খিড়িকী

(-জীৱনৰ বিভিন্ন ক্ষণত বহুতেই এনে একোখন খিড়িকীৰ মুখত সংশয়ৰে থমকি ৰৈ থাকে, মাথো এই ভাবি-পাৰিবনে আঁকোৱালি লবলে উমাল পোহৰক–! অথচ, সিমানখিনি জড়িমা পাৰ হ’লেই ফৰকাল হ’ব পাৰে মনৰ আকাশ!)

_________

মন গ’লেই সতকাই খিড়িকীখন খুলি দিব নোৱাৰি।

-আজি বছৰ জোৰা বিৰতি ;-বিস্মৃত বিক্ষোভৰ কঢ়াঁল ধৰা মামৰ ।

খিড়িকীৰ খিলি, বাটাম্ , কল-কব্জাত অনুযোগৰ শেলুৱৈ।শীৰ্ণ ফাট্ বোৰত দৃপ্ত আঁহত পুলি !

অথচ, খিড়িকী খন খুলিব পাৰিলেই-নিৰ্মল হ’ব আবদ্ধ আকাশ।

হয়তোবা লগ পাম -অদূৰৈত আমজোপালৈ ফৰ্মুটিয়াই থকা নতুবা চেমিজ পিন্ধি টিঘিলঘিলাই থকা মোৰ শৈশৱ।

নীলা খামৰ চিঠি লৈ তোমালৈ বুলি বাট চাই ৰ’ই থকা মোৰ কৈশোৰেও চাগৈ মোক দেখি মুৰ তুলি চাব!

-তুমি ও তো ৰ’ই থাকিব পাৰা ! -তপ্ত হৃদয়েৰে এথোপা ফুল আৰু আদৰৰ আৰক সাঁচি-।

-আকৌ সঁজাল হ’ব এমা- ডিমা দুটিৰে তোলা মোৰ জালী লতাৰ শিহৰি!!

কাষ চাপি আহিলেহে দেখো,

-খিড়িকীত অভিমান অন্বিত অনুযোগৰ শেলুৱৈ ক্ৰমান্বয়ে বাঢ়ে !

-ঔজ্বল্যৰ উদ্ধতালি সহিব ও যে এবুকু সাহসৰ প্ৰয়োজন !!

(শব্দাৰ্থ : *বিস্মৃত–স্মৃতিৰ পৰা নোহোৱা হৈছে , *বিক্ষোভ–অতিশয় ক্ষোভ , *দৃপ্ত–দৰ্প যুক্ত , *আৰক– নিৰ্যাস ,কোনো বস্তুৰ বিশুদ্ধ ৰস, *সঁজাল–ঠন, জঁই পৰাৰ পিছত পুলিয়ে ধৰা শ্ৰী , *এমা- ডিমা –নিচেই সৰু, কেঁচুৱা , *জালী–কুমলীয়া, *শিহৰি–চাৰুলীয়া শিপা, *অন্বিত–সম্পৃক্ত, *অনুযোগ–অভিযোগ, *ঔজ্বল্য –উজ্বলতা, প্ৰখৰতা, *উদ্ধতালি–ধৃষ্টতা)

ম’নালিছা নাথ

By