাংঘৰ। কটেজবোৰত একোখনকৈ দুজনকৈ শুব পৰা বিচনাযুক্ত কোঠালি আৰু সংযুক্ত এটা টয়লেট। কোঠালিটোৰ মজিয়াখন মাটিৰে পৰিষ্কাৰকৈ লেপি থোৱা আছিল। ঠিক যেন পজাঘৰ এটিহে। পিছে পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবলৈ বাথৰুম টয়লেটবোৰ টাইলছ যুক্ত। বিচনাৰ বাবে প্ৰয়োজন সাপেক্ষে তেওঁলোকে অতিৰিক্ত মেট্ৰেছ যোগাৰ ধৰে। চাংঘৰটোত একেলগে কেইবাজনো শুব পৰাৰ ব্যৱস্থা আছে। আমি আবেলি পিয়াঁজি পোকৰাৰে চাহ খালো লগত বাটতে পোৱা কেঁকোৰা ফ্ৰাই, লেটা পলু ফ্ৰাই আদিৰ দৰে থলুৱা খাদ্যবোৰৰ সোৱাদ লবলৈ লৈ আনিছিলোঁ। সেইয়াও সকলোৱে মিলি জুলি খালো। ৰাতিৰ আহাৰত প্রায় উনৈশ বিশ খন মান ব্যঞ্জন দেখি আচৰিত হলোঁ। চাৰে আঠ মান বাজোতেই ডাইনিংত ব্যঞ্জন বোৰ সজাই ৰাখি তাৰে লৰা দুজনে কলে যেতিয়াই ইচ্ছা খাব পাৰে বুলি। অলপ দেৰিকৈ খাম বুলি ভাবিছিলো যদিও ব্যঞ্জনবোৰ দেখি লোভ সামৰিব নোৱাৰি লগালগ খোৱাত বহিলোঁ। তিনি চাৰিবিধ চাটনি, চালাড, পিটিকা, পোৰা মাংসৰে পৰিবেশন কৰা এসাজ লোভনীয় থলুৱা আহাৰ। ভাবোঁতেই জিভাৰ পানী পৰিল। খাই সাংঘাতিক জুতি পালো। তাতে একেবাৰে কম মূল্যত সেইসাজ। মুক্ত আকাশৰ তলত বহি গান গলো, খেলিলোঁ, হাঁহিলো, কথাৰ মহলা মাৰিলো। প্ৰাণ ভৰি তৰা চোৱাৰ হেঁপাহ পুৰালোঁ। ঠাণ্ডা দিনত গলে বনফায়াৰৰ ব্যৱস্থাও আছে।

চৰাই চিৰিকটিৰ মাতত ৰাতিপুৱাৰ নৈসৰ্গিক দৃশ্যই মনটো সতেজ কৰি তোলে। শুনিছোঁ তাত মাছ মাৰিবও পাৰি যদিও আমি মৰা নাছিলোঁ। ৰিজৰ্টৰ পৰা দেখা পোৱা বিলত ঘূৰি ফুৰা নৌকাবোৰ, পাহাৰৰ সেউজীয়াবোৰ, মেঘৰ লুকা ভাকু, চৰাই চিৰিকটিৰ মাত, বগলীৰ মাছ ধৰা দৃশ্য, ওখ গছবোৰত বান্ধি থোৱা ওখ ঝুলনাবোৰ, মোৰ লৰাৰ ফুটবল খেল আদি চাই চাই কেনেদৰে সময়বোৰ পাৰ হল গমেই নাপালোঁ। ব্ৰেকফাষ্টত দুবিধমান ফল, ৰুটি, ঘুগণি,জলপান, কণী, কৰ্ণফ্লেক্, গাখীৰ, চাহ আৰু যে কত কি।

চানডুবিৰ আশে-পাশে আৰু কিছুমান পৰ্যটনৰ ঠাই আছে যেনে কুণ্ডিল মুখ।এই ঠাইৰ বৈশিষ্ট্য হৈছে বাথা নামৰ নৈখন পাহাৰৰ তলত অদৃশ্য হৈ পুনৰ দৃশ্যমান হয়। চানডুবিৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰায় ২০ মিটাৰ উচ্চতাৰ ঝলকাট জলপ্ৰপাত। ইয়াৰ ওপৰিও কুণ্ডিল মুখ নাপাওঁতেই সৰু এক বক্র পথেৰে অতিক্ৰম কৰিলে দেখা পোৱা যায় মনোমোহা দৃশ্যৰ বৰনিজৰা জলপ্ৰপাত । যদিও এই ঠাইত যাবলৈ স্থানীয় লোকৰ সহায় লোৱাটো প্ৰয়োজনীয়।

চানডুবিৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত কোনো পাহাৰ শ্ৰেণীৰ লগত সংযোগ নোহোৱা চৌদিশে মনোৰম চাহ বাগিচাৰ মাজত এখন ওখ পাহাৰৰ গুৰি অঞ্চলত অৱস্থিত ৰামচন্দ্ৰ আশ্ৰম। ৰামচন্দ্ৰ আশ্ৰমক জমাগুৰি আশ্ৰম বুলিও কোৱা হয়। এই আশ্ৰমৰ নামনিত শিলামুর্তি দেখা পোৱা যায়। চানডুবিৰ আশে পাশে হাতীগঢ়, কুলচি ইত্যাদি অনেক পৰ্যটন স্থলী আছে।

ভ্ৰমণ কৰি ভালপোৱা লোকে চানডুবি তেওঁলোকৰ ভ্ৰমণ তালিকাত সন্নিবিষ্ট কৰিব পাৰে।

প্ৰণবেশ বৰ্মন

By